Wednesday, July 29, 2015

জীৱনৰ অনুভৱ

এনে এজন মানুহ পৃথিৱীলৈ আহিছিল
ডা° গায়ত্ৰী গগৈ
কালামৰ দৰে এজন মানুহ পৃথিৱীলৈ আহিছিল, এসময়ত খোজ কাঢ়িছিল পৃথিৱীৰ বুকুত৷ বিশ্বাস কৰিবলৈ টান লাগে৷ কিন্তু সঁচায়ে তেওঁ আহিছিল দেৱদূতৰ দৰে৷ সাধাৰণ মানুহৰ অলেখ সপোন বুকুত সাবটি, আৰু কেৱল সেই সপোন বাস্তৱায়িত কৰাৰ প্ৰতিজ্ঞাৰে গোটেই জীৱন অতিবাহিত কৰিছিল৷ তেওঁ আহিছিল এখন দেশক, এটা জাতিক,এটা যুগক মহীয়ান কৰিবলৈ৷ তেওঁ আছিল মাটিৰ দৰে সৰল, পানীৰ দৰে নিৰ্মল, আকাশৰ দৰে বিশাল৷ এফালে শিশুৰ দৰে স্বপ্নবিলাসী,শিল্পীৰ দৰে ভাবুক; আনফালে অসাধাৰণ প্ৰতিভাৰে বিভূষিত শ্ৰেষ্ঠ বিজ্ঞানী৷ তেওঁ আছিল দৃঢ়তম সংকল্পৰে জটিলতৰ গৱেষণা সফল কৰিব পৰা কঠোৰ পৰিশ্ৰমী৷ মই বিচাৰি পোৱা নাই কি বিশেষ্য বা বিশেষণেৰে নাম ল’লে এক মহৎ আত্মাৰ প্ৰতি ন্যায় কৰা হ’ব? মোৰেই বা যোগ্যতা কি এনে ব্যক্তিত্বক অৱলোকন কৰিবলৈ? ড৹ আবুল পকীৰ জয়নুল আবেদিন আব্দুল কালাম এজন ব্যক্তি, যিয়ে এশ কোটি ভাৰতীয়ৰ হৃদয়ৰ মণিকোঠাত স্থান লাভ কৰিছে৷ তেওঁৰ মৃত্যুৰ শোকত বাক্‌ৰুদ্ধ হৈ পৰিছে৷ বেদনাত ছটফটাই উঠিছে৷ মোৰ জীৱন কালত মনত পৰা নাই ৮৩ৰ ঊৰ্ধ্বৰ এজন ব্যক্তিৰ মৃত্যুৰ খবৰত শিশুৰ পৰা বৃদ্ধলৈ হৈছে দেশজুৰি কান্দোন আৰু হাহাকাৰ৷

মই নিজেও তেওঁৰ সৈতে গভীৰ আত্মীয়তা অনুভৱ কৰিছিলোঁ৷ উন্নত ভাৰতবৰ্ষ গঢ়াৰ সপোন মোৰ হৃদয়ত স্থাপন কৰিছিলোঁ৷ এদিন লিখিছিলোঁ এটা সপোন আৰু এজাক শিশু গ্ৰন্থখনত-‘আমাৰ শতৰু দৰিদ্ৰতা/আমাৰ শতৰু অজ্ঞানতা/সুপ্ত প্ৰতিভাৰ বিকাশ কৰি/ ইজনে সিজনৰ হাতত ধৰি/পঢ়ি চাম দুচকুত জিলিকি থকা/ উন্নত ৰাষ্ট্ৰ গঢ়াৰ সপোন৷’ মই সৌভাগ্যৱান যে দুবাৰকৈ তেওঁৰ আতিথ্য লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ তেওঁৰ মহাপ্ৰয়াণৰ খবৰে কাহানিও চিনি নোপোৱা এক শূন্যতাৰ বিন্দুত থিয় কৰাইছিল মোক৷ এক আশ্বৰ্যকৰ শোক আৰু আৱেগে ভাৰাক্ৰান্ত কৰি তুলিছে৷ তেনেতে ডাঃ অঞ্জন শৰ্মাই ফোন কৰিছে, কণ্ঠত বেদনাৰ চাপ স্পষ্ট৷ তেওঁৰ দাবী মই কিবা লিখিব লাগিবই শ্ৰদ্ধাঞ্জলি দিবলৈ৷ এনে এক অশান্ত মন লৈ লিখোঁ কেনেকৈ? আৱেগৰ সোঁতত চিন্তাৰ গভীৰতা আৰু শব্দৰ সহযোগ সকলো হেৰাই যায়৷ লিখিবলৈ একো নোৱাৰিছোঁ৷ 

ভাইটি অবিনাশ উপাধ্যায়ে দিল্লীৰ পৰা মেছেজ কৰিছে ক’বলৈ যে সি কিমান শোকাবিভূত৷ সি কালামৰ আদৰ্শৰ মাজত নিজৰ জীৱন দৰ্শন প্ৰস্তুত কৰিছে৷ মৃত্যু চিৰসত্য হ’লেও কালামৰ মৃত্যুৰ খবৰ সি শুনিবলৈ অলপো প্ৰস্তুত নহয়৷ তেওঁ দেশৰ লাখ লাখ নৱপ্ৰজন্মক জীৱনৰ বাট দেখুৱাইছিল, প্ৰেৰণাৰ উজ্জ্বল জ্যোতিষ্ক হৈ মানুহৰ মন মন্দিৰত স্থান পাইছিল৷ মোৰ ভগ্নী জয়শ্ৰীয়ে মৃত্যুৰ খন্তেক পাছতে মোক খবৰটো দিলে৷ এনে তাৎক্ষণিক খবৰত দুয়োজনী ভীষণভাৱে ম্ৰিয়মাণ হৈ পৰিছিলোঁ, কিয়নো আমি হেৰুৱাইছোঁ আমাৰ তেজৰো তেজৰ, প্ৰাণৰো প্ৰাণৰ আপোন-আত্মীয় এজনক৷ ফোনৰ দুয়োমূৰত বিৰাজ কৰিছিল নীৰৱতা আৰু হৃদয়ত বিচ্ছেদৰ যন্ত্ৰণাই দহিছিল৷ মধুৰ স্মৃতিৰ টুকুৰা-টুকুৰ ছবিবোৰে অগা-ডেৱা কৰিবলৈ ধৰিলে৷ এদিন ৰাষ্ট্ৰপতি ভৱনতে কালামৰ সৈতে আমাৰ সন্তান অভিজ্ঞানে কম্পিউটাৰ চলালে, ৰকেটৰ ছবি আঁকিছিল৷ চাৰে তিনিবছৰীয়া শিশুৰ সৈতে খেলিছিল, মিছাইল প্ৰক্ষেপণৰ চমৎকাৰ দৃশ্যবোৰ দেখুৱাইছিল৷ কালাম কেনেদৰে শিশুলৈ পৰিৱৰ্তন হৈছিল নিজ চকুৰে দেখিছিলোঁ৷ সঞ্জীৱ আৰু মোৰ উপস্থিতি সম্পূৰ্ণভাৱে পাহৰি পেলাইছিল৷ লগে লগে খবৰটো সঞ্জীৱক জনাবলৈ চেষ্টা কৰিছোঁ,কিন্তু অস্থিৰতাত নিজৰ ফোনৰ পৰা নিজৰ নম্বৰকে ডায়েল কৰিছোঁ৷ কম সংখ্যা ডায়েল কৰিছোঁ, চতুৰ্থবাৰ চেষ্টা কৰিহে সফল হ’লোঁ৷ কালামৰ যুগজয়ী কামৰ খতিয়ান দিয়াৰ মানসিক প্ৰস্তুতি এই সময়ত মোৰ যে সমূলি নাই, উপৰিউক্ত ঘটনাবোৰেই তাৰ প্ৰমাণ৷ কিন্তু এশ কোটি ভাৰতীয়ৰ মাজৰ এজন সাধাৰণ নাগৰিকৰূপে ড৹ কালামক কিমান ভাল পাইছিলোঁ, তেওঁক বিদায় দিবলৈ কিমান যে কষ্ট পাইছোঁ তাকহে ব্যক্ত কৰিব খুজিছোঁ৷

মঙলদৈৰ পৰা গৌৰৱজ্যোতি হাজৰিকাই মেছেজ কৰিছে যে কালাম ২০১৭ চনত আকৌ ৰাষ্ট্ৰপতি হ’ব বুলি আশা কৰিছিল৷ প্ৰমাণ, কালামে মানুহক সপোন দেখিবলৈ শিকালে৷ কালামৰ নিকট সান্নিধ্য লাভ কৰিবলৈ সক্ষম হোৱা, যাক প্ৰিয়তম ব্যক্তিৰূপে অন্তৰৰ থাপনাত সজাই থৈছে, অনুভৱ কাশ্যপে কালামৰ মৃত্যুত হৃদয়খন ভাঙি চূৰ্ণ-বিচূৰ্ণ হোৱা যেন পাইছে৷ কালামে আমাৰ দুখত কেনেদৰে কান্দিছিল এতিয়া ক’ম৷ ২০০৪ চনৰ ১৫ আগষ্টৰ বোমা বিস্ফোৰণত ১৩ জন শিশু-মহিলা পতাকা উত্তোলনস্থলীতে নিহত হৈছিল৷ বিশেষ কৰ্তব্যৰত অফিচাৰ স্বামীনাথনে মোৰ ঘৰ ধেমাজিত বুলি জানিছিল৷ গতিকে মোলৈ কালামৰ শোকবাৰ্তা ব্যক্তিগতভাৱেও আহিছিল৷ পৰৱৰ্তী সময়ত আকৌ সোধা হ’ল যে ধেমাজিৰ বাবে কি সহায় লাগে ক’বলৈ৷ তেতিয়া মই শ শ ছাত্ৰ-ছাত্ৰী এনে মৰ্মন্তুদ ঘটনাত মানসিকভাৱে ভীতিগ্ৰস্ত হোৱাৰ কথা জনাইছিলোঁ৷ তেওঁ তেতিয়া মনস্তাত্ত্বিক বিশেষজ্ঞ ড৹ এন পি সিঙক দিল্লীৰ Defence Institute of psychological research ৰ পৰা পঠিয়াইছিল৷ ধেমাজিত শিবিৰ পাতি মনস্তাত্ত্বিক পৰামৰ্শ আয়োজনৰ দায়িত্ব মোৰ ওপৰত সম্পূৰ্ণভাৱে অৰ্পণ কৰিছিল৷

ড৹ কালামৰ দৰে এজন বিজ্ঞানী, ৰাষ্ট্ৰনেতা,দেশপ্ৰেমিক,শিক্ষক,লেখক,সমাজ সংস্কাৰক স্বপ্নদ্ৰষ্টা,ভৱিষ্যদ্ৰষ্টা পুৰুষ পৃথিৱীলৈ এদিন সোঁশৰীৰে আহিছিল৷ তেওঁৰ মাজত সকলো সৎ গুণৰ সমাহাৰ-সততা, দয়া, ক্ষমা, পৰিশ্ৰম, উদাৰতা,ত্যাগৰ উৎকৃষ্টভাৱে পৰিস্ফূট হৈছিল৷ ধন্য আমাৰ ভাৰতবৰ্ষ,ধন্য আমি ভাৰতবাসী৷ পৃথিৱীয়ে বিস্ময়াবিভূত হৈ চাই থাকিল ড৹ কালামে পৰমাণু শক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি দেশক দি গ’ল শীৰ্ষস্থান৷ আজি নিয়তিয়ে তেওঁক লৈ গ’ল৷ বৌদ্ধ ধৰ্মগ্ৰন্থই কোৱাৰ দৰে লৈ গ’ল-‘ মানুহৰ হৃদয়ত কিমান ৰত্ন সঞ্চিত হৈ আছে, সেই ৰত্ন ভাণ্ডাৰৰ নাম হৈছে, আত্মোসৰ্গ,স্নেহ, সহনশীলতা আৰু বিনয়৷ এই পৃথিৱী এৰাৰ সময়ত লগত লৈ যায়'।
এশ বিশ কোটি ভাৰতীয়ই আমি ক্ষণত শোকাভিভূত হৈ একেলগে কান্দিছোঁ, কিন্তু সাঁচি থৈছোঁ তেওঁৰ সপোন,চিন্তা আৰু কাম আলফুলে৷

লেখিকা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ফোনঃ ৯৪৩৫০-৩০০৮৪
লেখাটি নিয়মীয়া বাৰ্তাতো প্ৰকাশ পাইছে। ইউনিক'ড ৰূপান্তৰ কৰিলে ঈশানজ্যোতি বৰাই।

No comments:

Post a Comment