ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দা

ৰূপালী পৰ্দা

Share This
সেউজীয়াৰ পৃথিৱীৰ হাতবাউলিৰে 
"এইচা য়ে জাঁহা"
অজয় লাল দত্ত

সেউজ অসমৰ সন্তান, চিনেমা পৰিচালক ৰূপে মুম্বাইত কৰ্মৰত, গোলাঘাটৰ বিশ্বজিত বৰা পৰিচালিত বলিউডৰ হিন্দী ছবি "এইচা য়ে জাঁহা"ই ২৪জুলাইত দেশৰ বিভিন্ন প্ৰান্তৰ ছবিঘৰত মুক্তি লাভ কৰিছে৷ বৰ্তমান মুম্বাই নিবাসী, অৰুণাচলৰ মায়া খ'লীৰ প্ৰযোজনাত, ভাৰতত নিৰ্মিত প্ৰথমখন কাৰ্বন নিউট্ৰেল ছবিখনৰ এটি বিশেষ দৰ্শনী চোৱাৰ সৌভাগ্য হৈছিল৷ বলিউডৰ বিভিন্ন চিনেমা মুক্তিৰ পূৰ্বেই তাৰকা সকলে প্ৰিভিউ উপভোগ কৰিবলৈ অহা চান্তাক্ৰুজস্থিত "লাইটবস্ক"ত এই দৰ্শনী চাবলৈ আহিছিল শ্বাহৰুখৰ প্ৰযোজনা, পৰিবেশন সংস্থা 'ৰেড-চিলি'ৰ ক্ৰিয়েটিভ-হেড মনীষ হৰিপ্ৰসাদ আৰু পাৰামাউণ্ট প্ৰডাকচনৰ দৰে বিশাল পৰিবেশক সংস্থাৰ প্ৰতিনিধিও৷ 'লাইটবক্স'ত প্ৰিভিউ দৰ্শনী আয়োজন কৰিব পৰাটোও উদ্যোগটোত এক সফলতাই, লগতে বলিউডৰ মূলসুঁতিৰ কেইবাগৰাকীও প্ৰভাৱশালী কলা-কুশলীৰ উপস্থিতিয়ে বিশ্বজিতদাৰ উদ্যোগটোৰ সৈতে আন্তৰিক সম্পৰ্কৰ কথাই প্ৰমাণ কৰিছিল৷

মায়া নগৰী মুম্বাইলৈ কৰ্মসংস্থানৰ খাতিৰত ওলাই অহা এটা অসমীয়া পৰিয়ালৰ নিটোল কাহিনীৰে ছবিখন সজাই তুলিছে পৰিচালকে৷ ছবিখনৰ গতিৰ লগত দৰ্শকে অনুভৱ কৰা অনুভূতিৰ প্ৰৱাহৰ একাত্মবোধেই ছবিখনৰ আটাইতকৈ ডাঙৰ সফলতা৷ বিখ্যাত পৰিচালক জাহ্নু বৰুৱাক মেণ্টৰ হিচাবে পোৱা বিশ্বজিতদাৰ ছবিখনতো মানৱীয় অনুভূতিৰ জোৱাৰে, সহকাৰী পৰিচালক হিচাবে বৰুৱাদেৱৰ সৈতে কাম কৰাৰ ইতিবাচক প্ৰভাৱ চিনেমাখনত সু-স্পষ্টকৈ ফুটি উঠিছে৷ মহানগৰীৰ ফ্লেটৰ জীৱন, দৈনন্দিন মহানগৰীয় কৰ্ম-ব্যস্ততা, এন্দুৰ দৌৰ সদৃশ জীৱনত ব্যস্ত পৰিয়ালত থাকিও এগৰাকী কিশোৰী পাখিয়ে সেউজীয়া সপোনৰ পৃথিৱীত বিচৰণ কৰি থাকে৷ এটা বন্ধ কোঠাত বন কৰি থাকিলেও মুকলি পথাৰ, নৈ-জান জুৰিৰ পাৰত দেও দি ফুৰে সপোন প্ৰদেশত৷ডাঙৰ ঘৰ, ডাঙৰ গাড়ী, শ্লিম ফিগাৰ আদিৰ ষ্টেটাচ চিম্বলৰ পাছত দৌৰা পত্নী ৰূপী ইৰা ডুৱেৰ সৈতে ছবিখনত নায়কৰ ভূমিকাত অভিনয় কৰা বিখ্যাত সংগীতকাৰ তথা গায়ক ডাঃ পলাশ সেনৰ বাঢ়ি অহা মনোমালিন্যই যেন এনে পৰিবেশত বাস কৰা প্ৰায়বোৰ পৰিয়ালৰ সুখ-দুখকেই প্ৰতিফলিত কৰিছে৷ 

অনা-অসমীয়া পেশাদাৰী বন্ধুৰ সৈতে পাৰ্টিত পৰিয়ালসহ উপস্থিত হোৱা ৰাজীৱৰ সন্মুখীন হোৱা এক সংঘাতময় পৰিৱেশৰ জীৱন্ত দৃশ্যই উত্তৰ-পূৱ বাসীৰ প্ৰতি দেশৰ আন প্ৰান্তৰ মানুহে পোষণ কৰা, সকলো 'নেপালী'হে ধৰণৰ বিদ্বেষকো উজ্বলাই তুলিছে৷ এই দৃশ্যত পলাশ সেনৰ সৱল প্ৰতিবাদে দৰ্শকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হবই সেয়া খাটাঙ! মুম্বাইবাসীয়ে বছৰৰ প্ৰথমজাক বৰষুণত তিতি কৰা আনন্দক এক সাৱলীল গীতেৰে উপস্থাপন কৰি পৰিচালকে হৃদয় জিনাৰ অন্য এক উপায় অৱলম্বন কৰিছে৷ নিজৰ জন্মভূমিক আপোন মাতৃ আৰু কৰ্মভূমিক আৰ্জনৰ তাড়ণাত বাচি লোৱা সতীয়া মাতৃৰ ৰূপেৰে 'সতেলা চহৰ..' গীতটোৱেও মানুহৰ হৃদয়ত জোৱাৰ তুলিব৷ 

অসমৰ গাঁৱৰ ঘৰলৈ যোৱাৰ চলেৰে অসমৰ বিহু, ভাওনাকে ধৰি সাংস্কৃতিক সম্পদ সমূহক বিশাল ৰূপালী পৰ্দাত তুলি ধৰি দায়বদ্ধ অসমীয়াৰ পৰিচয় দিছে বিশ্বজিত বৰাই৷ চিনেমাট'গ্ৰাফি ইমানেই সুন্দৰ হৈছে যে বিশেষকৈ অসমৰ অপৰূপ সেউজীয়া সৌন্দৰ্যৰে চহা জীৱন অতি সুক্ষ্ম আৰু আকৰ্ষণীয় ৰূপত জিলিকি উঠিছে৷ নালিয়া ককাইৰ ৰূপত ৰাজপাল শৰ্মাৰ অনবদ্য অভিনয়ৰ লগতে তামোলৰ ঢকুৱাত চোঁচৰোৱা শৈশৱৰ সৈতে কনমানিক পৰিচয় কৰাই দিয়াৰ অপূৰ্ব দৃশ্যই মনত সাঁচ বহুৱাই৷ মুম্বাইত সকলোৰে বাবেই কাম আছে, আনকি কনমানি শিশু শিল্পীৰো চাহিদা বহুত৷ সেই প্ৰলোভনৰ জালত ভৰি দি ইৰা ডুৱেই ধনৰ লালসাত নিজৰ চাৰি বছৰীয়া কনমানিক বিজ্ঞাপনৰ জগতলৈ নি কেৱল ধন আৰ্জনৰ প্ৰতিযোগিতাত নামিছে, কাৰ্টুন, ভিডিঅ' গেম, টিভিৰ দুনীয়াত মগ্ন হৈ থকাকেই আধুনিকতা বুলি ভাবিছে, এইবোৰ দৃশ্যই প্ৰতিঘৰ মানুহৰ ঘৰৰ দৈনন্দিন সংঘাতকেই প্ৰতিফলিত কৰা হেন অনুভৱ হয়৷ মাতৃভাষা শিকিব নে কনমানিয়ে, নে হিন্দী-ইংৰাজী এই দ্বন্দৰো প্ৰতিফলন ঘটিছে৷ পিতৃহীনা হৈ চহৰত বনকৰা ছোৱালী হোৱা সপোন প্ৰয়াসী কিশোৰীগৰাকীৰ মাতৃ হিচাবে মিচিঙ নাৰীৰ ৰূপত সফল অভিনয়েৰে জিলিকিছে নাট-পৰিচালিকা ৰূপে সুখ্যাত ৰবিজিতা গগৈয়ো৷ কংক্ৰিটৰ দুনীয়াতো সেউজীয়া সপোনৰ পম খেদি মুক্ত বতাহেৰে উশাহ লব পৰাকৈ হেঁপাহৰ গছপুলি প্ৰতিপালন কৰি মূল প্ৰটাগনিষ্ট ৰূপে জিলিকি উঠিছে অৰুণাচলৰ কিশোৰী কিমশ্লিন খ'লী। ছবিখনত টিনু আনন্দৰ লগতে অসমৰ বিষ্ণু খাৰঘৰীয়া, চেতনা দাস, পাকিজা বেগম, জুপিতৰা ভূঞাকে ধৰি চিনাকি মুখ অসমীয়া ৰাইজে দেখিবলৈ পাব। মুঠতে এই ছবিখনে ক্ৰমাত যন্তবৎ জীৱনত বন্দী হৈ পৰা মহানগৰীয় পৰিয়ালবোৰক দিব সেউজীয়া পৃথিৱীৰ হাত-বাউলি।

বীৰেন্দ্ৰ ললিতৰ কেমেৰাৰ অনুপম চিনেমেট’গ্ৰাফি, ইউফৰিয়া বেণ্ডৰ বাবে খ্যাত ডাঃ পলাস সেনৰ সংগীত, শ্যাম বেনেগলৰ ছবিৰ বাবে চিত্ৰনাট্যৰ ৰজত কমল ৰাষ্ট্ৰীয় বঁটা জিনা অশোক মিশ্ৰৰ সংলাপ তথা অনুৰাগ শইকীয়াৰ আৱহ সংগীতেও ছবিখনক সৱল কৰিছে। কাশ্মীৰ, দক্ষিণ ভাৰতৰ কাহিনীৰ ছবি যদি ভাৰতীয় দৰ্শকে গ্ৰহণ কৰিব পাৰে, তেন্তে অসমীয়া আধুনিক পৰিয়ালৰ হাঁহি-কান্দোন সুখ-দুখৰ সৈতে একাত্ম কিয় হব নোৱাৰিব বুলি প্ৰত্যাহ্বান গ্ৰহণ কৰা বিশ্বজিত বৰাই এখন সফল ছবি উপহাৰ দিছে। ছবিখন চায়েই আন্তৰ্জাতিক ছবি মহোতসৱ সমূহত যে সফলতাৰ ধ্বজ উৰুৱাবলৈ সক্ষম হব সেয়া অনুমান কৰিব পাৰিছিলো। আৰু আশাকৰা মতেই “ইণ্টাৰনেচনেল ফিল্ম এৱাৰ্ডছ ফৰ এনভাইৰনমেণ্ট, হেলথ এণ্ড কালচাৰ-২০১৫” লাভ কৰাৰ লগতে চানফ্ৰান্সিচক’ত ইণ্টাৰনেচনেল ইণ্ডিপেন্ডেণ্ট ফিল্ম এৱাৰ্ড-২০১৫ত চিলভাৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয়। মেক্সিকো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল-২০১৫তো “অফিচিয়েল ফাইনেলিষ্ট এণ্ড ৰিকগ’নিচন-২০১৫”ৰ স্বীকৃতি লাভৰ লগতে চানফ্ৰান্সিচক’তো গ্ৰেচ ফিল্ম ফেষ্টিভেলতো প্ৰদৰ্শিত হৈ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। শিশু-কিশোৰৰ মনোজগতৰ পৰা পৰিৱেশ সংৰক্ষণ বিষয়ক সজাগতাৰ লক্ষ্যক সামৰি এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্দাত অসমীয়া জনজীৱনৰ সফল চিত্ৰায়নৰ বাবে পৰিচালক বিশ্বজিত বৰালৈ অভিনন্দন জনাইছো। আশাকৰো ভাৰতীয় বক্স অফিচেও ব্যৱসায়িক সফলতাৰ খবৰ দি এনে প্ৰত্যাহ্বানমূলক প্ৰকল্প হাতত লৈ মন জিনিবলৈ সক্ষম হোৱা সকলক উৎসাহিত কৰিব।

1 comment:

  1. ভাল লাগিল অজয়দা । চাবলৈ আশা থাকিল , কিন্তু নোৱাৰো :(

    ReplyDelete