পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণ

পৰ্যবেক্ষণ

Share This
"মেৰী কম" চোৱাৰ আনন্দ!
অজয় লাল দত্ত

বক্সিংৰ পাঠ লৈ আগুৱাই পাঁচবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰা এগৰাকী নাৰীৰ বিজয়গাঁথাৰ কাহিনীৰে মুক্তি লাভ কৰিছিল "মেৰী কম" ছবিখনে, শিক্ষক দিৱসৰ দিনটোতে। নিৰ্মাণৰ সময়ৰ পৰাই এই ছবিখনে যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিছিল। যেতিয়া অলিম্পিকত সোণৰ পদকৰ দাবীদাৰৰ ৰূপত ৰাষ্ট্ৰীয় মেডিয়াই প্ৰথমবাৰৰ বাবে অলিম্পিকত অন্তৰ্ভুক্ত হোৱা মহিলা বক্সিংৰ ৰিঙত মেৰী কমৰ নামৰ চৰ্চা কৰিছিল, তেতিয়া আমিও দেশৰ ৰাইজৰ লগতে প্ৰাৰ্থনা জনাইছিলো, যাতে অলিম্পিকত সফল হয় আমাৰ মেৰী কম! অলিম্পিকৰ পদক জিনি মেৰী কম উভতি আহিছিল, সেই সময়তে দেশৰ কথাছবিৰ প্ৰাণকেন্দ্ৰ মুম্বাইত এই সম্পৰ্কে চিন্তা-চৰ্চা আৰম্ভ হৈছিল।

মেৰী কমৰ মুম্বাই আগমনৰ বতৰা কঢ়িয়াই আনিছিল, পেজ-থ্ৰীত মেৰী কমক মডেল সজাই সুন্দৰকৈ ৰেম্পত খোজ দিয়াৰ ফটোৱে। তাৰ পাছত মেৰী কমে দিল্লীত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলতো ৰেম্পত খোজ দি উত্তৰ-পূৱ বাসীৰ মনত আপোন আপোন ভাৱ পুনৰবাৰ সঞ্চাৰ কৰিছিল। তাৰ মাজতে সঞ্জয় লীলা ভাঞ্চালীৰ দৰে দেশৰ খ্যাতি সম্পন্ন ছবি নিৰ্মাতাই মেৰী কম জীৱনৰ লৈ ছবি নিৰ্মাণ কৰিবলৈ ওলোৱাৰ সুখবৰো পোৱা গৈছিল। তাৰ পাছতে এদিন একালৰ বিশ্ব-সুন্দৰী প্ৰিয়ঙ্কা চোপ্ৰাই মণিপুৰলৈ যোৱা, তাত মেৰী কমৰ জীৱন-শৈলী, পৰিবেশ, সংস্কৃতি আদিৰ ওপৰত জ্ঞান লোৱাৰ কথাও পঢ়িবলৈ পাইছিলো। প্ৰিয়ঙ্কা চোপ্ৰাই মেৰীৰ চোতালত পৰম্পৰাগত নৃত্যও পৰিবেশন কৰাৰ ছবি সংবাদ মাধ্যমত দেখিবলৈ পাইছিলো। লাহে লাহে ছবিৰ কাম আগবাঢ়ি ছ'চিয়েল মেডিয়া, ইউ-টিউব, টিভি আদিত ছবিখনৰ "জিদ্দি হ্যেই" কে ধৰি গীতবোৰ, ট্ৰেইলাৰ আদি মুক্তি দিয়া দেখা গ'ল। ছবিখনৰ গীত কেইটিয়েও ইউ টিউবত কেইবালাখো ক্লিক সংখ্যা অথবা দৰ্শনাৰ্থী লাভ কৰিবলৈ সক্ষম হ'ল। এক অৰ্থত ইয়েই ছবিখনক লৈ দেশবাসীৰ বিভিন্ন স্তৰত সৃষ্টি হোৱা আগ্ৰহ তথা উতসুকতাক উজ্বলাই তুলিছিল। মুক্তিৰ দিন গণিবলৈ ধৰাৰ লগে লগেই মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু অসম চৰকাৰে ছবিখনক কৰমুক্ত ঘোষণা কৰাৰো ভাল খবৰ প্ৰকাশিত হ'ল।



ছবিখনৰ কাম শেষ হোৱাৰ লগে লগেই ছবিখনত অভিনয় কৰা উত্তৰ-পূৱ তথা অসমৰ শিল্পী সকলৰ কথাও ছ'চিয়েল মেডিয়া যোগে জানিব পাৰিছিলো। বহুতো লোকেই প্ৰিয়ঙ্কা চোপ্ৰাতকৈ উত্তৰ-পূৱৰ কোনো নাৰীক কিয় মূল ভূমিকাত স্থান দিয়া নহ'ল তাকে লৈও প্ৰশ্ন তুলিছিল। এই প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও প্ৰথমে এনে চিন্তা-চৰ্চা চলা বুলি প্ৰকাশ কৰিছিল আৰু সেই বাতৰিৰ উৰহী-গছৰ ওৰ বিচাৰি এগৰাকী সংবাদিকে কেইবাগৰাকী মণিপুৰী ছবিৰ নায়িকাৰ জীৱন তথা বলিউদমুখী সংগ্ৰামক লৈ এক প্ৰৱন্ধও প্ৰকাশ কৰিছিল। সেই প্ৰৱন্ধতে সেই প্ৰতিভাশালী নায়িকাই কেনেকৈ বলিউডত খোপনি পুতিবলৈ সুযোগ লাভ কৰোতেই মণিপুৰৰ উগ্ৰপন্থী সংগঠনে ফোনযোগে দিয়া ভাবুকিত ঘৰৰ ছোৱালী ঘৰলৈ উভতি যাব লগা হৈছিল তাৰো কৰুণ বৰ্ণনা আছে। সেই লেখাটোত মেৰী কমৰ ভূমিকাত অভিনয় কৰিবলৈ সক্ষমতা থকা তথা খ্যাতি থকা উত্তৰ-পূৱীয় মূলৰ তথা বিশেষকৈ মণিপুৰী নায়িকাৰ কথা সন্নিবিষ্ট কৰা হৈছিল। যি গৰাকী নায়িকাই মুম্বাইতে সফলতাৰ বাট বুলিব পৰাৰ সম্ভাৱনা আছিল, তায়ো এতিয়া উগ্ৰপন্থীৰ ভাবুকিত উভতি গৈ মণিপুৰী চিনেমাৰ ক্ষুদ্ৰ পৰিসৰতে বন্দী হৈ ৰ'ল।


সেই লেখাটিত উত্তৰ-পূৱৰ অভিনেত্ৰী সকলক বলিউদে মুখমণ্ডলৰ মংগোলীয় উপাদান বা পৰিচয়ৰ বাবেই মূল নায়ক/নায়িকাৰ ভূমিকাত ভাৰতীয় মূল ভূ-খণ্ডৰ লোক সকলে গ্ৰহণ নকৰিব ধৰণৰ এটি মানসিকতা বলিউদৰ পৰিচালক, নিৰ্মাতাই পোষণ কৰে বুলিও প্ৰকাশ কৰিছে। সেয়ে তেনে অভিনেতা বা অভিনেত্ৰী সকলক বিদেশী, চীনা মূলীয় আদি চৰিত্ৰৰ বাবেহে কাষ্টিং কৰিব খোজাৰ কথাও উজ্বলি উঠিছে। মংগোলীয় মুখৰ "ভাৰতীয় মুখ"ক হিন্দী চিনেমাৰ তথাকথিত দৰ্শকে কেতিয়ালৈ সহজে ভাৰতীয় নায়ক, নায়িকাৰ চৰিত্ৰত গ্ৰহণ কৰিব পাৰিব, সেয়াও এক সামাজিক দৃষ্টিকোণৰ পৰা চিন্তনীয় বিষয়েই! এই পূৰ্ৱবৰ্তী ধাৰণাৰ ফলতেই মূলত মেৰী কমৰ ৰূপতো উত্তৰ-পূৱীয় নায়িকাক কাষ্টিং কৰা নহ'ল বুলি নিৱন্ধকাৰে মত পোষণ কৰিছে। পোন্ধৰ কোটি টকাৰ বিশাল বাজেটৰ প্ৰকল্প এটাৰ বাবে বজাৰ, সাৰ্বজনীন গ্ৰহণযোগ্যতা আৰু ব্যৱসায়িক সফলতাৰ দিশটোও যে এটা গুৰুত্বপূৰ্ণ কথা সেয়াও আমি উপলদ্ধি কৰিব লাগিব।

এই বিষয়টোত মেৰী কমৰ প্ৰশিক্ষক এম নৰজিত সিঙৰ প্ৰতিক্ৰিয়া আইবিএনৰ বেৱচাইটে প্ৰকাশ কৰিছে এইদৰে, "মণিপুৰী অভিনেত্ৰী নাথাকিলে কি হ'ল, কাহিনীটো আমাৰেই! আমি ভাৰতীয় হিচাবে এই সফলতাৰ গাঁথাক লৈ গৌৰৱ কৰো!" প্ৰশিক্ষক গৰাকীৰ এই মতামতে তেখেতৰ শিষ্যাৰ সফলতাৰ কাহিনীয়ে যি কোনো উপায়েৰে দেশ-বিদেশৰ বেছিভাগ মানুহৰ হৃদয় জয় কৰাকলৈহে তেওঁৰ আগ্ৰহকেই প্ৰকাশ কৰিছে। সফলতাৰ এই যাত্ৰাক আঞ্চলিক ভিত্তিৰ সমালোচনাৰ গণ্ডীৰে সীমাবদ্ধ কৰিবলৈ তেখেত নিশ্চয়কৈ ৰাজী নহয়। 

আগ্ৰহেৰে পৰিয়ালসহ "মেৰী কম" ছবিখন চাবলৈ ওলাওতেই এফ এম ৰেডিঅ'ত মুম্বাইৰ জনপ্ৰিয় ৰেডিঅ' জ'কি জিতুৰাজৰ কণ্ঠ ভাঁহি আহিল। জিতুৰাজে ছবিখনক সামগ্ৰিক ভাৱে তিনিটা ষ্টাৰ দিছে বুলি ঘোষণা কৰাৰ লগতে সকলো শ্ৰোতাকে ছবিখন চাবলৈ "ৰিকমেণ্ড" কৰাৰ কথা ভাঁহি আহিছে। শুনিয়েই মনটো ভাল লাগি গ'ল। সমালোচক সুভাষ কুমাৰ ঝাই পাঁচটা তৰাসহ নিজৰ পৰ্যালোচনাত প্ৰেৰণাময় ক্ৰীড়াসুলভ ছবিৰ শ্ৰেষ্ঠ উদাহৰণ এই ছবি বুলিও উল্লেখ কৰিছে। অন্ততঃ বলিউদৰ প্ৰতিষ্ঠিত প্ৰডাকচন হাউচ ভাঞ্চালী প্ৰডাকচন আৰু ভায়াকম-১৮ৰ পৃষ্ঠপোষকতাৰ বাবেই ছবিখনৰ সৱল প্ৰচাৰ প্ৰায়বোৰ মাধ্যমতে কাৰ্যকৰী ৰূপতেই দেখা গৈছে। মাত্ৰ ছবি নিৰ্মাণ কৰিলেইতো নহব, বেছি সংখ্যক দৰ্শকৰ সমুখত ছবিখন তুলি ধৰিব পৰাটোও নিৰ্মাতা প্ৰযোজকৰ এটা গধুৰ দ্বায়িত্বই! 

ইফালে ২০০০চনৰ পৰা হিন্দী চিনেমা মণিপুৰত "ৰিভলিউচনাৰী পিপলচ ফ্ৰণ্ট" নামৰ উগ্ৰপন্থী সংগঠনে নিষিদ্ধ ঘোষণা কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত গৃহ ৰাজ্যতে মেৰী কমৰ জীৱন গাঁথাৰে নিৰ্মিত ছবিখন প্ৰদৰ্শিত হোৱা নাই। এই বিষয়টোকো আন্তৰ্জাতিক সংবাদ মাধ্যম ""ৱাল ষ্ট্ৰীট জাৰ্নেলে"ও এক প্ৰৱন্ধত সামৰি লৈ তাৰ বাবে মণিপুৰৰ ছবি নিৰ্মাতা সকলৰ এখন মঞ্চ "ফিল্ম ফৰাম"য়ে এই বিষয়টোক লৈ উগ্ৰপন্থী সংগঠনটোৰ সৈতেও আলোচনাৰ চেষ্টা চলাই বিফল হোৱাৰ কথাও প্ৰকাশ কৰিছে। মঞ্চৰ সভাপতি এল. সূৰ্যকান্ত শৰ্মাই তেওঁলোকে ছবিখন মণিপুৰী ৰাইজে চোৱাতো বিচাৰিছে বুলিও প্ৰকাশ কৰিছে। ৰাজ্যখনৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰাক বচাই ৰখাৰ স্বাৰ্থতে হিন্দী চিনেমাৰ নিষিদ্ধকৰণৰ পাছত এতিয়া ৰাজ্যখনৰ ৮০টাকৈ হলত কেৱল মণিপুৰী ছবি প্ৰদৰ্শিত হয় বুলিও প্ৰকাশ কৰিছে। লগতে তামিল, তেলেগু আদি দুই এটা আঞ্চলিক ভাষাৰ ছবিও তাত প্ৰদৰ্শিত হোৱাৰ কথাও তেখেতে উল্লেখ কৰাৰ লগতে "তিবেতো-বাৰ্মা"ৰ সংমিশ্ৰিত ভাষালৈ ছবিখন ডাবিং কৰিবৰ বাবেও আহ্বান জনাইছে। মেইটি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা এই ভাষালৈ ছবিখনৰ ডাবিং কৰিলে মণিপুৰত ছবিখন প্ৰদৰ্শন কৰিব পৰাৰ সম্ভাৱনা থকা বুলিও তেখেতে আঙুলিয়াই দিয়াৰ কথা ৱাল ষ্ট্ৰীট জাৰ্নালে প্ৰকাশ কৰিছে।

পিছে বৰ্তমানেও হিন্দী চিনেমা নিষিদ্ধ ঘোষিত হৈ থকা মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডৰ বহু লোকেই ছবিখনৰ প্ৰতি ইমানেই আগ্ৰহী হৈ উঠিছে যে তেওঁলোকে সেই ছবি চাবৰ বাবে সমীপবৰ্তী মেঘালয়, অসম আদি ৰাজ্যলৈ ঢাপলি মেলিছে। ৰাইজৰ আগ্ৰহৰ বাবেই ছবিখনে "সোণৰ খনি"ৰ সন্ধান পাইছে বুলি উত্তৰ-পূৱৰ চিনেমা হ'লৰ বক্স অফিচৰ সঁহাৰিৰ উদ্ধৃতি দিয়েই ৰাষ্ট্ৰীয় সংবাদ পত্ৰই বাতৰি প্ৰকাশ কৰিছে। দেশ-বিদেশৰ সঁহাৰিৰে প্ৰথম পাঁচটা দিনত প্ৰায় ৪৫কোটি টকাৰ ব্যৱসায় ছবিখনে লাভ কৰিবলৈ সক্ষম হোৱাৰ খবৰ প্ৰকাশিত হৈছে। এনে বহু কথাই মনত দোলা দি থকাৰ মাজতে গৈ ছবিগৃহত আমি বহি পৰিলোগৈ। ছবি আৰম্ভ হোৱাৰ আগে আগে "জন গণ মন অধি.." আৰম্ভ হোৱাৰ লগে লগেই সকলো দৰ্শক থিয় হ'ল। উঠি ইফালে সিফালে চালো, হল ভৰ্তি এজাক দৰ্শক, যি এগৰাকী ভাৰতীয় নাৰীৰ, উত্তৰ-পূৱৰ ভনীৰ বিজয়গাঁথা চাবলৈ আগ্ৰহেৰে ৰৈ আছে, মনতো সঁচাই ভৰি পৰিল। 

ছবিখন এগৰাকী সাধাৰণ দৰ্শক হিচাবে এটা শব্দত সফল ছবি বুলিয়েই অভিহিত কৰিব বিছাৰিছো। কাহিনীভাগ আগবঢ়াৰ লগে লগেই দৰ্শককো অনুভূতিয়ে ক্ৰমাত গ্ৰাস কৰি অনাতোৱেই ছবিখনৰ সফলতাৰ শ্ৰেষ্ঠ উপাদান। দুখ, বেদনা, শোক আদি অনুভূতিবোৰ যেন বাৰে বাৰে ছবিখন চাই থাকোতে বুকুত উথলি উঠিছে, মেৰী কমৰ সংগ্ৰামৰ মুহূৰ্তবোৰে চুই গৈছে, মন্ত্ৰমুগ্ধ হৈ ৰৈছো। ইফালে সিফালে চাই আন্ধাৰতো কাষৰ দৰ্শকৰো চকু সেমেকি উঠিছে নেকি চাবলৈ আগ্ৰহী হৈ উঠিছো! সেয়াও জানো ছবিখনৰ সফলতাৰ এক মাপকাঠি নহয়! 

নাৰী এগৰাকীৰ জীৱনৰ বাটত শিশু-কিশোৰ কালৰ ঘৰখন, অনুষ্ঠানৰ শিক্ষা, প্ৰতিষ্ঠাৰ সংগ্ৰাম, তাৰ মাজতে হাত-বাউলি দিয়া প্ৰেম-ভালপোৱাৰ আকৰ্ষণৰ ঢৌ-খেলা ছায়া-ছবিৰ মাজত সাধাৰণ দৰ্শকে নিজকে মেৰী কমৰ চৰিত্ৰৰ মাজত বিচাৰি পাবলৈ যেন সক্ষম হৈছে ছবিখনত। উদাৰ প্ৰেমিকৰ সান্নিধ্য, প্ৰেৰণা লাভ কৰা মেৰী কমৰ সেই সৌভাগ্যৰ অধিকাৰী হবলৈনো কোন নাৰীয়ে আকাংক্ষা নকৰিব? বিখ্যাত হিন্দীছবি "অভিমান"ৰ সোঁতৰ বিপৰীতে মেৰী কমৰ সাংসাৰিক জীৱনৰ সৰলতা তথা প্ৰেৰণাময় স্বামীৰ সাহচৰ্য লাভৰ সৌভাগ্যৰ কাহিনীয়ে কোনো নাৰীৰেই হৃদয় স্পৰ্শ নকৰাকৈ থাকিব নোৱাৰে। এগৰাকী মাতৃৰ হৃদয়ে নিজ শিশুৰ নৰীয়াৰ সময়কণত তাক বুকুৰ মাজত ডেউকাৰ মাজত সাবটি ৰখাৰ পৰা বঞ্চিত হোৱাৰ অনুভৱৰ ক্ষণত সমুখত থিয় দিয়া বিশ্ব বিজয়ৰ প্ৰত্যাহ্বানো যে তুচ্ছ হৈ পৰে, সেই সাৰ্বজনীন অনুভূতিক অতি সফল ৰূপত ছবিখনে তুলি ধৰিছে। তাৰ বাবে চিত্ৰনাট্য, পৰিচালক, ছবিখনৰ কলা-কুশলী তথা আঁৰৰ ব্যক্তিসকলৰ শলাগ নলৈ নোৱাৰি। আমাৰ একালৰ সহপাঠী সংঘমিত্ৰা বৰগোহাঞিয়ে আমেৰিকাত ছবিখন চাই ফেচবুকৰ পাতত লিখা অনুভৱখিনিকেই সেই অনুভূতিয়ে চুই যোৱা মুহূৰ্তবোৰত সঁচা বুলি মানি লবলৈ বাধ্য হৈছিলো। এগৰাকী মাতৃ হিচাবে সেমেকা চকুৰে চিনেমা চোৱাৰ অনুভৱৰ কথা বান্ধৱী গৰাকীয়ে ব্যক্ত কৰি সকলোকে সেইখন চাবলৈ আহ্বান জনাইছিল। তেওঁৰ কথাতেই আমাৰো অনুভৱখিনি যেন অনুৰণিত হৈ পৰিছে। 

শিক্ষক দিৱসৰ দিনাই মুক্তি দিয়া ছবিখনে "গুৰু-শিষ্যা"ৰ পবিত্ৰ আৰু সুদৃঢ় পাৰস্পৰিক আশা-ভৰসাকো সুন্দৰকৈ প্ৰতিফলিত কৰিছে। সেই কথায়ো আমাক বৰ আনন্দিত কৰিলে। শিষ্যাৰ ত্ৰুটি আৰু বিচ্যুতিয়ে ক্ষণিকো শান্তিৰে থাকিবলৈ নিদিয়া এগৰাকী অপৰূপ গুৰুক আমি ৰূপালী পৰ্দাত দেখিবলৈ পালো। মণিপুৰৰ "চাই"ৰ প্ৰশিক্ষণ কেন্দ্ৰৰ দৰেই দেশৰ প্ৰান্তে প্ৰান্তে ক্ৰীড়া প্ৰতিভাক নিজৰ প্ৰতিনিয়ত চৰ্চা তথা শিকনিৰে একোখন বিশাল মঞ্চলৈ তুলি নিয়া এজাক আনচাঙ-হিৰো'জ প্ৰশিক্ষকৰ বাবে এই ছবিখন আমাৰ দৃষ্টিত এক প্ৰকৃত গুৰু-দক্ষিণাই। এই ছৰিত্ৰত সফল অভিনয়েৰে চৰিত্ৰটিক মহীয়ান কৰি তোলা সুনীল থাপাৰ শলাগ লৈছো।

আমাৰ দৃষ্টিত এগৰাকী আদৰ্শ, প্ৰেৰণাময় আৰু সকলো নাৰীৰ সপোন স্বৰূপ স্বামীৰ ৰূপত উজ্বলকৈ তুলি ধৰা মেৰী কমৰ স্বামীৰ চৰিত্ৰটোও অতিশয় সফল চৰিত্ৰ। অভিনেতা দৰ্শন কুমাৰে এই চৰিত্ৰক অধিক অৰ্থবহ ৰূপত তুলি ধৰি দৰ্শক সমাজক মোহিত কৰিছে। এগৰাকী নাৰীৰ বাবে আত্ম-প্ৰতিষ্ঠা, কেৰিয়াৰৰ পথত সংসাৰ, সঁচাই এক প্ৰত্যাহ্বান। এগৰাকী প্ৰেমিকাৰ পৰা পত্নী, বোৱাৰী, মাতৃ হোৱাৰ এই ৰূপান্তৰৰ পৰ্যায়টোত কেৰিয়াৰৰ পথৰ পৰা পথচ্যুত হোৱা নাৰীৰ সংখ্যাই আমাৰ দেশত সৰ্বাধিক। এইদিশৰ পৰা বিবেচনা কৰিবলৈ গলে, মেৰী কমৰ জীৱনী সংসাৰ গঢ়া নাৰীসকলক পুনৰ প্ৰতিষ্ঠাৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে জাগৰিত কৰিব পৰাৰ এক শিক্ষামূলক ছবিয়েই। 

দুটাকৈ সন্তানৰ মাতৃত্ব লভাৰ পাছতো সংসাৰৰ বোজাৰ পৰা পত্নীক আজৰাই দি পুনৰ বিশ্ব চেম্পিয়ন হোৱাৰ পথলৈ উলিয়াই দিব পৰাটো স্বামী অনলেৰ কমৰো এক প্ৰশসংনীয় কৃৰ্তিত্বই। "মাতৃত্বই এগৰাকী নাৰীক শক্তিশালীহে কৰি তোলে" শীৰ্ষক সংলাপটোও আমাৰ দৃষ্টিত এক শ্ৰেষ্ঠ সংলাপ! বক্সিংৰ ৰিঙলৈ এগৰাকী মাতৃয়ে প্ৰত্যাবৰ্তন কৰি সফলতাৰ শিখৰ আৰোহন কৰাৰ বাবেই "মেগনিফিচেণ্ট মেৰী" ৰূপে খেলুৱৈ গৰাকী বিশ্বৰ সমুখত উজ্বলি উঠিছে। এগৰাকীৰ সফলতাৰ আঁৰত সংসাৰৰ সাৰথি গৰাকীৰ কিমান শক্তিশালী অৱদান থাকিব পাৰে, তাকো এই ছবিয়েই তুলি ধৰা নাইনে? এই ছবিৰ পৰা দেশৰ বৰ-মতা স্বামী সকলেও কিছুপাঠ আহৰণ কৰাৰ প্ৰয়োজন আছে। প্ৰেম-সংসাৰ-কেৰিয়াৰ যুঁজৰ মাজৰ দোদুল্যমান পৰ্যায়টোত এক গ্ৰহণীয় আদৰ্শকেই যেন মেৰী কমৰ আত্ম-জীৱনীমূলক ছবিখনে তুলি ধৰিছে। এগৰাকী খেলুৱৈৰ সংঘাতময় জীৱনৰ সৈতে সংসাৰৰ এই সাৰ্বজনীন উপাদানবোৰেই ছবিখনক আমাৰ দৃষ্টিত এক অনন্য ৰূপ প্ৰদান কৰিছে। 

আনহাতেদি মেৰী কমৰ আত্মজীৱনী ""আন-ব্ৰেকেবল" পঢ়া দৰ্শক সকলে কিন্তু ছবিখনত আত্ম-জীৱনীটোত সন্নিবিষ্ট বহু-বিস্ফোৰক কথাই এৰি থৈ যোৱা বুলি অনুভৱ কৰিছে। ক্ৰীড়া প্ৰশাসকৰ অহঙ মনোভাৱ, ফেডাৰেছনৰ দুৰ্বলতা, ভাৰতীয় গোষ্ঠী বৈষম্যতাক আৰু উজ্জ্বলকৈ তুলি ধৰাৰ প্ৰাসংগিকতা আছিল বুলিও প্ৰকাশ কৰিছে। আনকি ফাৰ্ষ্ট পোষ্ট.কমত সমালোচকে মেৰী কমৰ বিষয়ে জানিবলৈ ছবিখন নহয়, আত্ম-জীৱনীখন পঢ়ক, বুলিও এক আহ্বান জনাইছে।

"ইণ্ডিয়া মেৰা দিল মে হেই" শীৰ্ষক সংলাপৰ দৃশ্যাৱলীক বৰ্তমানৰ ৰূপতকৈ অধিক স্পৰ্শ কৰিব পৰাকৈ উপস্থাপন কৰাৰ প্ৰয়োজন আছিল বুলি মনে ধৰে। উত্তৰ-পূৱৰ লোকৰ প্ৰতি দেশত সংবাদ শিৰোনামা দখল কৰা বৈষম্যৰ বিৰুদ্ধে মেৰী কমৰ জীৱনীমূলক এই ছবিত নিশ্চয়কৈ অধিক শক্তিশালী বাৰ্তা দিয়াৰ মাধ্যম ৰূপে ব্যৱহাৰ কৰিব পৰা গ'লহেতেন। কিন্তু ছবিখনৰ পৰিচালক উংগ কুমাৰ, কাহিনী-চিত্ৰনাট্যকাৰ চাইৱন কোৱাড্ৰাছে ছবিখনক সামাজিক বাৰ্তাবাহকৰ এনে কাৰ্যকুশল মাধ্যম ৰূপে ব্যৱহাৰ কৰি দেশৰ ঐক্য, সংহতি আৰু অখণ্ডতাৰ প্ৰতি পালন কৰিব পৰা এই দায়বদ্ধতা তথা অৱকাশক চাগৈ অনুভৱ কৰিব নোৱাৰিলে। আৰু সেই কথা চাগৈ আমি উত্তৰ-পূৱৰ বাসিন্দা হিচাবে স্পৰ্শকাতৰভাৱে পোষণ কৰা দৃষ্টিভংগী বা আশাও হব পাৰে। মণিপুৰত শ্বুটিং কৰি অধিক ভৌগোলিক সাৰ্থকতা প্ৰদান, মণিপুৰৰ সমস্যা, ইৰম শৰ্মিলাৰ অনশন, ৰাষ্ট্ৰীয় সন্ত্ৰাস আদিকো সৱল ৰূপত ছবিখনত তুলি ধৰাৰ প্ৰয়োজন আছিল বুলিও একাংশ দৰ্শক, সমালোচকে অনুভৱ ব্যক্ত কৰিছে। 

এগৰাকী পৰিচালক, প্ৰযোজকৰো নিজা অভিব্যক্তি, লক্ষ্য, পৰিকল্পনা থাকে, সেয়া তেখেতসকলৰ স্বাধীনতা! গ্ৰন্থ এখনৰ স্বকীয় সুবিধা কিছুমানৰ তুলনাত ছবি এখন নিৰ্মাণত প্ৰয়োজন হোৱা গতিশীলতা, নাটকীয়তাৰ প্ৰয়োজনেই চাগৈ নিৰ্মাতাসকলক সীমাবদ্ধ নকৰাকৈ থকা নাই। তথাপি সকলোৰে উৰ্ধত আমাক এগৰাকী নাৰীৰ সংকল্পপূৰ্ণ সংগ্ৰামৰ চিত্ৰায়ণ কৰি এখন সুন্দৰ ছবি উপহাৰ দিছে, তাৰ বাবে ধন্যবাদৰ পাত্ৰ। আনে নিৰ্মাণ কৰা হ'লে ছাগৈ একেখন ছবিৰেই ৰং, ৰূপ, ৰস বেলেগ হলগৈহেতেন। এগৰাকী সাধাৰণ কিশোৰীৰ বিশ্ব বিজয়ী যাত্ৰাৰ খলাবমা পথক সঠিক ৰূপত উপস্থাপন কৰাত নিৰ্মাতাৰ সৈতে প্ৰিয়ঙ্কা চোপ্ৰাইও শাৰিৰীক, মানসিক তথা বৌদ্ধিক দিশত যথেষ্ট কষ্ট কৰি চৰিত্ৰটোক ন্যায় দান কৰিছে, সেয়া ছবিখন চোৱা প্ৰতিগৰাকী দৰ্শকেই অনুভৱ কৰিছে। ছবিখন চোৱাৰ আগতে কামনা কৰিছিলো যে "ভাগ মিলখা ভাগ" ছবিখনে যেনেকৈ মিলকা সিঙক এক "পৃথিৱীত নতুন ৰূপত নৱজীৱন" দিলে, তেনেকৈ যাতে "মেৰী কমে"ও সফলতা পায়, দেশ-দুনীয়াৰ সমুখত উজ্বলি উঠে ভগ্নী মেৰী কমৰ এই যাত্ৰা। এই আশা নিশ্চয়কৈ পূৰণ হৈছে।

আশাকৰো অন্য এখন ছবিৰে বলিউদৰ নিৰ্মাতা সকলে উত্তৰ-পূৱৰ ৰাইজে আশা কৰা ধৰণেৰে সামাজিক দ্বন্দ্ব, সমস্যা সমূহকো তুলি ধৰিব। উগ্ৰপন্থী হৈ হাবিত বাট হেৰুওৱা প্ৰতিভাবান "লালবয়" সকলৰ জীৱনো ৰূপালী পৰ্দাত তুলি ধৰি অন্য এক অন্বেষণৰ সোৱাদ দিব। হয়তো অন্য এক চিনেমা, অন্য এক দিনত ৰাষ্ট্ৰীয় সংহতিৰ বাণীৰে বলিউদে অন্য এক দায়বদ্ধতাৰ পৰিচয় নিশ্চয়কৈ দিব।

No comments:

Post a Comment