পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

পৰ্যবেক্ষণ

Share This
দান-বৰঙণি আৰু জাতীয় সংগঠনৰ মুখা তথা চৰিত্র
টুৱাৰাম দত্ত
জাতীয় সংগঠন এটাই কোনোবা ব্যক্তি বা ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা দান-বৰঙণি গ্রহন কৰিলে তাত অন্য কোনো তৃতীয় পক্ষৰ আপত্তি কৰিবলগীয়া বিষয় নাথাকে। বৰঙনি দিওতাই সন্তোষ মনেৰে বৰঙণি দিছে আৰু গ্রহণ কৰোতাই আনন্দেৰে গ্রহণ কৰিছে। ইয়াত অসংগত বা বেআইনী বুলি কোনো কথা থাকিব নোৱাৰে। আচলতে জাতীয় সংগঠন বিলাক ৰাইজৰ দান-বৰঙণি গ্রহণ কৰিয়েই জীয়াই থাকে।

এইখিনিতে জাতীয় সংগঠন বুলিলে নিৰ্দিষ্ট কেনেধৰণৰ সংজ্ঞাৰ আওঁতাৰ ভিতৰত থাকিলেহে এটা সংগঠনক জাতীয় সংগঠন বুলি অভিহিত কৰিব পৰা যায় সেয়া আমি বিচাৰ নকৰি সাধাৰণভাবে অসমৰ যিবিলাক সংগঠনক ৰাইজে জাতীয় সংগঠন বুলি গণ্য কৰে সিবিলাকৰ কথাই আলোচনা কৰিম। এই সাধাৰণীকৃত দৃষ্টিভংগীৰে অসম সাহিত্য সভা, আছু, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ ইত্যাদি বিলাকক সম্প্রতি জাতীয় সংগঠন বুলি সংবাদ মাধ্যমে অভিহিত কৰিব পৰা যায়।


কিন্তু আমাৰ আলোচ্য বিষয়টো হ’ল জাতীয় সংগঠন বিলাকে য’ৰে ত’ৰে পৰা বৰঙণি গ্রহণ কৰি নিজৰ জাতীয় চৰিত্র সঠিকভাবে বজাই ৰাখিবলৈ সমৰ্থ হয়নে? যি এক মহান আদৰ্শ আৰু লক্ষ্য সন্মুখত ৰাখি এই সংগঠন বিলাকে নিজৰ জয়যাত্রা আৰম্ভ কৰিছিলে তাৰপৰা তিলমানো পদচ্যুত নোহোৱাকৈ, ৰাইজে তেওঁলোকৰ প্রতি প্রদৰ্শন কৰা আস্থা সম্পূৰ্ণ অক্ষত ৰাখি নিজ পথত সঠিকৰূপত ধাৱমান হবলৈ সমৰ্থ হয়নে? কিয়নো সততে দান-বৰঙণি দি অহা ব্যক্তি বা ব্যৱসায়িক প্রতিষ্ঠানৰ মানসিকতা সদায়েই ব্যৱসায়িক লাভালাভৰ অংকৰে পৰিপূৰ্ণ। নীতি-আদৰ্শৰ প্রতি তিলমানো শ্রদ্ধা নথকা, ব্যৱসায়িক মুনাফাৰ বাবে যিকোনো পদক্ষেপেই গ্রহন কৰিবলৈ পিছ নোহোহুকা এই ব্যক্তি বা প্রতিষ্ঠান বিলাকে জাতীয় সংগঠনলৈ আগবঢ়োৱা দান-বৰঙণি বিলাক এক প্রকাৰৰ অনৈতিক কাম কৰাৰ লাইচেঞ্চ হিচাপে গণ্য কৰাৰ সম্ভাৱণা পুৰামাত্রাই থাকে।

আৰু ইতিমধ্যেই তেনেধৰণৰ কৰ্ম-কাণ্ড সংঘটিত হোৱাৰ দুই-এক নমুনাও দেখা পোৱা গৈছে। ফলশ্রুতিত আমাৰ সমাজ জীৱনলৈ ভয়ংকৰ বিভীষিকা নামি আহিছে। অতি সম্প্রতি সাৰদা কেলেংকাৰী আৰু তাৰ সৈতে আছুৰ নাম সাঙোৰ খাই পৰা প্রসংগত ৰাইজৰ মাজত অজস্র কথাই আলোচিত হৈছে। ইয়াৰ পূৰ্বেও ‘বিশাল’ নামৰ ব্যৱসায়িক প্রতিষ্ঠান এটাৰ পৰা ধন দাৱীৰ অভিযোগ এটা আছুৰ বিৰুদ্ধে উৎত্থাপিত হৈছিল।

আমি আৰম্ভণীতেই উল্লেখ কৰিছো, জাতীয় সংগঠন এটাই কোনোবা ব্যক্তি বা ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা দান-বৰঙণি গ্রহণ কৰিলে তাত অন্য কোনো তৃতীয় পক্ষৰ আপত্তি কৰিবলগীয়া বিষয় নাথাকে। কিন্তু আছুৰ ক্ষেত্রত কথাবিলাক ইমান সহজ আৰু পোনপটীয়া হয়নে? সাৰদাই অসমত বিগত দুই-তিনি বছৰ ধৰি সাধাৰণ খাটি-খোৱা জনতাৰ ঘৰ্মাক্ত পৰিশ্ৰমৰ ধন যিদৰে লুটিলে তাৰ বিৰুদ্ধে আছুৰ প্রতিবাদ কিমান জোৰদাৰ আছিল? দান-বৰঙণিৰ নামত জাতীয় দায়িত্ব পালন কাৰী প্রতিবাদী কণ্ঠৰ মুখ বন্ধ ৰখাৰ কৌশলত এয়া সহজ আত্ম-সমৰ্পন নাছিলনে?

অতীতত বহুত সংগঠন আছিল, টেমা-বাকচলৈ ৰাইজৰ পৰা এটকা -দুটকাকৈ ধন সংগ্ৰহ কৰাৰ পৰম্পৰা আছিল।আজিকালি সেই পৰম্পৰা নোহোৱা হৈ গৈছে।সকলোতে বাহ্যিকতা বাঢ়িছে। মধ্যবিত্ত শ্ৰেণীচৰিত্ৰই এতিয়া আমাক শাৰিৰীক শ্ৰম কৰিবলৈ বাধা দিয়ে, ফলত সংগঠন চলাবলৈ প্ৰয়োজন হোৱা ধনৰ জোৰা মাৰিবলৈ ৰাইজক জড়িত কৰাৰ সলনি কৰ্পোৰেট বা ধনীক শ্ৰেণীৰ পৰা চান্দা সংগ্ৰহকে সহজ লক্ষ্য কৰি তুলিছে তথাকথিত জাতীয় সংগঠনবিলাকে। সেইসকলে বৰঙণিৰ প্ৰতিদানত চিনাকি সূত্ৰে সদ্ভাৱ ৰাখিব খুজিবই যাতে সময়ত অনৈতিক কাম কৰিলেও প্ৰতিবাদ নহয়। চমু আৰু সহজ ভাষাত কবলৈ গ’লে অনৈতিক কৰ্ম-কাণ্ডৰ পৰা হাত সাৰিব পৰা ‘সামাজিক নিৰাপত্তা কৰ’ বা ‘প্রটেকচন মানি’।


আজি জাতীয় সংগঠন বুলি ভৱা সাহিত্য সভা, আছু আদি কৰি সংগঠন সমূহে আত্মসমালোচনাৰে নিজকে নিৰ্মোহ বিশ্লেষণ কৰাৰ তাগিদা অনুভৱ কৰা উচিত|এই যে দান দিয়া আৰু দান লোৱাৰ প্ৰক্ৰিয়াটো, দুৰ্নীতিৰ মূল শিপাডাল ক'লা টকা বগা কৰাৰ আহিলাৰ ৰূপত তাতেই দেখোন সোমাই আছে৷ গতিকে যিয়েই নহওক, দানৰ উৎস আৰু অভিপ্রায় বিচাৰ কৰি চোৱাটো জাতীয় সংগঠন এটাৰ বাবে অতীব প্রয়োজনীয়। নহলে পেচাদাৰী গুণ্ডাবাহিনীয়ে লোৱা ‘প্রটেকচন মানি’ আৰু দান-বৰঙণিৰ মাজত কোনো পাৰ্থক্যই নাথাকিব। এবাৰ চিন্তা কৰকচোন দান দিব বুলিয়েই নতুনকৈ স্থাপিত বিদ্যালয়খনৰ কাৰণে ড্ৰাগছ্ মাফিয়াৰ পৰা ধন লোৱাটো কিমান দূৰ গ্রহণযোগ্য হব? দান লাভ কৰাৰ পিছত সেইজনে কৰা জনস্বাৰ্থ বিৰোধী কাম-কাজ বিলাক সজোৰে প্রতিবাদ কৰাটো সহজ হৈ উঠিবনে?

অন্য এটা প্রয়োজনীয় কথা হ’ল আমাৰ জাতীয় সংগঠন বিলাকৰ আয়-ব্যয়ৰ হিচাপ কেতিয়াবা ৰাজহুৱাকৈ প্রকাশিত হয়নে? দান-বৰঙনিৰ উৎস বাৰু সদ্যহতে বিধিসংগত আৰু নিকা বুলিয়েই ধৰি লোৱা হ’ল, কিন্তু সেই পুঁজি ক’ত কেনেকৈ খৰচ হ’ল তাক ৰাজহুৱাকৈ জনোৱাৰ সৎসাহস তেখেত বিলাকে দেখুৱাব নোৱাৰে কিয়? জাতিৰ কল্যাণৰ বাবে সংগৃহিত ধন কোন বিলাক কল্যাণমূলক কামত খৰচ কৰা হ’ল সেয়া ৰাজহুৱাকৈ ডাঙি ধৰিলে ভৱিষ্যতে তেখেত সকলে ৰাইজৰ অত্যাধিক স্নেহভাজন হোৱাৰ ওপৰিও যিকোনো গঠনমূলক কাৰ্যসূচীতেই অকুণ্ঠ সহাঁৰি লাভ কৰিব।

আজি অসমৰ সমাজ জীৱন সমস্যাৰে ভাৰাক্রান্ত। সীমান্তৰ উৰিয়ামঘাটত শৰনাৰ্থী হোৱা আমাৰ জাতি ভাই সকল, সমগ্র ৰাজ্যজুৰি বানত বিধ্বস্ত আত্মীয় সকল, তেওঁলোকৰ দুখৰ দিনত সিদিনা দেখিলো কেইজন মান যুৱকে সামাজিক যোগসূত্রৰ মাধ্যম ফেচবুকৰ জড়িয়তে ‘সহায়’ নামৰ সংগঠন এটাৰ বেনাৰত যৎসামান্য দান-বৰঙনি, কাপোৰ-কানি, খাদ্য-বস্তু সংগ্রহ কৰি উৰিয়ামঘাটলৈ প্রেৰণ কৰিছে। আমাৰ বিয়াগোম বিয়াগোম জাতীয় সংগঠন বিলাকে ইয়াৰ পৰা নাম মাত্র শিক্ষাও গ্রহণ কৰিবনে? লাখ লাখ টকা দান-বৰঙনিৰ ক্ষুদ্র অংশ এটাও উৰিয়ামঘাটৰ শৰনাৰ্থী সকল বা বানত বিধ্বস্ত সকলৰ মাজলৈ কেতিয়াবা যাবনে? আদৰ্শ হ'ব পৰা তথা উমৈহতীয়া অৰাজনৈতিক জাতীয় ছাত্ৰ সংগঠন এটাৰ প্ৰয়োজনক কোনেও নুই কৰিব নোৱাৰে| কিন্তু নৈতিকতাবিহীন, আদৰ্শবিহীন ব্যক্তি বা সংগঠনবোৰ সমাজৰ বাবে কলংকস্বৰূপ ৷ বিশেষকৈ কিছুমান সংস্থাই জাতীয় সংগঠনৰ মুখাখন খুলি পেলালেই অসমৰ জাতীয় জীবনৰ বাবে শুভ হব নেকি?

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages