আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
নাৰী দিৱসৰ শুভেচ্ছাৰে
হেমচন্দ্ৰ দত্ত

যদিও মোৰ বাবে সকলো দিনেই নতুন । সকলো দিনেই এটা দিৱস । তথাপি অনুভৱ কৰিছোঁ আজিৰ দিনটোৰ বিশেষ গুৰুত্ব আছে । আজি যে আন্তৰ্জাতিক নাৰী দিৱস ! 

মোৰ জীৱনত নাৰীৰ সৱল উপস্থিতি মাৰ যোগেদি প্ৰথম অনুভৱ কৰিছিলোঁ। মোক জীৱনবোধৰ প্ৰথম পাঠ শিকোৱা শিক্ষকগৰাকী হ'ল মোৰ মা । মাৰ এতিয়া বয়স হৈছে । হলেও মাৰ সৈতে থকা গভীৰ বন্ধুত্বই মোক অনেক আলি দোমোজাত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিছে । 

মোৰ আনুষ্ঠানিক শিক্ষাৰ সুদীৰ্ঘ পৰিক্ৰমাত বাইদেউ সকলৰ ( শিক্ষয়িত্ৰী ) বিশিষ্ট বৰঙণি আছে । এই মুহূৰ্তত মোৰ মনলৈ আহিছে উত্তৰ লখিমপুৰ মহাবিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ত মোক পঢ়োৱা বাইদেউসকলৰ মুখবোৰ । কিমান যে মৰম আৰু আদৰ-যত্নৰ মাজত বাট বুলিবলৈ সুযোগ লাভ কৰিছিলোঁ ! এইসকলেই নাৰী, যি মাদাৰ টেৰেছাই কোৱাৰ দৰে কাৰোবাৰ জীৱনলৈ আশীৰ্বাদ হৈ আহে । এনে বহু নাৰীৰ আশীৰ্বাদ আৰু মৰম পাই মই ধন্য হৈছোঁ । 

মই সঘনাই নদী আৰু নাৰীৰ প্ৰেমত পৰোঁ । মোৰ গাঁৱৰ দুকাষে বৈ গৈছে দুখন নৈ - কঢ়া আৰু চাৰিকড়ীয়া । কঢ়াক কিবা কাৰণত মই আজিও ভাল পাব নোৱাৰিলোঁ । চাৰিকড়ীয়াক কিন্তু মই ভাল পাওঁ । আশৈশৱ প্ৰেমত পৰিছো এই নদীৰ । 

প্ৰকৃততে সকলো বিদ্বান নাৰীয়েই (enlightened ) মোৰ বাবে এখন নৈৰ দৰে,যাৰ পাৰত বহি অনুভৱ কৰিব পাৰি হৃদয়ৰ বিশালতা । গাব পাৰি জীৱনৰ জয় গান ।

No comments:

Post a Comment