হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. আম পাৰ্টি আৰু পদুম পাৰ্টিৰ কৰ্মকৰ্তাৰ মাজত দিল্লীকে ধৰি কেইবাঠাইতো খণ্ডযুদ্ধ হোৱাৰ খবৰে কেইবাটাও পক্ষক লাভবান কৰা খবৰ। আম পাৰ্টিলৈ চান্দা বৰঙনিৰ অনলাইন সোঁত প্ৰায় ৩০০শতাংশ বৃ্দ্ধি পোৱাৰ খবৰে পালে সংবাদ শিৰোনামা। পাছে খণ্ডযুদ্ধ লাইভ, বিশ্লেষণ লাইভ, গোৱালগালি লাইভ আদি কাৰ্যসূচীৰে টি.আৰ.পি গোটোৱা বৈদ্যুতিন মাধ্যমে তাৰ পৰা পোৱা লাভালাভ তথা আয়ৰ হিচাব ৰাজহুৱা নকৰাত চকুচৰহা মহলে ক্ষোভ প্ৰকাশ কৰিছে। এজন চকু চৰহাই দহটকীয়া আৰ.টি.আই মাৰি সকলো গোমৰ ফাঁক কৰিব বুলিও ভাবুকি প্ৰদান কৰিছে।

২. কেজৰীকাইৰ নতুন গ্ৰন্থ অচিৰেই বজাৰলৈ আহিব। "সপোনৰ স্ব-ৰাজ" নামৰ নিজে শাসন কৰাৰ সপোনৰ বাখ্যা কৰা আত্ম-জীৱনীমূলক কিতাপখনৰ পাছত এতিয়া তেখেতে এক বিশাল ভ্ৰমণ বৃত্তান্ত লিখিবলৈ যো-জা কৰিছে। হিন্দীত প্ৰকাশ পাব লগা গুজৰাট সম্পৰ্কীয় কিতাপখনৰ নাম "বকৱাছ বিকাশ কী কাহানী" হব বুলিও গোপন সূ্ত্ৰই প্ৰকাশ কৰিছে। এই কিতাপখন প্ৰকাশৰ আগতেই নিষিদ্ধ কৰিবলৈ পদুম প্ৰেমী দলে যো-জা চলাইছে, অন্যথা প্ৰকাশৰ লগে লগেই সকলো কপি দাহ কৰিব পাৰে বুলিও সম্ভাৱনা প্ৰকাশ পাইছে।

৩. অসমত আজি প্ৰকাশ হৈছে এখন ৰোমাণ্টিক উপন্যাস "পদুম পাতত চন্দ্ৰমোহন"! জাতীয়তাবাদ কঢ়িয়াই নিয়া হাতী এটাত উঠি গৈ থাকোতে এজন অকালপক্ক মাউতে হাতীটোৱে একালত পানীখোৱা পুখুৰীৰ পদুমৰ প্ৰেমত পৰাৰ কাহিনীৰে এই উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে।  এই প্ৰেমৰ ৰোমাণ্টিক ভাৱনা ইমানেই প্ৰৱল হৈ পৰিল যে নায়কে সাঁতোৰ নিশিকাকৈয়ে পদুম পাতত নায়িকাৰ মুখ আঁকিবৰ বাবে পুখুৰীত জাপ দিবলৈ আগবাঢ়ে। তাৰ পাছৰ কাহিনী জানিবৰ বাবে বীতা চৌধুৰী প্ৰকাশিত উপন্যাসখন কিনি লৈ পঢ়িবই লাগিব বুলিও উন্মোচকে জনাইছে।

৪. এটাও প্ৰশ্ন কৰিবলৈ সময় উলিয়াব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিলে অসমৰ দুগৰাকীকৈ সাংসদে। এইবাৰ জিকিলে নিশ্চয় দুই এটা প্ৰশ্ন তুলিবই বুলি শপত খাই দুয়োজনেই  আকৌ ৰাইজৰ আশীষ বিচাৰি যাব বুলিও প্ৰকাশ কৰিছে। আচলতে অসমত অভিলেখৰ জোৱাৰ উঠা দেখিহে পাঁচ বছৰে ইমান হুলস্থুলীয়া সংসদত থাকিও মৌন-ব্ৰত কৰাৰ ৰেকৰ্ড গঢ়াৰ মানস কৰিছিল বুলিহে বিজ্ঞপ্তিযোগে স্পষ্টীকৰণ প্ৰকাশ কৰিছে।

৫. অসমীয়া সমাজ কল্যাণ বিভাগে দুদিনতে দুই ঠিকাদাৰলৈ ৬০কোটিৰ ঠিকা দি এক নতুন অভিলেখ স্থাপন কৰিছ। মন্ত্ৰীয়ে খোদ উদ্যোগ লৈ নিত্য নতুন ৰূপত ঠিকাদাৰসকলৰ কল্যাণৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰিছে। পিছে চকু চৰহা মহলে এইবোৰ লুণ্ঠনৰহে ন ন কৌশল বুলি অভিহিত কৰিছে। তাৰ বিপৰীতে কল্যাণ মন্ত্ৰী ফেন ক্লাৱে লুণ্ঠন কৰিবলৈ হলেও সদায় নিত্য নতুন কৌশল উদ্ভাৱন কৰাৰ বাবে বিভাগটোৰ আৰু লগতে নেতৃত্ব দিয়া মন্ত্ৰীৰ ভূৰি ভূৰি শলাগ লবই লাগিব বুলি দাবী কৰিছে।

৬. নৱ-প্ৰজন্মৰ যে শিক্ষাৰ প্ৰতি অতি ধাউতি আছে আৰু পঢ়া-শুনা কৰাৰ প্ৰতি অতি দায়বদ্ধ সেইকথা কালি প্ৰমাণ হৈ গল বুলি ৰাজ্যৰ লিখা পঢ়া মন্ত্ৰীয়ে দাবী কৰিছে। নলবাৰীত ৰাতি ন বজাতো মম জ্বলাই লৈ মেট্ৰিক পৰীক্ষা দিয়া কাৰ্যত অভূতপৰ্ব বুলি আখ্যা দি মন্ত্ৰী গৰাকীয়ে তেওঁৰ দিনত পঢ়া-শুনাৰ লগতে পৰীক্ষা দিয়াৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বৰ্দ্ধিত হেপাঁহক উচ্চ প্ৰশংসা কৰে।  যি কোনো প্ৰত্যাহ্বানকে নেওচি এইদৰে পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বহী গৰুৱে খোৱাৰ আগতেও দুবাৰ ভাবিব বুলিও তেখেতে মতামত প্ৰকাশ কৰিছে।

৭. পাহাৰত নিৰ্বাচনী বিধি বলবত নোহোৱাত উদ্বেগ প্ৰকাশ কৰি সাংবাদিকে সৃষ্টি কৰিলে সংবাদ শিৰোনামা। যিবোৰ পাহাৰত উন্নয়নৰ ধনেই গৈ উপস্থিত হবগৈ নোৱাৰে, তাত আকৌ এনে বিধি গৈ কেনেকৈ পাব, বা কোনেইবা তাত পালন কৰিব বুলি প্ৰশ্ন তুলিলে তুলিকা ৰহাঙে। এনে বিধিৰ তাত কোনো কাম নাই, ভোট দিয়াৰ ক্ষেত্ৰতো তাত আনৰ মুখলৈ চাবলৈ নাই, স্থানীয় নেতাই নিজৰ নিয়মতে সকলো ভোটদান কৰাই আয়োগক সহায় কৰাই নিয়ম বুলিও ৰহাঙে প্ৰকাশ কৰিছে।

৮. অইলত হোৱা কেইবাশঘণ্টীয়া বন্ধৰ বাবে অসমৰ বাতৰি কাকত সংস্থাই বন্ধৰ আয়োজক সকললৈ জ্ঞাপন কৰিলে আন্তৰিক ধন্যবাদ। কোম্পানীটোৱে কেইবাশ কোটিৰ লোকচান ভৰা সত্বেও প্ৰথম পৃষ্ঠা বা  পূৰা পৃষ্ঠা দখল কৰি বহুদিনৰ মূৰত অসমীয়া বাতৰিকাকতত বিজ্ঞাপন দিবলৈ কোম্পানীটোক বাধ্য কৰোৱাৰ বাবেই এই কৃতজ্ঞতা জ্ঞাপন কৰা বুলি জানিব পৰা গৈছে। মাৰ্চ মাহতে বিহুৰ খৰছ পেপাৰ মালিক সকলে গোটাই ললে বুলিও পোৱা গৈছে সুখবৰ। প্ৰকাশ পোৱা বিজ্ঞাপন পঢ়ি অসমৰ প্ৰতিবাদী জনগণে অইলে কেনেকৈ সেওমানে সেই কথা উপলব্ধি কৰি পুনৰ টঙালি বান্ধি লোৱাৰ সুখবৰো জানিব পৰা গৈছে।

৯. "টিভি জাৰ্নেলিষ্টৰ বাবে আমদানিৰ কলা-কৌশল" শীৰ্ষক এক কৰ্মশালা আয়োজিত হোৱাৰ সুখবৰ। এই কৰ্মশালাতে এই প্ৰতিবেদন স-বিস্তাৰে প্ৰকাশ পাব পৰবৰ্তী খণ্ডত বুলি প্ৰচাৰ কৰাৰ পাছত কেনেকৈ দৰ দাম কৰিব লাগে, কেনেকৈ মীমাংসাত উপনীত হব লাগে এনেবোৰ গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোকপাত কৰা হয়। ব্যৱহাৰিক জ্ঞানেৰে অংশগ্ৰহণকাৰী সকলক সমৃদ্ধ কৰিলে কম সময়তে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী  হৈ আদৰ্শ দাঙি ধৰা সৰিয়হফুল গোস্বামীয়ে।

১০. "আজকল চাহাবৰ মিত্ৰতা" নামৰ এখন ৰহস্য উপন্যাস কালি দিল্লীত উন্মোচন কৰিলে তৃতীয় মৰ্চাৰ সমন্বয়ক শৰদ চাহাবে। এই উপন্যাসখনৰ যোগেদি ৰাজনৈতিক বন্ধুত্বৰ পিছল বাটত খোজ বচাই চলা এজন নেতাৰ জীৱন অন্বেষণৰ চেষ্টা কৰা হৈছে বুলি জানিব পৰা গৈছে। উপন্যাসখন কিনিলে লগত জৰা-ফুকা কৰা পানী এবটল ফ্ৰীকৈ দিয়াৰো ব্যৱস্থা কৰা বুলি হোজাই গ্ৰন্থ বিপনীয়ে প্ৰকাশ কৰিছে।

No comments:

Post a Comment