Monday, March 17, 2014

জীৱনৰ অনুভৱ

"ৰাজনৈতিক" মুখৰোচক আলোচনাত 
মগন হোৱাটোতেই নিজকে সচেতন বুলি নাভাবিব
পংকজজ্যোতি মহন্ত

নিৰ্বাচন আহি আছে। এনেইয়ো এচাটি ধুলিৰ বতাহ আহিয়েই থাকে; এতিয়াতো ধুলিৰ ধুমুহা আহোঁ আহোঁৱেই কৰি থাকিব...। তথাকথিত "ৰাজনৈতিক" বোলা আলোচনাবোৰ আপুনি চাই বা বাতৰি-কাকতৰ প্ৰথম পৃষ্ঠাবোৰ আপুনি খৰচি মাৰি পঢ়ি থাকিলেও একো পৰিৱৰ্তন নহয়। আপুনি সেইবোৰ বেছিকৈ চাবলৈ বাদ দিয়ক— তেতিয়া দেখিব আপোনাৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহি গৈছে..., কাৰণ তেতিয়া আপুনি মুখৰোচক কিছুমান কথা শুনি শুনি বিনোদন কৰি অৱাবত সময় কটোৱাৰ পৰিৱৰ্তে দুটামান কামত মন দিব পাৰিব..., আপোনাৰ কামেহে সমাজৰ উন্নতি কৰিব।

আজিৰ বহুতো ৰাজনৈতিক নেতাই নিজকে বহুৱা ৰূপত উপস্থাপন কৰিবলৈয়ো কুণ্ঠাবোধ নকৰে, কাৰণ আমাৰ দেশত সাক্ষৰতাৰ হাৰ বাঢ়িলেও (বা বঢ়াই দেখুৱালেও) প্ৰকৃত শিক্ষিত, সচেতন বা মূল্যবোধসম্পন্ন বা কৰ্মী মানুহৰ সংখ্যা যে অতি নগন্য সেই কথা "নেতা"সকলে ভালকৈ জানে, গতিকে তেওঁলোকৰ বহুৱা ৰূপেও তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰত অকণো অপকাৰ নকৰে, বৰং উপকাৰহে কৰিব বুলি তেওঁলোকে জানে।

গতিকে ইয়াত উদ্বিগ্ন হৈ সেইবোৰতে আপুনিও মগন হৈ পৰা উচিত নহয়। তাৰ পৰিৱৰ্তে, যদি বিভিন্ন প্ৰকাৰে আপুনি শিক্ষা প্ৰসাৰত তথা অন্ততঃ কেইজনমান মানুহক শিক্ষিত কৰিব পৰা কাৰ্যত নিজৰ আজৰি সময়বোৰ খৰচ কৰে, তেন্তে সিয়েই হৈ পৰিব আপুনি কৰিব পৰা অতি গুৰুত্বপূৰ্ণ একোটা ৰাজনৈতিক কাম...।

No comments:

Post a Comment