পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. একুৰি পূৰ্ণাংগ নাটকৰ ৰচক তথা বিশিষ্ট সাহিত্যিক ৰফিকুল হুছেইনক কালি নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰত প্ৰদান কৰা হয় ব্ৰহ্মপুত্ৰ বঁটা ২০১৪।  নাট্যকৰ্মী মুকুটমণি শইকীয়াৰ সোঁৱৰণত মুকুটমণি ফাউণ্ডেচনে প্ৰবৰ্তন কৰা বাৰ্ষিক ব্ৰহ্মপুত্ৰ বঁটাৰ, প্ৰথমবৰ্ষৰ এই বঁটা প্ৰদান অনুষ্ঠান উন্মোচন কৰিলে নটসূৰ্য বঁটা প্ৰাপক জ্ঞানদা বৰাই।
প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা
হাতত লৈ অনুৰাগ শইকীয়া
২. কালি বেংগেলুৰু চহৰত অনুষ্ঠিত হ'ল প্ৰাগ চিনে এৱাৰ্ড-২০১৪ ৰ বঁটা প্ৰদান অনুষ্ঠান। কথাছবি "চিঞৰ"ৰ কলা-কুশলী সকলে মুঠ ছটাকৈ বঁটাৰে সন্মানিত হোৱাৰ সুখবৰ। ছবিখনৰ সংগীতৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰথমখন ছবিতে অনুৰাগ শইকীয়াই লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰণামী বৰা, শ্ৰেষ্ঠ কণ্ঠশিল্পী(নাৰী) ৰূপে মৃদুস্মিতা বৰঠাকুৰ, শ্ৰেষ্ঠ সম্পাদকৰ বঁটা কংকন ৰাজখোৱা, শ্ৰেষ্ঠ গীতিকাৰ ইবচন লাল বৰুৱা, শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফাৰ প্ৰদীপ দৈমাৰী আৰু শ্ৰেষ্ঠ কৰিঅ'গ্ৰাফাৰৰ বঁটা দীপক দেই জয় কৰিছে বুলি জানিব পৰা গৈছে।

৩. বিগত ২৫বছৰে অংগনবাড়ী কৰ্মী ৰূপে কৰি অহা নিষ্ঠাৱান সেৱাৰ বাবে গোৱালপাৰাৰ দুধনৈ সংহত শিশু উন্নয়নত কৰ্মৰত জয়মতী দাসক এই বৰ্ষৰ শ্ৰেষ্ঠ অংগনবাড়ী কৰ্মীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। যোৱা ২৭ ফেব্ৰুৱাৰীত নতুন দিল্লীত হোৱা অনুষ্ঠানত কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়নমন্ত্ৰী কৃষ্ণা তীৰথে তেখেতক এই বঁটাৰে সন্মানিত কৰে।
৪. বজালী কলেজৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় কাবাদী প্ৰতিযোগিতাত ৰঙিয়া আৰু শালবাৰী মহাবিদ্যালয়ে ক্ৰমে ল'ৰা আৰু ছোৱালীৰ বিভাগত চেম্পিয়নৰ সন্মান লাভ কৰিছে।

৫. টপচেম চিমেণ্টৰ সহযোগত অসমীয়া প্ৰতিদিনে আয়োজন কৰিছে তৃতীয় বৰ্ষৰ বাবে বিহুৰে বিৰিণা বিহু হুঁচৰি প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত পুৰস্কাৰ ৰূপে মুঠ পাঁচ লাখ টকা মূল্যৰ সামগ্ৰী প্ৰদান কৰাৰ কথাও আয়োজকে ঘোষণা কৰিছে। গুৱাহাটী আৰু শিৱসাগৰত ইয়াৰ বাবে প্ৰাৰম্ভিক অ'ডিচন গ্ৰহণ কৰা হব আৰু তাৰ বাবে ৯৫৭৭১০০০০ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৬. গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সদৌ অসম ভিত্তিত হোলী গীতৰ এক প্ৰতিযোগিতা অনুষ্ঠিত হয়। হোলী উপলক্ষে আয়োজিত এই প্ৰতিযোগিতাত বৃহত্তৰ গুৱাহাটী দৌল উতসৱ সমিতিৰ হৈ নলিনী মহন্তৰ নেতৃত্বত অংশগ্ৰহণ কৰা দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে।

৭. "ৰাজহুৱা বিতৰ্কৰ মান নিম্নগামী হোৱাৰ বাবে সংবাদ মাধ্যম দায়ী" শীৰ্ষক বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হ'ল সদৌ অসম কেশৱ চন্দ্ৰ গগৈ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাৰ। যোৰহাটৰ ৰূপজ্যোতি কলিতাই এই প্ৰতিযোগিতাত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি ট্ৰফী, মানপত্ৰসহ বিশ হাজাৰ টকাৰ প্ৰাইজমানিও লাভ কৰে।

৮. মনোনয়নৰ শপতনামাত দিয়া ভুৱা তথ্যৰ অভিযোগ তথ্যসহ ৰাজহুৱাকৈ তুলি ধৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। কালি এক সংবাদমেলত ৰাণী নৰহৰ ভূ-সম্পত্তি আৰু গৌৰৱ গগৈৰ কোম্পানীত থকা শ্বেয়াৰৰ কথা শপতনামাত ঘোষণা নকৰা কথালৈ আঙুলিয়াই নিৰ্বাচনী আয়োগক অভিযোগ দিয়াৰ কথা প্ৰকাশ কৰিলে ছাত্ৰ মুক্তিয়ে। এইবিষয়ত কঠোৰ পদক্ষেপেহে এনে শপতনামাত সঠিক তথ্য দিয়াৰ ক্ষেত্ৰত ৰাজনৈতিক নেতা সকলক দ্বায়বদ্ধ কৰাব পৰা যাব বুলিও মতামত প্ৰকাশ কৰিছে সচেতন মহলে।

৯. অসম চৰকাৰৰ বন বিভাগে গঁড় ৰক্ষাৰ বাবে এশিঙীয়া গঁড়ৰ খৰ্গ কটাৰ পৰিকল্পনাক লৈ ৰাজহুৱা মতামত আহ্বান কৰিছে। এই বিষয়ত অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ খৰ্গ কাটি অসমৰ প্ৰতীক চিহ্ন নিঃশেষ কৰিবলৈ কৰা প্ৰয়াসক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে আৰু এই পৰিকল্পনা অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে। প্ৰকৃতি সংগঠন, নাগৰিক সকলৰ সৈতে এই বিষয়ত এক সভা অনুষ্ঠিত কৰি ছাত্ৰ সন্থাই এই সিদ্ধান্ত গুৱাহাটীত গ্ৰহণ কৰিছে।

১০. গুৱাহাটীৰ লতাশিলৰ বিষ্ণু-নিৰ্মলা ভৱনত কালি চি.পি.আই(এম) দলৰ উদ্যোগত অনুষ্ঠিত হ'ল "মাটিৰ পট্টা, ভূমি আৰু বাসস্থানৰ সমস্যা" সন্দৰ্ভত এখন নাগৰিক অভিবৰ্তন। কেৱল নিৰ্বাচনকেন্দ্ৰিক কিছু পট্টাদানৰ ঘোষণাই গুৱাহাটীৰ মাটি পট্টনৰ সমস্যাক অধিক জটিল কৰিহে তুলিব বুলি মতামত প্ৰকাশ কৰিলে জ্যোষ্ঠ বাওঁপন্থী নেতা হেমেন দাসে।
যোৰহাটত চলি থকা মিচিং বানে কেবাঙত
"অন্ধবিশ্বাস আৰু ডাইনি" বিষয়ক
আলোচনাচক্ৰ

১১. সমাগত নিৰ্বাচনৰ সময়ত মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ আৰু বিতৰণ প্ৰতিৰোধৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ মাদক দ্ৰব্য নিৰীক্ষণ সমিতিয়ে গ্ৰহণ কৰিছে পদক্ষেপ। এই সমিতিৰ আহ্বায়ক সন্তোষ কে মিশ্ৰই ভিডিঅ' কনফাৰেন্সযোগে প্ৰতিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু আবকাৰী অধীক্ষক সকলৰ সৈতে আলোচনাত মিলিত হয় আৰু বিশেষ ব্যৱস্থা গ্ৰহণ কৰি বিস্তাৰিত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

১২. সদৌ অসম ঠেঙ্গাল কছাৰী ছাত্ৰ সন্থাই গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আয়োজন কৰিলে পৰম্পৰাগত তৰা-চিৰা বিহুৰ অনুষ্ঠান।  শিল্পী সকলৰ এই অনুষ্ঠানে কালি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment