পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
কামৰূপৰ ঠাকুৰকুচি ৰাবাৰ  ফাৰ্মত প্ৰাকৃতিক ভাৱে কৰা
ৰবৰ নিৰ্মাণ প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰিবলৈ উপস্থিত হ'ল
চুইডেনৰ পৰ্যটক।

১. ফ্ৰান্সৰ পেৰিছ মহানগৰীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কালি ঘোষণা কৰা হৈছে যান-বাহনৰ নিয়ন্ত্ৰিত চালনাৰ বিশেষ নিৰ্দেশ। এই অনুসৰি চালকসকলে এদিন এৰি এদিনহে সৰু বা ব্যক্তিগত গাড়ী চলাবলৈ অধিকাৰ পাব। লগতে গাড়ী পাৰ্কিং, ৰাজহুৱা পৰিবহন বিনামূলীয়া কৰা, কাৰ-পুল, শ্বেয়াৰ কৰা আদি পদক্ষেপো প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

২. গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যত এম.এনৰেগাত শীৰ্ষস্থান লাভ কৰিলে ত্ৰিপুৰাই। ১০০কৰ্মদিনৰ ভিতৰত গড়ে ৫৪দিন কাম দি শীৰ্ষ স্থান লাভ কৰাৰ বিপৰীতে অসমে নিম্ন ছখন ৰাজ্যতহে স্থান পোৱাৰ কথাই তুলি ধৰিলে চৰকাৰী ঢাক-ঢোলক লৈ বহুত প্ৰশ্ন। এই তথ্যমতে অসমত গড়ে ২০দিনহে বিগত ডিচেম্বৰ মাহ পৰ্যন্ত এই আঁচনিৰ অধীনত মানুহক কাম দিয়া হৈছিল।

৩. ষ্টেট বেংকে এই অৰ্থনৈতিক বৰ্ষৰ শেষ কোৱাৰ্টাৰৰ অগ্ৰিম কৰ ৰূপে চৰকাৰক ১৪৫০কোটি টকা পৰিশোধ কৰিছে। য়েছ বেংকেও  বিগত বছৰৰ একে কোৱাৰ্টাৰৰ কৰৰ তুলনাত ২০শতাংশ অগ্ৰিম কৰ বৃদ্ধি কৰি ২০০কোটি টকা পৰিশোধ কৰি ৰাজকোষলৈ অৰিহণা যোগোৱাৰ সুখবৰ।

৪. মাৰুতি চুজুকী কোম্পানীয়ে কৰ্পৰেট গৰ্ভনেঞ্চৰ ক্ষেত্ৰত স্বচ্ছতা প্ৰদৰ্শন কৰি সৰু সৰু বিনিয়োগকাৰীৰ মতামতো ছুজুকীয়ে গুজৰাটত স্থাপন কৰিবলৈ লোৱা উতপাদন গোটৰ সন্দৰ্ভত গ্ৰহণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে এই গোটটোৰ সৈতে ভৱিষ্যতে হব লগা লেনদেন সন্দৰ্ভতো  বিনিয়োগকাৰীক স্বচ্ছ ভাৱে বাখ্যা কৰিবলৈ লোৱা সিদ্ধান্তৰ পাছত মাৰুতী-ছুজুকী কোম্পানীৰ শ্বেয়াৰৰ মূল্য বজাৰত ১০শতাংশ বৃদ্ধি পোৱাৰ সুখবৰ।

৫. ইউপিএ চৰকাৰ আৰু এন ডি এ চৰকাৰৰ তুলনামূলক বিশ্লেষণ আগবঢ়াই কালি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গ্ৰীৰ্ণউড ৰিজৰ্টত প্ৰকাশ কৰিলে শ্বেতপত্ৰ। মোডীয়ে মাত্ৰ ভাষণ দিব পাৰে, কিন্তু কি কাম হৈছে অসমত এই শ্বেতপত্ৰই প্ৰদৰ্শন কৰিব বুলিও তেখেতে মত প্ৰকাশ কৰে।

৬. আজিৰে পৰা চাৰিদিনীয়াকৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগণস্থিত ৰাজ্যিক কলা বিথীকাত নগাঁৱৰ ত্ৰিশ গৰাকী চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী আৰু আলোকচিত্ৰ শিল্পীৰ যৌথ প্ৰদৰ্শনী অনুষ্ঠিত হব। সাংস্কৃতিক সঞ্চালকালয় আৰু এছ'চিয়েশ্যন অৱ ভিছুৱেল আৰ্টিষ্ট (আভা)ৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিছে সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰাই।

৭. সফলভাৱে সামৰণি পৰিল সদৌ অসম সূত জাতি সুৰক্ষা সংগ্ৰাম সমিতিৰ ৰাজ্যিক অভিবৰ্তনখনি।  বঢ়মপুৰৰ শ্বহীদ লক্ষী হাজৰিকা, বলো সূত, ঠগী সূত ক্ষেত্ৰত ১৪-১৬মাৰ্চলৈকে হোৱা এই অধিবেশনত সমিতিয়ে ৬দফীয়া দাবী তুলি ধৰে আৰু অহা ১৭মে'ত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে আলোচনাত বহিব বুলিও প্ৰকাশ কৰে। স্মৰণিকা "আৰোহী"ও হয় উন্মোচিত।

৮. অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিলৈ লক্ষ্যৰাখি কেন্দ্ৰই লোকসভা নিৰ্বাচনৰ বাবে প্ৰেৰণ কৰিব ৬০টা অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ কোম্পানী।  মুঠতে ২২০টা কোম্পানীৰ কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ কোম্পানীৰ সৈতে অসম আৰক্ষী, অসম বেটেলিয়ন আৰু গৃহৰক্ষী বাহিনী শান্তিৰক্ষা তথা নিৰ্বাচনটো সুকলমে চলাই নিয়াৰ ক্ষেত্ৰত নিয়োজিত হব।
বৰপেটা সত্ৰত বিদায় পৰৰ বাণী..

৯. ৰাজ্যজুৰি উদযাপিত হ'ল ফাকুৱা। লক্ষজনৰ সমাবেশেৰে উদুলি-মুদুলি বটদ্ৰৱা-বৰপেটা। দৌল গোবিন্দ মন্দিৰতো অগণন সোঁত। ফাঁচী বজাৰত হিন্দী ভাষীৰ ৰেইন-ডেন্সত ভাগ লৈ সত্তৰোৰ্ধৰ ৰাজনৈতিক নেত্ৰীয়ে দেখুৱালে চমক।

১০. ইউক্ৰেইনৰ পৰা ক্ৰিমিয়াৰ স্বাধীনতা ঘোষণা কৰা ডিক্ৰীত চহী কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। স্বাধীন ৰাজ্যৰূপে ঘোষণা কৰা ক্ৰিমিয়াত ৰাছিয়ান ফেডাৰেশ্যনৰ সদস্যপদ গ্ৰহণৰ বাবে গণভোটত ৯৭ শতাংশ জনতাই ৰায়দান কৰিছিল।

১১. নিৰ্বাচনত ধন আৰু মৰণাস্ত্ৰৰ ব্যৱহাৰক লৈ উদ্বিগ্ন অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মানি মৰণাস্ত্ৰৰ অনুজ্ঞা থকা সকলক এতিয়া মৰণাস্ত্ৰ জমা দিবলৈকো জাৰি কৰিছে জাননী।

১২. অৰুণাচলত থকা নেৰিষ্টত নামভৰ্তিৰ বাবে এই শিক্ষাবৰ্ষৰ পৰীক্ষা অহা ১৯ আৰু ২০ এপ্ৰিলত অনুষ্ঠিত হব। গুৱাহাটীৰ ছ'চাইটি ফৰ এণ্টাপ্ৰেনাৰ্ছ ডেভেলপমেণ্ট নামৰ সংস্থাই তিনিটা খণ্ডত হোৱা পৰীক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।  আগ্ৰহীসকলে ৯৮৫৪০-১৫৮৫৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও এই সংস্থাই প্ৰকাশ কৰিছে।

১৩. দেশত পেইড নিউজক লৈ নিৰ্বাচন আয়োগে চোকা নজৰ ৰখাৰ কথাই সংবাদ শিৰোনামা লাভ কৰিছে। পঞ্জাৱত দেশৰ ভিতৰতে সৰ্বাধিক পেইড নিউজ সম্পৰ্কীয় গোচৰ ৰুজু হোৱাৰ বিপৰীতে উত্তৰ পূৱৰ আন ৰাজ্য সমূহত এই সন্দৰ্ভত কোনো অভিযোগ উঠা নাই। কেৱল অসমত ৪২টা এনে গোচৰ ৰুজু হৈছে বুলি তথ্য প্ৰকাশ পাইছে।

No comments:

Post a Comment