পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাষা সাহিত্য সন্মিলনী, অসমে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত অহা ২৭মাৰ্চত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰিব "টোপনি এ তোৰে কলাতলত ঘৰ" । সমুদ্ৰ কাজল শইকীয়াৰ ৰচনাৰ আধাৰত ডঃ মৃণাল জ্যোতি গোস্বামীৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাৰে এই নাটখনি সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ উপলক্ষে এই শ্ৰদ্ধাঞ্জলিৰ ৰূপতে মঞ্চস্থ কৰিবলৈ আয়োজন কৰা বুলি জানিব পৰা গৈছে।

২. ত্ৰিপুৰাই দেশৰ ভিতৰতে স্বেচ্ছামূলক ৰক্তদানত ষষ্ঠ বছৰৰ বাবে শীৰ্ষস্থান লাভ কৰিছে। ৰাজ্যখনত চিকিসাৰ  বাবে  প্ৰয়োজন হোৱা ৰক্তৰ ৯৯শতাংশই এনে ৰক্তদানেৰে সংগৃহীত বুলি দাবী কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰে।

৩. পাৰবীন চুলতানালৈ আগবঢ়োৱা হৈছে ডঃ ভূপেন হাজৰিকা বঁটা ২০১৪। বেলতলা বহাগী উসৱে প্ৰদান কৰি অহা এই বঁটাৰ বাবে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সম্ৰাজ্ঞী তথা পদ্মভূষণেৰে সন্মানিত শিল্পী পাৰবীন চুলতানাক এইবাৰ মনোনীত কৰিছে বুলি ঘোষণা কৰিলে আয়োজক সমিতিয়ে।

৪. মাৰুতিৰ নতুন প্ৰাৰম্ভিক মডেলৰ গাড়ী চেলেৰিঅ'ই প্ৰভূত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিদিনে ১০০০গাড়ী বুকিং হোৱাৰ খবৰে কোম্পানীটোক এক নতুন সফলতাৰ শিখৰত উপনীত কৰিব বুলি আশা প্ৰকাশ কৰিছে  অধ্যক্ষ পি কে ভাৰ্গৱে। অচিৰেই চেলেৰিঅ'ই বছৰটোত দেশত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীৰ সন্মান লাভ কৰিব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে।

৫. বৃন্দাবন গোস্বামীৰ উপস্থিতিয়ে অগপক শক্তিশালী কৰিছে বুলি কৃতজ্ঞতা জনালে দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, দুৰ্গাদাস বড়ো আৰু ডাঃ কমলা কলিতাই। অগপই এতিয়া সাংগঠনিক স্থিতি সৱল কৰি আঞ্চলিকতাবাদৰ পুনৰোত্থান সময় আহিল বুলিও তেখেতসকলে মতামত প্ৰকাশ কৰিছে। সৰ্বভাৰতীয় শক্তিৰ ষড়ষন্ত্ৰত আঞ্চলিকতাবাদক হেৰাই যাবলৈ নিদিয়ে বুলি তেওঁলোকে সংকল্প গ্ৰহণ কৰিছে।

৬. নেপালে টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈয়ে হংকঙ দলক ৮০ৰাণৰ ব্যৱধানত পৰাজিত কৰি বৃহ জয় সাব্যস্ত কৰি ইতিহাস গঢ়াৰ সুখবৰ আহিছে। উল্লেখযোগ্য যে চিটাগঙত হোৱা এই খেলত কেপ্টেইন পৰশ খাডকা আৰু জ্ঞানেন্দ্ৰ মল্লই নিজৰ উজ্জীৱিত বেটিঙেৰে সমালোচনাকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

৭. আন্তঃৰাষ্ট্ৰীয় শীতল যুদ্ধত নতুন খবৰ, ক্ৰিমিয়াৰ গণভোটত ৮৬শতাংশই জনতাই বিচাৰিলে ইউক্ৰেইনৰ দুৰ্নীতিসৰ্বস্ব শাসনৰ পৰা অব্যাহতি । ক্ৰিমিয়াক ৰাছিয়াৰ তৈলজাত উপাদনেৰে সমৃদ্ধ অৰ্থনীতিৰ সহায়ত নতুন ৰূপদান কৰাৰ বাবে মত দিলে এই গণভোটৰ ফলাফলে।

৮. ভাৰতৰ শক্তি খণ্ডত উজলি উঠা প্ৰভূত সম্ভাৱনাই আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীকো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰিলেছে দ্যা ফাইনেঞ্চিয়েল এক্সপ্ৰেছ কাকতে। কম দামত কয়লা উপলব্ধ হোৱা আৰু নদী-বান্ধৰ যোগেদি জল-বিদ্যুত উতপাদনৰ প্ৰভূত সম্ভাৱনাৰ কাৰণেই এনে আগ্ৰহ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে।

৯. বেনাৰসত নৰেন্দ্ৰ মোদীৰ সমুখত প্ৰত্যাহ্বান ৰূপে থিয় দিব আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰীৱাল। কালি বেংগেলুৰুত এক ৰাজহুৱা সভাত বেনাৰসৰ ৰাইজে বিচাৰিলে তাত এঘড়ী যুঁজ দিয়াত কোনো আপত্তি নাই বুলি কৰিলে কেজৰীৱালে কৰিলে ঘোষণা।

১০. বিজেপিৰ চাহৰ পৰৰ চৰ্চা শীৰ্ষক প্ৰচাৰ অভিযানৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত নিৰ্বাচনী বিষয়াই ৰুজু কৰিলে গোচৰ। বিনামূলীয়া চাহ বিতৰণ নিৰ্বাচনী বিধিৰ উলংঘা কৰাৰ অভিযোগতে এই গোচৰ ৰুজু কৰা বুলি জানিব পৰা হৈছে।

No comments:

Post a Comment