পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ 
১. আমেৰিকাৰ দাসত্ব প্ৰথাক চিত্ৰিত কৰা এক ঐতিহাসিক চিনেমা "টুৱেলভ ইয়েৰ্ছ এ শ্লেভ"লৈ ৮৬সংখ্যক বাৰ্ষিক অকাডেমি বঁটাৰ সৰ্বশ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ। কৃষ্ণাংগ পৰিচালকৰ চিনেমাই প্ৰথমবাৰৰ বাবে সৰ্বশ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ লাভ কৰা বুলি প্ৰকাশ পালে তথ্য।

২. অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ বৰাপানী আৰু আপাৰ বৰাপানীতো কেইটামান ক্ষুদ্ৰ জলবিদ্যু প্ৰকল্প নিৰ্ণাণ কৰিব বুলি ঘোষণা কৰিলে অসমৰ শক্তি মন্ত্ৰীয়ে। চৰকাৰে কেবিনেটযোগে সিদ্ধান্ত লৈ জিলাখনৰ এনে ক্ষুদ্ৰ জলবিদ্যু প্ৰকল্প নিৰ্মাণৰ দ্বায়িত্ব জিলা পৰিষদক প্ৰদান কৰিব বুলিও প্ৰকাশ কৰে। জিলাখনক প্ৰয়োজন হোৱা ২২মেগাৱাট বিদ্যুত এইদৰে ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে জিলা পৰিষদেই উপাদন কৰি লব পাৰিব বুলিও আশা প্ৰকাশ কৰে।

৩. কালি শুভ উদ্বোধন হ'ল পশ্চিং কাৰ্বি আংলংৰ আমটেৰেঙত নিৰ্মাণ হৈ থকা ১৩.৫ মেগাৱাটৰ বিদ্যু উপাদনক্ষম মিন-ট্ৰেয়াং ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্পৰ প্ৰথমটো গোটৰ। শক্তিমন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে উদ্বোধন কৰা এই গোটটোৱে কালিৰে পৰা ৩ মেগাৱাট বিজুলী শক্তি উপাদন আৰম্ভ কৰিছে।

৪. বিশ্বভাৰতীৰ অসমীয়া বিভাগে আয়োজন কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ। কেন্দ্ৰী ভাষা সংস্থান, মহীশূৰৰ সহযোগত আয়োজিত "জনগোষ্ঠীয় ভাষাস সাহিত্য আৰু সংস্কৃতিত গোলকীকৰণৰ প্ৰভাৱ" শীৰ্ষক দুদিনীয়া আলোচনাচক্ৰখনি ২০ফেব্ৰুৱাৰীত উদ্বোধন কৰে হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ পঞ্চানন মহান্তীয়ে। লগতে ডঃ সংগীতা শইকীয়াৰ দ্বি-ভাষিক "দেউৰী-অসমীয়া চিত্ৰ শব্দাৱলী" গ্ৰন্থখনি উন্মোচন কৰিলে বিশিষ্ট ভাষা বিজ্ঞানী অধ্যাপক কৈলাস চন্দ্ৰ বৰালে।

৫. এইবাৰ গুৱাহাটীত প্ৰতি কিল'মিটাৰ ১৭টকা দৰত উপভোগ কৰক ফিয়েট লিনিয়াৰ বিলাসী যাত্ৰা। বাতালুকূল টেক্সি সেৱা মুকলি কৰি ৫০খন গাড়ীৰে এই সেৱা কালিৰে পৰা আৰম্ভ কৰিছে "চুইছ কেৱছ" নামৰ সেৱাই। ৱাই-ফাই, বাতৰিকাকত, খোৱা পানী বিনামূলীয়াকৈ দিয়া এই সেৱাৰ বাবে ৯৬১৩১৩১৩১৩।

৬. অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত গুৱাহাটী ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ কানন দিনজোৰা কাৰ্যসূচীৰে পালিত "বিশ্ব বন্যপ্ৰাণী সপ্তাহ"ৰ কাৰ্যসূচী।

৭. শিৱসাগৰত ষষ্ঠ অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি। উদ্বোধন কৰি ক্ৰীড়া মন্ত্ৰী অজিত সিঙে কৰিলে ঘোষণা ৰাজ্যখন নিৰ্মাণ হব আৰু ৩০টা ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প। এতিয়ালৈ ৰাজ্যত পঞ্চাশ লাখকৈ টকাৰে তেৰটা স্থানত এই প্ৰকল্প স্থাপন কৰা কৃৰ্তিত্বও তেখেতে দাবী কৰে।

৮. প্ৰকৃতিবিদ আনন্দ চন্দ্ৰ দত্তৰ মূল্যৱান পুথি Dictionary of Economic and Medicinal Plantsৰ পুনৰ মুদ্ৰণ কৰি প্ৰকাশ কৰিছে গুৱাহাটীৰ অৰ্কিড প্ৰকাশনে। প্ৰায় ১৪৫০বিধ অসমৰ গছ-বনৰ ঔষধি গুণৰ বিশদ আলোলচনা এই গ্ৰন্থত সংকলিত হৈছে। লগতে গছগছনিবোৰৰ ভৌগোলিক বিতৰণৰো বিতং আলোচনা সন্নিবিষ্ট হৈছে। লগতে মুঠ আঠটা ভাষাৰ অনুক্ৰমণী সূচীও সন্নিবিষ্ট কৰিছে।

৯. নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যাধিকৰণে অসম চৰকাৰক কালি তীব্ৰ ভাষাৰে সমালোচনা কৰে। ন্যায়াধীশ ডঃ পি জ্যোতি মণিৰ নেতৃত্বত বহা চাৰিজনীয়া বিচাৰপীঠে অসম পাব্লিক ৱৰ্কছে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰৰে গ্ৰহণ কৰা স্থিতিক  কৰিলে এই সমালোচনা।

১০. 
উজনিত একেদিনাই ১০টা আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনক সমুখত লৈ নিৰ্বাচনী বিধি ঘোষণা হোৱাৰ আগে আগেই এই আধাৰশিলাৰ ৰাজনীতিত নামি পৰা বুলিও অভিযোগ উঠিছে। মৰাণত ৬.৮কোটিৰে ছুপাৰ মাৰ্কেট আৰু ৮.৮৮কোটিৰে নিৰ্মাণ হব মৰাণ ক্ৰীড়া প্ৰকল্প। এই দুটা প্ৰকল্পৰো আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ঘাটোৱাৰৰ পত্নী তথা স্থানীয় বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ গাত মূলাগাভৰুৰ গুণ আছে বুলিও উচ্চ প্ৰশংসা কৰাৰ খবৰ পোৱা গৈছে।

১১. "এ ভইচ ফৰ আছাম ইন পাৰ্লিয়ামেণ্ট" শীৰ্ষক গ্ৰন্থ হ'ল উন্মোচিত। তেজপুৰৰ পৰা মাত্ৰ বিশ মাহৰ বাবে সাংসদ ৰূপে কাৰ্যভাৰ লোৱা ঈশ্বৰ প্ৰসন্ন হাজৰিকাই সংসদত উত্থাপন কৰা অসমৰ বিভিন্ন সমস্যাৰাজিৰ খতিয়ান সন্নিবিষ্ট হৈছে এই গ্ৰন্থখনিত।


১২. তেজপুৰ চহৰৰ জাহাজঘাটৰ ঐতিহাসিক ৰেলৱে ষ্টেছনক পুনৰুজ্জীৱিত কৰাৰ বাবে নাগৰিক সমাজে তুলিলে দাবী। ডেকাৰগাঁৱৰ পৰা জাহাজঘাটলৈকে ৰেলপথ সম্প্ৰসাৰণৰ দাবীৰে গঠিত হ'ল তেজপুৰ ৰাজহুৱা স্বাৰ্থ সুৰক্ষা সমিতি।

১৩. পৃথক বড়ো ৰাজ্য গঠনৰ সম্ভাৱনীয়তা অধ্যয়নৰ বাবে গঠন কৰা কমিটীক লৈ বড়ো সংগঠন, অবড়ো সংগঠন তথা বিভিন্ন ৰাজনৈতিক সংগঠনৰ ভিন্ন স্থিতি। নামনি অসমত বিপুল প্ৰতিবাদৰ ফলত জি কে পিল্লাইয়ে অৱশেষত স্থগিত ৰাখিলে বড়োলেণ্ড ভ্ৰমণৰ কাৰ্যসূচী।

১৪. আচাৰ্য ভৃগুগিৰি পূৰ্বোত্তৰীয়া বেদ বিদ্যা প্ৰিতিষ্ঠানৰ উদ্যোগত তথা মহৰ্ষি সান্দীপনি ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিষ্ঠানৰ সহযোগত গুৱাহাটীৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত অহা ৭-৯মাৰ্চলৈ আয়োজিত হৈছে এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ। প্ৰাক্তন ন্যায়াধীশ ডঃ মুকুন্দকাম শৰ্মাই  উন্মোচন কৰিব লগা "বেদঃ বিজ্ঞানৰ উতস" শীৰ্ষক আলোচনাচক্ৰখনিত মুঠ সাতখন শৈক্ষিক  সত্ৰ থাকিব।

১৫. মৰিয়নিৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্থানটোৰ হব পুনৰ নিৰ্মাণ। এক কোটি টকা ব্যয়েৰে চলিব লগা পুনৰ নিৰ্মাণৰ কামৰ কালি  আধাৰশিলা স্থাপন কৰিলে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

No comments:

Post a Comment