সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
বন্যহস্তীৰ আগ্ৰাসন ৰোধৰ বাবে 
জলকীয়া ৰোপন প্ৰসংগত
সাগৰ হাজৰিকা

সম্পাদক মহোদয়,
পুৰুষ মাছ মহিলা মাছৰ ৰচনাই বা ভাষণে বহুতকে আমোদ দিয়াৰ সময়ত গোলাঘাটৰ মৰঙিৰ এখন ৰাজহুৱা সভাত কালি ১৭ মাৰ্চ তাৰিখে গৌৰৱ গগৈয়ে এটা ভাল কথাই কৈছে। সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে "বন্য হস্তীৰ সমস্যা সমাধানৰ বাবে নেমুটেঙা আৰু ভোট জলকীয়া ৰোৱক" বুলি জনতাক গগৈয়ে আহ্বান জনাইছে।

আচলতে জলকীয়াত অতি সংবেদনশীল এবিধ ৰাসায়নিক যৌগ পোৱা যায় (ৰাসায়নিক দ্রব্যবিধৰ নাম সদ্যহতে মনত পৰা নাই) যাৰ ঘ্রাণ হাতীয়ে অলপো সহ্য কৰিব নোৱাৰে। খাদ্যৰ সন্ধানত জনবসতিলৈ অহা বন্য হস্তীক খেদিবলৈ হাতীৰ শুকান বিষ্ঠা আৰু জলকীয়া গুড়ি মিহলি কৰি পুৰিব লাগে। এই মিশ্রণৰ গোন্ধ হাতীয়ে সহ্য কৰিব নোৱাৰে। ফলত পলায় পত্রং দিয়ে।

বাৰীৰ ঢাপত জলকীয়া ৰুলেও হাতী নাহে । আফ্রিকাৰ দেশৰ বনাঞ্চলত বসবাস কৰা লোকসকলে পুৰণি কালৰে পৰা এই পদ্ধতিৰে বন্যহস্তীৰ সৈতে মোকাবিলা কৰি আহিছে।ধনাত্মক ফলাফলো লাভ কৰিছে।

আমাৰ মুলূকতো পৰীক্ষামূলকভাৱে এইফেৰা কাম বনবিভাগে নিশ্চয় কৰিব পাৰে। এতিয়া প্রশ্ন হৈছে অসমৰ বনবিভাগটোক জগাব কোনে?

No comments:

Post a Comment