দূৰবীণঃ তথ্যহীন উৎসৰ পৰা নিৰ্বিচাৰ পশু-পক্ষী আমদানিৰ সম্ভাব্য ভাবুকি :: ড° ভগৎ লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দূৰবীণঃ  তথ্যহীন উৎসৰ পৰা নিৰ্বিচাৰ পশু-পক্ষী আমদানিৰ সম্ভাব্য ভাবুকি :: ড° ভগৎ লাল দত্ত

দূৰবীণঃ তথ্যহীন উৎসৰ পৰা নিৰ্বিচাৰ পশু-পক্ষী আমদানিৰ সম্ভাব্য ভাবুকি :: ড° ভগৎ লাল দত্ত

Share This
অসম তথা উত্তৰ-পূৱৰ সৰ্ব-সাধাৰণ ৰাইজৰ খাদ্য অভ্যাস বিশেষকৈ আমিষ নিৰ্ভৰ বুলিয়েই কব পাৰি। চাহিদা অনুসৰি মাংসৰ উৎপাদন থলুৱা জাত সমূহৰ পৰা যথেষ্ট নোহোৱাৰ ফলতে আমদানিকৃত জাত তথা পশু-পক্ষীৰ আমদানিয়ে এক বিশাল ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ সৈতে জড়িত আছে জনস্বাস্থ্যৰ বিশেষ স্পৰ্শকাতৰ বহু কথাও।
নিৰ্বিচাৰ (indiscriminate) পশু-পক্ষীৰ আমদানি-ৰপ্তানি বেমাৰ-আজাৰৰ বিস্তাৰণ (disease spread) আৰু অবাঞ্ছিত আনুবংশিক সানমিহলিৰ ( genetic mixing ) এটা মূল কাৰণ হ'ব পাৰে। গতিকে ভূ-ৰাজনৈতিক অঞ্চল এটালৈ ক'ৰ ক'ৰ পৰা পশুধন-পক্ষীধন আহে, কি ধৰণৰ বাচ-বিচাৰ, পৰীক্ষা-নিৰীক্ষা আদিৰ মাজেৰে এই পশুধন-পক্ষীধন সমূহৰ আমদানি কৰা হয় সেই বিষয়খিনি ভূ-ৰাজনৈতিক অঞ্চলটোৰ জৈৱ-সুৰক্ষাৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে, অসমলৈ অহা পশু-পক্ষীৰ আমদানি (আনকি ৰপ্তানিৰো) তথ্যকৰণ (documentation) আৰু জৈৱ-সুৰক্ষাৰ পৰীক্ষণ-অনুমোদন (bio-safety clearance)ৰ বাবে কোনো সুপ্ৰতিষ্ঠিত আৰু কৰ্মঠ ব্যৱস্থা আজিৰ তাৰিখত থকাৰ কথা জনা নাযায়। গতিকে "বাহিৰ"ৰ পৰা অনা ছাগলী-গাহৰি-গৰু-মূৰ্গী সকলোৱেই অসম (তথা উত্তৰ-পূৰ্বাঞ্চল)ৰ জৈৱ-সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। ওপৰৰ বাক্যটোৰ "বাহিৰ" শব্দটোৱে কেৱল ভাৰতৰ বাহিৰৰ বেলেগ দেশেই নহয়, ভাৰতৰ অংগৰাজ্য বোৰকো সাঙুৰি লৈছে।



বেলেগ বেলেগ ভূ-পাৰিবেশিক অঞ্চলৰ মাজত আদান-প্ৰদান কৰা সকলো পশু-পক্ষীৰ আমদানি-ৰপ্তানিৰ লগতে জৈৱ-সুৰক্ষা ভাবুকি জড়িত – বেলেগ বেলেগ অঞ্চল/ৰাজ্য/ৰাষ্ট্ৰৰ পৰা অনা পশু-পক্ষীৰ ক্ষেত্ৰতে নহয়, আনকি একেটা অঞ্চলৰে ওচৰা-ওচৰি দুখন সংগঠিত পামৰ মাজতো ই গুৰুত্বপূৰ্ণ কাৰক হ'ব পাৰে। সেয়েহে পালনৰ বাবে "বেলেগ"ৰ পৰা অনা পশু-পক্ষীক পামৰ অংশ কৰাৰ আগতে কিছুদিন নিলগাই (quarantine) ৰাখি প্ৰয়োজনীয় ছিটা-ঔষধ পাতি ব্যৱস্থাপনা আৰু নিৰীক্ষণৰ ব্যৱস্থা লোৱা হয়। এতেকে, সংগঠিত ক্ষেত্ৰলৈ পালনৰ বাবে "বাহিৰ"ৰ পৰা অনা পশুধন-পক্ষীধনৰ ক্ষেত্ৰত সংগঠিত পালক সকলে কিছু হ'লেও সতৰ্কতা অৱলম্বন কৰে বুলি আশা কৰিব পাৰি । কিন্তু অসংগঠিত ক্ষুদ্ৰ পালক-কৃষকে এনে পৰিকল্পিত সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ কথা জনা নাযায় – যিমানদূৰ সম্ভৱ সমল, অৱস্থা, ব্যৱস্থা আদিৰ অভাৱৰ বাবে।

আনহাতে মাংসৰ বাবে (অসমৰ) বজাৰলৈ অহা ("থলুৱা" সঁচ বা দৈহিক আকৃতি-প্ৰকৃতিৰ) পশু (উদাহৰণস্বৰূপে- ছাগলী, ছাগলীৰ চাহিদা নিয়মিত পূৰাব পৰাকৈ ইমান পৰিকল্পিত পাম 'অসমৰ বজাৰৰ ছাগলীৰ উৎস অঞ্চলবোৰত' সংগঠিত হৈ উঠাৰ কথা জনা নাযায়) আৰু পক্ষী ('লোকেল' কুকুৰা-হাঁহ-পাৰ ইত্যাদি)ৰ মূল উৎসই হৈছে বিভিন্ন ঠাইত গাঁৱে-ভূঁঞে, চৰে-চাপৰিয়ে, মফচলে-বস্তিয়ে সিঁচৰতি হৈ থকা সৰু সৰু (অসংগঠিত) পালক-কৃষক সকল। গাঁৱে-গাঁৱে, চৰে-চাপৰিয়ে, মফচলে-বস্তিয়ে পিয়াপি দি ফুৰা (সংগ্ৰহকাৰী) 'বেপাৰী' (এজেন্ট) কিছুমানে হয় পালক-কৃষকৰ চোতালৰ পৰাই , নহয় স্থানীয় সৰু সৰু বজাৰ বোৰৰ পৰা সংগ্ৰহ কৰে। বিভিন্ন অঞ্চলৰ পৰা এনেদৰে কৰা সংগ্ৰহ একো একোটা পাইকাৰী চক্ৰৰ হাতত পুনঃসংগ্ৰহ হৈ জাকৰুৱা ৰূপ লয় আৰু এনে সংগৃহীত জাকৰ পৰা পাইকাৰী চক্ৰই বিভিন্ন অঞ্চললৈ প্ৰায় সংগঠিত ৰূপত প্ৰায় নিয়মিত ৰূপত যোগান ধৰে। এই প্ৰক্ৰিয়াটোত বেমাৰ-আজাৰৰ বিস্তাৰণ তথা জৈৱ-সুৰক্ষাৰ দিশৰ পৰা উৎসৰ অনুসৰণ-অৱসৰণ (source tracing), অনুসন্ধান কৰিব পৰাকৈ বিশ্বাসযোগ্য তথ্য আৰু ব্যৱস্থা নাই। 'বেপাৰী'ৰ মুখৰ কথাৰ বাহিৰে .... সেই কথাৰনো বিশ্বাসযোগ্যতা কিমান?!!!! 

ৰোগ বিস্তাৰণ আৰু জৈৱ-সুৰক্ষাৰ প্ৰতি সকলোতকৈ বেছি আশংকা কঢ়িয়াই আনিব পাৰে বিভিন্ন অ-তথ্যকৃত, অজান উৎসৰ পৰা সংগ্ৰহ কৰি থূপাই একগোট কৰি এনেদেৰে নিৰ্বিচাৰে "চালান" দিয়া/অনা পশু-পক্ষীৰ জাকে।
গতিকে এনেদৰে মাংসৰ বাবে বজাৰলৈ অহা জাকৰ পৰা পশু-পক্ষী পালনৰ বাবে মুঠেও ৰাখিব নালাগে। অন্যহাতে বজাৰলৈ অহা পশু-পক্ষীৰ মাংস খোৱাৰ উপযোগী হয় নে নহয় সেইটো নিৰূপণ আৰু চোৱাচিতা কৰিবৰ বাবে এটা চৰকাৰী ব্যৱস্থা "আছে"। এই ব্যৱস্থাটো সু-বলবৎ কৰিব বা কৰাব পাৰিলে "খোৱাৰ অযোগ্য" শ্ৰেণীত পৰিব পৰা মাংসাহাৰ বজাৰৰ পৰা নিৰ্মূল কৰাটো অসম্ভৱ নহয় আৰু এনে কৰিব পাৰিলে, উৎস অনুসৰণ-অৱসৰণ ব্যৱস্থা বাধ্যতামূলক কৰি, বজাৰলৈ অজান উৎসৰ পৰা নিৰ্বিচাৰে পশু-পক্ষী অহাৰ প্ৰক্ৰিয়াটো লাহে লাহে স্তিমিত হৈ আহিব বুলি আশা কৰিব পাৰি।
লেখক ভগৎ লাল দত্ত ফ্ৰান্সৰ পৰা ডক্টৰেট ডিগ্ৰী প্ৰাপ্ত আৰু ResearchBull গৱেষণা সংস্থাৰ পৰামৰ্শদাতা বিজ্ঞানী।
তেখেতৰ আন আন প্ৰকাশিত লেখাৰ বাবে লিংকঃ http://www.xukhdukh.com/search/label/BHAGAT-LAL-DUTTA

No comments:

Post a Comment