জুতি লগা আখলঃ কচু বিলাহীৰ সোৱাদ লগা আঞ্জা :: ৰুমঝুম শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখলঃ কচু বিলাহীৰ সোৱাদ লগা আঞ্জা :: ৰুমঝুম শইকীয়া

জুতি লগা আখলঃ কচু বিলাহীৰ সোৱাদ লগা আঞ্জা :: ৰুমঝুম শইকীয়া

Share This
আজি একেবাৰে সহজ আৰু নিভাঁজ অসমীয়া থলুৱা এবিধ ব্যঞ্জনৰ ৰন্ধন পদ্ধতি লিখিব ওলাইছোঁ৷ ৰান্ধনিৰ  সুনিপুণ হাতৰ পৰশে ইয়াক জুতি লগা কৰি তুলিব৷ এয়া হৈছে-কচু বিলাহীৰ সোৱাদ লগা আঞ্জা। 
উপকৰণসমূহ :- 
১. ২০০গ্ৰাম কচু শাকৰ ঠুৰি, 
২. এটা পকা বিলাহী, 
৩. এটা পিঁয়াজ, 
৪. আদা আৰু নহৰুৰ পিছা জোখমতে, 
৫. ২৷৩টা কেঁচা জলকীয়া
৬. গুড়ি জালুক আন্দাজমতে৷

ৰন্ধন পদ্ধতিঃ
পোনতে কচু শাকৰ ঠুৰিসমূহৰ পৰা চুচসমূহ ভালদৰে আতৰাই লব৷ তাৰ পিছত কচুৰ সৰু সৰু টুকুৰা কৰিব৷ বিলাহীটো চাৰি ডোখৰমান কৰি লব৷ এতিয়া পিঁয়াজটো কুটি লৈ গৰম তেলত অলপ পৰ ভাজক৷ কচু আৰু বিলাহীক একেলগ কৰি ভাজক৷ আদা নহৰুৰ মিশ্ৰণৰখিনি আৰু জলকীয়া কেইটা ডোখৰ ডোখৰ কৰি তাত মিহলাই দিয়ক৷ আন্দাজমতে জালুকৰ গুৰি দিয়ক৷ এতিয়া পানী মিহলাই ভালদৰে উতলিব দিয়ক৷ আঞ্জাখনিত জোখমতে নিমখ দিয়ক৷ ভালদৰে সিজিলে আঞ্জাখনে এটা সুন্দৰ বৰণ লব৷ এতিয়া আঞ্জাখন নমাই ভাতৰ সৈতে পৰিবেশন কৰিবলৈ থৈ দিয়ক৷

বিশেষ দ্ৰষ্টব্য: - এইখন আঞ্জা বুট মাহৰ সৈতে নাইবা সৰু মাছৰ সৈতেও ৰান্ধিব পাৰে৷ ওপৰৰ পৰিমানটো ২বা৩ জনক বিলোৱাৰ জোখৰ৷

জুতি লগা আখলৰ আনবোৰ দিহা পঢ়িবলৈ ক্লিক কৰকঃ

No comments:

Post a Comment