Wednesday, February 14, 2018

সাম্প্ৰতিক প্ৰসংগ

প্রেমৰ বাবে এদিন আৰু প্রেমৰ দিৱস... 
লীলাকান্ত পায়েং
১৪ ফেব্ৰুৱাৰী, প্রেমৰ দিৱস। প্রেমৰ পূজাৰী ছেইন্ট ভেলেন্টাইনৰ প্রতি শ্রদ্ধা নিবেদি আজিও বিভিন্ন দেশত ১৪ ফেব্রুৱাৰী তাৰিখটোত প্রেমৰ দিৱস পালন কৰা হয়। ফেব্রুৱাৰী মাহৰ ইংৰাজী ১৪ তাৰিখে গোটেই বিশ্বৰ প্রেমিক-প্রেমিকাই পালন কৰে প্রেমৰ দিৱস। এই দিনা আমাৰ দেশতো ইয়াৰ ব্যতিক্রম দেখা যায়। পূর্বৰ দিনত আমাৰ অসমৰ দৰে ৰাজ্যত প্রেমৰ দিৱসৰ গুৰুত্ব নাই বুলিহে কব পাৰি। কিয়নো প্রেমৰ দিৱস এক পশ্চিমীয়া সংস্কৃতিহে। কিন্তু যোৱা দশকত আমাৰ ইয়াত পশ্চিমীয়া সংস্কৃতিৰ প্রভাৱ ইমানেই পৰিলে যে ভেলেণ্টাইন ডে’ বুলি কোৱাৰ লগে লগে দুদিন পূর্বৰপৰা প্রস্তুতি পর্ব আৰম্ভ হৈ যায়। এই বেলি প্রেমিক- প্রেমিকাৰ বাবে সুখবৰ। কিয়নো একেই দিনাই পৰিছে শিৱ ৰাত্রি, আলি-আই-লৃগাং আৰু ভেলেন্টাইন ডে’। ভাৰতত শিৱ হৈছে দুৰ্দান্ত আৰু আদৰ্শ প্ৰেমিক আৰু পতি। তেওঁৰ দৰে বৰ পাবলৈ আশা কৰিলে ভাৰতীয় নাৰী বা গাভৰু-কিশোৰীয়ে যৌৱনত পূজা অৰ্চনা কৰে। আলি আই লিগাং যদিও কৃষি ভিত্তিক উতসৱ, তথাপি এই আনন্দৰ মাজতে প্ৰেমৰ সুৱাস বিচাৰি লয়, লিগাঙৰ গীত-আনন্দৰ মাজেৰে প্ৰেম-প্ৰীতিৰ বাৰ্তাও প্ৰৱাহিত হয়।

আচলতে প্রেমনো কি। প্রেমৰ কিবা সংজ্ঞা আছে নেকি। চাবলৈ গলে তেনেকৈ প্রেমৰ সংজ্ঞা কোনেও দিয়া হোৱা নাই। তেন্তে এই প্রেম বোলা বস্তুটোনো কি। জীৱনৰ দলিছাত প্রেমক কোনেও নুই কৰিব নোৱাৰি। প্রেম মানেই আকর্ষণ। প্রেমক চুই চাব নোৱাৰি। প্রেমক হৃদয়ত অনুভৱহে কৰিব পাৰি। প্রেম লাজ আৰু নিৰলজতাৰ ধেমালি। প্রেমৰ কোনো আৱৰণ নাই। প্রেমৰ পৰিধি অতি বিশাল। প্রেমত কোনো বৈধ বা অবৈধ বুলি নাই। প্রেম এটি গছত নতুনকৈ গজা সেউজীয়া পাতবোৰৰ দৰে, নতুনকৈ ফুলিব ধৰা ফুলবোৰৰ দৰে। প্রেম এটি নাঙঠ গছৰ দৰে। কাৰণ গছে গোটেই জীৱন ভৰ আনক সুখৰ আশ্রয় দি নিজে হ’লে একোকে নাপায়।

প্রেমৰ উদ্দেশ্য অকল নিজক পোহৰাবৰ বাবে নহয়, কেতিয়াবা দিশহাৰা সমাজৰো পথ প্রদর্শক। সমাজৰ নৈতিক আৰু চিৰন্তন সোন্দয্যৰ সৃষ্টি হয় প্রেমৰ মাজেদি। সঁচাই প্রেমৰ কোনো সঠিক সংজ্ঞা বা বয়স নাই। জাত-পাত বা ধর্মই প্রেমৰ লক্ষ্মণ ৰেখা আঁকিব নোৱাৰে। প্রেমে অন্ধকাৰৰ মাজতো পোহৰৰ দিশ আগবঢ়ায়। প্রেমৰ বাবে এখন সুন্দৰ জগতৰ সৃষ্টি হব পাৰে আকৌ প্রেমৰ বাবে এখন সুন্দৰ জগতৰ হব পাৰে। প্রেম যিদৰে শক্তিশালী ঠিক তেনেদৰে দুর্বলতাও আছে। আমাৰ মহাকাব্য ৰামায়ণ, মহাভাৰত আদিতো প্রেমৰ নিদর্শন দেখিবলৈ পোৱা যায়। দৌপদীয়ে পঞ্চ পাণ্ডৱলৈ বিবাহ হৈছিল যদিও অর্জুনৰ প্রতিহে প্রেম আছিল। ঠিক তেনেদৰে ৰাৱণও এজন প্রেমিক আছিল। এই প্রেমৰ বাবে ৰাৱণে সীতাকে অপহৰণ কৰিছিল আৰু সোণৰ লংঙ্কা পুৰি ছাই হৈ গৈছিল। ৰাৱনৰ প্রেম একপক্ষীয় আছিল। বনবাস খাটিবলগীয়া হোৱা বাবে উর্মিলাই লক্ষণৰ অলপমানৰ প্রেমৰ বাবে বাৰ বছৰে উজাগৰী নিশা কটাইছিল। ঠিক তেনেকৈও শ্রীকৃষ্ণও এজন দুর্দান্ত প্রেমিক আছিল। ৰাধাৰ লগত প্রেম কৰিছিল কিন্তু বিবাহ কৰা নাছিল। এইয়ে হয়তো প্রেম মানেই বিবাহ হব লাগে বুলি কথা নাই। প্রেম কেতিয়া কাৰ জীৱনত কেনেকৈ আহে কোনেও ক’ব নোৱাৰে। প্রেম সকলোৰ জীৱনলৈ এবাৰ হ’লেও আহে। ৰোমিঅ-জুলিয়েট, লেইলা-মজনুৰপৰা আদি কৰি পানৈ-জংঙ্কিৰ প্রেমৰ কথা কোনেনো পাহৰিব পাৰে। প্রেমৰ বাবে তেওঁলোকে মৃত্যুক আঁকোৱালি লৈছিল। হয়তো এইয়ে কেতিয়াবা প্রেম মানেই ত্যাগ। 

বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ ফলত আমাৰ জীৱন-যাপনৰ প্রণালী সলনি হৈছে ঠিক তেনেকৈ প্রেমও আধুনিক ৰূপ লৈছে। এতিয়া প্রেম মানে চৌখিন। প্রেম মানেই দামী ৰেস্টুৰেন্ট, শ্বপিং মহলৰ দামী সোৱাদ নতুবা পার্কৰ কোণত আন্ধাৰৰ আলিঙ্গন। প্রেমে আগৰ ৰং হেৰুৱাইছে, প্রেমৰ আগৰ সেই আৱেগ নাই। আগৰ আই-পিতাইৰ দিনৰ দৰে প্রেম আৰু ভালপোৱা নাই। সময় সাপেক্ষে প্রেম সলনি হোৱাটো স্বাভাবিক কিন্তু এতিয়াও প্রেম আছে। মাথো সলনি হৈছে প্রকাশ কৰাৰ ভংগী। 

পূর্বৰ দিনৰ দৰে চাইকেলৰ পেডেল মাৰি মাৰি প্রেমিকে প্রেমিকাক প্রেমৰ নিবেদন দিয়াৰ দিন নাই। আজি চিঠি লিখাৰ দিন নাই। আজি ছ’চিয়েল মিডিয়াৰ যুগ। ফেচবুক আৰু ৱাটছ আপৰ দিন। এতিয়া নেটৱর্কত অতি সহেজ উপলব্ধ প্রেম। নেটৱর্কৰ দুই স্ক্রীনৰ পর্দাৰ আঁৰত প্রেম ৰচিবলৈ অতি সহজ। পূর্বতে বন্ধুত্ব গঢ়িবলৈ বহু সময় লাগিছিল আৰু প্রেমৰ বাবে এক ছেকেণ্ডতকৈ কম সময় লাগে। পিছে বর্তমান বয়ফ্রেণ্ড বা গার্লফ্রেণ্ড নথকাটো লাজৰ কথা বুলি ভাবি লয়। বর্তমান প্রেম মানেই টাইমপাছ। এক কথাত ক’বলৈ গলে আধুনিক প্রেম মানেই এক ফেশ্বন। কোনে কাৰ লগত কিমান টাইমপাছ কৰিব পাৰে। দামী দামী বাইক, গাড়ীৰ দৌৰ প্রতিযোগিতা। বর্তমান প্রেম মানেই ক্রেডিট কার্ড, ডেভিট কার্ডৰ প্রতিযোগিতা। 

ফেচবুক উপলব্ধ হোৱাৰ পৰা অতি সহজে কম দিনৰ ভিতৰত বন্ধুত্ব, প্রেম গঢ়িব পৰা হ’ল। এইয়ে হয়তো আমি প্রায়েই শুনা পাও ফেচবুক প্রেমৰ লটি-ঘটি। পিছে ফেচবুকৰপৰা বিবাহৰ ৰূপ লোৱাও আমাৰ অসমতো পোৱা যায়। বিশেষকৈ আজিৰ প্রেমিক-প্রেমিকাই চিনেমাৰ ৰীল লাইফৰ প্রেম কাহিনীত দেখুৱাৰ নায়ক-নায়িকা অনুকৰণ কৰিবলৈ গই বিভিন্ন অসামাজিক ক্রিয়া-কলাপো সংঘটিত হোৱা দেখা গৈছে। আজিকালি প্রেমক প্রতিশোধ হিচাপেও ব্যৱহাৰ কৰা হৈছে। এষাৰ কথা আছে ‘ প্রেম আৰু যুদ্ধত সকলো যুক্তি সংগত’। কিন্তু এনে যুক্তিক আমি মানি লব নোৱাৰো। প্রেমৰ নামত ছোৱালীৰ ওপৰত এছিড আক্রমণ কৰাটো প্রেম নহয়। এইয়া যদি যুক্তি সংগত তেন্তে ৰাৱনৰ প্রেমও যুক্তি সংগত। প্রেমৰ নামত এনে বিতর্ক আজিও চলা দেখ যায়। তথাপিও প্রেম চিৰ যুগমীয়া। প্রেমত ইজনে সিজনে হাতৰ মুঠিত ধৰি এখোজ কৰি আগুৱাই যোৱাৰ অনুপ্রেৰণা পোৱা যায়। সমাজৰ নৈতিক আৰু চিৰন্তন সৌন্দয্যৰ সৃষ্টি হয় প্রেমৰ মাজেদি। তেন্তে প্রেমক জীৱনৰপৰা কিদৰে বিদায় জনাও। প্রেম আছে বাবেই জীৱন। এই প্রেমৰপৰা যন্ত্রণা, সুখ-দুখ, হাঁহি-কান্দোনৰ সৃষ্টি হৈ এক সুন্দৰ জীৱনৰ গঢ় লৈ উঠে। প্রেম আছে বাবে এই জীৱন বৰ অনুপম। প্রেম আছে বাবে..................।। 

No comments:

Post a Comment