সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নীৰৱ মোডীৰ ১১,৫০০কোটিটকীয়া বেংক লুট
হেমন্ত কাকতি
আজিকালি দেশৰ খৱৰ বাতৰিৰ বৰ এটা গম নৰখা হলোঁ৷ জানোৱেই কি কি ঝামেলা হব লগীয়া থাকে৷ চাৰিওফালে নিগেটিভ খৱৰবোৰ শুনি শুনি কাণ পকি গৈছে৷ কিন্তু দুদিন মান আগতে ভাৰতীয় ৰাজহুৱা খণ্ডৰ বেংক এটাৰ পৰা টেক্স পেয়াৰৰ প্ৰায় ১১,৫০০ কোটী টকাৰ লুট হোৱা বুলি শুনি হঠাৎ সচকিত হৈ উঠিলোঁ৷ বহুত দিন ষ্কেম-তেম নোহোৱাত আচৰিতেই হৈ আছিলোঁ, ভাবিছিলো সকলো ভালৰ ফালে আহিছে লাহে লাহে৷ পিচে এনে বৃহৎ কেলেংকাৰীৰ খৱৰ শুনিলে হতভম্ব হোৱাতো স্বাভাৱিকেই। একেই অৱস্থা ভাৰতৰ বহু মানুহৰেই হৈছে এই খবৰটো শুনি।


সেয়ে গুগুল কৰি অলপ খৱৰ ললোঁ বোলো কোননো এই মহাপুৰুষ? গম পালোঁ তেওঁ হ'ল মিঃ নীৰৱ মোডী, ২০১৬ বৰ্ষৰ ফৰ্বচৰ লিষ্টত বিশ্বৰ সবাতোকৈ ধনী মানুহৰ নামত অন্তৰ্ভুক্ত ব্যক্তি (Billionaire) আৰু হীৰা মুকুতাৰ ব্যৱসায়ী৷ ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা৷ বেছি ভাগ সময় হেনো দেশ বিদেশ ঘুৰি ফুৰে৷ অলপতে প্ৰধানমন্ত্ৰী মোডীজী ডাভোচ যাওতে বিজনেছ ডেলিগেছন টীমতো গৈছিল৷ সুবিধা পাই হেনো মোডীজীৰ লগত ফটোও উঠিছিল৷ তাকৈ লৈ বিৰোধী পক্ষইও তাল ফাল লগাইছে৷ অৰবিন্দ কেজৰিৱাল, ৰাহুল গান্ধী, মমতা বেনাৰ্জীৰ পৰা খাৰখোৱা ৰাইজেও হাঁহাকাৰ কৰি তঁত পোৱা নাই৷ শাসক পক্ষও ডিফেন্সিভ মোডত আহি গৈছে৷ প্ৰৱন্ধ কেইটামান পঢ়ি তাৰে সাৰাংশ ৰাইজলৈ আগবঢ়ালো।

কথাটো হেনো  আচলতে এনেকুৱাহে (খৱৰৰ মতেহে দেই), যে ৰাজহুৱা বেঙ্ক পঞ্জাৱ নেচনেল বেঙ্কৰ এজন বিষয়াই হীৰা ব্যৱসায়ী নীৰৱ মোডীক ২০১১ চনত প্ৰথম বহু কোটী টকীয়া ``লেটাৰ অৱ আণ্ডাৰটেকিং'' (LOU) এখন দিছিল যাতে সেইখনেৰে বিদেশত থকা ভাৰতীয় বেঙ্কৰ কোনো ব্ৰান্সত ব্যৱহাৰ কৰি ঋণ লব পাৰে। LOU হৈছে যেতিয়া কোনো এটা বেঙ্ক গ্ৰাহক জনৰ যথাযোগ্যতা বা চিকিউৰিটিৰ ওপৰত আস্বস্ত হব যে তেওঁ সেই টকা ঘুৰাই দিয়াৰ যোগ্যতা আছে, তেতিয়াহে দিব৷ আৰু অাণ্ডাৰটেকিং দিয়াৰ মানে হৈছে যে কিবা কাৰণত যদি তেওঁ ডিফল্টাৰ হয়, তেতিয়া সমস্ত টকা ঘুৰাই দিয়াৰ দায়িত্ব বেঙ্কে মুৰ পাতি লব৷ ব্যৱসায়ীক উৎসাহিত কৰিবলৈ এইবোৰ চলেই বুলি ধৰি ললোঁ৷ হংকঙত অৱস্থিত ইউনিয়ন বেংক অৱ ইণ্ডিয়া, এলাহাবাদ বেংক আৰু এক্সিচ বেংকৰ পৰা এইজনা মোডীয়ে কোটি কোটি টকা ঋণ হিচাবে লাভ কৰিলে, যিহেতু ভাৰতস্থ পাঞ্জাৱ নেচনেল বেংকৰ letters of undertaking (LOUs) তেওঁৰ তাত আছেই৷

নীৰৱ মোডী আৰু তেওঁৰ পৰিয়াল বৰ্গৰ কম্পেনী গীতাঞ্জলী জেমচ, নক্ষত্ৰ ডায়মণ্ড আদিয়ে ২০১৩ চনত নিজৰ সম্পত্তিৰ প্ৰায় দুগুন কৰি তুলিলে৷ শ্বেয়াৰ বজাৰত গীতাঞ্জলী জেমচৰ ষ্টক থকা সকলৰ দুবছৰতে টকা দুগুন কৰিলে৷ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা তেওঁলোকৰ কম্পেনীৰ ব্ৰেণ্ড এমবাছাদৰ হিচাবে চুক্তিবদ্ধ হ'ল৷ আমাৰ মহিলা সমাজে "ডায়েমণ্ড আৰ ফৰএভাৰ" লৈ স্বপ্ন বিভোৰ হ'ল৷ ধনী গিৰিয়েক বা বয়ফ্ৰেণ্ডৰ প্ৰেমৰ চিৰযুগমীয়া চিন পালে, ভাল কথা৷

এই খিনিতে অন্য এটা কথা কৈ থওঁ যে আজি বহুদিনৰ পৰাই বিদেশী বেঙ্কৰ টকা পইচা আদান প্ৰদান কৰিবলৈ আন্তৰাষ্ট্ৰীয় পৰ্য্যয়ত SWIFT ( Society for Worldwide Interbank Financial Telecommunication) বুলি এটা চিষ্টেম নেটৱৰ্ক আছে, যাৰ কোডীফাইড মেচেজৰ সহায়ত এটা বেঙ্কে অন্য এটা বেঙ্কলৈ মেচেজ পঠিয়ায় আৰু মেচেজ পোৱাৰ পিচত তেওঁলোক কনফাৰ্ম হয় যে টকাখিনি মোকলাই দিব পাৰি৷ এই মেচেজ পঠাবলৈ এলাপেচা বেঙ্ক কৰ্মচাৰীৰ ক্ষমতা নেথাকে আৰু উচ্চ পৰ্য্যায়ৰ বেংক কৰ্মচাৰী হে অথৰাইজড হয়৷ মেচেজ এপ্ৰোভ কৰে এজনে আৰু পঠায় অন্য এজনে৷ দুয়ো উচ্চ ক্ষমতা সম্পন্ন অধিকাৰী হব লাগে, যাতে চিষ্টেম টো ফুল প্ৰুফ হয়৷ তাৰ পিচত গোটেই প্ৰক্ৰিয়াটোক বেংকিং চিষ্টেমৰ ভিতৰত ট্ৰানজেকচন কৰি সুমুৱাব লাগে৷ প্ৰাপ্ত বাতৰি মতে এই কামটো এজন ডেপুটী মেনেজাৰ আৰু কেৰানী এজনে মিলি যোৱা সাতবছৰে কৰি আছিল৷ তেওলোকৰ কাৰ্য্য পদ্ধতিটো (modus operandi) আছিল SWIFT মেচেজটো পঠিয়াই দিয়ে কিন্তু টকাটো system ত transaction নকৰে! ফলত হিচাবত নাহেই৷ এইধৰনে যোৱা সাত বছৰ ধৰি কোটি কোটি টকা মুকলি কৰাকৈ প্ৰায় ১৫০ টা মেচেজ পঠায় আৰু বিদেশত সেইটো ধন বেলেগ বেংকৰ পৰা মুকলি কৰি লৈ নীৰৱ মোডীয়ে নিৰৱে কাম কাজ চলাই থাকে৷ 

আশ্চৰ্য্য জনক কথাটো হ'ল বছৰৰ পিচত বছৰ ধৰি swift মেচেজ আৰু system transactionৰ কোনো audit ও নহয়৷ না অডিট টিমে ধৰে না RBI চকু ফুৰায়৷ এই LOU বিলাক প্ৰতি তিনিমাহ বা ছমাহৰ মুৰত expire হয় যদিও তাক ৰোল অভাৰ কৰি গৈ থাকে নিৰ্বিঘ্নে৷ প্ৰায় সাত বছৰৰ মূৰত যেতিয়া বিদেশৰ বেঙ্কে টকা ঘুৰাই নেপাই মূল বেঙ্ক পঞ্জাৱ নেচনেল বেঙ্কক বকেয়া টকা ১১৩৫০ কোটী টকা বিচাৰে তেতিয়াহে ইহতৰ টোপনি ভাঙে৷ বেঙ্কে চি বি আইক জনাই আৰু অনুসন্ধান আৰম্ভ কৰে দুসপ্তাহ মান আগতহে৷ ইতিমধ্যে নীৰৱ মোডী আৰু সংগীবৃন্দ জানুৱাৰীৰ প্ৰথম সপ্তাহতে আৰামচে উৰি গুছি যায় নিজৰ বিদেশত থকা গোপন বাসস্থানলৈ৷ এই ক্ষেত্ৰত হুইচেল ব্লৱাৰ হিচাবেও এগৰাকী হীৰাৰ গহণাৰ ফ্ৰেন্সজাইজি থকা ব্যৱসায়ীয়ে সৱল ভূমিকা গ্ৰহণ কৰে।

চোৰ যোৱাৰ পিচত বুদ্ধি ওলায় RBI, বেংক আৰু চৰকাৰৰ৷ আটিগুৰি মাৰি গম পোৱা গ'ল যে প্ৰায় বহু বেঙ্কত সেই একেই সোপাধিলা অৱস্থা৷ ৰঘুৰাম ৰাজন, পি চিদাম্বৰম, মনমোহন সিং, অৰুন জেটলী, মোডীজীৰ "ফুল প্ৰুফ" চিষ্টেমক বুঢ়া আঙুলি দেখুৱাই দুজন সামান্য কৰ্মচাৰীয়ে "চুনা" লগাই দিয়ে কোটি কোটি টেক্স পেয়াৰ জনতাক৷

এতিয়া প্ৰশ্ন হ'ল আপুনি মই কেতিয়াবা এনে LOI কিয়, মৰ্টগ্ৰেজ নোহোৱাকৈ এশ টকা এটা বেঙ্কৰ ঋণ পাম নে? চৰকাৰী বেঙ্কৰ যিখিনি লোকচান হ'ল সেইখিনি হয়তো জনতাৰ টকাৰে পূৰ কৰিব কিন্তু চৰকাৰী খণ্ডৰ বেঙ্কৰ যি বিশ্বাসযোগ্যতা সেয়া কেতিয়াবা পূৰণ হবনে? বিছাৰ কৰক দোষী কোন, চৰকাৰ, জনসাধাৰণ নে অইন কোনোবা? নে সাধাৰণ মানুহৰ ধন এইদৰেই ৰাষ্ট্ৰীয়কৃত বেংক যোগে ধনী পুঁজিপতিয়ে লুণ্ঠন কৰাৰ ঘটনাই বাৰে বাৰে কেৱল বাতৰিকাকতৰ হেডলাইন শুৱনি কৰিব। প্ৰকৃত ধনী দোষী কেতিয়াবা কাঠগৰালৈ আহিবনে, ৰাজনৈতিক দলাদলিৰ মাজতে এইবোৰ কথা পাহৰণিৰ গৰ্ভত মাৰ যাব। এইবোৰ প্ৰশ্নই এতিয়া মানুহৰ মনত জাগি উঠিছে আৰু আশাৰে শাসকৰ দায়িত্বত থকা সকলে ৰাষ্ট্ৰৰ তদন্তকাৰী সংস্থা সমূহৰ জৰিয়তে কিছু দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিব বুলিও বাট চাই আছে। 

No comments:

Post a Comment