চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লেণ্ড বেংকিং(Land Banking) আৰু অসমত 
নতুন উদ্যোগ স্থাপনৰ সম্ভাৱনীয়তা
ড০ বিজয়কৃষ্ণ চেতিয়া

এখন দেশ বা ৰাজ্যৰ প্ৰকৃত উন্নয়ণ হবলৈ হলে, দেশ বা ৰাজ্যখনৰ উদ্যোগ ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি হব লাগিব। বৰ্তমান সময়ত উন্নয়ণশীল দেশবোৰলৈ মন কৰিলে দেখা যায় যে প্ৰতিখন দেশে দেশীয় উন্নয়ণৰ হাৰ তৰাম্বিত কৰিবলৈ বিদেশী বিনিয়োগৰ ওপৰত গুৰুত্ব দিছে আৰু এই বিদেশী বিনিয়োগক বিশেষভাৱে ব্যৱহাৰ কৰা হৈছে বিভিন্ন উদ্যোগ স্থাপনত। এইক্ষেত্ৰত ভাৰতো পিছ পৰি ৰোৱা নাই, বিশেষকৈ বি.জে.পি নেতৃত্বৰ NDA চৰকাৰে এই ক্ষেত্ৰত বেছি মনোনিবেশ কৰা পৰিলক্ষিত হৈছে, পৰিকল্পনা আয়োগৰ সলনি নিটি (NITI) আয়োগ গঠন তেনে মনোভাৱৰে প্ৰতিফলন। এতিয়া যিহেতু অসমতো বি.জে.পি চৰকাৰ সেয়ে তেনে এক পৰিৰ্ৱতন অসমতো আশা কৰিব পাৰি।

অসমত নতুন উদ্যোগ স্থাপন নোহোৱা কাৰণ অনেক হলেও প্ৰধানকৈ তিনিটা কাৰণ বিচাৰি উলিয়াব পাৰি,
ক. উদ্যোগ স্থাপনৰ বাবে চৰকাৰী ভূমিৰ অভাৱ।
খ. উদ্যোগৰ বাবে প্ৰয়োজনীয় শক্তিৰ অভাৱ।
গ. অসমৰ মানুহৰ উদ্যোগী মনোভাৱৰ অভাৱ লগতে অসমত বন্ধ সংস্কৃতিৰ প্ৰভাৱ।

আজিৰ আলোচনাত বাকী কাৰণবোৰক বাদ দি প্ৰথম কাৰণটো অথাৎ উদ্যোগ স্থাপনৰ বাবে ভূমিৰ অভাৱৰ ওপৰতহে আলোকপাত কৰিব বিচৰা হৈছে। অসমত উদ্যোগ স্থাপন কৰিবলৈ ভূমিৰ অভাৱ হোৱাৰ মূখ্যত চাৰিটা কাৰণ হ'ল,

ক. চৰকাৰী মাটি বেদখল।
খ. ৰাজহুৱা প্ৰতিষ্ঠানৰ নামত আবন্টিত মাটিৰ অপব্যৱহাৰ।
গ. বন্ধ/ চালিত অৱস্থাত নথকা বিভিন্ন চৰকাৰী বা বেচৰকাৰী উদ্যোগৰ মাটি পুন: ব্যৱহাৰত চৰকাৰৰ উদ্যোগী নীতিৰ অভাৱ।
ঘ. ব্যক্তিগত অব্যৱহৃত মাটিৰ ক্ষেত্ৰত চৰকাৰী তথ্য তথা চৰকাৰী দখলৰ অভাৱ।

কিন্তু এইবাৰৰ নতুন চৰকাৰখনে অসমত উদ্যোগ স্থাপন কৰিব বাবে প্ৰয়োজনীয় ভূমিৰ অভাৱ দূৰ কৰিবলৈ এক সময় উপযোগী বাস্তৱ সন্মত নীতি গ্ৰহন কৰা পৰিলক্ষিত হৈছে। সেইটো হ'ল অসমত অচিৰেই LAND BANK ব্যৱস্থা প্ৰৰ্ৱতন কৰা হব বুলি মাননীয় উদ্যোগ মন্ত্রীৰ ঘোষনা। কিন্তু এই Land Bank ব্যৱস্থাটো খুব এটা সহজ ব্যৱস্থা নহয়, ইয়াৰ বাবে প্ৰয়োজন হব সৰ্ম্পূণ নতুন কাৰ্যপ্ৰণালীৰ। ইয়াতে মনলৈ আহে Land Banking আচলতে হয় নো কি?, সহজ অৰ্থত কবলৈ গ’লে ই এটা মাটিৰ বেংক য’ত চৰকাৰে মাটি জমা কৰি ৰাখিব আৰু আপুনি আপোনাৰ প্ৰয়োজনত এই মাটি লিজত লব পাৰে বা কিনি লব পাৰে। ইয়াৰ এটা থুলমূল খচৰা তলত দাঙি ধৰা হ'ল,



এই খচৰা অধ্যয়ন কৰিলে দেখা যায়যে Land Bank ব্যৱস্থাত তিনিটা পক্ষ পোনপটীয়াকৈ জড়িত হৈ থাকে; ব্যক্তিগত মাটিৰ মালিক, Land Bank ৰ মালিক অথাৎ চৰকাৰী পক্ষ আৰু উদ্যোগ স্থাপন কৰিব বিচৰা চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠান। এই খিনিতে উল্লেখ কৰা ভাল হব যে Land Bank ৰ গঠন প্ৰক্ৰিয়াটো এটা জটিল আৰু দীঘলীয়া প্ৰক্ৰিয়া, ইয়াৰ বাবে প্ৰয়োজন হব বিজ্ঞানসন্মত চৰকাৰী নীতি। ভাৰতৰ কেৰেলা, ঝাৰখণ্ড আদিত এই ব্যৱস্থা গ্ৰহন কৰি উপকৃত হোৱা দেখা যায়। এটা Land Bank গঠন কৰিবলৈ প্ৰয়োজন হোৱা কাৰ্যপ্ৰনালী তলত দিয়া ধৰণৰ

১। প্ৰথমতে তৈয়াৰ কৰিব লাগিব  ৰাজ্যৰ এখন বিস্তৃত ‘ভূমি তালিকা’ ( state land inventory)।
২। ইয়াৰ পৰা বাছি উলিয়াব লাগিব land bank ৰ বাবে উপযোগী ভূমিৰ তথ্য।
৩। এই তথ্যৰ ভিত্তিত প্ৰস্তুত কৰিব লাগিব digital land map, য'ত ভূমিৰ অৱস্থানৰ পৰা আদি কৰি  ভূমি এটুকুৰা পূৰ্ণ তথ্য সন্নিৱিষ্ট হব।
৪। Land Bank ৰ বাবে গ্ৰহন কৰা ভূমিৰ বৰ্তমানৰ ৰাজহ আৰু পিছলৈ হব পৰা ৰাজহও এক  তুলনামূলক অধ্যয়ন কৰিব লাগিব।

৫। Land Bank ৰ সকলো তথ্য real time হব লাগিব আৰু ইয়াৰ লগতে সকলোৰে বাবে সহজতে উপলব্ধ (online) হব লাগিব।

এতিয়া কথা হ'ল এই ব্যৱস্থাৰ কিছু ঋনাত্মক দিশও আছে, এই ক্ষেত্ৰত চৰকাৰী পক্ষ সাৱধান হোৱাৰ খুবেই প্ৰয়োজন আছে, নহ’লে হিতে বিপৰীত হোৱাও অৱকাশ আছে। আগতে উল্লেখ কৰা দৰে Land Banking ব্যৱস্থাত তিনিটা পক্ষ পোনপটীয়াকৈ জড়িত হৈ থাকে; ব্যক্তিগত মাটিৰ মালিক, Land Bank ৰ মালিক অথাৎ চৰকাৰী পক্ষ আৰু উদ্যোগ স্থাপন কৰিব বিচৰা চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠান। গতিকে  এই ব্যৱস্থাক গতিময় কৰি ৰাখিবলৈ তিনিটাৰ পক্ষৰ মাজত এক সমতুল্য সৰ্ম্পক গঢ়ি তুলিব লাগিব। ইয়াৰ বাবে তলত কিছু পৰামৰ্শ আগবঢ়োৱা হ’ল,

১। ব্যক্তিগত ভূমি অধিগ্ৰ্হন কৰা ক্ষেত্ৰত চৰকাৰৰ সুস্পষ্ট নীতি থাকিব লাগিব, দুখীয়া ৰাইজ এইক্ষেত্ৰত ভুক্তভুগী হব নালাগিব।

২। মাটি লিজত লোৱা বা বিক্ৰী কৰা ক্ষেত্ৰত চৰকাৰী নীতি স্বচ্ছ হব লাগিব আৰু এই ক্ষেত্ৰত কেনেধৰণৰ আইনী ব্যৱস্থা গ্ৰ্হন কৰা হব সেই কথাও স্পষ্ট হব লাগিব।

৩। চৰকাৰী মাটি বেদখল মুক্ত কৰিবলৈ কঠোৰ চৰকাৰী আইন বলবৎ কৰিব লাগিব।

ওপৰোক্ত আলোচনা পৰা যদিহে ধৰি লোৱা হয় অসমত এটা Land Bank গঠন কৰা হল, তেন্তে এতিয়া আহিব চৰকাৰৰ মুখ্য কাম “পৰিকল্পনা” অৰ্থাৎ চৰকাৰে অসমৰ সামগ্ৰিক উন্নতি বাবে কেনেধৰণৰ উদ্যোগ নীতি গ্ৰহন কৰে সি হব ৰাজ্যখনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এই ক্ষেত্ৰত মোৰ বোধেৰে ইতিমধ্যে যথেষ্ট গৱেষণা কৰা হৈছে আৰু পৰিকল্পনাৰ আঁচনিও প্ৰস্তুত কৰা হৈছে। তেনে এক পৰিকল্পনা হ’ল “ INDUSTRIAL & INVESTMENT POLICY OF ASSAM, 2014”, এই পৰিকল্পনা ০১/০৩/২০১৪ তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে আৰু ইয়াৰ কাৰ্য্যকাল ০৫ বছৰ অথাৎ ২৮/০২/২০১৯ ইয়াৰ ম্যাদ অন্ত পৰিব। এই পৰিকল্পনা নীতিত অসমত উদ্যোগ স্থাপনৰ সম্ভাৱনীয়তা ওপৰত বিস্তৃত আলোচনা আগবঢ়াইছে আৰু ইয়াৰ বাবে সময় উপযোগী আঁচনিও প্ৰস্তুত কৰিছে। আমি ভাবো এইক্ষেত্ৰত আকৌ আলোচনা কৰা প্ৰয়োজন নাই, বৰঞ্চ ইয়াক কাৰ্য্যকৰী কৰাতহে গুৰুত্ব দিব লাগে। তথাপিও আমাৰ মনত অহা কিছু ভাৱ তলত ব্যক্ত কৰিলোঁ,

ক। নতুন চৰকাৰে কৃষি ভিত্তিক আৰু মনিক/আকৰ ভিত্তিক উদ্যোগ স্থাপনত গুৰুত্ব দিব লাগে।

খ। বৃহৎ উদ্যোগৰ পৰা উৎপাদিত সামগ্ৰীৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ভটিয়নী উদ্যোগ গঢ়াত চৰকাৰে গুৰুত্ব দিব লাগে।

গ। উদ্যোগীকৰণৰ ফলত হব পৰা প্ৰদূষণ নিয়ন্ত্ৰত চৰকাৰ কঠোৰ হব লাগে, সঠিক Environmental Impact Assessment ৰূপায়ণত চৰকাৰে গুৰুত্ব দিব লাগে।

ঘ। ব্যক্তিগত ঔদ্যোগিক প্ৰতিষ্ঠান সমূহক সামাজিক দায়বদ্ধতা পালন কৰিবলৈ কঠোৰ চৰকাৰী নিদেৰ্শনা থাকিব লাগে। 

ঙ। সদৌ শেষত উদ্যোগীকৰণৰ সহায়ত অসমৰ নিবনুৱা সমস্যা সমাধান কৰিবলৈ চৰকাৰে অসমত এক বিজ্ঞান সন্মত নতুন নিয়োগ নীতি প্ৰৰ্ৱতন কৰিব লাগে।



যিহেতুকে অসমৰ মাননীয় উদ্যোগ মন্ত্ৰীয়ে ইতিমধ্যে ঘোষনা কৰিছে যে বৰ্তমান সময়ত অসমত ২,১০০ বিঘা Land Bankৰ বাবে উপযোগী মাটি আছে, আমি আশাকৰোঁ সঠিক পৰিকল্পনাৰে আগবাঢ়িলে এই স্ংখ্যা আৰু বাঢ়িব আৰু অসমৰ ঔদ্যোগিক ক্ষেত্ৰলৈ LAND BANKING ব্যৱস্থাই এক নতুন জাগৰণ আনিবলৈ সক্ষম হব, যাৰ ফলত অনাগত দিনত অসমৰ জনমূৰি আয় বৃদ্ধিৰ লগতে অসমৰ নিবনুৱা স্ংখ্যা হ্ৰাস পাব।

No comments:

Post a Comment