চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
সাম্প্ৰতিক সময়ত সাহিত্য সভাই কোনখিনি কামক কৰণীয় বুলি ভ‌ৱা উচিত?
অৰুণজ্যোতি দাস
“এসময়ত ‘অসম সাহিত্য সভা’ নামৰ অনুষ্ঠানটি অসমৰ ৰাইজৰ হিয়াৰ আমঠু আছিল।”- কথাফাঁকি লিখোতে বৰ্তমান কালত লিখিবলৈ লৈও কোনো এক সংকোচবোধেৰে ইয়াক কে‌ৱল অতীত কালৰ বাক্যৰূপেই মানি ল’বলৈ বাধ্য হ’বলগীয়াত পৰিছো । ই অতি দু:খজনক সত্য যে, বৰ্তমানে অসম সাহিত্য সভাই যিদৰে অসমৰ খিলঞ্জীয়া ৰাইজৰ আদৰ আৰু বিশ্বাসৰ পাত্ৰ হ’ব পাৰিব লাগিছিল, সেইদৰে কোনো এক আস্থাভাজন বলিষ্ঠ স্থিতি ল’ব পৰা হো‌ৱা নাই । বাৰু সেয়া যিয়েই নহওঁক বা কেৰোণ য’তেই নালাগক, তাৰ কাৰণসমূহ ফঁহিয়াই দোষ-ত্ৰুতিৰ হিচাপ ল’বলৈ যো‌ৱা অথবা কৈফিয়ৎ তলব কৰাটো আমাৰ উদ্দেশ্য হো‌ৱা উচিত নহয় । বৰঞ্চ, মাতৃভাষাটোৰ এই দুৰ্যোগময় সময়ত ভাষাটোৰ জনপ্ৰিয়কৰণ, প্ৰসাৰ আৰু প্ৰচাৰ, বিশুদ্ধতা সংৰক্ষণ ইত্যাদিৰ ক্ষেত্ৰত অসম আৰু অসমীয়াৰ স্বাৰ্থত সাধাৰণ জনতাৰ ব্যক্তিগত প্ৰচেষ্টাক সম্মিলিত কৰি অসম সাহিত্য সভাই কিদৰে কিছু ইতিবাচক পদক্ষেপেৰে আগু‌ৱাই যো‌ৱাৰ সোপান ৰচিব পাৰে সেই কথাহে আমি বিচাৰ কৰি চো‌ৱা উচিত ।


সাহিত্য সভাই অনাগত বছৰত ইয়াৰ প্ৰতিষ্ঠাৰ শতবৰ্ষ উদযাপন কৰিব । সভাৰ লগত জড়িত থকা আৰু  ভাষাটোক ভালপো‌ৱা প্ৰতিজন অসমীয়াৰ বাবে নি:সন্দেহে ই এটা অতি গৌৰ‌ৱময় বাৰ্তা । সৌ তাহানিতেই পদ্মনাথ গোঁহাঞিবৰু‌ৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰু‌ৱাদে‌ৱৰদৰে পুৰোধা ব্যক্তিসকলৰ সাহিত্য-চৰ্চা আৰু আনুসংগিক কাৰ্যপন্থাৰে যিদৰে অসমত এক বৌদ্ধিক জাগৰণৰ সূচনা কৰি জাতিটোক নতুন দিগন্তৰ মুখ দেখু‌ৱাইছিল, সেই ধাৰা বৰ্তমানে স্তিমিত হৈ আহি শূণ্যসম হৈছেহি বুলি ক’লেও অত্যুক্তি কৰা নহ’ব । অ‌ৱশ্যে এই কথা স্বীকাৰ নকৰাকৈ থাকিব নো‌ৱাৰি যে যো‌ৱা দশকটোত সাহিত্য সভাই নাই বুলি ক’লেও সৰু-বৰ কেইবাটাও প্ৰকল্প সম্পাদন কৰিছে । স্মৃতিগ্ৰন্থ, অভিধান, প্ৰ‌ৱন্ধ-পাতি ইত্যাদি প্ৰকাশৰ উপৰিও সাহিত্য সভাই কেইবাটাও বঁটা প্ৰদান, কবি-সন্মিলন, অভিবৰ্তন, কৰ্মশালা আদি সময়ে-সময়ে অনুষ্ঠিত  কৰি আহিছে । ভাষা-আইনৰ সমৰ্থনত সাহিত্য সভাই মাজে-সময়ে ভিন্ন ঠাইত চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানক অসমীয়া ভাষাত নামফলক আঁৰিবলৈ অনুৰোধ কৰাও পৰিলক্ষিত হৈছে । তাৰোপৰি শেহতীয়াভা‌ৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত থলু‌ৱা সম্প্ৰদায়ৰ মানুহখিনিক পোনপটীয়াভা‌ৱে তালিকাত সন্নিবিষ্ট কৰিবলৈও সভাই মাননীয় উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছে । এই সকলোখিনিৰ উৰ্ধত আমি ভা‌ৱোঁ যে বৰ্তমান সময়ত সাহিত্য সভাৰ ওচৰত আন কিছু কৰণীয়ও আহি পৰিছে । প্ৰচলিত পৰম্পৰাৰে সভাই লিখা-লিখি কৰি যি অলপ কাম-কাজ কৰি আহিছে, সেই একেখিনিকে দোহাৰি থকাৰ সময় বৰ্তমানে নাই । কাৰণ, বৰ্তমান যুগটো‌ৱেই হৈছে এনেকু‌ৱা যে তথ্য-প্ৰযুক্তিৰ উপলব্ধতা আৰু যু‌ৱ-প্ৰজন্মৰ বেপৰু‌ৱা স্বভা‌ৱে কোনো এটা অনুষ্ঠান বা সংগঠনে ‘ধীৰ গতি’ৰে বা সুপ্তভা‌ৱে কৰি থকা কিবা এটা কামক কাহানিও উপযুক্ত মান্যতা নিদিয়ে আৰু তাৰ ফলতেই তেনে সৎ প্ৰচেষ্টাও কাহানিবা স্তিমিত হৈ পৰা দেখা যায় । গতিকে সাম্প্ৰতিক সময়ত সভাই জাতিটোৰ হৈ, ভাষাটোৰ হৈ কিবা এটা কৰিবলৈ যদি ইচ্ছা কৰে, তেন্তে তেনে প্ৰকল্প এটাৰ ৰূপায়ণৰ পন্থা কিছু উন্নত হ’ব লাগিব । অ‌ৱশ্যে আমি ইয়াৰদ্বাৰা এইটো কাহানিও বুজাব খোজা নাই যে সভাই নিজা উন্নয়ন পূঁজি বৃদ্ধিৰ বাবে কোনো ৰাজনৈতিক নেতাৰ ওচৰত হাত পাতিব লাগিব । সমজু‌ৱা কাম-কাজত যথেষ্ঠ পা-পইচাৰ প্ৰয়োজন হয়, সেই কথা ঠিক । কিন্তু সেইবুলিয়ে কে‌ৱল লক্ষ লক্ষ টকা হাতত থাকিলেই যে যিকোনো অনুষ্ঠানে, বা যিকোনো নেতাই সমাজৰ হিতৰ বাবে, জাতিটোৰ মংগলাৰ্থে তাক প্ৰকৃতাৰ্থত কামত লগাব পাৰিব তাতো যথেষ্ট সন্দেহৰ অ‌ৱকাশ থাকে । কাৰণ, পৰিকল্পনাবিহীন আঁচনিত সদায় ধন আৰু মান‌ৱ-সম্পদৰ অপব্য‌ৱ‌হাৰৰ সুৰুঙা থাকি যায় । ইয়াৰোপৰি নি:স্বাৰ্থভা‌ৱে কাম কৰিবপৰা দহোজন মানুহ বিচাৰি উলিও‌ৱাটোও আজিৰ সময়ত এক দু:সাহস ।

আজিৰ ইন্টাৰনেট-সৰ্বস্ব বিশ্বায়ন-ধাৰণাৰ সময়ত, পৃথি‌ৱীত একোটা জাতিয়ে নিজৰ পৰিচয় প্ৰতিষ্ঠাৰ বাবে প্ৰযুক্তিৰ থলু‌ৱাকৰণক এটা মুখ্য আহিলা হিচাপে গণ্য কৰিছে । ইয়াৰ বাবেই অসমীয়া ভাষাটোক কে‌ৱল কাগজে-কলমেই নহয়, কম্পিউটাৰ-ইন্টাৰনেটেৰেও বিশ্ববাসীৰ আগত উদঙাই দিয়াটো আমাৰ কাৰণে এক প্ৰাৰম্ভিক লক্ষ্য হো‌ৱা উচিত । আৰু এইখিনিতেই এটা সমস্যাৰ উদ্ভ‌ৱ হৈছে যিটোৰ স‌ৱিশেষ হয়তো সাহিত্য সভাৰ দৰে বৰ্ষীয়মান অনুষ্ঠান এটাৰ বিষয়-ববীয়াসকলে বিশেষভা‌ৱে গম নাপায় বা তেৰাসকলে ইয়াক গভীৰভা‌ৱে বুজিব পৰা হো‌ৱা নাই । সমস্যাটো হৈছে এয়ে যে ভাষা সমূহৰ মান্যতা প্ৰদানকাৰী সংস্থা ‘য়ুনিকোড কনচৰ্টিয়ামে’ অসমীয়া ভাষাটোক বাংলাৰে অপভ্ৰংশ বুলি ভা‌ৱি ইয়াক স্বকীয় সুকীয়া ভাষা হিচাপে স্বীকৃতি দিয়া নাই । এই স্বীকৃতি অবিহনে ইন্টাৰনেটত যদিও অসমীয়াত লেখা-মেলা সম্ভ‌ৱ হ’ব, তথাপি কিন্তু ভাষা হিচাপে ই ‘বাংলা’ ভাষাৰে অন্তৰ্ভুক্ত হৈ থাকিব । যিসময়ত বাংলাৰ সমানে সমানে মূলত: সংস্কৃতৰপৰাই উদ্ভ‌ৱ হৈ বি‌ৱৰ্তনৰ নানানটা স্তৰ বাগৰি অসমীয়া ভাষাটো আজিৰ এই সুমধুৰ মসৃণ এটি ভাষালৈ ৰূপান্তৰিত হৈছে, য’ত কে‌ৱল বৰ্ণ আৰু কিছু শব্দাৰ্থৰ সাদৃশ্যৰ বাদে বাক্য-গাঁঠনিত সম্পূৰ্ণ ভিন্নতা প্ৰকটমান, যি ভাষাৰে মান‌ুহৰ হৃদয় আলোড়িত কৰা হাজাৰ-বিজাৰ গ্ৰন্থ ৰচিত হৈ আহিছে-  তেনে এটা ভাষাক অন্য ভাষাৰে ধৰু‌ৱা বুলি অপবাদ দি নিজস্ব স্থান আৰু মান নিদিয়াটো জাতিটোৰ বাবে এক অসহনীয় গ্লানি । এই গ্লানিৰ বিপক্ষে যুঁজি জাতি তথা ভাষাটোক উদ্ধাৰৰ বাবে ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাৰ উপৰিও মূলত: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ফালৰপৰা সেই কনচৰ্টিয়ামলৈ কিছু হেঁচা তথা ন্যায্য স্বীকৃতি বিচাৰি দাবী জনো‌ৱাৰ প্ৰয়োজন আছে । গতিকে এইখিনিৰ বাবে কিছু প্ৰশাসনীয় তৎপৰতাৰ দৰকাৰ । বৰ্তমানে সাহিত্য সভাৰ লগত বিশেষ ঘনিষ্ঠ সম্পৰ্ক নথকা কেইজনমান ভাষাপ্ৰেমী গ‌ৱেষকেহে এই কামটোত জড়িত হৈ দেহে-কেহে লাগি আছে । অথচ অসম সাহিত্য সভা হ’ব লাগিছিল এনে এটা অনুষ্ঠান যিয়ে এই য়ুনিকোডৰ ক্ষেত্ৰত বিশ্বত অসমীয়া ভাষাটোক স্বীকৃতি দিয়াবৰ বাবে আৰম্ভ হো‌ৱা বিপ্ল‌ৱৰ গুৰি বঁঠা মাৰিব পাৰে । আমাৰ বোধেৰে সভাই পতাকা উত্তোলনেৰে অভিলেখ গঢ়া , সমবেত সংগীতেৰে আকাশ-বতাহ কঁপাই তোলা , পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সুৰ বজো‌ৱা, ন‌ৱ-প্ৰজন্মক সশ্ৰদ্ধ আদৰণি জনো‌ৱা, দেশৰ মাটিত বিশ্বজয়ৰ সমন্বিত শব্দ-ঝংকাৰ তোলা ইত্যাদি কে‌ৱল চিত্তোকৰ্ষক কাৰ্যসূচীৰে নিজকে নিজে বাহ্ বাহ্ দিয়াৰ সলনি এনে কিছু গুৰুত্বপূৰ্ণ কাম-কাজতহে মনোনি‌ৱেশ কৰা উচিত ।

প্ৰযুক্তিৰ কথা ক’বলৈ লওঁতে আৰু এটি উপাদানৰ কথা উল্লেখ নকৰিলে নহ’ব । সি হৈছে দূৰদৰ্শনৰ নিউজ চেনেল । ডাঁৰৰ বাতৰি ডাঁৰে সম্প্ৰচাৰ কৰিবলৈ দেশত বৰ্তমানে নিউজ চেনেলৰ অভা‌ৱ নো‌হ‌ো‌ৱা হ’ল । কাৰোবাৰ ঘৰত মাজৰাতি কেঁচু‌ৱাই কান্দিলেও, ৰাষ্টাৰ কুকুৰকেইটাই বৰকৈ ভুকিলেও আজিকালি অসমৰ ৰাইজে সেয়া ‘ব্ৰেকিং নিউজ’ হিচাপে পাবপৰা অ‌ৱস্থা এটা হ’ল । প্ৰগতিৰ নিচান উৰু‌ৱা এই চেনেলসমূহে ব্য‌ৱসায়িক মুনাফা লুটাৰ মোহত বন্দী হৈ বাতৰিৰ নামত এশ এবুৰি ভুল শব্দৰ লিখিত ৰূপ তথা বিকৃত উচ্চাৰণ প্ৰচাৰ কৰি বৰ্তমানে অসমীয়া ভাষাটোৰ শৰাধ পাতিছে । দূৰদৰ্শনৰ পৰ্দাত “সুধি”ৰ সলনি “সোধি”, “কাইলৈ”ৰ সলনি “অহা-কালি”, “কালি”ৰ সলনি “যো‌ৱাকালি”, “২ বজাৰ অনুষ্ঠান”ৰ সলনি “২টাৰ অনুস্থান ”,  “ওফণ্ডি উঠিছে”ৰ সলনি “উফণ্ডি উঠিছে” ইত্যাদি ভুল শব্দ দেখি দেখি আমাৰ ন-শিকাৰু কণমানিহঁতেও এনেদৰেই শিকিবলৈ লৈছে । মাতৃভাষাটোৰ এইহেন দুৰ্গতিৰ সময়ত এনে বিষয়বোৰত চৰকাৰে যদি চকু মুদা কুলিৰ ৰূপ লৈ মৌনতা অ‌ৱলম্বন কৰে , তেন্তে সাধাৰণ জনতাইনো কাৰ ভৰসাত মাতৃভাষাটোৰ ভ‌ৱিষ্যত সুৰক্ষিত বুলি আশ্বাসিত হ’ব পাৰিব ? ভা‌ৱি চালে ব্য‌ৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ এইহেন মইমতালিক নাকী লগাবৰ বাবে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান এটাক বাদ দি আন কোনো অনুষ্ঠান জানো উপযুক্ত হ’ব পাৰে ? কিন্তু সাহিত্য সভাই এইহেন জ্বলন্ত বিষয়তো আজিকোপতি নিমাতে থাকি অপদাৰ্থ বুলি নিজকে প্ৰমাণিত কৰি আহিছে । চৰকাৰী কাৰ্যালয়ৰ নথি-পত্ৰ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামফলক, বেনাৰ, চাইনবোৰ্ড ইত্যাদিত ইংৰাজী বা হিন্দী ভাষাৰ লগতে মূল শিৰোনামাসমূহ অন্ত:ত  অসমীয়াত লিখাৰ বাবে সভাই মাজেসময়ে খবৰ-কাগজত গোহাৰি অথবা দে‌ৱালে দে‌ৱালে পোষ্টাৰ লগো‌ৱা দেখা যায় । কিন্তু আমি নাভা‌ৱোঁ যে আজিৰ দিনত কে‌ৱল অনুৰোধ বা অনুনয়-বিনয়েৰে এনে এটা কাম সমাধা কৰিব পৰা যাব । গতিকে ল’ৰা-ছো‌ৱালীয়ে দুষ্টামী কৰিলে যিদৰে আমি দুই-এটা কাণ-চেঁপাৰেও সিহঁতক শিকনি দিও, সেইদৰেই অনুষ্ঠান-প্ৰতিষ্ঠানে এই অনুৰোধ অ‌ৱজ্ঞা কৰিলে আইনগত ব্য‌ৱস্থাৰে অথবা উচ্চস্তৰীয় প্ৰশাসনীয় নিৰ্দেশনা জাৰিৰে হ’লেও সেই কামফেৰা সাহিত্য সভাই কৰাব পৰাৰ যোগ্যতা অৰ্জন কৰিব লাগিব । অ‌ৱশ্যেই স্বীকাৰ কৰিব লাগিব, অন্ত:কৰণেৰে ভাষাটোক ভালপো‌ৱা মানুহৰ সংখ্যা ক্ৰমাগতভা‌ৱে হ্ৰাস পো‌ৱা বাবেই স্বভাষাপ্ৰীতিৰ এই সামান্যতম উদাহৰণটিও আজিকোপতি অসমীয়া মানুহে স্বত:স্ফুৰ্তভা‌ৱে দেখু‌ৱাবলৈ সমৰ্থ হো‌ৱা নাই ; যিটো সঁচাকৈয়ে কিছু হাতাশাজনক ।

সাহিত্য সভাই বহল পৰিসৰেৰে যদি নিজৰ কৰ্মদলত আজিৰ যু‌ৱ-প্ৰজন্মক আকৰ্ষিত কৰি সন্নিবিষ্ট কৰি ল’ব পাৰে, তেন্তে অনাগত সময়ত ‘অসম সাহিত্য সভা’ অসমৰ এক অন্যতম শক্তিশালী জাগৰণকাৰী অনুষ্ঠান হিচাপে পৰিগণিত হ’ব । ইয়াৰ বাবে ন-প্ৰজন্মৰ কাষ চাপি তেওঁলোকৰ মতামতক মূল্য দিয়া আৰু উপযুক্ত দায়িত্ব অৰ্পণ কৰাটোও সাহিত্য সভাৰ জনপ্ৰিয়কৰণৰে এক পন্থা হ’ব পাৰে । তাৰ বাবে সাহিত্য সভাৰ বিষয়ববীয়াসকলে কিন্তু নিজৰ আওপুৰণি চিন্তাধাৰাৰ আ‌ৱৰণি গুচাই চ’চিয়েল মেডিয়াৰ যোগেদি প্ৰচাৰ চলো‌ৱাৰদৰে প্ৰযু্ক্তিগত পদ্ধতিকো আঁকো‌ৱালি ল’বলৈ কুন্ঠাবোধ কৰিব নালাগিব ।  সেই হিচাপত চাবলৈ গ’লে সাহিত্য সভাই অসমীয়া ভাষাটোৰ ‘ডিজিটেল’ সংস্কৰণকো চকু-কাণ ফুৰাব লগীয়া পাৰিপাৰ্শ্বিকতা এটা বৰ্তমানে সৃষ্টি হৈছে । খুব বেছি দীঘলীয়া নকৰি দুটিমান এনে দায়িত্বৰ কথা যদি সংক্ষেপে উল্লেখ কৰো তেন্তে সেই তালিকাত সোমাব- ১) অসমীয়া সাহিত্যৰ উল্লেখনীয় গ্ৰন্থৰাজী আটোমটোকাৰীকৈ অনন্ত কালকৈ অক্ষত অ‌ৱস্থাত সংৰক্ষণ কৰাৰ স্বাৰ্থত আৰু বিশ্বৰ ভিন্নপ্ৰান্তৰ অসমীয়া বা অসমীয়া-ভাষাপ্ৰেমী তথা গ‌ৱেষকসকলে থাউকতে পাব পৰাৰ বন্দো‌ৱস্ত হো‌ৱাকৈ এই গ্ৰন্থসমূহৰ য়ুনিকোড ৰূপান্তৰকৰণ তথা ‘ইন্টাৰনেট ‌ৱেব চাৰ্ভাৰ’ত ইয়াৰ উপস্থাপন । ২) ‘গুগল’ বা ‘য়াহু’ৰ দৰে চাৰ্চ ইঞ্জিনে মূহুৰ্তৰ ভিতৰত হাতৰ মুঠিতে অসমীয়া সাহিত্যৰ ভিন্ন পৃষ্ঠা খুলিব পৰাকৈ ‘অসমীয়া ‌ৱিকিপেডিয়া’ বা অন্য ই-আলোচনীসমূহত সাহিত্যৰ সমল বঢ়ো‌ৱাত গুৰুত্ব দিয়া । ৩) প্ৰথম অসমীয়া সতাঁৰ অভিধান ‘শব্দ ডট অৰ্গ’(www.xobodo.org) ক আনুষ্ঠানিক মান্যতা দিয়া আৰু ইয়াৰ অৰিহণাৰ ওপৰত নজৰ ৰখা ৪) ‘ড্য চানডে ইণ্ডিয়ান’ নামৰ আলোচনীখনে দেখু‌ৱাই দিয়া উদাহৰণেৰে অসমৰ পৰা প্ৰকাশিত সকলো বাতৰি কাকতৰ ইন্টাৰনেট সংস্কৰণবোৰত বাতৰিসমূহৰ আলোকচিত্ৰৰ সলনি ‘য়ুনিকোড’ৰ আখৰ ব্য‌ৱহাৰ কৰিবলৈ জোৰ দিয়া(অন্তৰ্নিহিত কাৰণ- চাৰ্চ ইঞ্জিনে আলোকচিত্ৰত থকা আখৰ বিচাৰি উলিয়াব নো‌ৱাৰে, অথচ য়ুনিকোডত লিখা আখৰ বিচাৰি পাব পাৰে) ৫)  বৰ্ণশুদ্ধি, ব্যাকৰণ আদিৰ প্ৰাথমিক জ্ঞান প্ৰতিজন অসমীয়াক শিকাবৰ বাবে অতি কাৰ্যক্ষম মাধ্যম হিচাপে চ’চিয়েল মেডিয়াক ব্য‌ৱহাৰ কৰা ইত্যাদি । এই কাৰ্যা‌ৱলীসমূহ ৰূপায়নৰ ক্ষেত্ৰত সভাৰ বিষয়ববীয়াসকলে প্ৰয়োজন সাপেক্ষে প্ৰযুক্তি-বিশাৰদৰপৰা কাৰিকৰী প্ৰশিক্ষণ ল’ব পাৰে  আৰু ঠায়ে ঠায়ে শিবিৰ অনুষ্ঠিত কৰি ন-প্ৰজন্মক কামবোৰৰ প্ৰতি উছাহ জগাব পাৰে ।

ক’ব পাৰি, অনুৰাগী আৰু স্বেচ্ছাসে‌ৱীৰ অভা‌ৱতে জিলাসমূহৰ ভিন্ন ঠাইত পূৰ্বে গঠিত শাখা সাহিত্য সভাসমূহো বৰ্তমানে কে‌ৱল নমৰিহে জীয়াই আছে । এই শাখাসমূহ পুণৰোজ্জী‌ৱিত হৈ উঠিবলৈ সভাই প্ৰত্যেককে যোগাত্মক আৰু জনতা-সহযোগী কাৰ্যপন্থা হাতত ল’বলৈ নিৰ্দেশ দিব পাৰে । গাঁৱে-ভূঞেঁ সভাই অসমীয়া হাতৰ-আখৰৰ প্ৰশিক্ষণ দিয়া, সংস্কৃত ভাষাৰ আদিপাঠ দিয়া, ৰচনা-প্ৰবন্ধ লিখাৰ কৌশল শিকো‌ৱা, ছাত্ৰ-ছাত্ৰীক ভাষা-জ্ঞান প্ৰদান কৰা, শিক্ষানুষ্ঠানত শ্ৰেষ্ঠ সাহিত্যিক বাছি উলিও‌ৱা ইত্যাদি নানান তৃণমূল পৰ্যায়ৰ পদক্ষেপ হাতত ল’ব পাৰে । এক কথাত, ঘৰে ঘৰে চাহৰ জুতি আৰু ৰাজনীতিৰ আলোচনাৰে কবিতা-মেল পতাতকৈ আমি ক’ম যে সাহিত্য সভাই গুণগত কবিতাৰ বৈশিষ্ট, ধাৰা, অন্য ভাষাৰ কবিতাৰ মান ইত্যাদি বিষয়ত আলোচনা পতাটোহে আমাৰ কাম্য । ইয়াৰোপৰি কিছু আগু‌ৱাই গৈ সাহিত্য সভাই আধুনিক শিক্ষাৰ মান আৰু পদ্ধতি সম্পৰ্কে আলোচনা, বিদেশৰ মাটিত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰশিক্ষণ, মানসম্পন্ন সাহিত্যৰ চৰ্চা আৰু সৃষ্টিৰ বাবে ন-পুৰুষক অনুপ্ৰেৰণা জগোৱা ইত্যাদি কাৰ্য হাতত ল’ব পাৰিলে খুবেই ভাল হ’ব বুলি আমি বিশ্বাস কৰোঁ।

অসম সাহিত্য সভাৰ সংবিধানত উল্লেখ থকা ইয়াৰ উদ্দেশ্যসমূহৰ ভিতৰত অন্যতম দুটি মান হৈছে-  “সংগীত, চিত্ৰবিদ্যা আৰু ভাস্কৰ্যবিদ্যাৰ উন্নতিসূচক কাৰ্য্য কৰা ”, “ সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিনিময় আচঁনি কাৰ্যকৰী কৰা ”, “সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায় দূৰ কৰা ” আৰু “ ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা ” । এই আটাইকেউটা বিষয়তে অসমৰ মানুহে অসম সাহিত্য সভাই চকুত পৰা ধৰণে কিবা অলপ-অচৰপ কাম কৰা দেখিবলৈ পালে নিশ্চিতভা‌ৱে সন্তোষিত হ’ব । সাহিত্য সভাই প্ৰাচীন সাহিত্য আৰু লোক-সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, প্ৰকাশ আৰু গ‌ৱেষণাৰ হেতু নিৰ্বাচিত কিছু ঠাইত চৰ্চা কেন্দ্ৰ স্থাপন কৰি ক্ষুদ্ৰ সংগ্ৰহালয় গঢ়ি তুলিব পাৰিলেও জাতিটো আৰু ভাষাটোৰ বাবে বহুজনে কৰি অহা অশেষ কষ্ট সাৰ্থক হ’ব বুলি ক’ব পাৰি । সাহিত্য অকাডেমীয়ে মাজে সময়ে অনুষ্ঠিত কৰাৰদৰে  ভাৰতৰ অন্য ৰাজ্যৰ বা বিদেশৰ সাহিত্যিকৰ সতে স্থানীয় সাহিত্যপ্ৰেমী তথা অনুৰাগীৰ মত-বিনিময়ৰ ব্য‌ৱস্থা এটা ছমাহে-বছৰেকে অনুষ্ঠিত কৰিব পাৰিলে আমাৰ সাহিত্য সভাইও বহু  শুভাকাংক্ষীৰ হৃদয় জয় কৰিবলৈ সমৰ্থবান হ’ব ।  সেইদৰে সাহিত্যৰ লগতে সংস্কৃতিৰ ক্ষেত্ৰতো অসমীয়াৰ প্ৰতি খোজৰ সতে সভাই নিজকে সংযোজিত আৰু প্ৰসাৰিত কৰিব পাৰিলে অতি শীঘ্ৰেই ই অসমীয়াৰ হেৰু‌ৱা আস্থা ঘুৰাই আনিব পাৰিব বুলি আমি অন্ত:কৰণেৰে বিশ্বাস কৰোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages