মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তৰুণ গগৈক জিৰণি লবলৈ দিয়ক
বুলন কুমাৰ শইকীয়া
অন্ধকাৰ এটা যুগৰ সমাপ্তিত ২০০১ চনত যেতিয়া তৰুণ গগৈয়ে শাসনৰ ভাৰ লৈছিল তেতিয়া কথা প্ৰসংগত মোৰ পিতৃয়ে কৈছিল এই মানুহজন চিধাচাধা৷ এওঁৰ পৰা শান্তি আশা কৰিব পাৰি ৷ পিতৃয়ে শান্তিৰ কথাহে কৈছিল দেই ৷ উন্নয়নৰ কথা কোৱা নাছিল ৷ কিন্তু কাৰ্যতঃ দুয়োটাই তেওঁৰ প্ৰথমটো কাৰ্যকালত আমি দেখিবলৈ পালো। ২০০১ চনত শাসনলৈ তৰুণ গগৈ অহাৰ পূৰ্বে মাহৰ দৰমহাটোৰ ওপৰত নিৰ্ভৰশীল অসম চৰকাৰৰ চাকৰিয়াল আমাৰ পিতৃৰ দুৰাৱস্থাটো দেখিছিলো ৷ সেইখিনি গগৈ চৰকাৰৰ দিনত সলনি হোৱাটোৱো দেখিলোঁ ৷ এতেকে তৰুণ গগৈৰ প্ৰতি আৰম্ভণিৰ সময়ত আমাৰ কোনো বিৰূপ ভাৱ সৃষ্টি হোৱা নাছিল ৷ 

কিন্তু পৰৱৰ্তী দুটা কাৰ্যকালৰ বাবে তেওঁ নিৰ্বাচিত হোৱাত অহংকাৰে মূৰত ধৰিলে মানুহজনক ৷ কথাই প্ৰতি পেংলাই কৰাৰ স্বভাৱ, অবাস্তৱ - অদ্ভূত যুক্তিৰে অহংকাৰী তৰুণ গগৈয়ে আমাক সকলোকে বাৰে বাৰে জোকাৰি গ’ল ৷ বিশেষকৈ ধৰ্মীয় সংখ্যালঘূ মাত্ৰেই গগৈৰ বাচ-বিচাৰ নোহোৱা ৰক্ষণাবেক্ষণ, তোষামোদকাৰীৰ দ্বাৰা পৰিৱেষ্টিত হৈ পৰিয়াল তান্ত্ৰিক ৰাজনীতিৰ আমদানি ( এইটো কথা মই দাবী কৰিব পাৰো যে ২০০৮ চনত গগৈ ডাঙৰীয়াক সম্ভৱতঃ অসমত ময়েই প্ৰথম সুধিছিলোঁ যে তেওঁ ৰাজনীতিলৈ পৰিয়ালৰ মানুহকো আনিব বিচাৰে নেকি ? সেইসময়ত গৌৰৱ গগৈৰ নাম উচ্চাৰিত হোৱা নাছিল ৷ তেওঁ দুখন সভাত ডলী গগৈক তেতিয়া লৈ অহা দেখিয়েই সেই প্ৰশ্ন মই কৰিছিলো ৷ সেয়া এক অন্য বিষয় ৷ ) , দুৰ্নীতিৰ সৈতে সহাৱস্থান ইত্যাদি একাধিক কাৰণত মানুহজনে ৰাইজৰ মনোযোগ হেৰুৱাবলৈ ধৰিলে ৷ যিজন তৰুণ গগৈয়ে ক্ষমতালৈ আহিয়েই পঞ্চায়ত নিৰ্বাচন পাতি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সদ্‌ভাৱ দেখুৱাইছিল সেই পঞ্চায়তৰে সৰহভাগ কালক্ৰমত হৈ পৰিল ক্ষমতাৰ নামত লুন্ঠনকাৰী এজেন্ট ৷ ইবিলাকৰ পৰিণতি তৰুণ গগৈয়ে বুজি পোৱালৈকে বহু পলমহৈ গ’ল ৷ তেওঁ এতিয়া ক্ষমতাৰ বাহিৰত ৷ কিন্তু ক্ষমতাৰ বাহিৰত থাকিও পোন্ধৰবছৰীয়া ৰাজ শাসনৰ আদৱ কায়দা তেওঁ হয়তো পাহৰা নাই ৷ যাৰ বাবে যেতিয়াই তেতিয়াই সংবাদ মেল আয়োজন কৰি মানুহজনে বিদ্ৰুপ - তামাছাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ ৰাজ্যৰ বানপানীৰ সময়ত তেওঁ ঘপককৈ কৈয়ে দিলে - মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁক দিয়া হওক ৷ সমস্যা তৎকালেই সমাধান কৰিব ৷ আকৌ মনত পেলাওক - ৰাজ্যৰ বিত্তীয় অৱস্থাৰ সম্পৰ্কত তেওঁ শ্বেতপত্ৰ প্ৰকাশ কৰিম বুলি কোৱা কথাষাৰলৈ ৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সেইবাৰ প্ৰায় উপলু্ঙাৰ সুৰতে ক’লে যে শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ তৰুণ গগৈ ক্ষমতাত যে নাই সেই কথা পাহৰি গৈছে ৷ এনে বহু উদাহৰণ বিগত সময়ছোৱাত সৃষ্টি হৈছে যাক একেষাৰে ক’ব পাৰি তৰুণ গগৈয়ে ইচ্ছাকৃতভাবেই নিজৰ বিদ্ৰুপ সংগ্ৰহৰ অভিযানত নামি পৰিছে ৷ ৰাকেশ পালক সংস্থাপিত আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত গগৈৰ যি ভূমিকা আছিল সেয়া বিশ্লেষণ কৰি গগৈৰ সমস্ত অৱদান আজিৰ তাৰিখত সাধাৰণীকৃত কৰা হৈছে৷ মুখ্যমন্ত্ৰী সোনোৱালে অলপতে ৰাজ্যৰ বাহিৰৰ পৰা চাৰ্টাড বিমানত উভতি অহাকলৈয়ো তেওঁ সংবাদমেল পাতি সমালোচনা কৰি তেওঁৰ কাৰ্যকালৰ হেলিকপ্টাৰ উৰণৰ চেলু উলিয়াইছে ৷ এইবোৰ আচলতে বৰ্ষীয়ান নেতাজনৰ বাবেই অত্যন্ত লাজৰ বিষয় হৈছে ৷ এই পৰিস্থিতিটোৰ পৰা ৰক্ষা পোৱাৰ দুটাই উপায় ৷ এক, তেওঁৰ বহুবল্কী স্বভাৱটো ত্যাগ কৰিব লাগিব যিটো তেওঁ কৰাৰ কোনো সুযোগ নাই ৷ দুই, তেওঁক জিৰণি ল’বলৈ দিয়া উচিত ৷ সম্ভৱ এই কামটো গগৈৰ পুত্ৰ পৰিবাৰ- বোৱাৰী সকলোৱে মিলি আৰু প্ৰয়োজনত তেওঁৰ দলৰ বাকীবোৰ নেতাৰ সহায়তো কৰিব পৰা যাব ৷ তৰুণ গগৈৰ পৰা বহুবল্কী স্বভাৱটো পৃথক কৰি চালে তেওঁৰ সমকক্ষ ৰাজনৈতিক বোদ্ধা-যোদ্ধা এজন সাম্প্ৰতিক ৰাজনীতিত আছে যেন নালাগে ৷ মুখ্যমন্ত্ৰীৰ আসনত থকাৱস্থাত গগৈয়ে মুকলিকৈ ইণ্ডিয়া টুডেত সাক্ষাৎকাৰ দিছিল - মোৰ দিনত উন্নয়নো হৈছে ৷ দুৰ্নীতিও হৈছে ৷ সৰ্বানন্দ সোনোৱালৰ সম্ভৱ তেনে সাহস নহ’ব ৷ কাৰণ বিজেপিৰ এজন সাংসদে খোদ নিজৰ চৰকাৰৰ মন্ত্ৰীৰ কমিছনৰ কথা উলিয়াওঁতে তাৰ কোনো বিচাৰেই নহ’ল বৰঞ্চ অভিযোগকৰ্তা সাংসদজনক মিছা বুলি প্ৰতিপন্ন কৰিবলৈহে নামি পৰিল ৷ তৰুণ গগৈৰ নেতৃত্বৰ বাবেই অসমত বিশ্ব মানৰ ক্ৰীড়াংগন হৈ উঠিল ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হ’ল। আজি কিন্তু অসমে দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে পৰিচয় পাবৰ বেলিকা সেইজন তৰুণ গগৈক লেখমানো স্বীকৃতি দিব বিচৰা নাই ৷ এনে এটা পৰিৱেশত যদি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনাৰ নামত কেৱল সমালোচনাকেই কৰি থাকে ( তাকো প্ৰেছ মীটত ) আমি অনুভৱ কৰোঁ তেওঁক যথাযথ স্বীকৃতিৰ পৰা বিপক্ষই আঁতৰাই থ’বলৈ আৰু সুযোগ পাব ৷ মই কংগ্ৰেছী সংস্কৃতিৰ প্ৰতি কোনোকালেই অনুৰক্ত নহয় আৰু নাছিলো ৷ কিন্তু তৰুণ গগৈৰ ক্ষেত্ৰত আজিকালি মোৰ প্ৰায়ে এটা কথা মনলৈ আহে ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ হৈ তেওঁ কৈছিল - আমাক ( কংগ্ৰেছক ) গ্ৰহণ কৰিলে মানুহ নমৰে ৷ পেটহে চলিব পাৰে ৷ কিন্তু তেওঁলোকক ( বিজেপিক) গ্ৰহণ কৰিলে মানুহ বচাৰ আশা নাই ৷

তৰুণ গগৈ শুদ্ধ নে অশুদ্ধ নিৰ্বাচনৰ পূৰ্বে কোৱা তেওঁৰ সেই কথাষাৰ মনত পেলালে প্ৰত্যেকেই বুজি পাব ইয়াত কিয় তেওঁক ৰাজনৈতিক বোদ্ধা-যোদ্ধা বুলি মুকলিকৈ কোৱা হৈছে ৷ সেয়ে কৈছো জ্ঞাতসাৰে এই মানুহজনে লাঞ্ছনা পোৱাটোৱেই শেষ কথা নহয় ৷ তৰুণ গগৈৰ বহু সীমাৱদ্ধতাৰ পাচতো সময়ে নিৰ্ণয় কৰিব মানুহজনৰ ভূমিকাৰ প্ৰকৃত স্বৰূপ ৷ অনুগ্ৰহ কৰি এতিয়া তেওঁক জিৰণি লবলৈ দিয়ক ৷

No comments:

Post a Comment