প্ৰতিবেদন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ছিপাঝাৰৰ হত্যাকাণ্ড, সাম্প্ৰদায়িক হিংসা আৰু উচ্ছেদঃ 
এক ক্ষেত্ৰ ভিত্তিক অধ্যয়ন
আশ্ৰাফুল হুছেইন
দৰং জিলাৰ ছিপাঝাৰৰ চৰাঞ্চলত দীৰ্ঘদিনৰে পৰা ইটো-সিটো জনগোষ্ঠীৰ সৈতে সুসম্পৰ্ক বৰ্তি থকা নাই। জনৈক অধিবক্তা উপমন্যু হাজৰিকা আৰু অন্যান্য হিন্দুৱানী সংগঠনৰ প্ৰত্যক্ষ প্ৰৰোচনাত চৰাঞ্চলত অল্পসংখ্যক জনগোষ্ঠী বিৰোধী শ্লোগান আৰু কাৰ্যক্ৰম নিখুঁত ভাবে চলি আছে। ইতিমধ্যে তাৰ অংশ স্বৰূপে সাধাৰণ কিছুমান কথা লৈয়েই কেইবাবাৰো বিভিন্ন অপ্ৰীতিকৰ ঘটনা সংগঠিত হৈছে।


এইবাৰ কুৰুৱা গাঁৱৰ আনন্দ দাস নামৰ ব্যক্তি এজন ২১ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থাকে আৰু ব্যক্তিজনৰ মৃতদেহটো ২৩ নৱেম্বৰ তাৰিখে কুৰুৱা চাপৰিৰ মাথাউৰিৰ কাষৰ পৰা ছিপাঝাৰ আৰক্ষী থানাই উদ্ধাৰ কৰে। ঘটনা সংক্ৰান্তত ফুহুৰাতলি গাৱৰ দিলবৰ আলী আৰু শুকুৰ আলীক সোধ-পোছ কৰিবলৈ নি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মৃতদেহটো উদ্ধাৰৰ পৰাই উপমন্যু হাজৰিকাৰ নেতৃত্বাধীন প্ৰব্ৰজন বিৰোধী মঞ্চ নামৰ সংগঠনৰ কৰ্মীয়ে এই হত্যা মিঞাই সংগঠিত কৰিলে বুলি প্ৰচাৰ তুংগত কৰিছিল। এনে প্ৰৰোচনামূলক প্ৰচাৰৰ ফলত ২৩ নৱেম্বৰ তাৰিখে সংখ্যালঘু সকলৰ কেইবাটাও ঘৰ ৰাইজে জ্বলাই দিয়ে। অন্যহাতে ভিডিঅ আৰু ভুক্তভোগী সকলৰ মতে পুলিচৰ উপস্থিতিতো ঘৰ জ্বলাইছে দুস্কৃতিকাৰীয়ে। এনে প্ৰত্যক্ষ সংঘাতৰ ভাবুকি উপমন্যু হাজৰিকাৰ সংগঠনে পূৰ্বৰ পৰাই দি আহিছিল আৰু এইবাৰ এক ৰহস্যজনক হত্যাকাণ্ডৰ সুযোগ লৈ এই মানুহখিনিৰ ওপৰত জপিয়াই পৰিছে।

উপমন্যু হাজৰিকাৰ স্তাৱক বাহিনীয়ে অতি দম্ভৰে প্ৰকাশ কৰিছিল যে- 'যদি দৰং প্ৰশাসনে চৰাঞ্চলত উচ্ছেদ কৰিলেহেঁতেন তেতিয়া হ'লে আনন্দ দাস জীয়াই থাকিল হেঁতেন'! এনে ধৰণৰ প্ৰৰোচনামূলক বাৰ্তাই ছিপাঝাৰ চৰাঞ্চলত উত্তেজনাপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছিল। দৰং জিলা প্ৰশাসনে এনে সাম্প্ৰদায়িক উন্মাদনাৰ পৰিৱেশ সৃষ্টি হৈ থকা জানিও তেওঁলোকে দমন কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। পূৰ্বৰে পৰা সাৰ-পানী পাই থকা সাম্প্ৰদায়িক শক্তিৰ ঘৃণাৰ ভাব তীব্ৰতৰ কৰা হ'ল ৰহস্যজনক হত্যাকাণ্ডৰ অতিপ্ৰচাৰৰ দ্বাৰা।

উল্লেখযোগ্য যে জনৈক অধিবক্তা উপমন্যু হাজৰিকা আৰু তেওঁৰ স্তাৱক বাহিনীয়ে ছিপাঝাৰৰ চৰাঞ্চলত এক সংঘাত বহু দিনৰে পৰা বিচাৰি আছিল, ইতিমধ্যে তেওঁলোকে কিছু পৰিমাণে সফলো হৈছে। সৰু-সুৰা ঘটনাক কেন্দ্ৰ কৰি ছিপাঝাৰত প্ৰায়ে উত্তেজনা বিয়পি থাকে, চৰাঞ্চলত বসবাস কৰা সকলক ইতিমধ্যেই শত্ৰু হিচাপে জনমানসত প্ৰতিষ্ঠা কৰিছে। উপমন্যু হাজৰিকা নেতৃত্বাধীন প্ৰব্ৰজন বিৰোধী মঞ্চ, প্ৰাক্তন আছু কর্মী সকলৰ একাংশ আৰু কিছু গেৰুৱা সংগঠনৰ লগতে বৰ্তমানৰ স্থানীয় আছুৰ নেতৃত্বৰ মতে ছিপাঝাৰৰ চৰাঞ্চলৰ ৭৭৪২০ বিঘা মাটি সন্দেহযুক্ত নাগৰিকৰ কবলত আছে। এই মাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰাৰ দাবী এই সংগঠন সমূহে পূৰ্বৰ পৰাই উত্থাপন কৰি আহিছিল। ইতিমধ্যে প্ৰায় এবছৰ পূৰ্বে শতাধিক পৰিয়ালক ফুহুৰতলী নামৰ গাঁৱৰ পৰা উচ্ছেদ কৰি অঘৰী কৰা হৈছিল। ইয়াৰ ওপৰিও চলিত বৰ্ষৰ নৱেম্বৰ মাহত কুৰুহা এলেকাতে আছু আৰু অন্যান্য সংগঠনৰ কিছু কর্মীয়ে আহি চৰাঞ্চলত নিজ-হাতে কিছুলোকক উচ্ছেদ কৰিছিল। যি কাম আইনে কৰিব পাৰে, কিন্তু সেয়া সংগঠন সমূহে আইন হাতত তুলি লৈ কৰি থকাটো সততে পৰিলক্ষিত হৈছে। ইপিনে উপমন্যু হাজৰিকাই সময়ে-সময়ে হাতে-কামে আহি চৰাঞ্চলৰ লোকৰ ঘৰ সমূহ উচ্ছেদ কৰি দিব বুলি ভাবুকি দি থাকে সংবাদমাধ্যম যোগে। অন্যহাতে এই উচ্ছেদৰ দাবী তোলা সকলৰ নেতৃত্বৰ জনৈক সত্য ৰাজবংশী নামৰ ব্যক্তি গৰাকীয়ে ছিপাঝাৰৰ চৰাঞ্চলত প্ৰশাসনে উচ্ছেদ নকৰিলে ১৯৮৩ চনৰ অসম আন্দোলনৰ সময়চোৱাৰ গণহত্যাৰ দৰে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি টেলিভিছনৰ বাতৰিৰ জৰিয়তে সকীয়াই দিছে। মনত ৰখা প্ৰয়োজন যে অসম আন্দোলনৰ পৰৱৰ্তী সময়ত যিসমূহ ঠাইত ব্যাপক গণহত্যা হৈছিল তাৰে এটা ঠাই আছিল চাউলখোৱা, বৰ্তমানৰ ছিপাঝাৰৰ পৰা সেই ঠাইৰ দূৰত্ব বৰ বেছি নহয়, ৮৩ হত্যাকাণ্ডৰ লগত কোন কেনেকৈ জড়িত আছিল সেয়া ভূ-ৰখা মহলে নিশ্চয় জানে। ইপিনে চৰাঞ্চলত বসবাস কৰা সকলৰ সকলো লোকেই গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ভূমিহীন হোৱাৰ লগতে বহুলোক ইয়াতে আছে যিসকল ৮৩ৰ ক্ষতিগ্ৰস্ত, কোনোবাই ঘৰ হেৰুৱাৰ লগতে হেৰুৱাইছিল পৰিয়ালৰ সদস্যসকলকো।

কুৰুৱা চাপৰিৰ এই সমগ্ৰ প্ৰক্ৰিয়াত ছিপাঝাৰ সমষ্টিৰ বিধায়ক আৰু সংঘ পৰিয়ালৰ বিশেষ প্ৰভাৱ আছে। বিধায়ক গৰাকীয়ে পূৰ্বতে চৰাঞ্চলৰ লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল যদিও যোৱা নিৰ্বাচনত বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা কৰাত চৰাঞ্চলৰ ৰাইজে তেওঁৰ সংগ এৰি দিয়াত খুবেই ক্ষুব্ধ তেখেত। ইপিনে সংঘ পৰিয়ালে আদর্শগত ভাবে মুছলমান সকলক ঘৃণা কৰাৰ এজেণ্ডা হিচাপে ছিপাঝাৰৰ চৰাঞ্চলতো তেওঁলোকে আদর্শগত ভাবেই কাম-কাজ চলাইছে। যিসকলৰ ভোটৰ জৰিয়তে বিধায়ক বিনন্দ শইকীয়াই পূৰ্বতে ৰাজনীতি কৰিছিল বৰ্তমান সেইসকল লোকক সন্দেহযুক্ত বাংলাদেশী বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰীলৈ চিঠি লিখি এই অঞ্চলত আৱাস যোজনা, এমজিএনৰেগা, বৈদ্যুতিকৰণ, বাট-পথনিৰ্মাণ আদি কৰি প্ৰায় সকলো উন্নয়নমূলক কাম-কাজ বন্ধ কৰি ৰাখিছে।

২৩ নৱেম্বৰত মৃতদেহ উদ্ধাৰ হ'ল এখন ছন-কঁহুৱা খেতিত। যি ঠাইডোখৰত মৃতদেহ উদ্ধাৰ হ'ল সেয়া গন্ধীয়া পথাৰত বসবাস কৰা সকলৰ কাষৰেই পথাৰ। মৃতদেহ উদ্ধাৰৰ দিনাই গধূলি প্ৰশাসনৰ তৰফৰ পৰা মাইক যোগে ঘোষণা কৰা হ'ল যে দুদিনৰ সময় দিয়া হ'ল আৰু এই দুদিনৰ ভিতৰত সকলোৱে চৰকাৰী মাটিৰ বেদখল এৰি দিব লাগে। যদিও প্ৰশাসনে দুদিনৰ সময় বান্ধি দিলে কিন্তু ৰহস্যজনক কাৰণত তাৰ পিছদিনাই ২৪ নবেম্বৰ শুকুৰবাৰে গাঁওখনত উচ্ছেদকাৰ্য চলালে। কোনো ধৰণৰ আগতীয়া নটিছ অবিহনে ৫টা জেছিপিৰে যি উচ্ছেদ চলালে তাৰফলত অলপ সময়ৰ ভিতৰতে অঘৰী হৈ পৰিল প্ৰায় ৪৫ টা পৰিয়াল। ঘৰৰ ভিতৰৰ পৰা প্ৰয়োজনীয় বস্তু সমূহো উলিয়াই আনিবলৈ সুযোগ নাপালে তেওঁলোকে। ইপিনে উচ্ছেদৰ এদিন পূৰ্বে যেতিয়া ৰাইজে আহি চৰাঞ্চলত ঘৰ-জ্বলাই দিছিল, চুৰমাৰ কৰিছিল, সেইসময়ত লুট-পাটৰ ঘটনাও সংগঠিত হৈছিল। কাগজ-পাতিৰ বাকচো অজ্ঞাত লোকে লুটি লৈ যোৱাৰ অভিযোগ পোৱা যায়। 

উল্লেখযোগ্য যে এইবাৰ উচ্ছেদ কৰা মাটিখিনি কোনো পি. জি. আৰ বা ভি. জি. আৰ মাটি নাছিল, মাটিখিনি সম্পূৰ্ণৰূপে চৰকাৰী খাচ মাটি। খাচ মাটিত জনগণে দখল কৰি থাকি পৰৱৰ্তী সময়ত ম্যাদীৰ বাবে আবেদন কৰা নিয়ম অৱশ্যয় আছিল। ইপিনে এই মাটি সমূহ পূৰ্বৰ দখলী সকলৰ পৰা ইয়াতে বৰ্তমানে বসবাস কৰা গৰাখহনীয়াগ্ৰস্ত আৰু সাম্প্ৰদায়িক আক্ৰমণৰ বলি সকলে ক্ৰয় কৰি লৈছিল। অন্যহাতে এতিয়াও কুৰুৱা, খলিহৈ, গন্ধীয়া পাথাৰ, কিৰিংবৰী গাঁৱৰ লোক সকলৰ বিক্ৰী নকৰা মাটি সমূহ লীজ, আধি বা বাগীত লৈ চৰুৱা কৃষক সকলে কৃষি কৰি আছিল। এইবাৰৰ উচ্ছেদৰ ফলত এই গাঁৱখনৰ লগতে নিকটৱৰ্তী গাঁৱৰ মানুহৰ প্ৰায় ৬০০ বিঘা মাটিৰ কৃষি নষ্ট কৰে। সৰিয়হ, জলকীয়া, বন্ধা কবি, ফুল কবি, মটৰ মাহ, বিলাহী, পানী লাও, ভূল, মূলা আদিৰ কৃষি চলি থকা অৱস্থাত এনেকৈ অনিষ্ট কৰাৰ ফলত কেইবা লক্ষাধিক টকাৰ লোকচান ভৰিব লগা হৈছে চৰবাসী উচ্ছেদিতই। 

আনন্দ দাসৰ হত্যাকাণ্ড: আনন্দ দাস হত্যাকাণ্ডৰ উচিত তদন্তৰ জৰিয়তে হত্যাকাৰীক চিনাক্ত কৰি কঠোৰতম শাস্তি দিয়াটো প্ৰতিজন উচ্ছেদিতই বিচাৰে। কিন্তু এটা ৰহস্যজনক হত্যাৰ ঘটনাৰ আলম লৈ ছিপাঝাৰ চৰাঞ্চলৰ কুৰুৱাৰ গন্দিয়া পথাৰত কৰা উচ্ছেদক মানি লব পৰা নাই ইয়াৰে উচ্ছেদিত সকলে। তেওঁলোকৰ ভাষ্য যে হত্যাৰ ঘটনাটোক সাম্প্ৰদায়িক ৰূপ দিয়া হৈছে, যাৰ পৰিণাম সমগ্ৰ চৰাঞ্চলত বসবাস কৰা সকলে ভুগিব লগা হৈ আছে। এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাও ৰহস্যজনক। কিন্তু কোনে হত্যা কৰিলে আনন্দ দাসক? আমাৰ ক্ষেত্ৰ অধ্যয়নত আমি কেতবোৰ কথা বিভিন্নজনৰ পৰা পৃথকে জানিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াৰে অন্যতম এটা প্ৰশ্ন আছিল আনন্দ দাসৰ সৈতে গন্ধীয়া পথাৰৰ লোকৰ সম্পৰ্কে কেনেকুৱা আছিল? সকলোৱে একমুখে কৈছিল অত্যন্ত ভাল সম্পৰ্ক আছিল, মানুহজনে মৃত্যুৰ আগলৈকে গন্ধীয়া পথাৰলৈ আহি থাকিছে, গাঁৱবাসীৰ লগত মিলা-মিছা কৰিছে। পাচলি আদিও কোনোবাই মৰমেৰে দিলে লৈ গৈছে। এই কথাবোৰৰ পৰা মন কৰিবলগীয়া যে মানুহজন অৱশ্যয় সৰবৰাহী আছিল। অন্য এটা দৃষ্টিকোনৰ পৰা আন কিছোঁ কথা- যি ঠাইত আনন্দ দাসৰ মৃত্যুদেহটো ২৩ তাৰিখে বিচাৰি পোৱা গ'ল সেই একেই স্থানতে তাৰ আগতেও তন্ন-তন্নকৈ বিচাৰি চোৱা হৈছিল মৃতদেহ, কিন্তু তেতিয়া মৃত্যুদেহটো তাত পোৱা নাছিল। পিছে সেই একেই স্থানতে তাৰ পিছদিনা মৃত্যুদেহটো কেনেকৈ পোৱা গ'ল? এয়া উচ্ছেদিত ৰাইজৰ প্ৰশ্ন। তেওঁলোকৰ আন এটা প্ৰশ্ন হ'ল- যদিহে আমাৰ গাঁৱৰ লোকে মানুহজনক হত্যা কৰিলে হেঁতেন তেন্তে কিজানি আমাৰ ঘৰৰ কাষত আনি মৃতদেহ পেলাই থৈ নগ'ল হেঁতেন। যিখিনি ঠাইৰ মানুহক উচ্ছেদ কৰা হ'ল তেওঁলোকৰ স্পষ্ট বক্তব্য যে আনন্দ দাসৰ মৃত্যুৰ চি বি আই তদন্ত হ'ব লাগে আৰু হত্যাকাৰীক বিচাৰি উলিয়াব লাগে। কিন্তু একেটা সময়তে প্ৰশ্ন উত্থাপন হয় আনন্দ দাসৰ হত্যাকাণ্ডৰ আঁৰত অন্য কিবা অংক আছে নেকি? যদি নাই তেন্তে হত্যাকাৰীক শাস্তিৰ দাবী নুতুলি চিধাই গৈ মিঞাৰ ঘৰ-বাৰীত আক্ৰমণ, অগ্নি সংযোগ আৰু উচ্ছেদ কিয়? আৰক্ষীৰ বাবে এতিয়া প্ৰত্যহ্বান যে, তেওঁলোকে আনন্দ দাসৰ হত্যাকাৰীক বিচাৰি উলিয়াই ভুক্তভোগী সকলক ন্যায় প্ৰদান কৰিব লাগে।

সন্দেহযুক্ত বাংলাদেশী প্ৰসংগ: মৰ্মান্তিক দৃশ্য! ইখনৰ পিছত সিখনকৈ ঘৰ ছিপাঝাৰৰ চাপৰিত জ্বলি আছিল ২৩ নৱেম্বৰ তাৰিখে, স্থানীয় ৰাইজে জ্বলাই আছিল। আইন শৃংখলা ৰক্ষাৰ বাবে আৰক্ষী আহি ইয়াতে উপস্থিত হৈছিল। তথাপিও কিন্তু ঘৰ জ্বলি আছিল, চুৰমাৰ কৰা হৈছিল। আৰক্ষীয়ে এজনকো গ্ৰেপ্তাৰ কৰা নাই! চেনেলৰ মতে এইয়া সন্দেহজনক নাগৰিকৰ ঘৰ। পুনৰ ২৪ নৱেম্বৰৰ ঘটনা অসমৰ গৰিষ্ঠ সংখ্যক সংবাদ মাধ্যমত দেখা গ'ল যে- ছিপাঝাৰত হেনো সন্দেহযুক্ত বাংলাদেশীক উচ্ছেদ কৰা হৈছে। এই গুজৱ প্ৰচাৰ প্ৰায় সংখ্যক সংবাদ মাধ্যমতে চলোৱা হৈছিল। ভাৰতীয় নাগৰিকক এইদৰে সন্দেহ কৰাৰ বাবে কেনে মানসিক চৰিত্ৰ এওঁলোকে লৈছে আমি নাজানোঁ! অৱশ্যে আমাৰ ওচৰত তাতে বসবাস কৰা প্ৰতিটো পৰিয়ালৰ সমূহ তথ্য মজুত আছে। এই নিবন্ধৰ জৰিয়তে প্ৰত্যাহ্বান যে তাতে সন্দেহ কৰা সকল বাংলাদেশী নে ভাৰতীয় তাৰ প্ৰমাণ লাগে। আমি বুজি নাপাওঁ চৰাঞ্চলত বসবাস কৰা সকলক কিহৰ ভিত্তিত সন্দেহযুক্ত কৰা হয়! মাত,কথা আৰু পোছাক নেকি? ইতিপূৰ্বেও একেই অপবাদ দি অনেক ঠাইত উচ্ছেদ কৰা হৈছিল কিন্তু তাৰে এজনো বাংলাদেশী ওলাল নে? সন্দেহজনক বাংলাদেশী মানে বিদেশী নহয় বুলি অসমীয়া মানুহে বুজি উঠিছে। অসমৰ একাংশ সংবাদ মাধ্যমে অতি সচেতন ভাৱেই বংগমূলীয় মিঞা মুছলমান সকলক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰে। ইয়াৰ মূল কাৰণ হৈছে অতি কম শিক্ষিত, ইতিহাস, ভূগোল আৰু সংবিধানৰ জ্ঞান নথকা লোকৰ সংখ্যা সংবাদ মাধ্যমত বৃদ্ধি পাইছে। তেওঁলোকে সাংবাদিকতাৰ নামত গণতন্ত্ৰক মুক্ত ভাবে হত্যা কৰিছে, যাৰ ফলত সম্প্ৰতি চতুৰ্থ স্তম্ভ থৰক-ভৰক! আমি আশাবাদী আগত দিনত মূল্যবোধৰ সাংবাদিকতাৰ পিনে তেওঁলোকে গুৰুত্ব দিব আৰু মানৱীয়তাৰ মাপ-কাঠিও ধৰ্ম ভাষাৰ ভিত্তিত নহ'ব।

ইপিনে ক্ষমতাত থকা মন্ত্ৰী এজনৰ মালিকানাধীন চেনেল এটাই কুৰুৱা চৰত বসবাস কৰা সকলক সন্দেহযুক্ত কোৱাৰ সীমাও অতিক্ৰম কৰি 'বাংলাদেশীৰ বেদখল উচ্ছেদ কৰিলে প্ৰশাসনে' বুলি কবলৈ ধৰিলে৷ বাকী বিতৰ্ক বাদ দিলোঁ, কথাটো হ'ল, বাংলাদেশীক কেৱল উচ্ছেদ কিয়? গ্ৰেপ্তাৰ নকৰিলে কিয়? যি সকল বাংলাদেশীক উচ্ছেদ কৰা হ'ল সেই বিদেশীখিনি আৰক্ষীয়ে ক'ৰ পৰা কিদৰে গ্ৰেপ্তাৰ কৰি কোনটো ডিটেনচন চেণ্টাৰত ৰাখিলে সেইবোৰ খবৰ কোনেও প্ৰকাশ নকৰিলে। বা পৰৱৰ্তী সময়ত এই সংক্ৰান্তত আৰক্ষীয়ে কিয় ব্যৱস্থা নললে সেই প্ৰশ্নও উত্থাপন নকৰিলে। ইপিনে সংবাদ মাধ্যমত কিছু সময়ত প্ৰকাশ পাই থকা নিশাটোৰ ভিতৰতে হাজাৰ হাজাৰ বিঘা মাটিত গাঁও গঢ়ি উঠা বাতৰিও এনে এক মিছা প্ৰচাৰৰ অংশ স্বৰূপ। বাংলাদেশী বা অন্যান্য সকলো বিদেশী অসমৰ পৰা বিধিগত ভাবে বহিষ্কাৰক সমৰ্থন কৰোঁ। কিন্তু এইদৰে স্বদেশীক বিদেশীৰ নামত লেবেল লগাই থকাটো কোনো পধ্যেই সমৰ্থনযোগ্য নহয়। 

এই শীতত কিয় এই মিছা বীৰত্ব? চৰকাৰখনে ধাৰাবাহিক ভাবে অমানৱীয় উচ্ছেদৰ জৰিয়তে নিজৰ বীৰত্বৰ প্ৰমাণ দিব বিচাৰিছে কিজানি। কিন্তু এয়া প্ৰকৃততে কাপুৰুষৰ চূড়ান্ত নিদৰ্শন। বিকল্প বাসস্থান নিদিয়াকৈ ভূমিহীন সকলক চৰকাৰে বৰ্বৰ ভাবে উচ্ছেদ কৰাৰ পদক্ষেপ লোৱাটো নিৰ্লজ্জ আৰু অকল্পনিয়। যোৱাবছৰো এই ঠাণ্ডাৰ দিনতে অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাহাজাৰ লোকক উচ্ছেদ কৰি অঘৰী কৰা হৈছিল আৰু তেওঁলোকক মুকলি আকাশৰ তলত বসবাস কৰিবলৈ দিয়া হৈছিল, সেই একেদৰে এই বেলিও হিমচেঁচা শীতত নিজৰ ঘৰৰ পৰা খেদি পঠিওৱা হৈছে অনেককে। এই  শীতৰ সেমেকা ৰাতিবোৰত ঘৰৰ ভিতৰতো  আমি কিমান কষ্ট পাইছোঁ, সৰু লৰা-ছোৱালী আৰু বৃদ্ধ সকলৰ তেন্তে কি অৱস্থা হ'ব? গৰ্ভৱতী   মহিলাবোৰৰ? এইখন কাপুৰুষৰ চৰকাৰ, নহ'লে এই কাৰ্যকলাপ শীতৰ সময়ত কেনেকৈ কৰিব পাৰে? এয়া এক অমানৱীয় বৰ্বৰ কাণ্ড। 

লেখক এজন সংগঠক আৰু মুক্ত সাংবাদিক।, ফোন: ৮৮৭৬৪৮৫৩৩৫, ঠিকনা: চুলেইমান আলী উপ পথ, সুন্দৰবৰী, জালুকবাৰী। গুৱাহাটী-১৪।

No comments:

Post a Comment