Thursday, January 4, 2018

চিন্তন

নাগৰিকত্ব সংশোধনী বিধেয়কঃকিছু চিন্তা
পাৰভিন চুলতানা
ৰাজনীতি বিজ্ঞানে জনসংখ্যাক স্বাধীন ৰাষ্ট্রৰ এটি গুৰুত্বপূর্ণ উপাদান বুলি ব্যাখ্যা কৰিছে। গণতন্ত্রৰ আগমণৰ লগত এই জনসংখ্যা হৈ পৰিল নানা অধিকাৰ বহন কৰা নাগৰিক। নাগৰিকত্বৰ অধিকাৰে নাগৰিকসকলক সুকীয়া সা-সুবিধা আৰু বিভিন্ন অধিকাৰ প্রদান কৰে। কিন্তু উপনিবেশিকতাবাদৰ ইতিহাসেই হওক বা একবিংশ শতিকাৰ বিশ্বায়ন, বিভিন্ন দেশে নাগৰিকত্বৰ অধিকাৰ কেৱল সেই দেশত জন্মগ্রহন কৰা সকললৈ সীমিত ৰখা নাই। বৰঞ্চ নাগৰিকত্বৰ লগত জড়িত আইন সলনি কৰি বহিৰাগত মানুহৰ নাগৰিকত্ব অর্জন কৰাৰ ব্যৱস্থা কৰি দিছে। এনে এখন বিশ্ব যত মানৱ প্রব্রজন চিৰসত্য, এনে পৰিবর্ত্তন অপৰিহার্য্য।

ভাৰতবর্ষো ইয়াৰ ব্যতিক্রম নহয়। ১৯৫৫ চনত গৃহিত নাগৰিকত্ব আইনে পৰিস্কাৰ কৰি বিশ্লেষণ কৰিছে নাগৰিকত্ব অর্জন কৰাৰ বিভিন্ন উপায়সমূহ। পিছে সময়ে সময়ে সংশোধন আনি এই আইনত কিছু পৰিবর্ত্তন অনা হৈছে। ভাৰতবর্ষৰ ঔপনিবেশিক ইতিহাস, ভয়ঙ্কৰ দেশ বিভাজনৰ অভিজ্ঞতা, আত্মনিয়ন্ত্রণৰ বাবে হোৱা যুদ্ধ আদিৰ লগতে তিব্বত, ম্যান্মাৰ আদিৰ সমস্যা, ওচৰৰ দেশবোৰত ধর্মীয় সংখ্যালঘুৰ ওপৰত হোৱা শোষণৰ বাবে ভাৰতবর্ষলৈ বহু সংখ্যক শৰনার্থীয়ে আশ্রয়ৰ বাবে আহে। কিন্তু আগৰে পৰা জনবহুল দেশখনে এই সকলোকো নাগৰিকত্ব প্রদান কৰিব পৰা নাছিল। আনকি ভাৰতবর্ষই ৰাষ্ট্রসংঘৰ ১৯৫১ চনৰ শৰণার্থীৰ অধিকাৰৰ বাবে গৃহিত চুক্তিত স্বাক্ষৰ কৰা নাই। যথেষ্ঠ সংখ্যক শৰণার্থী ভাৰতৰ শৰণাপন্ন হোৱা সত্ত্বেও চৰকাৰে এওঁলোকৰ বাবে কোনো সুকীয়া নীতি গ্রহন কৰা নাই। 

সময় বাগৰি যোৱাৰ লগে লগে নাগৰিকত্ব অর্জন কৰাৰ পদ্ধতি আৰু কঠিনতম কৰি তোলা হৈছে। নথিপত্র বা পাছপর্ট অবিহনে ভাৰতত বিভিন্ন সময়ত প্রবেশ কৰা প্রব্রজনকাৰীসকলক নাগৰিকত্ব অর্জন কৰাৰ পৰা বঞ্চিত কৰা হৈছে। কিন্তু আজিৰ দিনৰ চৰকাৰে প্রস্তাবিত কৰা নতুন নাগৰিকত্ব সংশোধনী বিধেয়ক ভাৰতৰ চুবুৰীয়া দেশৰ পৰা অহা হিন্দু, শিখ, খ্রীষ্ট ধর্মী সকলক নথি পত্র নথকা সত্ত্বেও ভাৰতত থাকিবলৈ অনুমতি দিব আৰু সিহঁতক সময়ৰ লগতে নাগৰিকত্ব প্রদান কৰিব। চৰকাৰে নিজৰ এই পদক্ষেপৰ সহায়ত অভিমত আগবঢ়াইছে যে ধর্মীয় সংখ্যালঘুসকল যদি ধর্ম ভিত্তিক নির্য্যাতনৰ পৰা পলাই আহে, তেতিয়া ভাৰতৰ নৈতিক দায়িত্ব এইসকলক আশ্রয় দিয়া।

মানৱতাবাদী দৃষ্টিভংগীৰ পৰা এই যুক্তি মানি লব পাৰি কাৰণ বহু ইউৰোপীয় দেশে গৃহযুদ্ধৰ পৰা পলায়ন কৰি অহা শৰণার্থীক আকোঁৱালি লৈছে। কিন্তু সেই দেশবোৰে শৰণার্থীৰ মাজত কোনো ভেদাভেদ কৰা দেখা নাযায়। আনহাতে নতুন নাগৰিকত্ব সংশোধনী বিধেয়কখনে স্পষ্টকৈ কেইটামান ধর্মীয় সম্প্রদায়ৰ মানুহকহে নাগৰিকত্ব প্রদান কৰাৰ কথা উল্লেখ কৰিছে। গোটেই দেশৰ লগতে অসমতো এই নতুন আইনৰ প্রতি বেলেগ বেলেগ প্রতিক্রিয়া দেখা হৈছে। অসমত যত অবৈধ প্রব্রজন এতিয়াও এটা জ্বলন্ত সমস্যা, তেনে ক্ষেত্রত এই বিধেয়ক পাছ হলে বাংলাদেশৰ পৰা অহা হিন্দুসকলে নাগৰিকত্ব পাব – এই কথাটোৱে বহুতে মানি লবলৈ কঠিন পাইছে। এই আইনে পুনৰুজ্জীৱিত কৰি তুলিছে দীর্ঘদিনীয়া খিলঞ্জীয়া আৰু বহিৰাগতৰ বিতর্ক। যত এফালে অবৈধ ভাৱে প্রবেশ কৰা বাংলাদেশীসকলক উত্খাত কৰাৰ কথা শাসক দলৰ বিভিন্ন ৰাজনৈতিক নেতাই সঘনাই দোহাৰি থাকে, ঠিক সেই সময়ত সেই একে দেশৰ পৰা অবৈধ ভাৱে অহা এটা সৰহ সংখ্যাক নাগৰিকত্ব প্রদান কৰাৰ কথাও সেই একে শাসক দলে গৌৰৱ সহকাৰে ঘোষণা কৰিছে। 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ মতে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু, শিখ ধর্মীয় লোকক নাগৰিকত্ব দিয়া হব। ইয়াৰ যুক্তিযুক্ততা বহলাবলৈ ৰাজনৈতিক নেতাসকলে স্পষ্টীকৰণ দিছে যে এফালে যত নির্য্যাতিত মুছলমান বা খ্রীষ্টিয়ান সকলোৰ যোৱাৰ বাবে পৃথিৱীত বহু কেইখন ৰাষ্ট্র আছে, ভাৰতবর্ষ একমাত্র ৰাষ্ট্র যত অধিক সংখ্যক হিন্দু ধর্মী মানুহ বসবাস কৰে আৰু নির্য্যাতিত হিন্দু সকল ভাৰতলৈ অহাটো স্বাভাৱিক। পিছে এই প্রস্তাবিত বিধেয়কখনৰ  বিৰুদ্ধে অসমৰ বহুকেইটা ৰাজনৈতিক সামাজিক সংগঠনে সৰৱে প্রতিবাদ কৰিছে। অগপ, সদৌ অসম ছাত্র সন্থা, বিৰোধী দল কংগ্রেছ আদিকে ধৰি ধর্মৰ ভিত্তিত কিছু মানুহক নাগৰিকত্ব প্রদান কৰা চৰকাৰী নীতিক গৰিহণা দিছে। যত সৰহসংখ্যক প্রব্রজনকাৰী অর্থনৈতিক কাৰণতহে দেশ এৰি পলায়ন কৰি ভাৰতলৈ আহে, চৰকাৰে তেনে ক্ষেত্রত এই প্রব্রজনকাৰীৰ মাজত পার্থক্য অনাটো দুর্ভাগ্যজনক।

ধর্মীয় নিষ্পেষণ নাগৰিকত্ব প্রদান কৰাৰ এটা কাৰণ হব পাৰে, পিছে বাংলাদেশৰ হিন্দু সকলে এই ক্ষেত্রত একমাত্র ভুক্তভোগী বুলি কলে ভূল হব। নিষ্পেষণ আৰু নির্য্যাতনৰ বিষয়ে আলোচনা কৰিলে আমি ম্যান্মাৰৰ ৰোহিঙ্গীয়া মুছলমানৰ অৱস্থা আওকাণ কৰিব নোৱাৰো। ধর্মভিত্তিক বৈষম্যতাই এইসকল নিৰীহ মানুহক ৰাষ্ট্রবিহীন কৰি পেলাইছে। সকলো ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত, এইসকল সমাজৰ মূলসূঁতিৰ পৰা বহু আতৰত জীয়াই আছে। যদিও ভাৰতীয় চৰকাৰে দক্ষিণ পূৱ এশীয় দেশবোৰৰ লগত এটা সুসম্পর্ক গঢ়ি তোলাৰ কথা কয়, ম্যান্মাৰৰ নিপীড়িতসকলক কোনো ধৰণৰ সহায় কৰিবলৈ আগবাঢ়ি অহা নাই। ৰোহিঙ্গীয়া মুছলমানসকলক কিদৰে অধ্যয়ণ, চাকৰি আদিৰ পৰা ম্যান্মাৰত বঞ্চিত কৰা হয়, তাৰ বহু শোকাৱহ গাঁথা শুনিবলৈ পোৱা যায়। এইসকল হল শৰণার্থী যি আৰাকাণত ঘটা মুছলমান বিৰোধী হিংসাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে। এওঁলোকে স্ব-ইচ্ছাই প্রব্রজন কৰা নাই। কিন্তু নাগৰিকত্বৰ অধিকাৰ দুৰৰ কথা, এওঁলোকক UNHCRএ সাময়িক সময়ৰ বাবে ৰিফিউজী কার্ড পর্য্যন্ত ইছ্যু কৰা নাই। এই কার্ডখনে এজন শৰণার্থীক ঘৰ ভৰা লোৱা, ফোনৰ চিম লোৱা আদি ক্ষেত্রত সহায় কৰে। আনকি চৰকাৰে এওঁলোকক দেশ এৰি যাবলৈহে সময়সীমা বান্ধি দিয়া দেখা গৈছে। 

আন এটা সম্প্রদায় যিটো ভাৰতত একে ধৰণৰ ভয়ংকৰ অনিশ্চয়তাত দিন কটাই আছে – সেইসকল হল অৰুণাচল প্রদেশত থকা চাকমাসকল। চট্টগ্রামৰ পার্বত্য অঞ্চললৈ স্বাধীনতাৰ সময়ত দুই দেশৰ মাজত ভালে বিভ্রান্তি শৃষ্টি হোৱাৰ পিছত সেই ঠাইখিনি পূর্ব পাকিস্তানক দি দিয়া হল। কিন্তু দেশ বিভাজনৰ সময়ৰে পৰা চট্টগ্রামৰ পৰা চাকমা জনগোষ্ঠীৰ মানুহ ভাৰতলৈ অহা আৰম্ভ কৰে। সেইসকল মানুহৰ নাগৰিকত্ব আৰু জনজাতীয় পৰিচয়ৰ দাবীৰ আজি ছয়টা দশক পাৰ কৰিলে। ১৯৭২ চনৰ ইন্দীৰা-মুজীৱ চুক্তি যিটোৰ মতে এওঁলোকৰ নাগৰিকত্বৰ দাবীক বৈধ ভাৱে লব লাগিব, তাৰ পিছতো এইসকলক নাগৰিকত্বৰ পৰা বঞ্চিত কৰা হৈছে। যদিও প্রথমতে এওঁলোক সমস্যাৰ সন্মুখীন হোৱা নাছিল কাৰণ উত্তৰ-পূবত জনসংখ্যা কম আছিল আৰু স্থানীয় জনজাতিৰ লগত এওঁলোকৰ সাংস্কৃতিক মিল আছিল, কিন্তু সদ্যহতে স্থানীয় জনজাতিৰ বিদ্বেষাত্মক দৃষ্টিভঙ্গীৰ বাবে এওঁলোকক নাগৰিকত্ব প্রদান কৰা হোৱা নাই। শৰণার্থী হোৱাৰ বাবে এইসকলৰ ল’ৰা-ছোৱালীক ভাৰতবর্ষত জন্মগ্রহণ কৰা সত্বেও চৰকাৰী চাকৰিৰ পৰা বঞ্চিত কৰা হৈছে। ৰেশন কার্ড আদি নথকাৰ বাবে এইসকল ভয়ংকৰ দৰিদ্রতাত ভুগিব লগা হয়। চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈ শিক্ষিত যুৱকসকলে কৃষিবিভাগত মজদুৰী কৰিবলৈ লৈছে। শৰণার্থীৰ বাবে কোনো সুকীয়া আইন নথকাত, এওঁলোকৰ কেৱল আর্থ-সামাজিক অধিকাৰে নহয় বৰঞ্চ মানৱ অধিকাৰৰো হনন হৈছে। 

ভাৰতত বসবাস কৰা তিব্বতীসকল হল আন এটা নির্যাতিত সম্প্রদায় যাৰ কথা আমি আওকাণ কৰিব নোৱাৰো। ভাৰতীয় আইনৰ মতে তিব্বতীসকল শৰণার্থীও নহয়, বৰঞ্চ এওঁলোক হল বিদেশী। শৰণার্থীসকলে আন্তার্জাতিক আইনৰ অন্তর্গত পাবলগীয়া অধিকাৰখিনি তিব্বতীসকল নাপায়। যদিও মাননীয় দালাই লামা ভাৰতত ৰাজনৈতিক শৰণ পায়, ভাৰতলৈ পলায়ন কৰা সৰহ সংখ্যক তিব্বতিসকলৰ বৈধ অৱস্থা অষ্পষ্ট। শৰণার্থীসকলৰ প্রতি চৰকাৰৰ নির্দীষ্ট নীতিৰ অভাৱ ইয়াৰ মূল কাৰণ। তিব্বতীসকল কিছু সীমাবদ্ধতাৰ ভিতৰত ভাৰতত বসবাস কৰিব লগা হয় যেনে তেওঁলোকক চীনৰ অত্যাচাৰৰ বিৰুদ্ধে ভাৰতত প্রতিবাদ কৰিবলৈ বহুবাৰ বাধা দিয়া হৈছে, প্রায় উচ্চ শিক্ষাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হয়। তিব্বতীসকলক এটা ৰেজিষ্ট্রেশন কার্ড দিয়া হয় যিটো সময়ে সময়ে নৱীকৰণ কৰিব লগা হয়। এই কার্ডখনে ইহঁতক ভাৰতত থাকিবলৈ অনুমতি দিয়ে কিন্তু ইহঁতক মাটি-জমি কিনাৰ বা ব্যৱসায় আৰম্ভ কৰাৰ পৰা বঞ্চিত কৰে।ভাৰতত জন্ম গ্রহন কৰা তিব্বতী সকলৰ অৱস্থাও শোচনীয়।

তেনে ক্ষেত্রত এওঁলোকৰ সমস্যাৰ স্থায়ী সমাধানত চৰকাৰে গুৰুত্ব প্রদান কৰা উচিত। আনহাতে ধর্মৰ ভিত্তিত নাগৰিকত্ব প্রদান কৰিলে ঐতিহাসিক অসম চুক্তিৰ দাবীসমূহকো আওকাণ কৰা হব। অসম চুক্তিৰ সমালোচকসকলেও এইটো নুই কৰিব নোৱাৰিব যে অবৈধ প্রব্রজনৰ ক্ষেত্রত এই চুক্তি ধর্মীয় ভিত্তিত বৈষম্যতামূলক নাছিল। এই চুক্তি মতে ‘কাট অফ ডেট’ৰ পিছত অহা সকলো ধর্মৰ প্রব্রজনকাৰীকে ওভোতাই দিয়া উচিত। এনেবোৰ কাৰণতে বিভিন্ন খীলঞ্জীয়া সংগঠনে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে। সদৌ অসম ছাত্র সন্থাৰ লগতে ক্ষমতাধিষ্ট ৰাজনৈতিক দল অগপৰ নেতা প্রফুল্ল মহন্তও এই পদক্ষেপৰ বিৰোধিতা কৰে আৰু কয় যে অসমত নতুনকৈ অহা প্রব্রজনকাৰীক ঠাই দিলে অসম অর্থনৈতিক ভাৱে আৰু দুর্বল হৈ পৰিব।

চৰকাৰৰ এনে পদক্ষেপে আমাৰ মনত কিছু প্রশ্ন উদ্ভৱ কৰাটো স্বাভাৱিক। এটি ধর্মনিৰপেক্ষ দেশ যাৰ কোনো ৰাষ্ট্র ধর্ম নাই আৰু যি দেশে আইনমতে কোনো ধর্মৰ পৃষ্টপোষকতা বা বিৰোধিতা কৰিব নোৱাৰে, তেনে এখন ৰাষ্ট্রই নাগৰিকত্ব প্রদানৰ দৰে গম্ভীৰ বিষয়ত ধর্মক আনিব পাৰে নে? কিছু দেশত ধর্ম ভিত্তিক নিষ্পেষণ হোৱাটো সচাঁ কিন্তু আমাৰ চুবুৰীয়া ৰাজ্যবোৰৰ ফালে চালে গ’ম পাম যে পাকিস্তানত শ্বিয়া মুছলমান, আহমেদি আদিৰ ওপৰতো অত্যাচাৰ চলে, বাংলাদেশত গা কৰি উঠা ধর্মীয় মৌলবাদৰ বাবে নাস্তিক ব্লগাৰ, যুক্তিবাদী ব্যাক্তিক হত্যা কৰা হৈছে, পিছে ইহঁতৰ প্রতি আমাৰ দেশৰ কোনো নৈতিক দায়িত্ব আছেনে? 

ভাৰতবর্ষই ধর্মনিৰপেক্ষতা বাচি লৈছে। এনে ক্ষেত্রত ভাৰতবর্ষক কোনো ধর্মীয় সম্প্রদায়ৰ প্রাকৃতিক গৃহভূমি বুলি কোৱা অনুচিত। তাৰ ওপৰিও প্রাকৃতিক গৃহভূমিৰ নামত স্থাপিত হোৱা দেশসমূহৰ অৱস্থা চাই আমি শিক্ষা লোৱা উচিত। মোহম্মদ আলি জিন্নাই মুছলমানৰ বাবে সুকীয়া ৰাষ্ট্র গঢ়াৰ সপোন দেখিছিল। কিন্তু আজিও সেই ৰাষ্ট্রত বসবাস কৰা সকল শান্তিৰ পৰা বহু দূৰত। হিটলাৰে জার্মানীক আর্য্য জাতিৰ পিতৃভূমি বুলি ধৰি লৈ ইহুদীসকলৰ ওপৰত যি অত্যাচাৰ আৰু নৰসংহাৰ চলাইছিল পৃথিৱীয়ে পাহৰিব নোৱাৰে। প্রকৃত গৃহভূমিৰ নামত ইজৰাইলে পেলেস্টাইনৰ অস্তিত্ব নাই কৰাত তুলি পৰি লাগিছে। তেনে ক্ষেত্রত আমাৰ দেশখন এই ভয়ঙ্কৰ পথত আগবঢ়া অনুচিত। ইয়াৰ ওপৰি আন্তার্জাতিক ক্ষেত্রত চুবুৰীয়া দেশ বাংলাদেশৰ লগত ভাৰতৰ সম্পর্ক বিবাদিত কৰি তুলিব এই আইনে। এফালে যত শ্বেইখ হাচিনাৰ চৰকাৰে দেশখনত সংখ্যালঘুসকলক সুৰক্ষা প্রদান কৰাৰ চেষ্টা কৰি আছে, তেনে সময়ত মিত্র ৰাষ্ট্র ভাৰতৰ এনে আইনে বাংলাদেশৰ হিন্দুসকলক নিজ দেশ এৰি ভাৰতলৈ আহিবলৈ উদ্গণি যোগাব পাৰে। 

নাগৰিকত্ব সংশোধনী বিধেয়কখন বিশ্লেষণ কৰাৰ দায়িত্ব যৌথ সংসদীয় সমিতিক দিয়া হৈছে। পিছে সমিতিৰ সভাপতি সত্যপাল সিং কেন্দ্রীয় মন্ত্রী হোৱাৰ পিছত সমিতিৰ কাম স্থগিত হৈ গৈছে। সমিতিৰ সিদ্ধান্ত পোৱাৰ আগতে এই বিধেয়ক আইন নহব। এই সময়তে চৰকাৰে প্রস্তাবিত বিধেয়কৰ ওপৰত এটা চুৰান্ত সিদ্ধান্ত লব লাগিব। শাসনাধিষ্ট চৰকাৰে গণতান্ত্রিক মূল্যবোধৰ প্রতি লক্ষ্য ৰাখি আগতেও জনসাধাৰণে বিৰোধিতা কৰা কিছু পদক্ষেপ কার্য্যকৰী কৰাৰ পৰা বিৰত আছিল – সেয়া পণ্ডিত দীন দয়াল উপাধ্যায়ৰ নামত উৎসর্গিত মডেল কলেজে হওক বা বিদ্যালয়ত বাধ্যতামূলক সংস্কৃতৰ অধ্যয়ন হওক। এনে কৰি চৰকাৰে ৰাইজৰ অভিমতক সন্মান জনাইছে। আমি আশাবাদী যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্রতো চৰকাৰে অসমৰ জনসাধাৰণৰ মতামতৰ প্রতি গুৰুত্ব দি এনে পদক্ষেপ লব যেন আকৌ কোনোৱে এই আইনলৈ সাম্প্রদায়িক বিভাজনমূলক ৰাজনীতি কৰাৰ সুযোগ নাপায়।  
(লেখিকা গৌৰীপুৰৰ প্রমথেশ বৰুৱা কলেজৰ অধ্যাপিকা, দুৰভাষ - ৮০১১৯০৩৬২৩ )

No comments:

Post a Comment