সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাজনীতিৰ সংবাদমাধ্যম নে সংবাদমাধ্যমৰ ৰাজনীতি ? 
বুলন কুমাৰ শইকীয়া
প্ৰশ্নটোৰ জন্ম অৱশ্যে আৰম্ভ হৈছে ২০১৪ ৰ সাধাৰণ নিৰ্বাচনৰ সময়ৰ পৰাই ৷ সেইবাৰেই প্ৰথম কৰ্পোৰেট নিয়ন্ত্ৰিত সংবাদমাধ্যমৰ কথা বেছিকৈ চৰ্চালৈ আহিছিল ৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল সংবাদমাধ্যমেই নিৰ্বাচনটোক এনে এটা ৰূপ দিছিল যে এয়া বিশ্বৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰৰ নিৰ্বাচন নহয় যেন আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লেখীয়া এক নিৰ্বাচনহে ৷ মনোমোহন সিংৰ "অনুচ্চ" ৰাজনীতিৰ বাবেই নে পুতলা স্বভাৱৰ বাবেই দেশবাসীয়ে এজন সবল প্ৰধানমন্ত্ৰী বিচাৰিছিল হয় ৷ কিন্তু নৰেন্দ্ৰ মোডীয়ে যে দেশবাসীৰ প্ৰত্যাশা অতিক্ৰমি Authoritarian PM হ’বগৈ সেয়া সংবাদমাধ্যমৰ চকুচাট মৰা ভূমিকাত নে চাটুকাৰী ভূমিকাত সাধাৰণ ৰাইজ নালাগে একালৰ কট্টৰ হিন্দুপন্থী নেতা আদৱানিয়েও হয়তো উপলদ্ধি কৰিব পৰা নাছিল ৷ বাজপেয়ীৰ মন্ত্ৰীসভাত মন্ত্ৰীত্বৰ দায়িত্ব চম্ভালা জ্যেষ্ঠ সাংবাদিক অৰুণ শ্বৌৰীয়ে অলপতে এঠাইত কৈছে ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতি ভাবুকিস্বৰূপ শক্তিবোৰ এতিয়া দেশৰ শাসন ব্যৱস্থাৰ পৰিচালনাৰ অংশ হৈ পৰিছে ৷ অৰুণ শ্বৌৰীৰ প্ৰসংগটো টানি অনাৰ কাৰণ আছে ৷ অসম আন্দোলনৰ এছোৱা, এইগৰাকী সাংবাদিকৰ লেখা "প্ৰান্তিক" আলোচনীত ধাৰাবাহিক ৰূপত প্ৰকাশ পাইছিল ৷ মোৰ হাতত প্ৰান্তিকৰ পুৰণি কপি নাই যদিও মনত আছে তেতিয়াই অৰুণ শ্বৌৰীৰ সকিয়নীৰ কথা ৷ সম্ভৱ তেওঁ এবাৰ লিখিছিল " পঞ্জাৱ - অসমৰ বাবে এখন খোলা কিতাপ ৷" এই কথা নকলেও চলে যে শ্বৌৰীৰ সেই নিৱন্ধৰ ভাবাৰ্থৰ অনুপ্ৰেৰণাতে বহিৰাগ’ত খেদিবলৈ লোৱা আন্দোলনৰ নেতাই বিজেপিৰ তেতিয়াৰ পীড়ি "জনসংঘ’ৰ সৈতে যোগাযোগ স্থাপনত অনুপ্ৰেৰণা লাভ কৰিছিল ৷ মই প্ৰসংগটো টানি অনাৰ উদ্দেশ্যটোৱেই হ’ল শ্বৌৰীৰ দৰে খ্যাতনামা সাংবাদিকেও জনসংঘক সেইখিনি সুবিধা পাকে প্ৰকাৰে কৰি দিছিল অৰ্থাৎ পৰৱৰ্তী সময়ত এন.ডি.এ চৰকাৰৰ দিনত মন্ত্ৰী হোৱালৈকে অৰুণ শ্বৌৰী ডাঙৰীয়াই বিজেপিৰ থিংকটেংকত সাৰ পানী যোগাইছিল ৷ পিছে এইজনা authoritarian প্ৰধানমন্ত্ৰী বা " চং" নাম প্ৰধানসেৱকৰ দিনত শ্বৌৰীৰ দৰে খ্যাতনামা সাংবাদিক-দলীয় নেতায়ো পাত্তাহীন হৈ গৈছে ৷ উত্তৰটো ইয়াতে লুকাই আছে ৷ প্ৰধান সেৱকৰ প্ৰশস্তি গাবলৈ এতিয়া সাংবাদিকৰ আকাল পৰিছে নে ?

নাই পৰা ৷ ফটোশ্বপৰ সহায়ত মোডীক প্ৰক্ষেপ কৰা সাংবাদিক আৰু তেওঁবিলাকৰ দ্বাৰা পৰিচালিত মূলসুঁতি সংবাদমাধ্যমেই এতিয়া পূৰ্বতকৈ বেছি উজান দিছে দেশখনত ৰাজনীতিৰ নতুন আৱহাৱা সৃষ্টি কৰিবলৈ ৷ শেহতীয়া গুজৰাট বিধানসভাৰ নিৰ্বাচনেই ইয়াৰ প্ৰমাণ ৷ সংবাদমাধ্যমে ভাৰতবৰ্ষৰ বহুমত - বহুদলীয় ৰাজনীতিৰ কথা পাহৰিবলৈ ধৰিছে ৷ আচলতে সকলো ইচ্ছাকৃত ৷ সংবাদমাধ্যমে কৌশলৰে দুই মেৰুত অৱস্থান লৈছে ৷ পক্ষ এক, নৰেন্দ্ৰ মোডীৰ দৰে তথাকথিত প্ৰধান সেৱকৰ ৷ পক্ষ দুই, দেশখনক পৈত্তিক সম্পত্তি বুলি গণ্য কৰা পৰিয়ালৰ প্ৰতিনিধি ৰাহুল গান্ধীৰ ৷ দেশৰ সংবাদমাধ্যমে ভাল কৰিছে নে ভুল কৰিছে সেয়া যিকোনো সচেতন মানুহেই উপলদ্ধি কৰিব পাৰিব ৷ শেহতীয়াকৈ সংবাদমাধ্যমে ( হয় ৷ সংবাদমাধ্যমেই বুলি ক’ব লাগিব ৷ ) কৌশলৰে প্ৰেক্ষাপটলৈ পুনৰ কঢ়িয়াই আনিছে আন্না হাজাৰেক ৷ আন্দোলন বহিব আন্না হাজাৰেই ৷ নৰেন্দ্ৰ মোডী চৰকাৰে হেনো লোকপালক বেছি দুৰ্বল কৰি তুলিছে ৷ এইবোৰ দেখি শুনি ভাব হৈছে দেশত ৰাজনীতিয়ে সংবাদমাধ্যমক গ্ৰাস কৰা নাই ৷ বৰঞ্চ সংবাদমাধ্যমেহে ৰাজনীতিক গ্ৰাস কৰিছে ৷ 

২০১২ চনত মই আমিঅসমীয়া ডট অৰ্গ ৱেব আলোচনীখনত এটা ৰাজনৈতিক নিৱন্ধ লিখিছিলো নিউজিলেণ্ড নিবাসী ধনজিৎ কলিতাৰ তাগিদাত ৷ তেতিয়া মোডীক আমেৰিকাই তেওঁলোকৰ দেশলৈ যাবলৈ ভিছাই প্ৰদান কৰা নাছিল ৷ সেইখিনি সময়তে মই লিখিছিলো - মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈছে আৰু আমেৰিকাই ৰিমোটেৰে চলোৱা এইখন দেশৰ ৰাজনীতিত মোডী এবাৰলৈ প্ৰধানমন্ত্ৰী হোৱাটো আমেৰিকাই বিচাৰিছে ৷ এই নিৱন্ধটো মোৰ "আচল কথাবোৰ আমাক কোনেও কৈ নিদিয়ে" শীৰ্ষক সংকলনটোতো সোমাইছে ৷ কিন্তু মইতো আৰু বুদ্ধিজীৱি জাতীয় প্ৰাণী নহয় যে মোৰ সকলো নিৰিক্ষণেই সঠিক-শুদ্ধ বুলি গংগাটোপ হৈ থাকিম ৷ আচলতে সংবাদমাধ্যমৰ শেহতীয়া কাৰবাৰবোৰ দেখি মই এটা সিদ্ধান্তলৈ আহিছোঁ আমেৰিকাৰ ৰিমোটত আমাৰ দেশৰ ৰাজনীতি কিয় - সংবাদমাধ্যমো চলে ৷ চীনক আমেৰিকাই ৰঙা চকু দেখুৱাই তৃপ্তি পোৱাৰ দৰে আমাৰ গগণ বিদাৰি দিয়া সাংবাদিকো আছে যি নিজৰ টেলিভিছন শ্ব’ৰ এঘন্টাৰ ভিতৰতে চীন ভাৰতৰ এখন যুদ্ধ হ’বই বুলি হাইপাৰ টেনছনত থাকে ৷ কি ঠিক এওঁলোকৰ কোটৰ জেপত কিজানিবা চি.আই.এ মদত যোগান ধৰে ৷ 

অস্বাভাৱিক একো নহয় ৷ ২০১৪চনৰ সাধাৰণ নিৰ্বাচনতহে "অৱ কি বাৰ মোডী কি চৰকাৰ" বুলি আৱাজ উঠিছিল ৷ "অৱ কি বাৰ" মানে ২০১৪-২০১৯ হে ৷ সময় হ’লে সংবাদমাধ্যমে নিজৰ সুবিধামতে অংকবোৰ মিলাই ল’ব ৷ তাত কিহ’ৰ অসুবিধা ?

No comments:

Post a Comment