Tuesday, January 9, 2018

প্ৰৱন্ধ

ধৰ্ম, সংস্কৃতি আৰু মানৱ অধিকাৰ
ইন্দ্ৰজিত বৰা
”I personally do not understand why religion should be given this vast, expansive jurisdiction, so as to cover the whole of life and to prevent the legislature from encroaching upon that field. After all, what are we having this liberty for? We are having this liberty in order to reform our social system, which is so full of inequities, discriminations and other things, which conflict with our fundamental rights.” – Bhimrao Ramji Ambedkar

মানৱ সভ্যতা বিকাশৰ এক ঐতিহাসিক স্তৰত ধৰ্মৰ উত্থান হয় আৰু ই সমাজ সংগঠন আৰু বিৱৰ্তনৰ ভূমিকা লয় । ক্ৰমান্নয়ে ই সামাজিক ব্যৱস্থা হিচাবে মানুহৰ সমসাময়িক জনজীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰাৰ লগে লগে একনায়কত্ববাদী ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠাৰ মূলভেঁটি হৈ পৰিল । ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰচাৰক সকলেই আছিল যুগান্তকাৰী দাৰ্শনিক, চিন্তাবিদ তথা বৈজ্ঞানিক । তেওঁলোকৰ জীৱন অন্বেষণ আছিল মানুহৰ উৎকৃষ্ট অনুসন্ধিৎসু মন ৷ পদ্ধতিগত অধ্যয়নশৈলীৰে সমৃদ্ধ এক ঐতিহাসিক স্তৰ আৰম্ভ নোহোৱা পৰ্যন্ত এই মানৱ সংগঠনৰ সামাজিক গুৰুত্ব থাকি গৈছিল আৰু ঐতিহাসিক গুৰুত্ব সদায় থাকিব ।


পৰৱৰ্তী সময়ত বৈজ্ঞানিক পদ্ধতিৰ অভ্যূত্থান আৰু বুদ্ধিদ্বীপ্ত প্ৰমূল্যৰ ভেটিত আধুনিকতাৰ আগমন হ’ল । আধুনিক ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ গঠনৰ লগে লগে মানুহৰ সামাজিক-সাংস্কৃতিক জীৱনো ৰাষ্ট্ৰৰ চাৰিসীমাই বান্ধি ৰাখিবলৈ ল’লে । উদ্যোগিক বিপ্লৱে ঘটালে পুঁজিৰ বিকাশ আৰু আনিলে উৎপাদনৰ সম্পৰ্কবোৰলৈ আমূল পৰিৱৰ্তন । ধৰ্মৰো সামাজিক সংস্কাৰ হ’ল আৰু এক ব্যৱহাৰ্য বিধি-বিধানসমৃদ্ধ আধুনিক সংস্কৰণৰ উদ্ভৱ হ’ল । তেনেকৈয়ে বিভিন্ন ধৰ্মীয় সংস্কৰণে সময়ানুক্ৰমে সামাজিক প্ৰতিনিধিত্ব কৰাৰ ন্যায্যতাও লাভ কৰি আহিল । মধ্যবিত্তৰ উত্থানৰ লগে লগে ধৰ্মীয় বিধি-বিধানবোৰ বিশেষত্বৰ পৰিচিতি হিচাবে লৈ জাতীয় চেতনাৰো বিকাশ হ’ল ৷ প্ৰফেচৰ প্ৰতাপ ভানু মেহতাই কৈছে, ”Religious conflict in India does not stem from doctrinal or theological sources, but is firmly a product of the politics of representation.”

এই প্ৰসঙ্গত ড° আম্বেদকাৰও কৈছিল, ”Religion must mainly be a matter of principles only. It cannot be a matter of rules. The moment it degenerates into rules, it ceases to be a religion, as it kills responsibility which is an essence of the true religious act.” এইটো সহজেই অনুধাৱন কৰিব পৰা যায় যে মানুহৰ একান্ত ঈশ্বৰ ভক্তিত ধৰ্ম বিশ্বজনীন আৰু ভতৃত্ববোধৰ ই নিভাঁজ প্ৰকাশ । কিন্ত ধৰ্মৰ সংগঠিত ৰূপ হিচাবে ধৰ্মীয় সংস্কাৰ অথবা আদৰ্শবাদৰ পোষকতা ব্যক্তিগত ভক্তিৰ উৰ্ধত এক আৰ্থ-সামাজিক প্ৰকল্প । কালক্ৰমে ধৰ্মীয় আচাৰ-ৰীতিবোৰ সংস্কৃতিৰ লগত বিলীন হৈ গ’ল ৷ এইবোৰৰ সংস্কাৰ হৈ থাকিল আৰু নতুন নতুন কালোপযোগী আচাৰ-ৰীতিৰ প্ৰৱৰ্ত্তন হ’ল । ঐতিহাসিকভাৱে আৰ্থ-সামাজিক বিৱৰ্তনে জন্ম দিয়া ধৰ্মীয় আদৰ্শবাদ নতুবা আচাৰ-ৰীতিৰ সংস্কাৰ বিভিন্ন সময়ত ধৰ্মৰ সংগঠিত ৰূপ হিচাবে আত্মপ্ৰকাশ কৰিছে আৰু সময় সাপেক্ষে এই বিভিন্ন সংস্কৰণবোৰত আৰ্থ-সামাজিক শক্তিবিলাকৰ আত্মপ্ৰকাশৰ মাধ্যম হৈ পৰিছে ৷

এইখিনিতে উল্লেখযোগ্য যে ব্যক্তিগত জীৱনত মহম্মদ আলি জিন্না আৰু ৱিনায়ক দামোদৰ সাৱাৰকাৰ দুয়োজন নাস্তিক আছিল যদিও সামাজিক-ৰাজনৈতিক জীৱনত ধৰ্মীয় আদৰ্শবাদৰ পোষকতা কৰিছিল । এই ধৰ্মীয় আদৰ্শবাদ আধুনিকতাৰ পৰশত জাগি উঠা আৰু সেয়ে মধ্যযুগৰ ধৰ্ম সংস্কাৰৰ ইতিবাচক দিশ ইয়াত অনুপস্থিত ৷ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিষ্ঠালৈকে হৈ থকা ধৰ্ম সংস্কাৰবিলাকেই আছিল আধুনিকতাৰো পথ প্ৰদৰ্শক ৷ গতিকে, এতিয়াৰ ধৰ্মীয় অথবা গোষ্ঠীগত আদৰ্শবাদ হ’ল সংস্কৃতিৰ পুনৰুত্থানবাদী জাতীয় চেতনা ৷ ধৰ্ম অথবা গোষ্ঠীচেতনাৰ আধাৰত এনে বিশেষত্ববাদী অথবা বিচিন্নতাবাদী আদৰ্শবাদৰ পোষকতাৰ বাবে সংস্কৃতিৰ উপাদান হিচাবে থকা আচাৰ-ৰীতিৰ বিশেষত্বই একমাত্ৰ সমল । গতিকে ধৰ্মৰ সংগঠিত ৰূপ দিবলৈ যাওঁতে সাধাৰণতে গৌণ আচাৰ ৰীতিবিলাকেই সমল হৈ পৰে ৷ কাৰণ চিৰন্তন মানৱতাবাদী একাত্মবোধৰ প্ৰয়োগমূলক উপস্থাপনত প্ৰকাশভঙ্গী অথবা প্ৰতীকধৰ্মিতাৰ ভিন্নতা আৰু লগে লগে সংস্কৃতিৰ অংশ হৈ পৰা আচাৰ-ৰীতিবিলাকেহে ধৰ্মীয় বিশেষত্বৰ সৃষ্টি কৰে । গতিকে ধৰ্মৰ সংস্কাৰ মানে হ’ল সমাজ সংস্কৃতিৰ লগত নিহিত ধৰ্মীয় উপাদান তথা আচাৰ-ৰীতিবিলাকৰ সংস্কাৰ ৷ এই আচাৰ-ৰীতি বিলাকে মানুহৰ ব্যক্তিত্বৰ স্তৰবোৰ খহাই এক সামুহিক সত্বাত বিলীন কৰি দিয়ে । সেয়ে, এক প্ৰশাসনিক প্ৰযুক্তি হিচাবে আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত ধৰ্মৰ ৰাজনৈতিক ব্যাখ্যা এই আচাৰ-ৰীতিবিলাকতেই সীমিত হোৱাটো স্বাভাৱিক ।

ধৰ্মান্ধতাৰ সংগঠিত পৃষ্ঠপোষকতাত এক বুজন সংখ্যক নিৰীহ ধৰ্মান্ধৰ সৃষ্টি এক ঐতিহাসিক প্ৰত্যাহ্বান ৷ ধৰ্মীয়, গোষ্ঠীগত অথবা ভাষাগত সংখ্যালঘূৰ বিছিন্নতাবাদ আৰু তথাকথিত সংখ্যাগৰিষ্ঠৰ উগ্ৰ জাতীয়তাবাদ পৰিপূৰক আৰু দুয়োটাৰ বাবেই ধৰ্মান্ধতা জাতীয় ৰাগীৰ প্ৰয়োজন ৷ ধৰ্মান্ধতা ব্যক্তিগত ঈশ্বৰ বিশ্বাস নহয়, বৰঞ্চ ধৰ্মীয় ৰাজনৈতিক সংগঠনক সম্প্ৰসাৰিত কৰাৰ একমাত্ৰ আহিলা ৷ আধুনিক ৰাষ্ট্ৰব্যৱস্থাই এই দুই প্ৰৱনতাৰ পৰা সমদূৰত্ব বজাই ৰাখিব লাগিব ৷ এই সমদূৰত্ব মানে প্ৰয়োগিক দিশত ভূৱা নিৰপেক্ষতা নুবুজায় ৷ সামাজিক গতিশীলতাৰ বিশ্লেষণ হ’ব লাগিব বিভিন্ন জনগোষ্ঠীবিলাকৰ মাজত সামাজিক সংস্কাৰৰ বাবে প্ৰয়োজনীয় এক উমৈহতীয়া পটভূমি নিৰূপনৰ পূৰ্বচৰ্ত ৷ অন্যথা সাংস্কৃতিক আপেক্ষিকতাৰ সুযোগ লৈ ধৰ্মান্ধতাৰ পৃষ্ঠপোষকসকলে সুৰুঙা বিচৰি থাকিব আৰু সংস্কাৰৰ ঐতিহাসিক প্ৰক্ৰিয়াক বাধা দি আহিব ৷

এনেদৰে, বিভিন্ন বিশেষত্ববাদী ধাৰা ৰাষ্ট্ৰব্যৱস্থাৰ লগত সন্নিৱিষ্ট হয় আৰু সাংস্কৃতিক অধিকাৰ হিচাবে গৃহীত হয় । সাংস্কৃতিক ভিত্তিত পৃথক হোৱাৰ এই আধিকাৰেই নিশ্চয় জাতীয়তাবাদ আৰু বিভিন্ন উপ-জাতীয়তাবাদ । জাতীয়তাবাদৰ সৃষ্টি ক্ষেত্ৰভিত্তিক হ’লেও ই এক বিশ্বস্তৰীয় পৰিঘটনা । কৰাণ, সংস্কৃতিৰ ঐতিহাসিক বিভাজনবোৰ আচলতে বিশ্বজনীন মানৱাধিকাৰৰে কেৱল মাথো স্থান আৰু কাল সাপেক্ষ প্ৰকাশ ৷ সেয়ে এক ঐক্য সন্ধানী সামাজিক বিৱৰ্তন অৱশ্যাভাম্বী । তাৰ বাবে বিভিন্ন ধৰ্মীয় তথা সাংস্কৃতিক জনগোষ্ঠীবিলাকৰ মাজত তৃণমূল পৰ্যায়ৰ পৰাই সংস্কাৰমুখী আন্দোলন লাগিব । বাস্তৱ প্ৰয়োজনীয়তাই হ’ল মৌলিক অধিকাৰৰ ভেটি আৰু তাৰ মাপকাঠি লৈয়ে সংস্কাৰ হ’ব লাগিব । গতিকে সাংস্কৃতিকভাৱে পৃথক হোৱাৰ অধিকাৰ নিশ্চয় আছে, কিন্তু অকাৰণে অথবা মৌলিক অধিকাৰৰ পৰিপন্থী সাংস্কৃতিক অধিকাৰ অমানৱীয়ও হ’ব পাৰে । সাংস্কৃতিক অধিকাৰ বাস্তৱিক প্ৰয়োজনীয়তাৰ গণ্ডীৰ ভিতৰতহে কাৰ্যকাৰী হ’ব লাগিব ।

মানুহৰ এই বাস্তৱিক প্ৰয়োজনীয়তা হ’ল এক বিশ্বজনীন সত্ত্বা আৰু তাৰ দ্বাৰাই নিৰ্ণিত হয় মৌলিক অধিকাৰৰ আধাৰ । ব্যক্তিগত বা গোষ্ঠিগত অধিকাৰ বাস্তৱিক প্ৰয়োজনীয়তাৰ উৰ্ধত কাৰ্যকৰী হ’লেই বৈষম্য অৱশ্যাভাম্বী আৰু এই বাস্তৱিক প্ৰয়োজনীয়তাই হ’ল সামগ্ৰিকতাৰো মাপকাঠি । গনতন্ত্ৰ, সমাধিকাৰ আৰু প্ৰকৃতিৰ অন্তৰ্নিহিত মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত এক সৰ্বস্ব প্ৰণালীৰ পোষকতা হ’ল সমগ্ৰিকতাৰে প্ৰযুক্তি ৷ অৱশ্যে, মানৱ নিৰ্মিত এনে প্ৰণালীৰ প্ৰয়োগিক সীমবদ্ধতা আছে । সেয়ে হয়তো আজিও মানৱ সমাজত বাস্তৱিক প্ৰয়োজনীয়তাৰ সংকট বিদ্যমান । যেনেকৈ ঐতিহাসিক প্ৰক্ৰিয়াত ভিন্ন ভৌগলিক পৰিবেশ আৰু অধিনায়কত্ববাদী শক্তিয়ে সংস্কৃতিৰ বিভাজন আনে, তেনেকৈ সামাজিক আদান-প্ৰদানেৰে এক সমন্বয় প্ৰক্ৰিয়াও গঢ়ি উঠে । এই সমন্বয়ে বাস্তৱিক প্ৰয়োজনীয়তাৰ যুক্তিযুক্ততাক অধিক সবল কৰে আৰু তাৰ আধাৰত প্ৰতিষ্ঠা হয় আধুনিক ৰাষ্ট্ৰব্যৱস্থা ৷

ব্যক্তিগত স্বাৰ্থ আৰু বাস্তৱিক প্ৰয়োজনীয়তাৰ মৌলিক ঐক্যসাধনেই হ’ল সামগ্ৰিকতা । অনস্বীকাৰ্য যে বাস্তৱ জীৱনত ব্যক্তিগত বা শ্ৰেণীগত সত্তাবোৰ এক ভুৱা সামুহিক সত্তাৰ বশৱৰ্তী হৈ পৰে । কাৰণ সাংস্কৃতিক ৰক্ষনশীলতাই হওক নতুবা তাৰ ৰাষ্ট্ৰ-সৰ্বস্ব বিকল্পই হওক, পুঁজিৰ একচেটিয়া বিকাশৰ ঐতিহাসিক সমলবোৰ শক্তিশালী হৈ উঠে । এইটো সহজেই অনুধাৱন কৰিব পাৰি যে ঐতিহাসিক প্ৰক্ৰিয়াত একচেটিয়াকৈ গঢ়ি উঠা সম্পত্তিয়ে তাৰ পৰৱৰ্তী পৰ্যায়ত বৰ্ধিত সম্পত্তি আৰু আয়ৰ অনুপাতেৰে পুঁজিৰ বিকাশৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলায় । গনতান্ত্ৰিক প্ৰক্ৰিয়াক প্ৰভাৱশালী আৰ্থ-সামাজিক শক্তিৰ কবলৰ পৰা মুক্ত কৰাটো কঠিন হৈ পৰে । তাৰ লগে লগে ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰযুক্তিগত ৰূপায়নত প্ৰত্যাহ্বানবোৰ আহি পৰে ৷

মৌলিক অধিকাৰৰ এক ঐকিক আৰু বিশ্বজনীন সংজ্ঞা নিৰূপণ আৰু প্ৰণয়নত সাংস্কৃতিক অধিকাৰ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত প্ৰত্যাহ্বান হিচাবে থিয় দিয়ে । এফালেদি বিশ্বজনীন ভাৱধাৰাও নিষ্ক্ৰিয় হোৱাৰ বিপৰীতে প্ৰভাৱশালী সাংস্কৃতিক গোষ্ঠীৰ শৰনাপন্ন হৈ এক সৰলীকৃত আৰু সুষম সাংস্কৃতিক পৰিচিতিৰ পোষকতা কৰে আৰু অন্যান্য গোষ্ঠীসত্তাবোৰে নিজস্ব বিশেষত্ব হেৰুওৱাৰ আশংকাত ভোগে ৷ অন্যহাতেদি সংস্কৃতিৰ ভিন্নতাক স্বীকৃতি দিবলৈ যাওঁতে বিশ্বজনীন নাগৰিকত্বকেই প্ৰত্যাহ্বান জনালেও নহ’ব ৷ ৰাষ্ট্ৰব্যৱস্থাৰ এই সংঘাতৰ কথা পাৰ্থ চেটাৰ্জীয়ে লিখিছে, The “challenge of multiculturalism” is sought to be met by asserting the value of diversity itself for the flowering of culture and making room for divergent ways of life within a fundamentally agreed set of universalist values.

আকৌ, এই গৌণ আচাৰ-ৰীতিবিলাকৰ উৰ্ধত “মানৱতাই ধৰ্ম” বুলি কওঁতে সচৰাচৰ প্ৰশ্ন হয় যে সমাজৰ অবিছেদ্য অংগ হৈ থকা ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাত নিহিত থকা নৈতিক মূল্যবোধৰ উপযুক্ত বিকল্প আধুনিক বাষ্ট্ৰব্যৱস্থাৰ পৰিধিৰ ভিতৰত সম্ভৱ হ’বনে? ৰাষ্ট্ৰ ব্যৱস্থা হ’ল আচলতে এক প্ৰযুক্তি, আৰ্থ-সামাজিক বাস্তৱৰ লগত সংগতি ৰাখি তাৰ সময়োপযোগী সংস্কাৰ অৱশ্যাভাম্বী । সম্প্ৰতি, কোৱা যায় যে মূলতঃ উদ্যোগিক বিকাশৰ লক্ষত আধুনিক ৰাষ্ট্ৰই সামাজিক-সাংস্কৃতিক জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে । প্ৰফেচৰ আশীষ নন্দীয়ে কোৱাৰ দৰে জ্ঞানোদ্বীপ্ত প্ৰমূল্যৰ সৰ্বাধিক প্ৰয়োগ আৰু মানৱ যুক্তিবাদৰ অফুৰন্ত দক্ষতাই অনিছে এক আধ্যাত্মিকতা ৰহিত জীৱন । গতিকে, জ্ঞানোদ্বীপ্ত প্ৰমূল্যেৰে কৰা সূষম আৰু সৰলীকৰণৰ প্ৰকল্পবোৰো আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় উদ্যম যি ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰ মাজত থকা মানবীয় মূল্যবোধকো হয়তো উলাই কৰিব পাৰে । এই প্ৰত্যাহ্বানৰ মাজত আশীষ নন্দীয়ে গান্ধীৰ সৰ্বধৰ্ম সম্ভৱৰো সন্ধান বিচাৰি পাইছে, ”However uncomfortable the thought might be, the intellectual challenge of our times may well be to identify the means—the institutional structures and personality resources—that can reconcile diversity with exclusions that are not destructive, demeaning or driven by hatred; for some degree of discomfort with or suspicion of strangers—you may call it tolerable ethnocentrism—is an inescapable part of living cultures.”

আধুনিক ৰাষ্ট্ৰব্যৱস্থাক সংস্কৃতিৰ গতিশীলতাৰ ধাৰাবাহিকতাৰে বিশ্বস্তৰীয় মানৱীয় মূল্যক আকোঁৱালি লোৱাকৈ সক্ষম কৰি তোলাটো নিশ্চয় এক জটিল প্ৰক্ৰিয়া। সাংস্কৃতিক ভিন্নতাক ৰক্ষণাবেক্ষণ দি গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থা মানৱ অধিকাৰৰ ঐকিক যুক্তিযুক্ততাৰ সৈতে সমাহিত হ’বলৈ যাওতে বাধা আহি পৰে । এই আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাক আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় প্ৰকল্প বুলি অভিহিত কৰা হয় ৷ সেয়ে ৰাষ্ট্ৰব্যৱস্থা আৰু সামজিক-সাংস্কৃতিক জগতখনৰ মাজত যোগসূত্ৰৰ সাঁকো হেৰাই যায় ৷ সামাজিক গনজীৱনৰ পৰা সংস্কাৰে যেন বাট হেৰুৱাই ৷ স্বৰাজোত্তৰ ভাৰতৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিও এই বিলম্বৰ বাবে কম জগৰীয়া নহয় ৷ এনে সাময়িক প্ৰত্যাহ্বানবিলাকৰ মাজেদিয়েই সংস্কৃতিৰ অধিকাৰক বিশ্বজনীন মানৱ অধিকাৰৰ ভেঁটিত কাৰ্যকৰী কৰাৰ দিশত এক নিৰন্তৰ সংস্কাৰমুখী প্ৰক্ৰিয়া অব্যাহত থাকিব ৷

No comments:

Post a Comment