মনৰ কথা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
হাঁহিৰ আঁৰৰ চকুলো আৰু অন্যান্য প্ৰসংগ
চয়নিকা বৰুৱা
দূৰৰ পৰা দেখিলে সকলো বস্তুৱেই ৰঙচঙীয়া বুলি কথা এষাৰ আছে ।মানুহৰ ক্ষেত্ৰতো চাগে একে কথাই খাটে।এখন সুখৰ সংসাৰ ,পৰিয়াল, চাকৰি আৰু নিৰাপত্তাৰ মাজত থাকিও মানুহ কিয় অকলশৰীয়া ??? আমিবোৰ বেছিকৈয়ে যান্ত্ৰিক হৈ গৈ আছোঁ নেকি? আজি যে শান্তিৰে কথা এষাৰ পতাৰো অৱকাশ নোহোৱা হৈছে আমাৰ মাজত । আমি কিয় এজনে আনজনৰ সমস্যাবোৰ মুকলিমূৰীয়াকৈ পাতিব নোৱাৰো ? ইয়াৰ উত্তৰ চাগে এটাই । যান্ত্ৰিক পৃথিৱীখনে আৱেগিক সম্পৰ্কবোৰ দূৰলৈ ঠেলি দিছে। বাহিৰৰ পৃথিৱীখনক দেখুৱাবলৈ, সুখী হোৱাৰ ভাও জুৰিবলৈ আমি হাঁহিছোঁ ঠিকেই , কিন্তু মনৰ জগতত আমি ভীষণ অকলশৰীয়া । হতাশ, যন্ত্ৰণা আৰু একাকিত্বই এটা সময়ত ইমান বিৰক্তি নমাই আনে যে মানুহে নিজকে শেষ কৰি দিবলৈ কুণ্ঠাবোধ নকৰে ।

এই কথাখিনি মনলৈ আহিছে প্ৰতিভাৱান অভিনেত্ৰী , নৃত্যশিল্পী, গায়িকা বিদিশা বেজবৰুৱাৰ মৃত্যুৰ বাতৰিটো পাই।ব্যস্ততাপূৰ্ণ জীৱন তথা নিজ কৰ্মক্ষেত্ৰত একপ্ৰকাৰ সফল হৈয়ো মানুহ কিমান অকলশৰীয়া হ'ব পাৰে বিদিশাৰ মৃত্যুয়ে তাকেই দেখুৱাই গ'ল। যোৱাবছৰৰ শেষৰ ফালে অনুৰূপ ঘটনা এটাৰে নিজৰ জীৱন শেষ কৰি দিয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপিকা কুঁৱলী দাসৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছিল । গণিতৰ কৰ্মশালা এটাত অংশগ্ৰহণ কৰিবলৈ গৈ প্ৰায় পোন্ধৰটা দিন একেটা কোঠাৰ আৱাসী হৈ থকাৰ পিছত যথেষ্ট সৌহাদ্যমূলক সম্পৰ্ক আছিল আমাৰ মাজত । অত্যন্ত মৰমীয়াল, হাঁহিমুখীয়া বাজনীয়ে এনেকুৱা এটা পথ বাছি ল'ব পাৰিব বুলি ভাৱিব পৰা নাছিলোঁ ।

কলেজৰ চিনাকি বান্ধৱী এজনীৰ লগত দুদিনমান আগত কথা পাতিছিলোঁ ফোনত । লগ নোপোৱা বহু বছৰেই হ'ল। বান্ধৱীৰ কথাবতৰাত আগৰ সেই উচ্ছাস নাই, বাৰে বাৰে একেই কথা-মন নাই আৰু জীৱন জীয়াবলৈ, বিতৃষ্ণা লাগিছে জীৱনৰ প্ৰতি । কলেজৰ দিনৰে পৰা চিনাকি দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কেৰে বান্ধ খাই থকা প্ৰেমিকৰ লগত সম্পৰ্কৰ অৱসান হোৱাৰ পিছত তাই একপ্ৰকাৰ অস্থিৰ হৈ পৰিছিল । অতি কম দিনৰ ভিতৰতে চিনাকি হোৱা ল'ৰা এজনৰ সৈতে বিয়া হোৱাৰ খবৰ ছ'ছিয়েল মিডিয়া যোগেদি পাইছিলো । মাজে মাজে ফটোও দেখোঁ , আমিতো তাইৰ বৈৱাহিক জীৱন সুখী বুলিয়েই ভাৱিছিলো । সেইদিনা ফোন কৰাতহে গম পালোঁ তাইৰ তিক্ত বৈৱাহিক জীৱনৰ কথা ।স্বামীৰ লগতে ঘৰৰ বাকী সদস্যই তাইক ভালদৰে মাতবোল নকৰে , সৰু কথাত খঙ কৰে, কোঠাত বন্ধ কৰি থয়।কথাবোৰ শুনি বৰ দুখ লাগিল । ফোনৰ সিপাৰে উচুপি উঠা ছোৱালীজনীক কি বুলি সান্তনা দিম ভাবি নাপালো ।বাৰে বাৰে কৈছ এই কথাবোৰ লিখিবিছোন কাৰো জীৱনত যাতে আৰু এনেকুৱা নহয় । স্নাতকোত্তৰ ডিগ্ৰীধাৰী  শিক্ষিতা বান্ধৱীক বুজালো এবাৰ ভালদৰে কথা পাতিবি কিজানিবা ঠিক হৈয়ে সম্পৰ্কবোৰ নহ'লে আঁতৰি আহি নতুন জীৱন জীয়া। নিজকে শেষ কৰাৰ কথা নাভাৱিৱি। লাগিলে গোটেই জীৱন অকলই থাকিব লাগিব ।

এনেকুৱা অজস্ৰ কাহিনী আমাৰ চৌদিশে ঘূৰি আছে ।আপুনি মই প্ৰতি নিয়ত শুনিছোঁ বা দেখিছোঁ । ভুক্তভূগী সকললৈ একান্ত অনুৰোধ - নিজৰ সমস্যাবোৰ পিতৃ -মাতৃ বা বন্ধু -বান্ধৱীক খুলি কওঁক। নিজৰ মাজতে যুঁজি যুঁজি নিজকেই শেষ নকৰিব। এই পৃথিৱীখন বৰ সুন্দৰ ।সকলো মানুহেই কিবা নহয় কিবা গুণৰ অধিকাৰ। সেয়েহে সৃষ্টিকৰ্তাই আমা ক এই ধৰাৰ অংশীদাৰ কৰিছে ।প্ৰতিভাবোৰ অকালতে মৰহি নাযাওঁক, কোনোৱে যাতে অকালতে নিজৰ জী-পুত্ৰ, পত্নী বা স্বামীক নেহেৰুৱাওক। সকলোৱে উপভোগ কৰক এই পৃথিৱীৰ মোহনীয়তা। আমাৰ এয়াই কামনা ।

লেখকৰ পৰিচয়:: গণিত বিভাগ , ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages