Saturday, January 6, 2018

চিন্তন

চেতনা : ড্য হাৰ্ড মেটাৰ
অঞ্জন শইকীয়া      
১)  মই আৰু চেতনা
চেতনা মোৰ লগৰী, কেতিয়াবা চেতনাই মোক জোলোকে জোলোকে পানী খুৱাই। কিন্তু আমি দুয়ো দুয়োৰে লগৰীয়া, বৰ আপোন, এৰাব নোৱাৰা সম্পৰ্ক আমাৰ। চেতনা মোৰ সংজ্ঞা। চেতনা নাই মানে মই নাই, চেতনা আছে মানে মই আছোঁ।
এয়া অৱশ্যে মই কোনো চেতনা নামৰ ছোৱালী বন্ধুক বুজাবলৈ কোৱা নাই। গ্ৰীক শব্দ suneidésis বা ইংৰাজী শব্দ consciousness ৰ অৰ্থই যি বুজাই তাক বুজাবলৈহে 'চেতনা ' শব্দটো ব্যৱহাৰ কৰিছোঁ।
মাতৃগর্ভত থকাৰ পৰাই চেতনা আৰু মই লগৰীয়া। মাতৃগর্ভত ভ্ৰুণস্থ হৈ শৰীৰৰ অংগ প্ৰতংগবোৰ গঠন হোৱাৰ কোনটো স্তৰত মানৱ ভ্ৰুণৰ জ্ঞান আহৰণ প্ৰক্ৰিয়া আৰম্ভ হয় এতিয়ালৈকে বিজ্ঞানীসকলে সঠিক কৈ নিশ্চিত হ'ব পৰা নাই, কিন্তু ভ্ৰুণস্থ শিশুৰ চেতনা থকাৰ সংকেত গৰ্ভকালৰ ২৬-২৮ সপ্তাহৰ সময়ছোৱাত অনুভূত হয় বুলি বিজ্ঞানীসকল নিশ্চিত হৈছে।
বহু গৱেষকৰ মতে মাতৃৰ ডিম্বাণু আৰু পিতৃৰ শুক্ৰানু মিলিত হৈ জাইগত (zygote) গঠন হোৱাৰ পৰ্বতে মানৱ ভ্ৰুণৰ প্ৰাথমিক চেতনা আৰম্ভ হয়। কিন্তু সেয়া এক জীৱকোষৰ সংবেদনশীলতাহে । সেই সংবেদনশীলতাক ভ্ৰুণৰ স্ব-চেতনা বুলি কব নোৱাৰি।
শুক্ৰানু নিষেচিত ডিম্বকোষৰ কোষীয় পৰ্যায়ৰ চেতনা  কি প্ৰক্ৰিয়াৰে এটি মানৱ শিশুৰ উচ্চতৰ আৰু স্বতন্ত্ৰ আত্ম-চেতনা তথা আত্ম-সজাগতাৰ পৰ্যায়লৈ ৰূপান্তৰিত হয় - এই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱা বিজ্ঞানীসকলৰ বাবে যে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হ'ব সেয়া নিশ্চিত।
গৰ্ভস্থিত ভ্ৰুণৰ মস্তিষ্ক আৰু ইন্দ্ৰিয়বোৰৰ গঠন আৰু বিকাশ প্ৰক্ৰিয়া  আগবাঢ়ি যোৱাৰ অৱস্থাতে ইন্দ্ৰিয়বোৰৰ (নাক,কান, চকু, ত্বক, জিভা) প্ৰাথমিক কাৰ্যক্ষমতাও আৰম্ভ হয় আৰু ভ্ৰুণস্থ শিশুৰ আত্মচেতনাৰো আৰম্ভণি  হয় । গৰ্ভকালৰ তৃতীয়পৰ্যায়ৰ বেছিভাগ সময়ত শিশু এটিৰ মস্তিস্ক এক নিদ্ৰাৰত সপোন-সদৃশ অৱস্থাত থাকে, তাৰ মাজে মাজে কিছুক্ষণৰ বাবে গৰ্ভস্থ শিশুটিয়ে অংগ সঞ্চালনৰ দ্বাৰা মস্তিষ্কৰ চেতন অৱস্থাৰ সংকেত দি থাকে ।
মাতৃগৰ্ভস্থিত ভ্ৰুণৰ অংগৰ শাৰিৰীক বিকাশ আৰু ইন্দ্ৰিয়ৰ গঠন আদি বিষয়ৰ লগতে ভ্ৰুণৰ চেতনা, নিদ্ৰা, ইন্দ্ৰিয়লব্ধ জ্ঞান আহৰণ আদি মগজুৰ বিভিন্ন প্ৰক্ৰিয়াৰবোৰৰ কাৰ্য্যক্ষমতা আৰু এইবোৰৰ পৰিমিতি, বিস্তৃতি আদি বিষয়ৰ বহু গৱেষণা চলি আছে আৰু অদূৰ ভৱিষ্যতে আমি এই বিষয়ত বহু গুৰুত্বপূৰ্ণ কথা জানিব পাৰিম। অৱশ্যেই এই বিষয়বোৰত গৱেষক বিজ্ঞানীসকলৰ মাজত বহু মতভেদো দেখা যায়।
আমাৰ ভ্ৰুণৰ বিকাশ চেতনাৰ এক সম্প্ৰসাৰণ প্ৰক্ৰিয়া ? নে ভ্ৰুণৰ মগজুৰ বিকাশৰ পৰাহে চেতনাৰ সৃষ্টি হয়? -এনেধৰনৰ মতভেদো গৱেষক সকলৰ মাজত পৰিলক্ষিত হয়।
ঠিক কোনখিনি সময়ৰ পৰা 'মই' আৰু 'চেতনা' লগৰী হ'লো নিৰ্দিষ্টকৈ জ্ঞাত নহলেও মাতৃগর্ভতে আমাৰ যুগলবন্দীত্বৰ প্ৰক্ৰিয়াই গতি পাইছিল সেয়া নিশ্চিত।  কিন্তু সেই প্ৰক্ৰিয়াৰ স্মৃতি আমাৰ মগজুৱে সোঁৱৰণ কৰিব নোৱাৰে।

২) আহক টোপনি যাওঁ, চেতনাক জিৰণি দিওঁ

টোপনিত বাৰু আমি কৰবালৈ যাওঁ নেকি ? দেহটো দেখোন বিছনাতে থাকে ! বিছনাত পৰি লাইট অফ্ কৰি দিয়াৰ পিছত ঠিক কোনটো সময়ত আপোনাৰ টোপনি আহে বা আপুনি নিদ্ৰাৰাজ্যলৈ যায় আপোনাৰ মনত থাকেনে ? সাৰপোৱাৰ পিছত মনত পেলাবলৈ ( মিনিটৰ ঘৰত) চেষ্টা কৰিবচোন । মই বহুত চেষ্টা কৰিও নোৱাৰিলো দেই।
প্ৰকৃততে নিদ্ৰাৰত অৱস্থাত আমি বা আমাৰ  চেতনা কলৈকো নাযায়।  নিদ্ৰাৰত   হোৱা মানে আমি আৰু আমাৰ চেতনা দুয়োয়ে জিৰণিহে লওঁ । নিদ্ৰা আৰু চেতনাশূন্যতা সমাৰ্থক নহয়।  বৰং নিদ্ৰা চেতনাৰ এক বিশেষ অৱস্থাহে। নিদ্ৰাৰত হোৱা মানে আমাৰ চেতনাৰ লাইটটো চুইছ অফ্ কৰা নহয়, লাইটৰ প্ৰাবল্য ক্ৰমান্বয়ে ডিম ( dim) কৰা যেনহে হয়।
ঘৰৰ চৌপাশৰ কোলাহলৰ পৰা আঁতৰি অলপ শান্তিৰে কাম কৰিবলৈ যেনেকৈ আমি ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি লওঁ তেনেকৈ নিদ্ৰাৰত অৱস্থাত  আমাৰ মস্তিস্কই ইন্দ্ৰিয়ৰ খিৰিকীবোৰ জপাই বহিৰ্বিশ্বৰ পৰা আঁতৰি অন্তৰ্জগতত সক্ৰিয়হৈ কাম কৰি থকাৰ দৰে হয়। ঘৰৰ দুৱাৰত কোনোবাই জোৰকৈ ঢকিয়ালে যেনেকৈ আমি মাতিবলৈ বাধ্য হওঁ, তেনেদৰে টোপনিত আমাক কোনোবাই হেচুকি দিলে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ।
 আমাৰ নিদ্ৰাৰ গভীৰতা অনুসৰি পাঁচোটাকৈ পৰ্যায় আছে আৰু আমাৰ মস্তিষ্ক কেউটা পৰ্যায়তে ভিন্নধৰনেৰে সক্ৰিয়ভাৱে কাৰ্য্যকৰী হৈ থাকে- সেয়া স্নায়ুবিজ্ঞানী সকলে ইলেক্ট্ৰ-এনকেফেল'গ্ৰাফী কৰি নিৰ্ণয় কৰিছে।

৩) আহক এতিয়া সপোন দেখোঁ 

টোপনিৰ REM (rapid eye movement) পৰ্যায়ত আমি সচৰাচৰ সপোন দেখোঁ। আমি সপোনৰ অভিজ্ঞতা আমাৰ অৰ্ধচেতন অৱস্থাৰ মাধ্যমেৰেই পাওঁ। বাস্তৱযেন পৰিবেশত আমি দেখোঁ, শুনো, স্পৰ্শ কৰো, স্বাদ লওঁ (সম্ভবতঃ আমি সপোনত গোন্ধ নাপাওঁ!)।
সপোনত আমি নিষ্ক্ৰিয় পৰ্যবেক্ষক নহয়, সপোনত আমি কথা কওঁ, যুদ্ধ কৰোঁ, প্ৰেম-ৰোমান্স কৰোঁ, দৌৰো । সপোনৰ চেতন অৱস্থা, জাগৃত চেতন অৱস্থাৰ দৰে নহয়। সপোনক আমি চেতন-ইচ্ছাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰো, বৰং ঘটনাবোৰ ঘটি থাকে, আমিও স্বপ্নাৰথত উঠি গৈ থাকোঁ। সপোনত আমি আমাৰ বাস্তৱ সামৰ্থ্যক আত্ম-অৱলোকন (introspect) কৰিব নোৱাৰোঁ, আশ্চৰ্য্যজনক ভাবে আমি সপোনত উৰিব পাৰো, বহুদিন আগতে মৃত্যুহোৱা মানুহকো লগ পাওঁ। জাগৃত অৱস্থাৰ বিচাৰেৰে মনোবিজ্ঞানীয়ে সপোনক প্ৰাণৱন্ত সংবেদী-চলন ভ্ৰম (vivid sensory motor hallucinations) বুলি কয়।
সাধাৰণতে সপোনৰ স্মৃতি বৰ ক্ষন্তেকীয়া, বেছিভাগ পুনৰ জাগৃত অৱস্থালৈ ঘূৰি অহালৈ মনত নাথাকে। সপোন মনত ৰখাৰ একমাত্ৰ উপায় হৈছে সাৰপোৱাৰ পিছত তৎক্ষণাৎ ইয়াক লিখিব লাগে বা আনৰ আগত কৈ দিব লাগে, তেতিয়াহে দেখোঁতাৰ স্মৃতিয়ে ইয়াক গ্ৰহণ কৰে।
যদিও আমাৰ সপোন মনত নাথাকে, সপোনত ঘটা ঘটনাবোৰৰ সংগতি আমাৰ চেতনাৰ অতীতৰ সজাগ, অৰ্ধসজাগ অভিজ্ঞতাৰ মাজতে থাকে। সপোনত আমাৰ মস্তিস্কই আমাৰ অতীত জীৱনৰ খণ্ডিত অংশৰ ডুখৰীয়া ঘটনাবোৰেই সোঁৱৰণ কৰে । আমি প্ৰায়েই সপোনত গভীৰ দুখ, ভয়,  তীব্ৰ উত্তেজনা বা আনন্দৰ অনুভূতিৰ অভিজ্ঞতা লভো।
'মগজুৱে কিয় আৰু কেনেকৈ সপোন তৈয়াৰ কৰে' - এই প্ৰশ্নটো এতিয়াও এক মৌলিক সাথঁৰ। নিদ্ৰা আৰু সপোনৰ জগতখন বৰ আমোদজনক যদিও মনোবিজ্ঞানী আৰু স্নায়ুবিজ্ঞানীৰ বাবে এক জটিল বিষয়। ফ্ৰয়েদীয় তত্ত্বৰ উপৰিও আধূনিক স্নায়ুবিজ্ঞানী, মনোবিজ্ঞানীসকলে সপোন জগতখনৰ বহু ৰহস্য উন্মোচন কৰিছে আৰু অদূৰ ভৱিষ্যতে আৰু বহু কথা জানিব পৰা যাব বুলি আশা কৰিব পাৰি।  তেওঁলোকে 'আমি কিয় সপোন দেখোঁ' বা 'সপোনৰ অৰ্থ কি' - এই প্ৰশ্নৰ উত্তৰ হয়তো সোনকালেই দিব।
উত্তৰ যিয়েই নহওক লাগে - এই কথা কবই লাগিব যে নিদ্ৰা আৰু সপোন জগতৰ এক সুন্দৰতম বস্তু।

৪) আহক এতিয়া সংজ্ঞাহীন হওঁ, চেতনা হেৰুৱাওঁ! 

সংজ্ঞাহীন হৈ 'কমা' লৈ যোৱাৰ আগতে আহকচোন এবাৰ ভাবি চাওঁ 'চেতনা'ৰ সংজ্ঞা নো কি?
ব্যক্তি এজনৰ সংবেদনশীলতা, সজাগতা, অনুভৱ আৰু অভিজ্ঞতা লভাৰ সামৰ্থ্যক - সাধাৰণতে তেওঁৰ চেতনা বুলি কোৱা হয়। ব্যক্তিভাৱনাত  'মই ' অনুভূতি তৈয়াৰ কৰা আৰু জীৱনৰ অনান্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা থকা স্বত্বেও চেতনাই কেনেদৰে কাৰ্য্য সম্পন্ন কৰে, সেই বিষয়ে আমি খুব কমেইহে জানিব পাৰিছো।
মানৱ-চেতনা এক প্ৰিজম্-তুল্য অস্পষ্ট ধাৰণাহে (prismatic ambiguous concept), যাৰ এক সৰ্বগ্ৰহণযোগ্য সংজ্ঞা এতিয়ালৈকে নিৰ্ণয় কৰিব পৰা হোৱা নাই।
মানৱ-চেতনা মনোবিজ্ঞানী আৰু স্নায়ুবিজ্ঞানী সকলৰ বাবে এক ৰহস্যময় পৰিক্ৰমা। মানৱ মস্তিস্কই স্নায়বিক আৰু জৈৱ-ৰাসায়নিক ক্ৰিয়াকাৰ্য্যৰ জড়িয়তে কেনেকৈ চেতনাৰ সৃষ্টি কৰে স্নায়ুবিজ্ঞানীসকলে সঠিককৈ এতিয়ালৈকে জানিব পৰা নাই।
আধুনিক বিজ্ঞানে প্ৰত্যয়জনকভাবে দেখুৱাব পাৰিছে যে আমাৰ মস্তিস্কৰ সম্পূৰ্ণ ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াকাৰ্য্যৰ বাবেই আমাৰ 'চেতনা'ৰ উদ্ভৱ হয়, ইয়াত কোনো অভৌত বা অপাৰ্থিৱ তত্ত্ব নাই । চেতন ব্যৱস্থা এটা পাবলৈ কেৱল ভৌত উপাদানৰ প্ৰয়োজন। পদাৰ্থকণাবোৰ বিশেষ সজ্জা বা শৃংখলত আৱদ্ধ হ'লে চেতনাৰ উদ্ভৱ হয়। কিন্তু কিয় আৰু কেনেকৈ চেতনাশূন্য পদাৰ্থকণা বোৰৰ জটিল সাজোনে চেতনা সৃষ্টি কৰে ?
- এয়া একৈশ শতিকাৰ আধূনিক পদাৰ্থ বিজ্ঞানী আৰু স্নায়ুবিজ্ঞানী সকলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।
শল্যচিকিৎসকে কোনো এটা অপাৰেচন কৰাৰ আগতে এনাস্থেচিয়া চিকিৎসকে আমাক ঔষধ প্ৰয়োগ কৰি চেতনাশূণ্য বা সংজ্ঞাহীন কৰে। চেতনাহীন কৰাৰ এই প্ৰক্ৰিয়াটো 'দৰৱ প্ৰয়োগৰ দ্বাৰা আৰোপিত কমা' (Pharmacologically induced coma) বুলি কোৱা হয়।
'কমা' অৱস্থাত আমাৰ সংজ্ঞা নাইকীয়া হয়। আমি 'সংজ্ঞা' হেৰুওৱা মানে আমি নোহোৱা হৈ যোৱাৰ দৰেই হয়। সংজ্ঞাহীন অৱস্থাত আমাৰ চেতনা 'স্থান আৰু সময়' শূণ্য হৈ পৰা যেন হয়।
প্ৰকৃততে কমা অৱস্থাত আমাৰ 'চেতনা'ৰ কি হয় ? এনে অৱস্থাত আমাৰ চেতনা মস্তিস্কৰ এতিয়ালৈকে অনাবিষ্কৃত কোনো স্থানত স্থিত হয় নেকি ? - এই প্ৰশ্নবোৰৰ সম্পূৰ্ণ উত্তৰ আমি স্নায়ুবিজ্ঞানী সকলৰ পৰা সোনকালেই পাম।
সহজকথাত কমা অৱস্থাত আমি চাউণ্ডপ্ৰুফ, লাইটপ্ৰুফ নিজকে নেদেখা অন্ধকাৰ কোঠা এটাৰ গোপন স্থানত লুকাই থকাৰ দৰে হয় ।
স্নায়ুবিজ্ঞানী সকলে সংজ্ঞাহীন কমা অৱস্থাৰ মস্তিষ্ক আৰু সুস্থ সচেতন মস্তিষ্কৰ নিউৰ'ইমেজিং টেকনিক fMRI, Pet Scan, EEG আদিৰ সহায়ত বিভিন্ন পৰীক্ষা কৰি দুয়োটা অৱস্থাত মস্তিস্কৰ বিভিন্ন স্থানৰ স্নায়ুকোষৰ বাৰ্তাসংযোগী জালিকাৰ গঠন, ৰক্তসঞ্চাৰন, অক্সিজেন সংপৃক্তি, বৈদ্যুতিক তৰংগ আদিৰ কেনেধৰণৰ পাৰ্থক্য পৰিলক্ষিত হয় - তাৰবিষয়ে বহু ন ন কথা জানিব পাৰিছে। বিগত কিছু বছৰৰ পৰা মানৱ মস্তিস্ক আৰু চেতনাৰ ক্ষেত্ৰখনত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত বিস্তৃত অধ্যয়ন, গৱেষণা, সম্পৰীক্ষা আৰম্ভ হৈছে। গতিকে অদুৰ ভৱিষ্যতে আমাৰ অন্তৰ্জগতৰ 'মই' টোৰ বিষয়ে ন ন কথা জানিবলৈ সক্ষম হম বুলি অাশা কৰিব পাৰি।
প্ৰায় ৮০ বিলিয়ন স্নায়ুকোষৰে গঠিত মস্তিস্কৰ জটিল গঠন আৰু ইয়াৰ কষ্টবোধ্য কাৰ্য্যকুশলতাই মানৱ মনক আবহমান কালৰ পৰাই আশ্চর্যান্বিত কৰি আহিছে। বিখ্যাত জ্যোতির্বিজ্ঞানী কাৰ্ল চেগানে তেওঁৰ 'দ্য কচমচ্' গ্ৰন্থত কোৱা কথাৰেই সম্ভৱ সাৰাংশ লিখিব পাৰি। তেখেতে কৈছিল -  '
"The brain is a very big place in a very small space."
বহিৰ্বিশ্বৰ বিশালতাৰ দৰে আমাৰ অন্তৰ্জগতো অত্যন্ত বিশাল। আমাৰ মস্তিষ্কৰ জেলিসদৃশ মোনাটোৱে কেনেকৈ বহিৰ্বিশ্বৰ সকলো প্ৰাকৃতিক তথ্য ইন্দ্ৰিয়ৰ জড়িয়তে সংগ্ৰহ কৰি এইবোৰক জীয়াই থকাৰ ৰমনীয় অনুভৱলৈ ৰূপান্তৰ কৰে?
আমাৰ দেহ তথা মস্তিস্ক সম্পূৰ্ণ প্ৰাকৃতিক উপাদান আৰু নিয়মৰ দ্বাৰাই গঠিত, অথচ আমাৰ আত্মচেতনাৰ পৰা উদ্ভুত 'মই' টোৱে প্ৰকৃতিৰ আন অংশৰ পৰা নিজকে পৃথক অনুভৱ কৰে ?
- এই ৰহস্যবোৰৰ  উত্তৰ অনাগত দিনত বিজ্ঞানে আমাক নিশ্চয় একলা একলাকৈ জানিবলৈ দিব।

৫) এতিয়া মৃত্যু : আমাৰ মৃত্যু চেতনাৰো মৃত্যু ! 

চেতনা জীৱনৰ ৰহস্য, বিশ্বচৰাচৰৰ আশ্বৰ্য্য। চেতনা আমাৰ সকলোৰে জীৱনৰ মৰ্মবস্তু ।  বিজ্ঞানে মানৱ চেতনাক বিজ্ঞানৰ সূত্ৰত এতিয়ালৈকে বান্ধিব পৰা নাই যদিও বিজ্ঞানৰ গৱেষণাত এয়া স্পষ্ট হৈছে যে ই মস্তিস্কৰ এক অন্তস্থ গুণ বা বৈশিষ্ট্য।
আমাৰ মনোদৈহিক বিভিন্ন ক্রিয়াকলাপ  - ভাষা, কথন, আবেগ, শুনা, দেখা আদিৰ বাবে মগজুৰ বিভিন্ন অংশবোৰ আৰু সেইবোৰৰ স্নায়ুসংযোগী ব্যৱস্থাবোৰ জড়িত বা দায়বদ্ধ। সেইদৰে এইটোও স্পষ্ট যে আমাৰ  মস্তিস্কৰ অসংখ্য স্নায়ুকোষৰ কোটি কোটি আন্তঃসংযোগী জটিল ব্যবস্থাৰ বাবেই চেতনাৰ সৃষ্টি হয়। মস্তিস্কৰ মৃত্যু হোৱা মানে স্নায়ুকোষবোৰৰ মৃত্যু। যিদৰে হৃদযন্ত্ৰৰ কাৰ্য্য বন্ধ হোৱাৰ লগে লগে শৰীৰৰ ৰক্তসঞ্চালনৰ পাম্পটোও স্তব্ধ হয়, তেনেদৰে মস্তিস্কৰ মৃত্যুৰ লগে লগে স্নায়ুকোষবোৰৰ ফায়াৰিং স্তব্ধ হয় আৰু চেতনাৰো অস্তিত্ব নোহোৱা হয়।
এয়াই বিজ্ঞানৰ প্ৰাকৃতিক সিদ্ধান্ত।

৬) চেতনাৰ আঁতিগুৰি বিচাৰো আহক 

জীৱৰ লক্ষণ চেতনা। এককোষী অনুজীৱৰ পৰা উচ্চতৰ মস্তিষ্কধাৰী প্ৰাণীৰ চেতনাৰ গুনগত মানৰ ভিন্নতা থাকিলেও সকলো জীৱৰে অপৰিহাৰ্য্য বৈশিষ্ট্য হৈছে চেতনা। জীৱকোষৰ পৰাই কোষ বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা আন এটি জীৱকোষৰ সৃষ্টি হয়। জীৱৰ পৰা জীৱৰ সৃষ্টি হোৱা পৰিঘটনাৰ মাজেৰেই চেতনাৰ পৰা চেতনা বিস্তাৰিত হয়। ঘটনাটো এটা চাকিৰ পৰা আন এটা চাকি জ্বলোৱাৰ দৰে হয়।
জীৱজগতখন মূলতঃ চেতনাৰ জগত। বিশ্বজগতত প্ৰথম জীৱকণা সৃষ্টি হোৱাৰে পৰা জীৱনৰ প্ৰৱাহ আজিকোপতি নিৰৱচ্ছিন্নভাৱে চলি আছে, ভৱিষ্যতলৈও চলি থাকিব। জীৱন প্ৰৱাহৰ অন্য অৰ্থ চেতানৰ প্ৰৱাহ।
এই চেতনা প্ৰৱাহৰ উৎস বিচাৰিবলৈ হ'লে আমি বহুদূৰ অতীতলৈ পিছুৱাই  যাব লাগিব।
প্ৰায় ৩০০ কোটিৰ পৰা চাৰিশ কোটি বছৰৰ  আগতে জীৱকোষ তথা চেতনা সৃষ্টিৰ আখৰা চলিছিল আদিম পৃথিৱীৰ গৰম পানীৰ ভাণ্ডাৰ মহাসাগৰৰ গৰ্ভপৃষ্ঠত । কিছু মতভেদ আছে যদিও, ওপৰিন-হেলদেনৰ (Oparin-Haldane) জীৱসৃষ্টিৰ তত্ত্বকেই বৰ্তমান আধূনিক বিজ্ঞানীসকলে সমৰ্থন কৰে আৰু মিলাৰ-ওৰে (Miller-urey) নামৰ বিজ্ঞানীদ্বয়ে এই তত্ত্বৰ যথাৰ্থতা, পৰীক্ষাগাৰত কৃত্ৰিমভাৱে পৃথিৱীৰ প্ৰাকজৈৱিক পৰিবেশ তৈয়াৰ কৰি, সফলতাৰে সম্পন্ন কৰি দেখুৱাইছে (১৯৫০চন)।
বৃহৎ অনুৰ সমাবেশেৰে প্ৰাচীন পৃথিৱীৰ সমুদ্ৰগৰ্ভত কিছুমান কলয়ডীয় দ্ৰৱণৰ সৃষ্টি হৈছিল। এই কলয়ডীয় সমাবেশৰে নাম দিয়া হৈছিল 'কোৱাচাৰভেট' ( Coacervate)। আদিম পৃথিৱীৰ সাগৰৰ গৰমপানীৰ গৰ্ভপৃষ্ঠত কোটি কোটি বছৰ ধৰি কোৱাচাৰভেটৰ লীলা-খেলা চলিছিল। এই লীলা-খেলা আছিল ' বৈদ্যুতিক আৰু ৰাসায়নিক পৰিবৰ্তনৰ'। কেতিয়াবা কোৱাচাৰভেটে নতুন অনুক সাঙুৰি লৈ আকাৰ বঢ়াইছিল, কেতিয়াবা কোনো এটা অংশ ত্যাগ কৰি সৰু হৈছিল। এই গ্ৰহণ আৰু বৰ্জনৰ প্ৰক্ৰিয়াই হৈছে ভৱিষ্যতৰ জীৱৰ গ্ৰহণ-বৰ্জনৰ আদিৰূপ।
সমুদ্ৰগৰ্ভত সৃষ্টি হোৱা কোৱাচাৰভেটক প্ৰকৃতাৰ্থত জড় আৰু জীৱৰ মিলন বিন্দু বুলি কব পাৰি। জীৱৰ বৈশিষ্ট্য হৈছে চেতনা। চেতনা যে জড় বস্তুৰেই গুণগত উত্তৰণ সেয়া জড়ৰ পৰা জীৱনলৈ আগবঢ়া পৰিক্ৰমাৰ ধাপবোৰৰ পৰাই বুজা যায়। কোৱাচাৰভেটেই জড় পদাৰ্থত প্ৰথম স্পন্দনৰ ঝংকাৰ তুলিছিল। এটা ভাগি দুটা হোৱা, দুটা লগ হৈ এটা হোৱা - জীৱনৰ এই অনন্ত ছন্দ সাগৰ বুকুত কোৱাচাৰভেটেই আৰম্ভণি কৰিছিল।
কোৱাচাৰভেটৰ জটিল ৰাসায়নিক গঠন, স্পন্দনৰ অভিনৱত্ব আৰু এইবোৰৰ ওপৰত সূৰ্যৰ তাপ আৰু অতিবেঙুণীয়া ৰশ্মিৰ পৰোক্ষ প্ৰভাৱে গোটবোৰক অধিক জটিল আৰু অধিক স্পন্দনশীল অৱস্থালৈ লৈ গৈছিল । কোটি কোটি বছৰ ধৰি চলি থকা এই পৰিঘটনাৰ মাজতে কোনো এটা সময়ত জীৱকোষৰ তুল্য আদিম কণা গঢ় লৈ উঠিছিল। জড়কণাৰ পৰাই জীৱৰ সাৰবস্তু এমিনো এচিড, জটিল শৰ্কৰা, নাইট্রোজেন খাৰ আদিৰ সৃষ্টি হৈছিল আৰু এইবোৰ বিভিন্ন বিন্যাসত বান্ধ খাইছিল।
সেইদৰেই এসময়ত ডিঅক্সিৰাইবজ শৰ্কৰা, ফচফেট্, নাইট্রোজেন খাৰ এক বিশেষ সজ্জাত আৱদ্ধ হোৱাৰ ফলত 'ডিঅস্কিৰাইবো নিউক্লিক এচিড' বা DNAৰ কিবাকৈ সৃষ্টি হৈছিল।  এই পৰিক্ৰমাৰ সবাতোকৈ গুণগত উত্তৰণ ঘটিছিল যেতিয়া জীৱন অনুৱে প্ৰাণ সংকেত সঞ্চাৰ কৰিব পৰা 'ডি এন এ' (DNA) ক নিজৰ বৃত্তত আৱদ্ধ কৰিবলৈ সক্ষম হৈছিল।
জড় অনুবোৰৰ মাজত ঘটি থকা হাজাৰ হাজাৰ বিক্ৰিয়াৰ মাজত দুই এটা বিক্ৰিয়াহে জৈৱ অনু গঠনৰ সঠিক দিশত আগবাঢ়িছিল।
পৰীক্ষাগাৰত বিচৰামতে বিক্ৰিয়াবোৰ স্তৰে স্তৰে ঘটাই একোটা জৈৱযৌগ সৃষ্টি কৰাতো বৰ্তমান সহজ কাম যদিও নিজে নিজে বিক্ৰিয়া ঘটি জৈৱযৌগ সৃষ্টি হ'বৰ বাবে হাজাৰ হাজাৰ বছৰ লাগিছিল। বালিত এটা বিশেষ মূৰ্তি গঢ়িবলৈ সহজ, কিন্ত বতাহৰ প্ৰভাৱত নিজে নিজে তেনেকুৱা মূৰ্তি এটা গঢ় লবলৈ হাজাৰ হাজাৰ বছৰ লাগিব পাৰে । সেইদৰেই  জৈৱ যৌগ সৃষ্টিৰ পৰা ডি এন এ সৃষ্টি হ'বলৈ কোটি কোটি বছৰ লাগিছিল বুলি বিজ্ঞানীসকলে অনুমান কৰিছে।
এই ' ডি এন এ' কে সাহিত্যৰ ভাষাৰে জীৱন প্ৰবাহৰ মূখ্য সূত্ৰধাৰ বুলি ক'লে অত্যুক্তি কৰা নহব হয়তো।
সংগীতৰ বিশাল জগতখন  মূলতঃ যিদৰে সুৰৰ জগত,  বিশাল জীৱজগতখনো মূলতঃ চেতনাৰ জগত। প্ৰতিটো গান যিদৰে নিজস্ব মাদকতা আৰু বৈশিষ্ট্যৰে পূৰ্ণ তেনেকৈ প্ৰতিটো জীৱই স্বকীয় বৈচিত্ৰ আৰু বৈশিষ্ট্যৰে সমৃদ্ধ। সুৰ যিদৰে সপ্তস্বৰৰ গাঁথনিৰ ভিন্ন প্ৰকাশ, জীৱৰ চেতনাও তেনেকৈ আদিম পৃথিৱীৰ সমুদ্ৰগৰ্ভৰ বুকুত সৃষ্টি হোৱা চেতনাৰ স্পন্দনৰেই  অপৰিসীম বিস্তৃতি।

৭)  ভৱিষ্যত : কৃত্ৰিম চেতনা, যন্ত্ৰ চেতনা আদি

বিশ্ববিখ্যাত বিজ্ঞানী ষ্টিফেন  হকিঙে দুবছৰমান আগতে BBCক সাক্ষাৎকাৰত কৈছিল -  'The development of full artificial intelligence could spell the end of human race.'
কৃত্রিম বুদ্ধিমত্তাৰ বহুল প্ৰয়োগে আজিৰ সময়ছোৱাত মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিছে সেয়া আমি আজি পলে পলে অনুভৱ কৰিছোঁ।    মহাকাশযান, যুদ্ধ প্ৰযুক্তি মিছাইল দ্ৰ'ন , এন্ডয়ড আই-ফোন মবাইল, ৰবটিক শল্যচিকিৎসা,  ডিজিটেল স্মার্ট নিৰাপত্তা ব্যৱস্হা, আদি বিভিন্ন ক্ষেত্ৰত 'কৃত্ৰিম বুদ্ধিমত্তা'ৰ বৰ্তমান বিস্তৃত প্ৰয়োগ ঘটাৰ উপৰিও  বৈজ্ঞানিক প্ৰবন্ধ যুগুতাই উলিওৱা, সংগীত সৃষ্টি, গীতৰ সুৰ কৰা, সাংবাদিক দৰে বাতৰি সংগ্ৰহ কৰা, ৰোগৰ লক্ষণসমূহ বিশ্লেষণেৰে ৰোগ নিৰ্ণয় আদি বহু বিষয়তো ব্যৱহৃত হৈছে।
শিল্পকলাৰ সৃষ্টি এতিয়া মানুহৰ  'একক স্বত্ব আৰু অধিকাৰ' হৈ থকা নাই বুলিলে হয়তো ভুল কোৱা নহ'ব।  অচিৰেই কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন ৰবটে কবিতা লিখিব, গান লিখিব, গল্প উপন্যাস লিখিব , আৰু সেয়া পঢ়ি হয়তো আমি হাঁহিম, কান্দিম, আপ্লুত হ'ম।
এইবোৰৰ পৰা অৱশ্যে মানৱ জাতিৰ কিবা ক্ষতি হ'ব বুলি কব নোৱাৰি, কাৰন এইসকলোবোৰ পৰিচালিত হ'ব মানৱ মস্তিস্কপ্ৰসুত চেতনাৰ দ্বাৰাহে। কিন্ত যন্ত্ৰবোৰ যদি স্ব-চেতনা যুক্ত হয়, নিজস্ব 'মন' যুক্ত হয়, মেমৰিকাৰ্ড, ইন্টেলিজেন্স কাৰ্ডৰ দৰে 'চেতনা'ৰ মাইক্ৰ'কাৰ্ড, নেনোচিপচ্ সুমুৱাই বিভিন্ন  যন্ত্ৰক যদি চেতনাযুক্ত কৰিব পৰা সম্ভৱ হয়  - - - - তেতিয়া কি পৰিস্থিতি হবগৈ সেয়া কল্পনা কৰাও বৰ কষ্টকৰ।
বহু ৰবটিক বিজ্ঞানী প্ৰযুক্তিবিদৰ মতে ষ্টিফেন হকিঙৰ কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কে যি সংশয় - সেয়া অমূলক । তেওঁলোকৰ মতে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগৰ চূড়ান্ত উন্নতি সাধন হলেও কোনো চফ্টৱেৰ প্ৰগেমিঙৰ দ্বাৰা যন্ত্ৰত 'চেতনা' বা 'মন' তৈয়াৰ কৰা সম্ভৱ নহয়।
চেতনা, চৈতন্য, আত্মচৈতন্য, আদি বিষয়বোৰ এতিয়া আৰু ধৰ্ম, দৰ্শন, আধ্যাত্মিকতাৰ একচেটিয়া বিষয় হৈ থকা নাই। এয়া এতিয়া বিজ্ঞানীৰ গৱেষণা আৰু পৰীক্ষাগাৰৰ বিষয়। এই কথা  ঠিকেই অনুমান কৰিব পাৰি যে বিজ্ঞানৰ আজিৰ  'হাৰ্ড মেটাৰ' চেতনাক বিজ্ঞানীসকলে ভৱিষ্যতে কোবাই, গলাই 'কোমল' কৰিবই।  অৱশ্যে সেই কোমল চেতনাই ভৱিষ্যতে কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া ভৱিষ্যতেহে ভালদৰে কব পৰা যাব । 
 ('মুক্ত চিন্তা' জুলাই,২০১৭ সংখ্যাত প্ৰকাশিত)
লেখকৰ পৰিচয়: শিশুৰোগ বিশেষজ্ঞ, নগাঁৱ   

No comments:

Post a Comment