প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বহনক্ষমতাৰ সংজ্ঞা আৰু আজিৰ ভাৰতবৰ্ষ
ইন্দ্ৰজিত বৰা
“Man must at last finally awake from his millenary dream; and in doing so, awake to his total solitude, his fundamental isolation. Now does he at last realize that, like a gypsy, he lives on the boundary of an alien world? A world that is deaf to his music, just as indifferent to his hopes as it is to his suffering or his crimes.” – Blaise Pascal

কিছুদিন আগতে টাইমচ অফ ইণ্ডিয়াৰ এটা সম্পাদকীয় নিবন্ধত সমাজবিজ্ঞানী দীপাঙ্কৰ গুপ্তাই এটা খুব প্রাসঙ্গিক প্রশ্ন উত্থাপন কৰে । প্রকৃতপক্ষে, কেৱল সেইবিলাক বিষয়হে বিবেচনাধীন হয়, যিবোৰ প্ৰতিষ্ঠিত ৰাজনৈতিক তথা প্রশাসনিক ব্যবস্থাৰ মাধ্যমেৰে সমাধান কৰাটো সম্ভৱপৰ । উদাহৰণস্বৰূপে, আমাৰ অর্থনীতিৰ প্ৰায় ৯৩ শতাংশ দখল কৰি থকাৰ পাছতো অসংগঠিত শ্রমক অৱহেলা কৰা হৈছে । তাৰ কিছুদিন পাছতেই, টাইমচ অফ ইণ্ডিয়াৰ অন্য এটা নিবন্ধত বিশিষ্ট সাংসদ জয় পাণ্ডাই উত্থাপন কৰিছিল যে ভাৰতবৰ্ষৰ শ্রম আইনবিলাকে উদ্যোগিক উৎপাদন খণ্ডত নিয়োগ সৃষ্টিৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে আৰু সেয়ে প্রায় তিনি দশক ধৰি এই খণ্ড ৰাষ্ট্ৰীয় উৎপাদনৰ প্ৰায় ১৬ শতাংশতেই স্থবিৰ হৈ আছে।


এনেদৰে, মানৱীয় প্রচেষ্টাৰ প্রতিটো ঐতিহাসিক স্তৰতেই সুস্পষ্ট আৰু পদ্ধতিগতভাৱেই বাহ্যিকতাৰ (Externality) সৃষ্টি হৈছে । যেনেকৈ সাংবিধানিকভাৱে অভ্যন্তৰীন ন্যায্যতাই হওক বা আন্তঃৰাষ্ট্ৰীয়ভাৱে পৰস্পৰ স্বীকৃতিয়েই হওক, বাহ্যিকতাৰে সংজ্ঞায়িত এক ৰাজনৈতিক বিভাজক ৰেখাৰ ওপৰত ভিত্তি কৰিয়েই এখন ৰাষ্ট্র হ’ল এক ন্যায্য ৰাজনৈতিক তন্ত্ৰ । তেনেহ’লে এনে মানৱ প্ৰতিষ্ঠিত ব্যবস্থাই মানৱতাকেই বহিৰাগতলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে নেকি? অর্থনীতিৰ অনিয়মিত খণ্ডবিলাকৰ মুদ্ৰাকৰণৰ উদ্দেশ্যে কৰা বহু বিতৰ্কিত “নোটবন্দী”ৰ সময়ৰ আলোচনাত তেনে “মানৱীয় বাহ্যিকতা”ৰ প্ৰসঙ্গ উত্থাপিত হৈছিল । নিঃসন্দেহে মুদ্ৰাকৰণ প্ৰতিষ্ঠিত তন্ত্ৰ সাপেক্ষে অনিয়মিত ক্ষেত্ৰবিলাকৰ অভ্যন্তৰীণকৰণৰে এটা প্রক্রিয়া হোৱা উচিত । প্ৰসঙ্গক্ৰমে এই ক্রমবর্ধমান বিশ্বব্ৰহ্মাণ্ডত ভৌতিক বিজ্ঞানৰ ক্ষেত্রত বিশদ সার্বজনীন জ্ঞানৰ আভ্যন্তৰীণকৰণ হ’ল এক প্রগতিশীল মানৱ অন্বেষণ ।

তেনেহ’লে মানৱীয় ক্ৰমবিকাশত সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত জন্ম হোৱা প্ৰতিটো ব্যৱস্থা আৰু তন্ত্ৰৰ সাপেক্ষে বাহ্যিকতাৰ সৃষ্টি হয় । প্ৰশ্ন হয়, এই বাহ্যিকতাবোৰ কোনো ব্যৱস্থাৰ সৰলীকৰণৰ নে সূষমভাবে সাঙুৰি লোৱাৰ ক্ষেত্ৰত সামগ্রিক ব্যৱস্থাৰ ব্যর্থতাৰ সৃষ্টি? সম্প্ৰতি বহনীয়তাৰ প্ৰতি জাগৰণ হ’ল এই আধুনিক মানৱীয় ব্যৱস্থাবোৰৰ পার্শ্বপ্রতিক্রিয়াবোৰ অতিক্রম কৰাৰ সংকল্প । তেনেকৈ, পৰিৱেশগত বহনীয়তাৰ ক্ষেত্ৰত দেখা যায় যে বিশেষকৈ উন্নয়নশীল দেশবিলাকৰ অর্থনীতিক পৰিৱেশগতভাবে অধিক বন্ধুত্বপূর্ণ কৰি তোলাৰ ক্ষেত্ৰত বহুত প্ৰত্যাহ্বান আহি পৰিছে । “সেউজীয়া অর্থনীতি”ৰ মাজত সামাজিকতা, সমতা আৰু উন্নয়নৰ দিশবোৰ অন্তৰ্নিহিত হৈ থকাৰ উপৰিও অৰ্থায়নেৰে ভৱিষ্যত প্রযুক্তি আৰু পৰিকল্পনা অন্তৰ্ভুক্ত হৈ আছে ।

২০০০ চনৰ চেপ্টেম্বৰত জাতিসংঘৰ সহস্রাব্দ ঘোষণা অনুসৰি সমগ্ৰ বিশ্বই বহনক্ষম বিকাশৰ ক্ষেত্ৰত অর্থনৈতিক, সামাজিক আৰু পৰিবেশগত দিশত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । যিহেতু এখন দেশৰ ভিতৰতে বা বিভিন্ন দেশৰ মাজত চৰম দৰিদ্ৰতা আৰু আয়ৰ বৈষম্য ক্রমবর্ধমান হৈছে, অবহনীয় উপভোগ আৰু উৎপাদন প্ৰণালীয়ে ব্যাপক অর্থনৈতিক আৰু সামাজিক অৱক্ষয় আনি এই পৃথিৱীত জীবন বিপন্ন কৰি তুলিব পাৰে । বহনক্ষম উন্নয়নৰ বাবে অর্থনৈতিক আৰু সামাজিক অগ্রগতি, বিকাশ আৰু কর্মসংস্থানৰ দৰে আকাংক্ষাৰ সমান্তৰালকৈ পৰিবেশগত সুৰক্ষা প্রদানৰ বাবে বিশ্বব্যাপী পদক্ষেপৰ প্রয়োজন হ’ব । তেন্তে, বহনক্ষম উন্নয়ন হ’ল এটা সমন্বিত আৰ্হি যি প্ৰকৃতিৰ অৱদানবিলাক অব্যাহত ৰখাৰ ব্যৱস্থাবোৰক উৎসাহিত কৰে, বৈষম্য হ্রাস আৰু অর্থনৈতিক সুপৰিকল্পনাক অগ্ৰাধিকাৰ দিয়ে । এই প্রেক্ষাপটত, বহনক্ষম উন্নয়নৰ বাবে দাৰিদ্ৰতা দূৰীকৰণ আৰু জলবায়ু তথা পৰিৱেশৰ সুৰক্ষা অপৰিহার্য হ’ব আৰু তাৰ বাবে এক সার্বজনীন অংশীদাৰি লাগিব ।

উন্নয়নশীল দেশবোৰত বহনক্ষম উন্নয়ন, দৰিদ্ৰতা নিৰ্মূল আৰু মানব উন্নয়নক অগ্রাধিকাৰ দিয়াৰ লক্ষত আমি উন্নত দেশবিলাকৰ ঐতিহাসিক ক্ৰমবিকাশক বস্তুনিষ্ঠভাৱে চাইছোঁনে আৰু এই দেশবোৰ বহনক্ষম বিকাশৰ পথ প্ৰদৰ্শক হ’ব পাৰে নেকি ? প্রকৃতপক্ষে, এই দেশবোৰ ঐতিহাসিকভাৱে পৃথিৱীৰ কিছু বিশেষাধিকাৰপ্ৰাপ্ত ৰম্যভূমি আৰু মানৱীয় বাহ্যিকতাৰ নিৰ্মাণকেন্দ্ৰলৈ ৰূপান্তৰ হ’ল । সামগ্রিকভাবে, মানৱ উন্নয়নৰ বাবে পুঁজিৰ সৰবৰাহৰ উৎকৃষ্ট সঞ্চালন, সমষ্টিগত অৰ্থনীতিৰ নিয়ন্ত্ৰণ তথা জাতীয় আৰু বিশ্বস্তৰীয় পৰিকল্পনাৰ মাজত সৌহাৰ্দ আৰু উচিত ব্যবস্থাপনাৰ ওপৰত বৃহৎ পৰিমাণে নির্ভৰ কৰে । এই প্রক্রিয়াত, জাতিসঙ্ঘৰ পৰিৱেশ যোজনাৰ (United Nations Environment Plan) দ্বাৰা সংজ্ঞায়িত “সেউজীয়া অর্থনীতি” এটা বহুপাক্ষিক আলোচনাৰ প্রক্রিয়া যি এতিয়াও সম্পূর্ণৰূপে এক নিখুঁত কৰ্মসূচী, বিশ্বস্তৰীয় ঐক্যমত নতুবা চুক্তিলৈ ৰূপান্তৰ হোৱা নাই ।

এইখিনিতে ভৌতিক বিজ্ঞানৰ যোগসূত্ৰ বিচাৰি চোৱা যাওঁক । তাপগতি বিজ্ঞানৰ প্রথম সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত শাস্ত্রীয় অর্থনীতিৰ সীমাবদ্ধতাই হ’ল বহনীয়তাৰ পটভূমি । তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰই এনট্রপিৰ (Entropy) ধাৰণা দিয়ে আৰু অপৰিবর্তনীয় প্রক্রিয়াক (Irreversible Process) সংজ্ঞায়িত কৰে । এই অপৰিবর্তনীয় প্রক্রিয়াবোৰেই সম্পদৰ অৱক্ষয় আৰু জলবায়ু পৰিবর্তনৰ মূল । মানৱ সমাজৰ এই দিশত পদক্ষেপ আৰু তাৰ দীৰ্ঘকালীন প্ৰভাৱবোৰৰ ওপৰত বিতৰ্ক আহি পৰে । অভিযোজনৰ (Adaptability) ক্ষেত্ৰত লব লগা মানৱীয় পদক্ষেপবোৰো বহনক্ষম বিকাশৰ পৰিকল্পনাৰ অংশ । এই প্রেক্ষাপটত, শক্তিৰ উপভোগতকৈ পুঁজিৰ উৎপাদনত যদি শক্তিৰ প্ৰাবল্যতা বেছি হয়, তেন্তে নিম্ন শক্তিৰ উৎপাদন আৰু বিনিয়োগৰ অনুপাত সূচকযুক্ত (Energy Return On Energy Invested) পুনর্নবীকৰণযোগ্য শক্তিৰ (Renewable Energy) উৎসবোৰৰ বৰ্ধিত ব্যৱহাৰে ক্ষয়িষ্ণু জীবাশ্মৰ ইন্ধনবোৰ (Non-renewable Fossil Fuels) সংৰক্ষণ কৰিবনে ? শক্তি দক্ষতাৰ অভিযানবিলাকৰ (Energy Efficiency Drives) বাবে প্ৰয়োজনীয় পুঁজিৰ বিনিয়োগৰ ক্ষেত্ৰতো কথাটো একেই । তেনেহলে, স্কেন্ডিনেভিয়ান দেশবিলাকৰ পৰা কি নীতিকথা গ্রহণ কৰা হ’ব ? নিজ দেশক উদ্যোগিক উৎপাদনৰ পৰা মুক্ত কৰি কেৱলমাত্ৰ তৃতীয় সেৱা খণ্ডৰ সম্প্ৰসাৰণ কৰি পৰিৱেশগত বাহ্যিকতাক অন্য দেশলৈ স্থানান্তৰিত কৰিব পাৰি । অন্য দেশত উৎপাদিত উইন্ডমিল আৰু চ’লাৰ পেনেল আমদানি কৰি নিজ দেশত প্ৰতিষ্ঠা কৰিব পাৰি । কিন্তু জীবাশ্মৰ ইন্ধনবোৰ নোহোৱাকৈ আমি উইন্ডমিল উৎপাদন কৰিব পাৰিমনে ? অর্থনৈতিক বিকাশৰ হাৰ বজাই ৰাখিবলৈ প্ৰয়োজনীয় হৈ উঠা বৰ্ধিত শক্তিৰ চাহিদা পূৰণ কৰাৰ বাবে ৰাজস্বভাৱে আৰ্থিক ৰেহাইপ্ৰাপ্ত পুনর্নবীকৰণযোগ্য শক্তি উৎপাদনে বিশ্বব্যাপী জীবাশ্মৰ ইন্ধনবোৰৰ ব্যৱহাৰ অধিক কৰিব পাৰে । তেনেহ’লে এয়া বিশ্বস্তৰৰ নে কেৱল ক্ষেত্ৰবিশেষৰ “সেউজীয়া অৰ্থনীতি”?

মূল প্ৰত্যাহ্বান হ’ল সমষ্টিগত অৰ্থনীতিৰ পৰিধি তথা বর্তমান আৰু ভবিষ্যতৰ কল্যাণৰ মাজত ভাৰসাম্যশীলতা বজাই ৰখাৰ ক্ষেত্ৰত এনট্রপিৰ সীমাবদ্ধতা নিৰূপণ আৰু তাৰ প্ৰতিকাৰ । অৰ্থনীতিৰ তৃতীয়াকৰণ বৃহৎ উৎপাদনৰ ক্ষেত্ৰত থকা অৰ্থনৈতিক মুনফাৰ ওপৰত প্ৰতিষ্ঠিত আৰু ই আচলতে অর্থনীতিৰ ভৌতিক সমৃদ্ধিৰেই পৰোক্ষ সূচক । সেয়ে প্ৰকৃততে তৃতীয় খণ্ডৰ ঐতিহাসিক বিকাশে ক্ষেত্ৰ বিশেষে প্ৰতি উৎপাদন এককৰ শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিলেও সামগ্ৰিকভাৱে জনমূৰী শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰিবনে ? ৰাজহুৱা পুঁজিৰ সহায়ত শক্তিৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে নিম্নমানৰ শক্তিৰ উৎপাদন আৰু বিনিয়োগৰ অনুপাত থকা শক্তি সম্পদৰ ক্রমবর্ধমান ব্যবহাৰে ক্ষয়িষ্ণু সম্পদসমূহৰ দ্রুত অৱক্ষয় ঘটাব পাৰে আৰু ফলস্বৰূপে অৰ্থনীতিত বিবেচনামূলক শক্তিৰ (Discretionary Energy) পৰিমান হ্ৰাস পোৱাৰ লগে লগে দীৰ্ঘকালীন ভাৱে অর্থনৈতিক অৱনতি ঘটিব পাৰে । এইখিনিতে, উন্নয়নৰ অধিকাৰ অৱশ্যেই পূৰণ কৰা উচিত যাতে বর্তমান আৰু ভবিষ্যত প্রজন্মৰ উন্নয়নমূলক আৰু পৰিবেশগত প্ৰয়োজনীয়তাক সমানে গুৰুত্ব দিয়া হয় । সেউজীয়া অর্থনীতিৰ ভিত্তি হিচাবে পৰিবেশৰ সুৰক্ষা আৰু উন্নয়ন দুয়োটাই অপৰিহার্য হোৱা উচিত, কাৰণ পৰিবেশ আৰু উন্নয়ন দুয়োটা দিশক সন্মিলিত কৰিব পাৰিব এক সামগ্ৰিক নীতি আৰু কৰ্মপন্থাইহে ।

সমৃদ্ধিৰ সীমা (Limits to Growth) আৰু শিখৰ পেট্ৰোলিয়ামৰ (Peak Oil) দৰে তত্বই সৃষ্টি কৰা আশংকা ইতিমধ্যে সচেতন মহলৰ আলোচ্য বিষয় হৈ পৰিছে । উচ্চ শক্তি প্ৰাবল্য আৰু নিৰ্গমনযুক্ত সম্পদৰ কম ব্যৱহাৰৰ ফলত হ’ব পৰা অৱনমিত বিকাশৰ এক গোমা ছবি পৰিস্ফুট হৈছে । বিকল্প শক্তি সম্পদ আৰু শক্তি দক্ষতা দুটি সুস্পষ্ট পদক্ষেপ কিন্তু দুয়োটাৰে সুস্পষ্ট সীমাবদ্ধতাও আছে । এই শক্তি সম্পদৰ গুণগত মান, তীব্রতা আৰু শক্তিৰ উৎপাদন আৰু বিনিয়োগৰ অনুপাত সূচক খুব কম আৰু সেয়ে ইয়াৰ ওপৰত নিৰ্ভৰশীল মানে হ’ল কম বিবেচনামূলক শক্তি । অন্যহাতেদি, শক্তি দক্ষতাৰ অভিযানো এক বিতৰ্কিত প্ৰশ্ন কিয়নো উপভোগৰ ক্ষেত্ৰত হোৱা সঞ্চয়ে পুঁজি বিনিয়োগক পৰিশোধ কৰিব পাৰিবনে, কাৰণ এই বিনিয়োগ সদায় শক্তি প্ৰধান । অৱশ্যেই, সেউজীয়া ৰাশিৰ গঠন মানেই পদ্ধতিগত অৱনমিত বিকাশৰ পথ গ্রহন । আকৌ, ৰাজস্ব উপাদান অবিহনে এই সেউজীয়া ৰাশি আর্থিকভাবে সম্ভৱ নহয় । এইখিনিতে এই প্ৰশ্নটো অৱতৰণ হয়, সেউজীয়া লেবেলবোৰ ব্যয়বহুল কিয়, অৰ্থাৎ সেউজীয়া হ’বলৈ আমাক অতিৰিক্ত পুঁজিৰ কিয় প্ৰয়োজন ? বিস্তৃত মানৱ সাম্ৰাজ্যৰ পৰিবেশগত মানদণ্ডৰ ওপৰত দীৰ্ঘদিনীয়া প্রভাৱ সুপ্রতিষ্ঠিত । পৰিবেশগত সমস্যাবোৰৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে জৈৱিক আৰু ভৌতিক বিকাশৰ সীমাবোৰ প্ৰায়ে উনুকিওৱা হয়। কিন্তু, বহনক্ষম বিকাশৰ অৰ্থায়ন তেতিয়াহে সম্ভৱ হব যেতিয়া মানৱ অর্থনীতিৰ সম্প্রসাৰণত অহা সীমাবদ্ধতাৰ কোনো কাৰ্যকৰী বিকল্প থাকিব ।

আজি জলবায়ু পৰিবর্তনৰ অর্থনীতি আচলতে এক ৰেহাই হাৰৰ (Discount Rate) ওপৰত আৱৰ্তিত যি ভবিষ্যত প্রজন্মৰ কল্যাণৰ স্বাৰ্থত ভবিষ্যতৰ অর্থনৈতিক কার্যক্রমৰ ওপৰত বিৰূপ প্রভাৱ নপৰাকৈ পৰিৱেশগত ক্ষতিৰ প্ৰতিৰোধৰ বাবে লোৱা বৰ্তমানৰ অর্থনৈতিক সিদ্ধান্তৰ মূল্যাঙ্কন কৰে । এই ক্ষেত্ৰত প্ৰজন্মবিলাকৰ পূর্ণ সমতাৰ বাবে প্রযুক্তিগত পৰিবর্তনৰ প্রত্যাশিত হাৰৰ সমতুল্য এক ৰেহাই হাৰৰ ব্যৱহাৰ হয়তো যুক্তিযুক্ত । জাতিসঙ্ঘৰ পৰিৱেশ যোজনাৰ কৰ্তৃত্বত সেউজীয়া আৰ্থনৈতিক প্রতিবেদনত (Green Economic Report) প্ৰকাশ কৰা মতে সেউজীয়া অর্থনীতিৰ ক্ষেত্ৰত বিনিয়োগৰ পুনর্নির্ধাৰণৰ আঁচনিৰ অধীনত প্ৰাকৃতিক পুনর্নবীকৰণযোগ্য শক্তি ব্যৱহাৰৰ বাবে কিছু বছৰ অর্থনৈতিক বিকাশৰ হাৰ হ্ৰাস পাব, কিন্তু দীৰ্ঘকালীনভাৱে দ্রুত অর্থনৈতিক বিকাশৰ সম্ভাৱনা আছে । তাতোকৈ, “সেউজীয়া অৰ্থনীতি”ত বিনিয়োগে জলবায়ু পৰিবর্তন, শক্তিৰ নাটনি, জলসম্পদৰ সংকট আৰু পৰিস্থিতিতান্ত্ৰিক সেৱাৰ বিঘিনি সম্পৰ্কীয় আশংকা হ্রাস কৰা উচিত।

মানৱ সভ্যতাৰ বিকাশৰ জখলাত ক্ষয়িষ্ণু সম্পদৰ ব্যৱহাৰৰ পটভূমিতেই মানৱতাৰ সন্মুখত অনেক প্ৰশ্ন আহি পৰিছে – প্ৰমূল্য, অগ্ৰাধিকাৰ, দক্ষতা, আৰু সমতাৰ ঐতিহাসিক প্রশ্নবোৰ । সাম্প্রতিক সময়ত ভৌতিক আৰু পৰিবেশগত বিজ্ঞানৰ অগ্রগতিৰ সন্ধিক্ষণত বহনীয়তাৰ প্ৰশ্ন উত্থাপিত হৈছে, ই এটা ঐতিহাসিক প্ৰশ্ন যি কেৱল এক বিনিয়োগৰ ক্ষেত্ৰ অথবা এই বহনক্ষম বিকাশৰ অৰ্থায়নতেই সীমাবদ্ধ নহয় ।
লেখকৰ সকলো লেখা অসমীয়াৰ সুখ-দুখৰ পাতত পঢ়িবলৈ ক্লিক কৰকঃ http://www.xukhdukh.com/search/label/INDRAJIT-BORA

কেৱল সুখ-দুখৰ প্ৰৱন্ধবোৰ পঢ়িবলৈ ক্লিক কৰকঃ http://www.xukhdukh.com/search/label/ARTICLE

লেখকৰ নিজা ব্লগৰ সূত্ৰঃ https://indrajitborah.blog

No comments:

Post a Comment