Tuesday, January 3, 2017

চিন্তন

চিকিৎসা আৰু বনৌষধিৰ বিলাসিতা
ইন্দ্ৰজিত বৰা
এফালে বহু মাইল দূৰ কণ্টকময় পথ অতিক্ৰম কৰি জনস্বাস্থ্যৰ প্ৰতিনিধিজনক সাক্ষ্যাৎ কৰাৰ বিকল্প হিচাবে গাঁৱৰ কবিৰাজ জনৰ বা নিজে বনৌষধেৰে প্ৰাথমিক চিকিৎসা কৰা আৰু আনফালে অৰ্থনীতিৰ তৃতীয়াকৰনৰ ফলত স্বাভাবিকভাৱেই সৃষ্টি হোৱা এক “অবহনক্ষম” পৰিৱেশ, জীৱিকাৰ পদ্ধতি আৰু জীৱনশৈলীৰ মাজত বনস্পতি বা সেউজীয়া মাৰ্কাই দিয়া বিশেষ অনুভূতি – দুয়োটা ভিন্ন মেৰুত অৱস্থিত আৰু মানৱৰ কল্যাণৰ প্ৰচলিত সংজ্ঞাক প্ৰত্যাহ্বান জনাব পৰা পৰিঘটনা । আজিও বিশ্বৰ ৫০ শতাংশ জনসংখ্যাই প্ৰাথমিক ভাৱে স্বাস্থ্যৰ যত্ন লোৱাৰ ক্ষেত্ৰত লোক চিকিৎসা পদ্ধতিৰ ওপৰত বিশ্বাস ৰাখি চলি আহিছে।নিসন্দেহে ব্যয়বহুল আধুনিক দৰৱ ব্যৱহাৰৰ অসামৰ্থতাই নিশ্চয় ইয়াৰ মূল কাৰণ। 

অবহনক্ষম জীৱনশৈলীৰ মূলতে হৈছে ভোগৰ ধৰণৰ অসন্তুলন। যাৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত অসহনীয় চাপ পৰাৰ লগতে পৰিৱেশ, সমাজ, অৰ্থনীতি আৰু স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পৰিছে। প্ৰকৃতি আৰু সম্প্ৰদায় নিৰ্ভৰ জীৱনশৈলী সদায়ে বহনক্ষম, স্বাস্থ্যসন্মত আৰু অধিক সুৰক্ষিত। মুঠ কথাত পাৰিৱেশিক অসন্তুলনেই মানবশৰীৰৰ বিসংগতিৰ কাৰণ।বনৌষধি দ্ৰব্যবোৰ উৎসত এক সমতুল অৱস্থাত থাকে বাবে ই পাৰ্শক্ৰিয়া কৰিব নোৱাৰে । অাধুনিক চিকিৎসা পদ্ধতিত এইদ্ৰব্যবোৰ আনৱিক স্তৰত আহৰণ কৰা হয় আৰু দৰৱৰ মাত্ৰা নিখুতভাৱে নিৰ্ধাৰণ কৰা হয় যদিও পাৰ্শ্বক্ৰিয়া হব পাৰে । সেয়ে হ্য়তো তথাকথিতভাৱে হলেও ছিন্থেটিক বা বায়’মেডিকেল ঔষধক পৰিহাৰৰ সজাগতাই লুপ্তপ্ৰায় ভেষজ দৰৱৰ চাহিদা বৃদ্ধি কৰিছে। আনকি, সম্প্ৰতি ভাৰতৰ ভেষজ উদ্যোগৰ বাৰ্ষিক আয় ৮০,০০০ কোটি টকা অতিক্ৰম কৰিছে । কিন্তু, ভেষজ বুলি মাৰ্কা মাৰি সামগ্ৰী বিক্ৰী কৰাটোও ভোগবাদৰে অন্য এক অবতাৰো হ'ব পাৰে । 

তেনে চাহিদাৰ সুযোগ লৈ যেতিয়া ভেষজৰ পৰা ক্ৰমে কেবা হাজাৰ বিলিয়ন ডলাৰৰ শীঘ্ৰে বিক্ৰয় গ্ৰাহক সামগ্ৰীৰ উৎপাদন প্ৰতিষ্ঠান সৃষ্টি হোৱাৰ উদাহৰণ আছে, এজন কিয় বহু কবিৰাজেই জনপ্ৰিয়তাৰ বাবে প্ৰাথমিক প্ৰৰ্যায়ত প্ৰচাৰ মাধ্যমত বিনিয়োগ কৰাটো অস্বাভাৱিক নহয়। গতিকে, প্ৰশাসনীয় পদ্ধতিৰে স্বীকৃতিপ্ৰাপ্ত হোৱাৰ বাবে প্ৰয়োজনীয় মূলধন আয়ত্ব কৰালৈকে কৰা চিকিৎসাৰ বাবে যেন জনমাধ্যমৰ ভূমিকা অপৰিহাৰ্য । সাৱধানতাৰ প্ৰয়োজন নিশ্চয় আছে । 

প্ৰসঙ্গক্ৰমে, ই পৰম্পৰাগত বনদৰৱ বিশেষজ্ঞ “ভেষজৰত্ন” গুণাৰাম খনিকৰৰ (যি নিজে উদ্ভিদবিজ্ঞানৰ ছাত্ৰ হৈ বিভিন্ন বনৌষধি উদ্ভিদৰ অন্বেষণেৰে পৰম্পৰাগত ভেষজ চিকিৎসা পদ্ধতিৰ জ্ঞান আৰু অধিক সমৃদ্ধ কৰিছিল) দৰে জীৱনজোৰা সাধনাৰ বিপৰীতে কেৱল এক জীৱিকাভিত্তিক বা বাণিজ্যিক প্ৰণয়নৰ বাবে অনৈতিক অপব্যৱহাৰো হ'ব পাৰে । এইক্ষেত্ৰত পুনৰগঠন হোৱা বিভাগ 'আয়ুস'ৰ (আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, য়ুনানী, সিদ্ধ আৰু হোমিওপেথি) ভূমিকা কি হ'ব ?

বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সন্দেহাতীতভাৱে অনবদ্য সাফল্য লাভ কৰিছে আধুনিক চিকিৎসা বিজ্ঞানে। এই চিকিৎসা পদ্ধতিয়ে বৈষয়িক সমৃদ্ধি তথা শ্ৰমৰ যান্ত্ৰিকীকৰণৰ তৎকালীন প্ৰয়োজন পূৰণ কৰিবলৈও সক্ষম হৈছে । অন্যহাতেদি, পৰম্পৰাগত বনৌষধি ব্যৱহাৰৰ বহুকাল পুৰণি অনুশীলণ সাধাৰণতে একোটা সম্প্ৰদায়, পৰিয়াল অথবা ব্যক্তিৰ জৰিয়তে সৰবৰাহ হৈ আহিছে।এজন পৰম্পৰাগত কবিৰাজে মানৱৰ স্বাস্থ্যৰক্ষাৰ বাবে সুদীৰ্ঘকাল ধৰি চলি অহা পৰম্পৰাগত লোক জ্ঞানৰ আধাৰত চিকিৎসা চলায়। এটা কথা ঠিক যে, যিকোনো বৈজ্ঞানিক অনুসন্ধান অৱধাৰণাৰ (Hypothesis) পৰা আৰম্ভ হয় আৰু তাক প্ৰামাণ্য বিজ্ঞানসন্মত পদ্ধতিৰ আওতাত পৰীক্ষা কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানও সাক্ষ্যভিত্তিক গৱেষণামূলক পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। এই প্ৰসংগত ক’ব পাৰি যে পৰম্পৰাগত বনৌষধি চিকিৎসাৰ ক্ষেত্ৰতো সাক্ষ্যভিত্তিক গৱেষণাৰ কথা কোৱা হৈছে। বিকল্প দৰৱ অভিধাটোক এক ভ্ৰান্ত নাম বুলি অভিহিত কৰি জাৰ্ণাল অৱ দ্য আমেৰিকান মেডিকেল এছ’ছিয়েচনৰ সম্পাদকবৃন্দই মন্তব্য কৰিছে, “কেৱল বিজ্ঞানসন্মতভাবে প্ৰমাণিত, সাক্ষ্যভিত্তিক দৰবকহে যুক্তিপূৰ্ণ তথ্যৰে সমৰ্থন কৰা হয়। অপ্ৰমাণিত দৰৱৰ ক্ষেত্ৰত বিজ্ঞানসন্মত তথ্যৰ অভাৱ থাকে”। গতিকে কোনো প্ৰশাসনীয় পদ্ধতিয়েই অপ্ৰমাণিত বিকল্প চিকিৎসা প্ৰণালীক স্বীকৃতি দিব নোৱাৰে । কিন্তু আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠিত পদ্ধতিৰ সীমান্তত বিকল্প পদ্ধতি থাকিবই - কেৱল চিকিৎসা বিজ্ঞানেই কিয় যিকোনো ক্ষেত্ৰতে পৰিৱৰ্তনৰ বাঢ়ক হৈয়ে থাকিব ।

ভেষজবিদ্যা পৰম্পৰাগত চিকিৎসা চৰ্চাৰ এবিধ অন্যতম মুখ্য শৃংখল।বৰ্তমান যুগত ব্যৱহৃত বহু আধুনিক ঔষধ পৰম্পৰাগত বনৌষধি হিচাপে ব্যৱহাৰ হৈ অহাৰ সুদীৰ্ঘ ইতিহাস আছে। থলুৱা দৰৱবোৰে প্ৰায়ে আয়ুৰ্বেদ আদিৰ দৰে প্ৰতিষ্ঠিত পদ্ধতিৰ সৈতে সহাৱস্থান কৰা দেখা যায়। হোমিওপেথি আৰু আয়ুৰ্বেদ, দুয়োটা চিকিৎসা পদ্ধতিয়ে সম্প্ৰতি ভাৰতৰ জনস্বাস্থ্য প্ৰণালীৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। ঔষধ আৰু প্ৰসাধন সামগ্ৰী আইন বলবৎ হোৱাৰ সময়তে ১৯৪০ চনত ৰাষ্ট্ৰীয় ভেষজ দৰব বিধি আৰম্ভ হৈছিল।ৰাষ্ট্ৰীয় বনৌষধি উদ্ভিদ পৰিষদ স্থাপন হৈছিল ২০০০ চনত। ভাৰতীয় ঔষধৰ পদ্ধতি আৰু হোমিওপেথি বিভাগ ১৯৯৫ চনত গঠন কৰা হৈছিল।২০১৪ চনত এই বিভাগটোক আয়ুস(আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, য়ুনানী, সিদ্ধ আৰু হোমিওপেথি) বিভাগ হিচাপে নতুনকৈ নামকৰণ কৰা হয়।

এনে পৱিত্ৰ চিকিৎসা পদ্ধতিবোৰে (Holistic Medicine) মানুহৰ ৰোগ অথবা উপসৰ্গক মন-দেহ-আত্মাৰ বিসংগতিমূলক স্থিতিৰ ফল বুলি গণ্য কৰে। আকৌ কোৱা হয় যে আজিৰ প্ৰতিদ্বন্দিতামূলক ভোগবাদী জীৱনশৈলীৰ পৰিৱৰ্তন অবিহনে এই চিকিৎসা পদ্ধতিবোৰৰ ফলপ্ৰসূতাৰ বিজ্ঞানসন্মত প্ৰমাণ মুল্যাংকণ কৰিটো কঠিন । সেয়ে তৎকালীন চিকিৎসাৰ প্ৰয়োজন হোৱা গুৰুতৰ ৰোগৰ ক্ষেত্ৰত এই স্বাস্থ্যচৰ্চা হয়তো প্ৰয়োগ কৰা অনুচিত হ’ব পাৰে। জনস্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে আধুনিক চিকিৎসা পদ্ধতিৰ আৱ্শ্যকতাৰ ওপৰত সন্দেহ নাই । কিন্তু এক স্বাস্থ্যসন্মত জীৱনশৈলী গঢ় দিয়াৰ ক্ষেত্ৰত বিকল্প চিকিৎসাৰ আৱশ্যকতা নিঃসন্দেহে আছে।
লেখক দিল্লী নিবাসী আৰু তৈল খণ্ডত বিশেষজ্ঞ অভিযন্তা ৰূপে সেৱাৰত।

No comments:

Post a Comment