শ্ৰদ্ধাৰ্ঘ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অগ্নিৰ ডেউকা কোবাই তেওঁ গ'লগৈ
জয়দীপ চক্ৰৱৰ্তী
ল'ৰাজনৰ বয়স তেতিয়া ১০ বছৰ। বিজুলীচাকিৰ পোহৰ নেদেখা ল'ৰাজনৰ ঘৰত সন্ধিয়াৰ লগে লগেই জ্বলে ৰেচন কাৰ্ডৰে অনা কেৰাচিনৰ চাকি। ল'ৰাজনৰ প্ৰিয় শিক্ষক আছিলে শ্ৰী শিৱা সুব্ৰমনিয়াম। ৫ম শ্ৰেণীৰ ক্লাছত এদিন শিক্ষক সুব্ৰমনিয়াম ব্লেকব'ৰ্ডত উৰি থকা এটা চৰাইৰ চিত্ৰ আঁকিলে, চৰাই কেনেকৈ উৰে? উৰি ফুৰোতে কেনেকৈ দিক্ সলায় তাকে বুজাবলৈ ? ২৫ মিনিটৰ ক্লাছ শেষ হ'ল। শিক্ষক সুব্ৰমনিয়ামে ছাত্ৰ সকলোৰ পৰা জানিব বিছাৰিলে... "বুজিব পাৰিলা?" 


দ্বিধাহীনভাৱে কেৱল এজন ছাত্ৰ থিয়দি ক'লে, 'নাই'। ক্লাছৰ আন বহুত ছাত্ৰই তেতিয়া ক'লে, 'বুজি পোৱা নাই চাৰ'। শিক্ষক সুব্ৰমনিয়ামৰ কিন্তু খং নুঠিলে। স্কুল ছুটি হোৱাৰ পিছত ছাত্ৰ সকলোক লৈ গ'ল ৰামেশ্বৰমৰ সাগৰৰ পাৰলৈ। সাগৰৰ পাৰত পাখি মাৰি উৰিছে নানান চৰাই, শিক্ষক সুব্ৰমনিয়ামে ছাত্ৰসকলৰ পৰা জানিব খুজিলে, " উৰি ফুৰাৰ বাবে চৰাইৰ ইঞ্জিনটো ক'ত?" ল'ৰাজনে বুজি পালে চৰাই উৰে নিজৰ জীৱন আৰু ইচ্ছাশক্তিৰ প্ৰেৰণাত। সেই ইচ্ছা শক্তিৰ প্ৰেৰণাতে ল'ৰাজন এদিন নিজকে গঢ়ি তুলিলে ডo এ পি জে আব্দুল কালাম হিচাপে।

এজন মানুহৰ জীৱনশক্তি কিমান হব পাৰে তাৰে ধাৰণা দি গৈছে আমাক তেখেতৰ মৃত্যুৰ মাত্ৰ কেই ঘন্টামান আগৰ তেওঁৰ সৰ্বশেষ টুইটত- "Going to Shillong...to take course on Livable planet earth at IIM"( শ্বিলংলৈ যাও...মানুহৰ বাবে বাসোপযোগী পৃথিৱীৰ কথা কবলৈ)। ভাৰতৰ প্ৰথম পাৰমানৱিক বোমা বহনযোগ্য ক্ষেপণাস্ত্ৰৰ নিৰ্মাণৰ গুৰি ধৰিছিল এইজন কালামেই। অগ্নি, পৃথ্বী, আকাশ, ত্ৰিশুল, নাগ এই ক্ষেপণাস্ত্ৰ সমূহ তৈয়াৰ কৰাত তেওঁৰ ভূমিকাক ভাৰতবাসীয়ে চিৰদিনলৈ মনত ৰাখিব। এই ক্ষেপণাস্ত্ৰবোৰেই শক্তিৰ ফালৰ পৰা ভাৰতক আন্তৰ্জাতিক পৰ্যায়লৈ উন্নীত কৰে। বেলেস্টিক মিছাইল আৰু তাৰ উৎক্ষেপণযান তৈয়াৰত তেওঁৰ অৱদানৰ বাবে তেওঁ 'মিছাইল মেন' হিচাবে স্বীকৃতি পায়। ১৯৯৮ চনত ভাৰতৰ প্ৰথম সফল পাৰমানৱিক পৰীক্ষা পোখৰান-২ ৰ মুখ্য ভূমিকা আছিল এপিজে আব্দুল কালামৰ। অৰাজনৈতিক ব্যক্তি স্বত্বেও দেশৰ ১১ তম ৰাষ্ট্ৰপতি হিচাপেও দায়িত্ব  লাভ কৰিবলৈ সক্ষম হয় তেখেতে।

তেওঁ ভাৰতৰ ৰাজনেতা হৈয়ো আছিল অজাতশত্ৰু! তেওঁ বিজেপি, কংগ্ৰেছকে আদি কৰি সকলো দলৰ বাবেই জনপ্ৰিয় আছিল। হিন্দু, মুছলমান, শিখ, জৈন সৰ্ব সম্প্ৰদায়ৰ প্ৰিয় আৰু পূজনীয় আছিলে তেওঁ। সাংবিধানিক ভাৱে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ভাৰতত আজি তেওঁৰ ব্যক্তিত্বৰ সমকক্ষ বিচাৰি উলিওৱা কঠিন। সাধাৰণ মানুহৰ সন্তান হৈও একান্ত নিজস্ব অধ্যৱসায় আৰু উচ্চ চিন্তাৰ কৰ্ষণৰ সাধনাৰে সফলতা শীৰ্ষ লভাৰ পাছতো সৰলতাৰে সকলো উদ্বুদ্ধ কৰা তথা লক্ষ লক্ষজনক প্ৰেৰণা দিবলৈ সক্ষম হোৱা কালাম চাহাব ভাৰতীয় মানুহৰ হৃদয়ত সদায়েই অমৰ হৈ ৰব।

No comments:

Post a Comment