পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১৷ গুৱাহাটীৰ মাছখোৱাত আজি শান্তিৰ নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আয়োজন কৰা এক অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব৷ ৰাজ্যিক অতিথিৰ মৰ্যদা লাভ কৰা সত্যাৰ্থীয়ে 'ইণ্ডিয়ান চাইক্ৰিয়েটিক ছ'চাইটী , অসম শাখাই শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানতো "শিশুৰ বাবে যত্ন আৰু সন্মান" শীৰ্ষক আন এক বক্তৃতা প্ৰদান কৰিব ৷

২৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদে ২০১৪ বৰ্ষৰ সন্মানীয় ফখৰুদ্দিন আলি আহমেদ ৰাষ্ট্ৰীয় বঁটাৰ বাবে বাছনি কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ব বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বাদল কুমাৰ ভট্টাচাৰ্য আৰু অধ্যাপক ড০ সত্যেন্দ্ৰ নাথ দত্তক ৷এই বঁটা জনজাতীয় অঞ্চলৰ কৃষকৰ পথাৰত কৰা উৎকৃষ্ট কৃষি গৱেষণাৰ বাবে আগবঢ়োৱা হৈছে ৷

৩৷ প্ৰশাসনিক স্বচ্ছতা আৰু সাধাৰন নাগৰিকৰ সুবিধাৰ বাবে ৰাজ্যৰ যান-বাহন পঞ্জীয়নত অচিৰেই প্ৰৱৰ্ত্তন হ’ব অনলাইন ব্যৱস্থা ৷তদুপৰি গাড়ী ক্ৰয় কৰাৰ পাচত পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে ডীলাৰতে পঞ্জীয়ন কৰ আদায় দিব পাৰিব ৷

৪৷ ভাৰতে ৰাছিয়াৰ সহযোগত নিৰ্মান কৰিব ২০০ খন হেলিকপ্টাৰ৷ৰাচিয়াত থকা ভাৰতীয় ৰাষ্ট্ৰদূত পি এছ ৰাঘৱনে সদৰী কৰামতে ভাৰত-ৰুছ মৈত্ৰীক গভীৰতা আৰু বৈচিত্ৰ্য প্ৰদান কৰাৰ ক্ষেত্ৰত এই চুক্তিয়ে ঐতিহাসিক গুৰুত্ব বহন কৰিব ৷ ইয়াক ‘মেক ইন ইণ্ডিয়াৰ’ প্ৰথম বৃহৎ সফলতা বুলি গণ্য কৰা হৈছে ৷

৫৷বৰপেটাৰ সুসন্তান অনন্তৰাম দাসৰ স্মৃতিত তেওঁৰ ত্ৰয়োদশ বাৰ্ষিক স্মৃতি দিৱসত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য  ড০ কিশোৰী মোহন পাঠকক প্ৰদান কৰা হয় এই বৰ্ষৰ সুন্দৰৰ সাধক অনন্তৰাম দাস বঁটা ৷

৬ ৷ অসমবাসীৰ বাবে আন এক সুখৰ বতৰা হ’ল চলিত বৰ্ষৰ ৫ নৱেম্বৰত ৰাইজৰ বাবে মুকলি কৰা হ’ব সুধাকন্ঠৰ সমাধিক্ষেত্ৰ৷ সমাধি ক্ষেত্ৰৰ পৰিদৰ্শন কৰি মূখ্যমন্ত্ৰী তৰুণ গগৈদেৱে এই ঘোষণা কৰে ৷

৭৷ গুৱাহাটী বাণিজ্য শাখাৰ উদ্যোগত অলপতে উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ বাণিজ্য আৰু ব্যৱস্থাপনা বিভাগৰ অধ্যাপকসকলৰ উপস্থিতিত এই শিক্ষাৰ লগত জড়িত ব্যক্তিসকলক একত্ৰিত কৰাৰ উদ্দেশ্যে “উত্তৰ পূৱ ভাৰত বাণিজ্য আৰু ব্যৱস্থাপনা সংস্থা” চমুকৈ ‘নেইকম” গঠন কৰা হয় ৷

৮৷ বিশিষ্ট সাহিত্যিক আৰু লোককৃষ্টিৰ গৱেষক দেুৰাম তাছাৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে যোৰহাট সাহিত্য সভাই প্ৰৱৰ্ত্তন কৰা “দেউৰাম তাছা স্মাৰক বঁটা” প্ৰদান কৰা হয় বিশিষ্ট কবি সমীৰ তাঁতীলৈ ৷

৯ ৷ মংগল অভিযানৰ সফলতাৰ পাছত ভাৰতে এইবাৰ পৃথিৱীৰ ভগ্নী গ্ৰহ শুক্ৰলৈ অভিযান প্ৰেৰণ কৰাৰ বাবে গুণা-গঁঠা আৰম্ভ কৰিছে ৷ ইচৰ’ৰ চেয়াৰমেন কিৰণ কুমাৰে এই তথ্য সদৰি কৰে ৷ইয়াৰ আগতে শুক্ৰলৈ অভিযান চলাইছিল ৰাচিয়া,আমেৰিকা আৰু ইুৰোপীয়ান স্পেচ এজেন্সীয়ে ৷

১০৷ মুক্তিৰ লগে লগে অভিলেখ স্থাপন কৰা চলমান খানৰ বজৰংগী ভাইজানৰ বাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে দুই অসম সন্তান ৷চলচিত্ৰখনৰ উন্নত কাৰিকৰী দিশৰ অন্যতম সফলতাৰ অংশীদাৰ শব্দ অভিযন্তা দেৱজিত চাংমাই৷আনহাতে বজৰংগী ভাইজানৰ স্ক্ৰীপ্ট চুপাৰভাইজাৰৰ দায়িত্বত আছিল তেজপুৰৰ জীয়ৰী প্ৰাৰ্থনা গোস্বামী ৷
ভাল খবৰ যুগুতালে শ্বিলঙৰ পৰা বিপাশা বৰাই।

No comments:

Post a Comment