প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
সমাজ গঠনত ব্যক্তিৰ ভূমিকা 
দিগন্ত কুমাৰ বড়া
মানুহ সমাজপ্ৰিয় প্ৰাণী। সমাজ অবিহনে মানৱ জীৱন কল্পনাৰো অগোচৰ। ইতিহাসৰ পাত লুটিয়ালে আমি দেখা পাম যে প্ৰকৃতিয়েই আমাক সমাজ গঢ়ি তুলিবলৈ বাধ্য কৰাইছে। আদিম কালত বন্য জীৱ-জন্তুৰ পৰা হাত সাৰিবলৈকে মানুহ থুপ খাই বাস কৰিছিল। মানুহৰ ক্ৰমবিকাশ তথা বিকাশত সমাজৰ গুৰুত্ব অপৰিহাৰ্য্য । মানুহ এজন কেতিয়াওঁ‌ অকলশৰে বাস কৰিব নোৱাৰে , এজন মানুহৰ জন্ম এখন সমাজত হয়, এখন সমাজৰ বান্ধোনতেই বান্ধ খাই তেওঁ‌ জীয়াই থাকে আৰু সমাজতেই তেওঁ মৃত্যুবৰণো কৰে । প্ৰখ্যাত গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলৰ মতে , "Man is a social animal. He who lives without society is either a beast or a God." অৰ্থাৎ চয়তান অথবা ভগৱানৰ বাদে অন্য কোনো ব্যক্তিয়ে সমাজ এৰাই চলিব নোৱাৰে । 

মানুহ এজন কেতিয়াও অকলশৰে জীয়াই থাকিব নিবিচাৰে । জীৱনৰ আদি পুৱাতেই কেচুঁ‌ৱাই পিতৃ-মাতৃৰ মৰম বিচাৰে, লাহে লাহে পৰিয়ালৰ অন্য ব্যক্তিৰ লগত সময় কটাবলৈ ভাল পায় । এটি কেচুঁ‌ৱাই যিকোনো মূহূৰ্ততে ভয় ভাব জাগিলে মাকৰ সংগ বিচাৰে অথবা মাকৰ অবিহনে পিতৃ অথবা অন্য এক তৃতীয় ব্যক্তিৰ । এয়াই সমাজৰ আৰম্ভণি । 

মানুহৰ মৌলিক প্ৰয়োজন মাথো তিনিটা, অন্ন, বস্ত্ৰ, আৰু বাসস্থান। যদিও সাংখ্যিক ৰূপত তেনেই নগণ্য যেন লাগিলেও পৃথিৱীৰ বেছিভাগ মানুহেই অৱশ্য এই তিনিটাৰ পিছতেই দৌৰি আছে। এই মৌলিক প্ৰয়োজনেই মানুহৰ একমাত্ৰ উদ্দেশ্য হ'ব নালাগে বা নোৱাৰে। কাৰণ, আমি প্ৰত্যেকেই আশা-আকাংক্ষা, সপোন, হেঁ‌পাহ এইবোৰক লৈ ব্যস্ত। এইবোৰ আছে বাবেই পৃথিৱীখনত থকাৰ অৰ্থ আছে। এই আশা-আকাংক্ষাই জীৱনটো সুন্দৰ তথা বিকশিত কৰি তুলিবলৈ প্ৰধান আহিলা হ'ল শিক্ষা। শিক্ষা গ্ৰহণ আমি অকলশৰীয়াকৈ ল'ব নোৱাৰো, ই বিদ্যায়তনিক শিক্ষাই হওঁ‌ক বা অবিদ্যায়তনিক শিক্ষাই হওঁ‌ক। ইয়াৰ বাবে প্ৰয়োজন এখন সমাজৰ। সমাজ অবিহনে আমি শিক্ষা গ্ৰহণ কৰিব নোৱৰো। সেয়ে হয়তো বিখ্যাত শিক্ষাবিদ জন ডিউৱে বিদ্যালয়ৰ শিক্ষাক এখন ক্ষুদ্ৰ সমাজৰ লগত তুলনা কৰিছে । 

শিশু অৱস্থাত এজন ব্যক্তিৰ বিভিন্ন কাৰ্য্যদক্ষতা লুকাই থাকে, সেই বিভিন্ন কাৰ্য্যদক্ষতাবোৰ প্ৰতিফলন ঘটাব পাৰে বিভিন্ন সামাজিক কাম-কাজ, যেনে-খেলা-ধূলা, নাচ-গান, আদিৰ জৰিয়তে। পানীৰ কোনো আকাৰ নাই, ইয়াক যি পাত্ৰত থোৱা হয়, সি তাৰেই আকৃতি ধাৰণ কৰে, ঠিক সেইদৰে মানুহৰ মনটোৰো কোনো আকৃতি নাথাকে । ইয়াৰ আকৃতি নিৰ্ধাৰণ কৰে সমাজে । গতিকে পানীৰ পাত্ৰ ৰূপী সমাজখনৰ নিশ্চয় এক গধুৰ দায়িত্ব আছে মানুহৰ মনৰ আকৃতি নিৰ্ধাৰণ কৰাত। মানুহৰ অভাৱ সীমাহীন আৰু এই সীমাহীন অভাৱবোৰ পূৰাবলৈ যিমান দূৰলৈকে পৰা যায় সিমানখিনিয়েই প্ৰত্যেক ব্যক্তিয়ে যৎপৰোনাস্তি চেষ্টা চলায় । এই চেষ্টা কেতিয়াও গাইগুটীয়াকৈ কৰিব নোৱাৰে, ইয়াৰ বাবে সমাজৰ সহায় নিতান্তই প্ৰয়োজন। সমাজ হৈছে এক স্তৰীভূত শিলা। প্ৰত্যেক প্ৰজন্মই প্ৰজন্মই একোটাকৈ জ্ঞানৰ স্তৰ সৃষ্টি কৰি থৈ গৈছে। যাক আমি ধুই-মচি নিকা কৰি ললেই হ'ল । এইদৰে সমাজেই আনি দিছে সংস্কাৰ আৰু সংস্কৃতিৰ বতৰা । 

এই সমূহ আলোচনাৰ পৰা আমি বুজিলো সমাজৰ গুৰুত্ব কিমান । তথাপিও আমি নিদিষ্টকৈ ক'ব নোৱাৰো সমাজ কি ? ভাল সমাজ কোনখন, বেয়া সমাজ কোনখন তাক নিৰূপণৰ আমাৰ হাতত নিৰূপক নাই । আমি আলোচনা কৰা পৰিয়াল, জাতি, বৰ্ণ, সম্প্ৰদায়, বিদ্যালয় এই সকলোবোৰেই সমাজ । প্ৰত্যেকেই একো একোখন সমাজ । আমি প্ৰত্যেক ব্যক্তি বিশেষেই যিহেতু এটা পৰিয়ালৰ অংগ, গতিকে আমি সমাজৰো অংগ । ইমান গুৰু দায়িত্ব বহন কৰা এই সমাজ ব্যৱস্থাৰ প্ৰতি কৰণীয় নিশ্বয় আমাৰ থকা উচিত । 

সমাজৰ খাতিৰত আমি নিজৰ দৈনন্দিন কৰ্ম ত্যাগ কৰি হ'লেও আগবাঢ়ি যোৱাতো আমাৰ কৰ্তব্য হোৱা উচিত। আমাৰ সমাজৰ ৰাজহুৱা সভা-সমিতি বোৰত উপস্থিতিৰ হাৰ একেবাৰেই সেৰেঙা। অৱশ্যে ব্যক্তিগত স্বাৰ্থ জড়িত কিছু কিছু সভা-সমিতিত উপস্থিতিৰ হাৰ অতি বেছি দেখা যায় । সভা-সমিতিৰ লগতে সামাজিক দিশসমূহত অংশ লোৱাতো যি দৰে আমাৰ দায়িত্ব থিক একেদৰে কোনো এক ৰাজহুৱা সিদ্ধান্তত উপনীত হোৱাৰ সময়ত যদি নিজৰ কিছু মনৰ খু-দুৱনি অথৱা আনমিল থাকে তেন্তে উচিত যুক্তি দাঙি ধৰাতোও আমাৰ কৰ্তব্য। জানি-শুনি ভুল সিদ্ধান্ত এটাত হয়ভৰ দিয়াতো প্ৰত্যেকজন ব্যক্তিৰ বাবেই অপৰাধ । এখন সমাজত থকা প্ৰত্যেকজন ব্যক্তিৰ জ্ঞান-বুদ্ধি, শিক্ষা-দীক্ষা সমান নহয় ঠিক যিদৰে আমাৰ হাতৰ আঙুলি পাঁ‌চোটিও সমান নহয়। তথাপিও প্ৰত্যেকৰে গুৰুত্ব সমান হোবা উচিত। বহু সময়ত এনে ব্যক্তিও দেখা যায়, যিয়ে কয় সমাজ আছে নহয়, সমাজৰ যি মত মোৰো একেই, ভুল হ'লেও হয় শুদ্ধ হ'লেও হয়। যাৰ ফলত ভুল সিদ্ধান্ত কিছুমানৰ পৰিনতিত এখন সমাজ বিকশিত হোৱাত হেঙাৰ হৈ পৰে । আমি প্ৰত্যেকেই জনা উচিত আমি একো একোজন সমাজৰ অংগ, গতিকে মোৰ এটা শুদ্ধ সিদ্ধান্তৰ বাবে এখন সমাজৰ উন্নতিত সহায় হ'ব পাৰে । এই কথালৈ মনযোগ দিয়া উচিত । "One man can change the world" -- এই মহান বাক্যটিৰ গুৰুত্ব আমি প্ৰত্যেকেই বুজি পোৱা উচিত । 

দুৰ্নীতি, অনিয়ম, অন্যায় আদি বহু ক্ষেত্ৰত আমি পোনচাটেই সমাজকে দোষাৰোপ কৰো যদিও এই সমূহ নিৰ্মূলত আমি ব্যক্তি বিশেষে কি ভূমিকা গ্ৰহণ কৰিছোহঁ‌ক। প্ৰত্যেকখন নগৰ আৱৰ্জনাৰে ভৰি পৰিছে, নলা-নৰ্দমাৰ কদৰ্য্যময় পৰিস্থিতি, এইবোৰ দেখি শুনি আমি বিভাগীয় কৰ্তৃপক্ষক গালি পাৰো কিন্তু এই কথা ভাবি নাচাওঁ‌ পানী যোৱা নলাসমূহ পলিথিন, প্লাষ্টিকেৰে ভৰি বন্ধ হৈ পৰিছে, সেইসমূহ ক'ৰ পৰা আহিল। আমিয়েই ডাষ্টবিনৰ পৰিৱৰ্তে পথত পেলোৱা নাছিলো জানো, যি বোৰ বৰষুণৰ পানীয়ে কঢ়িয়াই নি নলা বন্ধ কৰি দিলে। কোনো এটা কাৰ্য্যালয়লৈ (চৰকাৰী বা বেচৰকাৰী ) দুই-তিনিদিন আহিবলগা কামতো একেদিনতে সমাধা কৰিবলৈ টেবুলৰ তলেৰে আমিয়েই উপঢৌকন দিয়া নাই জানো। 

যৌতুক প্ৰথাৰ বিৰুদ্ধে সমাজত ডাঙৰ ডাঙৰ বক্তৃতা দি নিজৰ ছোৱালীজনী বিয়া দিওঁ‌তে লাখটকীয়া গাড়ীখন আমিয়েই উপহাৰ হিচাপে দিয়া নাই জানো । যি ব্যৱস্থাই অন্য বহুজনক উৎসাহিত কৰিছে। শিশু শ্ৰমিক বন্ধৰ বিৰুদ্ধে বাটৰ নাট কৰি ঘৰলৈ ওভতি ৰন্ধা-বঢ়াৰ দায়িত্বতো ফুল-কুমলীয়া বন কৰা ল'ৰা বা ছোৱালীজনীক আমিয়েই দিয়া নাই জানো। কোনো এক ব্যক্তিয়ে চুৰ কৰিছে, আমি প্ৰত্যেকেই জানো যে, চুৰি কৰাতো এক অপৰাধ। সেই চুৰটোক ধৰি বান্ধি ৰাজহুৱাভাৱে মাৰপিট কৰি আমিয়েই পুনৰ এটা অপৰাধ কৰা নাই জানো। 

আমি মালালাৰ আদৰ্শ ল'ব নোৱেৰোনে ? ১৬ বছৰীয়া ছোৱালীজনীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি নাৰী শিক্ষাৰ সপক্ষে পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ বাবে ন'বেল বঁ‌টাৰ গৰাকী হৈ পৰিল। আমি বিৰুৱালা ৰাভাৰ আদৰ্শ ল'ব নোৱাৰোনে, জীবন মৰণৰ ভয় নেওচি ডাইনী হত্যাৰ বিৰুদ্ধে যিয়ে অহৰ্নিশে চেষ্টা চলাই আহিছে। যাৰ বাবে তেওঁ‌ পদ্মশ্ৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী পাবলৈও সক্ষম হৈছে । আমি যাদৱ পায়েঙ দেৱৰ আৰ্হি ল'ব নোৱাৰোনে, যি সময়ত আমাৰ এটি গছপুলি ৰুবলৈ আহৰি নাই তেনে সময়তে পৰিৱেশ সুৰক্ষাৰ খাতিৰত নিজেই এখন অৰণ্য সৃষ্টি কৰিলে । তেওঁ‌কো গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। আৰু পদ্মশ্ৰী সন্মাৰ অধিকাৰী বহুকেইগৰাকী হৈছে। এইসকলৰ দৰে বহু এনে ব্যক্তি আছে যিয়ে ব্যক্তি স্বাৰ্থৰ সলনি সমাজৰ প্ৰতি জীৱন উৎৰ্সগা কৰি আহিছে ।
আজিৰ প্ৰেক্ষাপটত সমাজৰ প্ৰতি দায়বদ্ধতাৰ এনাজৰীডাল সোলোক-ধোলোক হৈ পৰাৰ অন্য এটা কাৰণ হৈছে ক্ষুদ্ৰ তথা একক পৰিয়াল। আজিৰ সময়ত নগৰ-চহৰ, গাওঁ‌-ভুঁ‌ই সকলোতে যৌথ পৰিয়ালৰ অভাৱ । এটি যৌথ পৰিয়ালত বয়স বিশেষে সকলো স্তৰৰ ব্যক্তি থকাৰ ফলত তেওঁ‌লোকৰ আচাৰ-নীতি, পৰিয়ালটোৰ প্ৰতি মৰম-চেনেহ, দায়বদ্ধতা থাকে কিন্তু আজিৰ একক পৰিয়ালৰ ধাৰণাই এইবোৰ কথাত কিছু ব্যাঘাত জন্মাইছে । 

আমি দেখিছো যে, সূৰ্য স্থিৰ, পৃথিৱীহে তাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। গেলিলিঅ'ৰ এই সত্য স্বীকাৰত এচাম ধৰ্মগুৰুৰ ৩০০ বছৰ লাগিছিল। সমাজৰ পৰা কু-প্ৰথা নিৰ্মূলত বিশেষ অৰিহণা যোগোৱা ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ নাম চিৰস্মৰনীয়। সদৌশেষত, এইটো অনস্বীকাৰ্য্য যে, সমাজৰ উন্নতিৰ ব্যক্তিৰ ভূমিকা নিতান্তই গুৰুত্বপূৰ্ণ। সমাজৰ স্বাৰ্থত ব্যক্তিয়ে যিকোনো উচিত সিদ্ধান্তই মূৰ পাতি ল'ব লাগিব। তেতিয়াহে এখন সমাজ সুন্দৰ হৈ পৰিব।
লেখক মৰিগাঁও নিৱাসী, ভ্ৰাম্যভাষ= ৯৬১৩৬-৯৬১৪৬

No comments:

Post a Comment