ইতিবাচক চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হিংসামুক্ত এটা দিনৰ ভিক্ষা

বৃতুল শৰ্মা
আমি সভ্যতাৰ জখলাত নিৰন্তৰে আৰোহণ কৰি আছো যদিও সমগ্ৰ বিশ্বতে অহৰ্নিশে চলি থকা হিংসাত্মক ঘটনাবোৰে মানুহৰ সভ্য ৰূপটোৰ আগত প্ৰশ্নবোধক চিহ্ন আঁৰি দিছে। জ্ঞানৰ পৰিসৰ বৃদ্ধিৰে আমি আগবাঢ়ি গৈ আছো যদিও দয়া-মমতা, মৰম-চেনেহ ইত্যাদি মানৱীয় গুণসমূহ, আমাৰ মাজত লোপ পাবলৈ ধৰা পৰিলক্ষিত হৈছে। প্ৰকাশিত তথ্য মতে ভাৰতবৰ্ষত অকল সংগঠিত হিংসাত্মক কাৰ্যকলাপতে প্ৰতি বছৰে আঠশৰ পৰা এহেজাৰ মানুহ মৃত্যুমুখত পৰে। ইয়াতকৈও আশ্চৰ্য্যজনক কথা হʼল NCRB(National Crime Records Bureau)ৰ প্ৰকাশিত তথ্য মতে প্ৰতি বছৰে ভাৰতবৰ্ষত অ-সংগঠিত ভাৱে বা গাইগুটীয়াকৈ সংঘটিত হত্যাৰ সংখ্যা ত্ৰিশ হাজাৰতকৈও অধিক। অৰ্থাৎ গঢ় হিচাপত প্ৰতি ঘন্টাত তিনি জনকৈ মানুহ নিহত হয়। এয়া শিহৰণকাৰী নহয়নে? ইমানেই হিংসুক হৈ পৰিছো নে আমি? এয়া নিহত মানুহৰ সংখ্যাহে। সকলো হিংসাত্মক কাৰ্য্যকলাপত মানুহ নিহত নহবও পাৰে। গতিকে প্ৰকৃত হিংসাত্মক কাৰ্য্যকলাপৰ পৰিসংখ্যা কিমান হবগৈ সেয়া কল্পনাতীত। এয়া সভ্যতাৰ দিশত উত্তৰণ নে অৱনমন? আমি যেন অকল জ্ঞান বিজ্ঞানৰ পৰিসৰ বহল হোৱাটোকেই সভ্যতাৰ মাপকাঠী কৰি লৈছো। মানৱীয় গুণাৱলীসমূহ সভ্যতাৰ মাপকাঠী হিচাপে বিবেচিত নোহোৱা বাবেই ইমানখিনি হিংসা আমাৰ মাজত থকা স্বত্তেও আমি “সভ্য”।


সমগ্ৰ দেশবাসীৰ ওচৰতে হিংসামুক্ত এটা দিনৰ ভিক্ষা খুজিবলৈ মন যায়। এনে এটা দিন, যিদিনাৰ বাতৰি কাকতখনৰ কোনো এটা চুকতে এটাও হিংসাত্মক ঘটনাৰ খবৰ নাথাকিব। সাম্প্ৰতিক পৰিস্থিতিত যত প্ৰতি ঘন্টাত গঢ় হিচাপত তিনি জনকৈ মানুহ হিংসাত্মক কাৰ্য্যকলাপত নিহত হয়, তেনে স্থলত সম্পূৰ্ণ চৌবিছটা ঘন্টা একো হিংসাত্মক ঘটনা সংঘটিত নোহোৱাকৈ থকাটো সঁচাকৈ প্ৰশংসনীয় আৰু মোৰ বোধেৰে খুব সহজ নহলেও প্ৰাপ্তিসাধ্য।


ইউনেছকোৰ সংবিধানত লিখিত এষাৰি বাক্য ইয়াত উদ্ধৃত কৰিলো। – “Since wars begin in the minds of men, it is in the minds of men that the defenses of peace must be constructed.” – Constitution of UNESCO.

অৰ্থাৎ, “যিহেতু যুদ্ধৰ আৰম্ভনি মানুহৰ মনৰ পৰাই হয় গতিকে তাৰ বিৰুদ্ধে শান্তিৰ ঢালখনো মানুহৰ মনতেই নিৰ্মাণ কৰিব লাগিব”। ইউনেছকোৰ সংবিধানত লিখিত কথাষাৰিৰ সৈতে একে সুৰতে কব খোজো যে অকল যুদ্ধ-বিগ্ৰহেই নহয়; সকলো ধৰণৰ অসূয়া-অশান্তি আৰু হিংসাৰ আৰম্ভণিয়েই মানুহৰ মনটোৰ পৰা হয়। তাৰে ভিতৰত কিছুমান কাৰ্য্যকলাপে হত্যাৰ নিচিনা চৰম পৰিণতিৰ সৃষ্টি কৰে। মানুহৰ মনৰ ভিতৰত হিংসাৰ বিৰুদ্ধে ঢাল এখন নিৰ্মিত হলেহে হিংসাৰ অন্ত পৰিব যেন লাগে।

1 comment:

  1. দুষ্ট লোকক কেতিয়াও বুজনিৰে ভাল কৰিব নোৱাৰি ।দেশত কঠোৰ আইন লাগিব ।বেয়া কাম বা মানৱতা বিৰোধী কাম কৰিলে চৰম শাস্তি প্ৰদানৰ ব্যৱস্থা থাকিব লাগিব ।
    ভাৰতৰ বেয়া মানুহ বোৰক ভাল কৰিব পৰা হোৱা নাই কিয় ? এই উত্তৰটো অতি সহজ । ভাৰত খন যিসকলে শাসন কৰে তেওঁলোকেই বেয়া । গতিকে বেয়াই বেয়াক ভাল কৰিব নোৱাৰে । উদাহৰণ দিব লাগিলে ১০০ পৃষ্ঠাৰ অধিক হব । ।মাথো এটা উদাহৰণ দিওঁ: এজন মন্ত্ৰীৰ বা উচ্চ পদস্থ বিষয়াৰ ২৫ বছৰীয়া পুত্ৰই এটা অসামাজিক কামত লিপ্ত থকাৰ প্ৰমাণ পোৱাত পুলিচে তেওঁক বন্দী কৰিলে । আচলতে এওঁ পাঁচ বছৰ মানৰ বাবে কাৰাগাৰত থাকিব লাগে ।কিন্ত, এই লৰাজনে কোনো শাস্তি নাপায়, খুব বেছি ২/৩ ঘন্টাৰ ভিতৰত আৰক্ষীৰ পৰা মুকলি হৈ আহিব পাৰিব ।মাধ্যম - এটা বা দুটা ফোন ।
    বেয়া কাম নো কি? মানুহক হত্যা কৰা, ৰাজহুৱা ধন আত্মসাৎ কৰা,আইন ভংগ কৰা আদি । দেশত বেয়া কাম এটা বছৰত কৰা লোকসকলক চৰম শাস্তি বিহিব পাৰিলেই ভাৰতবৰ্ষ এটা বছৰত এখন সুন্দৰ ৰাষ্ট্ৰত পৰিগণিত হব

    ReplyDelete