হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ প্ৰকোপ বৃদ্ধিত বিদেশী শক্তিৰ হাত আছে বুলি দাবী কৰিছে নহৰুল ইছৰাম চাহাবে। তেওঁ ৰাইজক বচোৱাৰ দ্বায়িত্ব লোৱাতকৈ এতিয়া আগৰ মন্ত্ৰীৰ দিনৰ মৃত্যুৰ স্ক’ৰ বিচাৰি এক তুলনামূলক বিশ্লেষণৰ গৱেষণাতহে মগন হৈ পৰা বুলিও এতিয়া গুজৱ ওলাইছে।

২. বিকাশমান বৰুৱাই এখনত যোৱা দহটা বছৰে ক্ৰিকেট খেলক সোণৰ কণী পৰা হাঁহ বনাই ভোগ কৰা মেজিকটোৰ ওপৰত এতিয়া ন্যায়ালয়ৰ কোপদৃষ্টি পৰিছে বুলি জানিব পৰা গৈছে। জ্যোতিষী হিৰো ইয়ঙে জনোৱা মতে এইবাৰ দিন-দশা চাই ভাল তাবিজ নললে সদৌ অসম পূৰ্বৰ খেলুৱৈ সংঘৰ চিপৰাঙত বৰুৱাৰ ভেঁটি উচন হোৱাটো লগভগ খাটাং বুলিও ভৱিষ্যতবাণী কৰিছে।

৩. বেলেগত পাত্তা নোপোৱা বাবেই অসমত আহি মুখৰ ফটকা আৰু ফুলজাৰি মাৰিবলৈ চুব্বুস্বামী চাহাব উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। তেওঁ সেৱা কৰা দলেও অনাগত ভোটৰ খেলখনলৈ চাই তেওঁক তাত তেল গৰম কৰিবলৈহে বাৰে বাৰে পঠাই থকা বুলিও গোপন সূত্ৰই সদৰী কৰিছে।

৪. সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হৈছে ফৰ্ম পূৰোৱা প্ৰতিযোগিতা। অহা ৩১ আগষ্টৰ ভিতৰত অতি কম সময়ত এন.আৰ.চিৰ ফৰ্ম পূৰাই অভিলেখ গঢ়াজনক বাংলাদেশ ভ্ৰমণৰ সুবিধা সহ সাতদিনীয়া হলিডে পেকেজ পুৰস্কাৰ ৰূপে দিয়া হব বুলিও আয়োজক সন্থাই প্ৰকাশ কৰিছে। জানিব পৰা মতে উজনিতকৈ নামনিত অধিক গতিবেগত ফৰ্ম পূৰোৱাৰ তথ্যও আমাৰ হাতত আহি পৰিছে।

৫. আমেৰিকান বাৰ্গাৰ খোৱাৰ অভিযোগ উঠা হিমুবাবা.কমৰ মালিকে এতিয়া দিল্লীত ইটালিয়ান পাকঘৰত গৈ আশ্ৰয় লোৱা বুলি বাতৰি প্ৰকাশ পাইছে। ইটালিয়ান আইদেউৰ চৰণত শৰণ লোৱাৰ বাহিৰে পাৰ্টি সলাবলৈ অলৌ-গুটি তলৌ-গুটি কৰি ফুৰা যুৱ নেতাজনৰ এতিয়া উপায় নাই বুলি পৰিয়ালৰ জ্যোতিষীয়ে কোৱাৰ পাছতে মাজৰাতি বিশেষ বিমানেৰে দিল্লী যাত্ৰা কৰা বুলি গুজৱ প্ৰকাশ পাইছে।

৬. নলবৰীয়া মল্লযুদ্ধ বৰবৰুৱাৰ ঘৰত ঘনে ঘনে বৈঠক হোৱাৰ কথা গোপন সূত্ৰই প্ৰকাশ কৰিছে। জালুকগুটি দাদাৰ অলৌ-গুটিৰ খেলত যাতে নিজৰ গুটি নেহেৰায় তাকেই নিশ্চিত কৰিবলৈ দাদা ফেন ক্লাৱৰ ভিতৰতে আত্মৰক্ষা বিষয়ক এনে সঘন বৈঠক বহাৰো গোপন খবৰ ফাদিল হৈছে।

৭. অহা বছৰ হব লগা এমএলএ পৰীক্ষাত বহিবৰ বাবে কুম্ভৰাশিৰ মানুহৰ ভাল যোগ আছে বুলি জানিব পৰা গৈছে। পদুম চিন লৈ পৰীক্ষাত বহিবৰ বাবে অহা শীতকালত বৰপুখুৰীত প্ৰতি পুৱা পদুম পাতত মূৰ থৈ আধা ঘণ্টাকৈ জপ কৰিব লাগিব বুলিও ৰাজনৈতিক জ্যোতিষীয়ে প্ৰকাশ কৰিছে।

৮. প্ৰি-মেডিকেল পৰীক্ষাত নিৰ্দিষ্ট সাজপোচাক পিন্ধি পৰীক্ষা দিবলৈ দিয়াৰ বাবে কেৰেলাৰ এগৰাকী নানে পৰীক্ষা দিব নোৱাৰাৰ পাছত এতিয়া সন্যাসী সাজি সংসদত সোমোৱাটো নিষিদ্ধ কৰিবলৈকো সদৌ কেৰেলা খোৱা সন্থাই দাবী জনাইছে। গেৰুৱা বসন পিন্ধা সকলে মায়াৰে আৱৰা ৰাজনীতিৰ পথাৰ ত্যাগ কৰিব লাগে বুলি সন্থাই স্পষ্ট মত প্ৰকাশ কৰিছে।

৯. কাইলৈ দেওবাৰ উপলক্ষে ৰাতিপুৱা সাতটা চিঙৰা সেউজীয়া চাটনিৰ সৈতে ভক্ষণ কৰিলে পুলিচৰ চাকৰি পাবলৈ মীন ৰাশিৰ লোক সক্ষম হব বুলি জ্যোতিষী নিৰ্মূল বাবাই দিহা প্ৰকাশ কৰিছে। পেট চলাৰ পাছত দিনটোত চৌশষ্টিবাৰ দৌৰিবলৈ বাধ্য হ’লে এই অভ্যাসেই পুলিচৰ দৌৰা প্ৰতিযোগিতাৰ বাবে কামত আহিব বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।

১০. অহা বছৰ নিৰ্বাচন উপলক্ষে প্ৰফুল্লবদন মহন্তই ব্যক্তিগত ইস্তাহাৰ তৈয়াৰ কৰা বুলি জানিব পৰা গৈছে। “এইবাৰেই শেষবাৰ” শীৰ্ষক ইস্তাহাৰখনত জিকি চকীত বহিবলৈ পালেও কোনো কৰ্মচাৰীৰ গজলৰ ৰাগীত তেওঁ মতলীয়া নোহোৱাৰ মা-কচম খোৱাৰ প্ৰতিশ্ৰুতিও ইস্তাহাৰত লিপিৱদ্ধ কৰাৰ গোপন খবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment