Saturday, July 18, 2015

চিন্তন

খেতি কৰো আহক
ড০ লোচন শইকীয়া
কৃষি কৰ্মৰ কথা ভাবিলেই যেন জনপ্ৰিয় গীতৰ কলিৰ কথাবোৰো মনলৈ উৰা মাৰি আহে। দুক্ দুক্ দুক্ দুক্ ডম্বৰু মেঘে বজায় ডম্বৰু, .... মাটি,পানী বিনে খেতিয়কৰ গতি নাই, খেতি বিনে অসহায়! হয়, কেৱল কৃষকৰ বাবেই নহয়, সমাজ-সভ্যতা একোটা বৰ্তাই আৰু আগুৱাই নি থাকিবলৈকে খাদ্যৰ প্ৰয়োজন। যাৰ বাবে উৎপাদন কৰিবই লাগিব। বৰ্ধিত জনসংখ্যাৰ প্ৰয়োজন পূৰাব পৰাকৈ অধিক উৎপাদনী শক্তিৰে, উপযুক্ত খাদ্যৰে পেট পূৰোৱাৰ জীৱনৰ প্ৰাথমিক কামটোৰ বাবেই খেতি-কৰ্মৰ বিকল্প নাই, সেই কথাও আমি প্ৰতিজন মানুহেই অনুভৱ কৰিব লাগিব।

এতিয়া প্ৰশ্ন হয়, দেশৰ ভূমিনীতি, খেতিনীতিয়ে একোখন দেশৰ কিমান মহ
ৎ হিত সাধন কৰিব পাৰে? আমাৰ ভাৰতৰ ১৭ শতাংশ জিডিপি কৃষিৰ পৰাই আহৰণ কৰা হয়। বিশ্ব বেঙ্কৰ মতে আমাৰ চৰকাৰৰ কিছুমান অহেতুক নিয়মৰ বাবে উৎপাদন ব্যয় বেছি হৈছে। বজাৰত দামৰ অস্হিৰতা বিৰাজ কৰিছে। চৰকাৰী হস্তক্ষেপে শ্ৰমিক, মাটি, ঋণৰ ক্ষেত্ৰত খেতিয়কৰ বজাৰ খনকে চিকাৰ কৰিছে। আভ্যন্তৰীণ গাঁৱৰ বাট-পদূলি, বিদ্যুৎ, বেচা-কিনা বজাৰ, খাদ্য মজুতকৰণৰ সুবিধা আৰু আনুষঙ্গিক সেৱা অপৰিমীত । ইয়াৰ লগতে কম পৰিসৰৰ মাটি খেতিয়কৰ হাতত (এক হেক্টৰকৈও কম), বৰষুণৰ পানী খিনি বাদ দি পানী যোগানৰ অসুবিধা এইবোৰ লগত লৈ খেতিয়কৰ উৎপাদনৰ এক তৃতিয়াংশ মজুত ৰখাৰ অজুহাতত লোকচান হয়। এয়াই কৃষিখণ্ডৰ বাস্তৱ ছবি।

প্ৰকৃততে খেতি লাভজনক ব্যৱসায়। এইক্ষেত্ৰত মতবিৰোধ আছে নেকি ? মই নিজকে কওঁ, খেতি যদি লাভজনক, খেতিক সকলোৱে কিয় সহজে গ্ৰহণ নকৰে। মাটি নোহোৱাৰ কথা সুকীয়া। মাটি থকাবোৰেই খেতি অতি লাভজনক বুলি কবলৈ অসুবিধা পায়। হয় এইবোৰৰ বহুত কাৰক আছে। আগতেও কৈছো মানুহক খাবলৈ লাগিবই। খেতি কৰক বা নকৰক, ভাৰত তথা  অসমৰ কৃষিক আগুৱাই আনিবই লাগিব।

গাইগুটীয়া খেতিঃ
একচনীয়া মাটি, ম্যাদি মাটি, খেতি মাটি, ফৰিঙতী মাটি, ইত্যাদি মাটিৰ ঢেৰ ভাগ। সেইদৰে নিয়মো  জন্মৰ পৰা দেখিছোঁ তিনি-চাৰি পুৰুষৰ পৰিয়ালৰ সদস্যৰ মাজত ভগাওঁতে ভগাওঁতে অসমীয়াৰ পথাৰৰ মাটি লিৰিকা ৰূপ ললেগৈ। মাটি-বাৰী যিমান বাৰ বিকা-কিনা হয়, মাটিৰ প্ৰকৃত মালিক চৰকাৰৰ ৰাজহৰ ঘৰত সিমানেই ৰাজহ গোট খায়। খেতি মাটি, খেতিৰ বাদে অন্য ব্যৱহাৰৰ বাবে কিনা-বিকাত বাধা আৰোপ কৰা আছে। যৰ মাটি ত’তেই। গৰাকীৰ খেতি মাটিৰ পৰিমাণ যেতিয়া কমি আহে, হেপাঁহো কমি আহে। লগতে যদি হয় নৈপৰীয়া, মাটি তাকৰীয়া নোজোৰে বছৰলৈ ভাত .........!

কায়িক শ্ৰমৰ বিকল্প নাইঃ
খেতি কৰা খেতিয়কৰ অৱস্হা শ্ৰমিকৰ পৰ্য্যায়লৈ নামিল । ধৰি লওক আপুনিও কোনোবা এখন গাৱৰ উপান্ত খেতিয়ক। ৰজাদিনীয়া ডা-ডাঙৰীয়াৰ পথাৰৰ পাইকো নহয় যে খাটত খেতি কৰিব! গাইগুটীয়া পৰিয়াল। গাইগুটীয়া প্ৰচেষ্টাৰে শ্ৰমিকৰ ৰূপত নিজৰ মাটিত খেতি। সৰহ ভাগ মানুহৰে কবলৈ গলে ধান খেতি কৰা কেইডৰাহে আছেগৈ। পথাৰ একেখন। দেশ স্বাধীন হোৱা ছটা দশক পাৰ হল। নতুন পথাৰ মোকোলাবলৈ হাবি-মাটিয়ে নাই। বৰং অসমৰ প্ৰতিখন নগৰ, চহৰৰ কাষৰীয়া, আগৰ পথাৰবিলাক খেতি পথাৰ গুচি মানুহৰ ঘৰ, গুদাম, ব্যৱসায়িক ৰূপলৈ ক্ৰমাগত দ্ৰুত পৰিবৰ্ত্তন হল । স্বাধীনতাৰ পিচত এতিয়ালৈ জনসংখ্যা তিনিগুণৰ ওচৰ হ'ল, খাৱৰীয়া বাঢ়িল। মাটি নবঢ়াকৈ খাদ্যৰ সংখ্যাগত পৰিমাণৰ প্ৰয়োজনো বাঢ়িল। একেখন ভাৰতত মানুহো বাঢ়িল, কৃষি উপজো বাঢ়িল । তাৰ অৰ্থ, জনসংখ্যা বৃদ্ধিৰ হাৰৰ অনুপাতে খাদ্য উত্পাদনৰ হাৰো সদায় বাঢ়ি গৈ থাকিব, সেইটো কেতিয়াও নহয় । ইয়াৰ আৰু এটা মানে আছে, সেইটোৰ ঘন্টা বাজিবলৈ আৰম্ভ হৈ গল । ভোক আহি আছে । ভোকাতুৰৰ সংখ্যা এদিন বাঢ়িবই ।

ভুকুতে কল নপকেঃ
কলেও জগৰ । কিছুমান অসমীয়াৰ মাঘতে বহাগৰ বিহুৰ বা লাগেই । বহাগৰ পাইহি । জেঠ সোমায় । অসমত আহাৰৰ সাত লাগে, মেঘে গিৰ্ গিৰ্ কৰে । বৰষুণ আহে । খেতিয়কৰ হেপাঁহৰ বৰষুণ । খেতিয়কৰ গাত তৰনি নোহোৱা হয় । এইবাৰ কঠিয়া কি দিম ? কঠিয়া ধান বিচাৰিবলৈ আছেই । গুৰুলৈ এভাগ, ৰাইজলৈ এভাগ। নিজলৈ এভাগ। সময়ত পঁচন সাৰখিনি দিলোনে ? আছে জানো! একে সময়ত নুৰুলে বাট মৰিব । বোকা দিয়া দিনা পাৰিলে হাউৰী দিব লাগিব। মাটিও তাকৰীয়া। হাউৰী নহলেও চলে।শাওনতে ৰুই শেষ কৰিব লাগিব ।

সমস্যাৰ লগত সহবাস কৰিবই লাগিবঃ
তাকৰীয়া মাটি, লিৰিকা, বাট মৰা, বতৰৰ অভিমান, পানীৰ সুবিধা, মন্দ বজাৰ, হেপাঁহৰ কণ-কঠিয়া মৰা, এনেকুৱা বাৰভচহু ইটো-সিটো কথাই খেতিয়কক কেকোঁৰা চেপা দিয়ে । নৈপৰীয়া কিজনৰ আৰু চিন্তা । কেনেবাকৈ বাঢ়নী পানী সোমালে ৰুৱাকিডালে আঠু কাঢ়িলে লেঠাই ছিগিল । পানী নুশুকোৱালৈকে ভাদলৈকে ৰব লাগিল । কঠিয়া বিচৰাৰ পৰা আৰু কত কি ! শেহতীয়া বান আহিলে খেতি-মানুহ লগতে নিয়ে । তলি দাং খোৱা নৈয়ে ধেমাজীৰ পালে বালি পেলাই একেবাৰে খেতি কৰিব নোৱাৰা কথাবোৰ নকম নেকি ?

কথাত কয়- পঢ়ায়, পঢ়ে, ৰুৱে পাণ এই তিনিয়ে নিচিন্তে আন । সময় সলনি হল। গাৱঁৰ ঘৰত যুৰীয়া ভঁৰাল কেতিয়াবাই নোহোৱা হল। বতৰৰ খেতি বতৰত নকৰিলে শুদা পেটে মৰিব লাগিব। খেতিয়কৰ আহৰি নাই। বতৰে কালৈকো বাট নাচায়। ইফালে বৰষুণ ইফাল-সিফাল হলে সেইবাৰলৈ আধাপেটী হোৱাতো খাটাং। কিনি খোৱাবোৰে এইবোৰ গম নাপায়। টকা থাকিলেই হ'ল। বনিকে গুদাম জমা কৰি হলেও খোৱাব । খেতিয়কৰ মূৰত ৰাম টাঙোন মাৰি।

খেতি এক বিধি সন্মত প্ৰণালীঃ
বিশ্ববিদ্যালয়ত খেতিৰ কথা শিকাবৰ সময়ত পঢ়িবলৈ অহা ছাত্ৰসমাজক শস্যৰ বুৰজ্ঞী, সেই শস্যৰ প্ৰয়োজনীয় মাটি-জলবায়ু, উ
পাদনক্ষম জাত, জাত অনুযায়ী লগোৱাৰ পৰা চপোৱাৰ সময়, অন্তৰ্ৱৰ্ত্তী কৰ্ম, বন-নিৰনি, মাটি চপোৱা, সাৰ-পানী যোগান, শস্যৰ নিজা কীট, বেমাৰ ইত্যাদিৰ লবলগীয়া কৰ্মসূচী, চপোৱা, বজাৰৰ কাৰণে সাজু কৰি তোলা, বজাৰৰ সম্যক ধাৰনা ইত্যাদি বিষয়ত বিতং তথ্যজ্ঞান প্ৰমাণ সহকাৰে হাতে-কামে শিকোৱা হয় । এই শিক্ষাৰ মাজতে আৰু কিছু শিক্ষা সোমাই থাকে, যিটো সকলোৱে সমান আয়ত্ত নকৰে, কৰিব নুখুজে । সেইবোৰ হল সততা, নিয়মানুৱৰ্তিতা, একাগ্ৰতা, ধৈৰ্য্য, একানপটীয়া আৰু আনৰ কাৰণে জীয়াই থকাৰ অনুপ্ৰেৰণা ।

স্থানীয় সমস্যাঃ

আমাৰ সমস্যাবোৰ স্হানীয় । সমাধানো স্হানীয় হব লাগিব । সমাধানৰ বাবে একোটা প্ৰস্তুতি লাগে ।

অসমৰ মাটিক জলবায়ু ভিত্তিত ছটা ভাগত ভগোৱা হৈছে। জিলা হিচাবত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগক, যোৰহাট, গোলাঘাটক লৈ উজনী ব্ৰহ্মপুত্ৰ উপত্যকা। নগাঁও জিলাক মধ্য অসম খন্ড। কাৰ্বি আলং জিলাক পাহাৰীয়া খন্ড। কামৰূপকে ধৰি গোৱালপাৰা, বৰপেটা, নলবাৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, বিলাসীপাৰা, ধুবুৰী আদি নামনি অসমৰ পশ্চিমৰ শেষ সীমালৈকে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মঙ্গলদৈ, দৰং, শোণিতপুৰ, উত্তৰ লক্ষীমপুৰ, ধেমাজিক সামৰি উত্তৰ লক্ষীমপুৰ খন্ড আৰু অসমৰ দক্ষিণলৈ কাছাৰ, কৰিমগঞ্জকলৈ বৰাক উপত্যকা । মাটি, জলবায়ু অনুযায়ী শস্য বাচনি হয় । শস্যানুযায়ী জাত বিচাৰ হয় ।

খেতি কৰিমেইঃ
খেতি কৰিমেই । ফঁটা হওক ছিটা হওক পাটৰ টঙালী, কণা হওক কুঁজা হওক ভূঞাৰ পোঁৱালী । খেতিয়কে নিজকে খেতিয়ক বুলি গৰ্বেৰে কওক । খেতিয়ক দেশৰ ধৰণী । দুক্ দুক্, দুক্ দুক্ ডম্বৰু মেঘে বজায় ডম্বৰু....... মাটি,পানী বিনে খেতিয়কৰ গতি নাই ।

পানীৰ সুবিধাঃ
পিতৃপুৰুষে কিমান মাটি আপোনালৈ এৰি গল নোসোধোঁ। ধৰি লৈছো লিৰিকাতোহে আছেগৈ। একোখন অসমীয়া গাঁৱত খেতি এতিয়াও খাই-বৈ জীয়াই থকাৰহে সম্বল। কৃষিক ব্যৱসায়িক ৰূপ দিয়াৰ কথা অসমৰ ৬০.৩ শতাংশ (সম্বল: অৰ্থ ও পৰিসংখ্যা বিভাগ, অসম, ২০১০-১১) খেতিয়কে ভাবিবই নোৱাৰে। কাৰণ তেওঁলোকৰ গঢ় হিচাবত অধিকাৰ থকা মাটিৰ পৰিমাণ এক হেক্টৰ (চাৰে সাত বিঘা)তকৈও কম। এই সকল খেতিয়কে হাতৰ পৰা মুখলৈ নিয়া খেতিৰ বাদে অন্য চিন্তা কৰিবই নোৱাৰে। এইসকল খেতিয়কৰ সন্তানে কি সাহসত খেতি কৰিবলৈ আগুৱাব জ্যামিতিৰ স্বতসিদ্ধ প্ৰমাণৰ দৰেই জলজল-পটপট। তেওঁলোকৰ খেতি মাটিখিনিও একেখন গাঁওত থকা অন্য গাওঁবাসীৰ কাষৰ কেইজনৰ লগত একেলগ হৈ কৰোঁ বুলি ভাবিলে স্বৰূপাৰ্থত হব লাগিব ওচৰাওচৰি। কোনোবো যি কোনো এজনৰ সীমা বিবাদ, মতৰ অমিল নোহোৱাকৈ খেতি কৰা এটা পৰিবেশ এনে ধাৰনাৰ প্ৰাথমিক স্বৰ্ত। ই বৰ সহজসাধ্য কাম নহয়। অসমত যিমান ১৯ শতাংশ খেতিয়ক আছে যাৰ মাটিৰ পৰিমাণ ১.২৭ হেক্টৰ (চাৰে ন বিঘা)বুলি ধৰা হৈছে তেওঁলোকৰ মাটিও সেই উপান্ত খেতিয়কৰ মাজতে একেখন গাঁওত সোমাই আছে। অৰ্থনীতিৰ প্ৰক্ষেপিত পৰিসংখ্যাই এইবোৰ বিষয়ক উপেক্ষা কৰি চলে ।

খেতি কৰিবলৈ পানীৰ উ
স একোটা চিনাক্ত কৰি সমূহীয়া ভিত্তিত বা গাইগুটীয়াকৈও বোৱাই নিব লাগিব। মাটি এৰি দিব কোনে ? এইটো প্ৰশ্নৰ উত্তৰতে আমাৰ খেতিৰ পানী যোগান আঁচনি অনুৰ্ত্তীণ হোৱাৰ মূল কাৰক । মাটি ভাগ হোৱাৰ আগতে তাঁহানি আজোককাৰ দিনত প্ৰতিটো পৰিয়ালৰ নিজা পথাৰত একোটা পানী জমা কৰা পুখুৰী আছিল । সময়ত এই পুখুৰী মাছপোঁহা, সময়ত পানী ধৰি ৰাখি খেতিৰ কামত ব্যৱহাৰ কৰা হৈছিল। প্ৰতিটো পৰিয়ালৰ নিজা পথাৰত এডোখৰ ওখ মাটি আছিল, যত কঁঠিয়া পৰা সুবিধাৰ পৰা কঠিয়া তোলাৰ পিচতেই মাহ সিচিবলৈ ব্যৱহাৰ হৈছিল । মাটিয়ে উৰ্বৰতাও ঘূৰাই পায়, মাহখিনিও লাভৰ অংশ। সেই একে টুকুৰা মাটিত এজোপা-দুজোপা গছো আছিল। যি গৰমত ছাঁ দিছিল । ঠাইতে জিৰাবলৈও হৈছিল। সেই টিঙনাবোৰত কোৰৰ চাব পৰিল। সেইবোৰ দিন ঘুৰি আহিব জানো ! উপায় কি ? ভাঙি পেলোৱা সমাজ ব্যৱস্হা এটা আকৌ গঢ়া টান । এইবোৰ পৰিৱৰ্ত্তন একেদিনাই হোৱা নাই ।

বাৰিষা পানীৰ সমস্যা নাই । বৰুণ দেৱতা তুষ্ট থাকিলে মৌচুমী আহিবই । ডাকৰ বচনফাঁকিয়ে কয়- “ঘন ঘন কৈ দিবা আলি, তেহে ৰুবা ধানৰ শালি, যদি নোপোৱা ধান তেনে ডাকক দিবা গালি ।“ মাটিৰ ঢাল যেনেকুৱাই নহওক, পানী ধৰি ৰখাৰ উত্তম বুদ্ধি । পিচে জনসংখ্যা তাকৰ থাকোতে কথাবোৰ তেনে অৰ্থত বেলেগ আছিল ।

শালি খেতি, বাম খেতি নিজ-নিজ ঠাইত । বাম মাটিৰ পৰিমাণ যিটো হাৰত কমিল, বাম খেতিৰ মাটি নোহোৱাই হল । উদ্যান শস্য গোটেই খিনি ওখ, বাম চানেকীয়া, ৰদ ঘাই সাৰুৱা মাটিতহে ভাল হয় । কৰোঁ বুলিলে বাম চানেকীয়া দ মাটিতো বাম শস্য কৰিব পাৰি । পানীখিনি লাগিবই ।

জৈৱিক বা পঁচন সাৰঃ
সৰহ সংখ্যক প্ৰকৃত অসমীয়াই গৰু, মহ পুহিবলৈ কাহানিবাই এৰিলে। গৰু, গোহালী, মহ খুটি এইবোৰ শব্দ কাৰোবাৰ কাৰণে জীৱিকা, কাৰোৱাৰ কাৰণে সাহিত্য, কাৰোবাৰ কাৰণে একোটা অপ্ৰয়োজনীয় শব্দ । সংগ্ৰহিত তথ্যই কয়, ভাৰতৰ পোঁহনীয়া গৰুৰ সংথ্যা ২০০৮ৰ সমীক্ষা মতে ১৭৫০ লাখ । পৃথিবীৰ আনবোৰ দেশৰ তুলনাত দ্বিতীয়। ২০১০ৰ সমীক্ষামতে অসমত গৰুৰ সংখ্যা ৮৫৭২০৯৩ আৰু ২০১৫ অনুমান কৰা হৈছে ৮৮২৯২৫৬ হব বুলি । এই হিচাবত মহ ধৰা হোৱা নাই । গঢ়ে ১১৭ কিলোগ্ৰাম ওজনৰ গৰুৱে গোৱৰ-মূত মিলাই ১১ কিলোগ্ৰাম উ
পাদন কৰে । অসম কৃষি বিশ্ববিদ্যালয়ে ভালদৰে পঁচা প্ৰতি ১০০ ঘনফুটত ৮০০ টকা কৈ কিনে। এক ঘনফুট প্ৰায় ১০ কিলোগ্ৰাম । মাটিয়ে নিজৰ সাৰুৱা তত্ব অক্ষুন্য ৰাখিবলৈ ৩০-৪০ শতাংশ জৈৱিক এঙাৰ (অৰ্গেনিক কাৰ্বন) বিচাৰে ।

মাটি হাবি হৈ থাকোতে প্ৰাকৃতিক নিয়মৰেই সাৰুৱা হৈ ৰয় । মাটিৰ সাৰুৱা গুণ অব্যাহত ৰখা প্ৰক্ৰিয়াত মাটিত থকা চকুৰে নমনা ক্ষুদ্ৰ জীৱাণুৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খেতি কৰা মুকলি মাটিত সাৰুৱা তত্ব স্বাভাৱিক ভাবেই প্ৰতিটো খেতিৰ লগে লগে কমি গৈ থাকে। তাৰ অৰ্থই হল, খেতিৰ কাৰণে মাটি হাল বাই প্ৰস্তুত কৰোতে পঁচন সাৰ জাতীয় সাৰুৱা তত্ব অব্যাহত ৰখা আৰু স্বাভাৱিক ভাৱে উপলব্দ্ধ হোৱা পোঁহনীয়া জীৱ-জন্তুৰ গোৱৰ ইত্যাদি পথাৰত গৈ পৰিব লাগিব। এই কামবোৰ একেদিনাই কৰি পেলোৱা বা হৈ উঠা কাম নহয়। একোখন বিশাল পথাৰৰ মাজত থকা মাটিটুকুৰাত বা ইমূৰ-সিমূৰত থকা খেতিয়কৰ মাটিখিনিত কায়িক পৰিশ্ৰমৰে প্ৰতি বিঘা হাৰত এগাড়ী পঁচা গোবৰ বুঢ়া আঙুলীৰ নিয়ম (থাম্ব ৰোল)অনুযায়ী গোটোৱা আৰু স্হানান্তৰ কৰা বৰ সহজ বিষয় নহয় । পানীত নামিলেহে গম পোৱা যায়, কিমান লৈকে তিতে । ননমা মানুহৰ সেয়ে নুশুনোৱেই ।

ৰসায়নিক সাৰৰ মাটিত পোনে-পোনে কোনো কাম নাই, বৰং পঁচন সাৰ নথকা সাৰুৱা তত্ব অবিহনে মাটিত ৰসায়নিক সাৰ প্ৰয়োগ কৰিলে তেনে মাটি মৃত্যুমূখীহে হয় । ৰসায়নিক সাৰৰ প্ৰয়োজনীয়তাক নুই কৰিবই নোৱাৰি। পঁচন সাৰ, কেঁচু সাৰ, জৈৱিক সাৰৰ লগত ৰসায়নিক সাৰৰ মিলন সোণত সুৱগা চৰোৱা লেখীয়া ।

ধেমালি বুলি নাভাবিবঃ
এইবোৰ কথা মই এনেয়ে লিখা নাই । জোৰ পুৰি হাত পালেহি । ক্ষেণ মিলা নাই বুলি প্ৰতিখন গাঁওৰ খেতিয়ক ৰাইজৰ গা লৰাই নাই । ব্যক্তি স্বাৰ্থৰ ওপৰলৈ উঠিব নোৱাৰা অসমীয়াৰ কেকোঁৰা স্বভাৱতোৰ কথা নানোৱেই । শালি খেতি চপাই সামৰি মাঘ বিহু, বহাগ বিহু (জেঠো সোমাইছে, এতিয়া) ভোগ কৰোঁতে একে খিনি মাটিত পানী নাই, জেওৰা-জপনা নাই এইবোৰ মোৰ কবলৈ অকণো মন নাই । কোনোবাই অকলশৰীয়াকৈ চেগাচোৰোকাকৈ কৰোঁ বুলিলে পানীৰ ব্যৱস্হা, পঁচন সাৰ, জেওৰা-জপনা, চৰাই খেদা, চোৰ খেদা এইবোৰ লিখিলে আপোনালোকে মোক উষ্মা প্ৰকাশৰ দোষত দূষিব ।

ইতিবাচক উদাহৰণঃ

অসমৰ দৰঙ, বৰপেটা দুখন জিলা যত মাটি খালি পৰি নাথাকে। মৰিগাঁৱৰ খেতিয়কেও গোমধান খেতি আদিৰে সফলতাৰ বাট বুলিছে। শালি, বৰো দুয়োবিধ ধান বা খাৰিফ আৰু ৰবি বতৰৰ শাক-পাচলি লগোৱা দেখিবলৈ পোৱা যায়। উজনীৰ গোলাঘাট জিলাৰ দৈয়াঙৰ পাৰে পাৰে হাবি অংশ বাদ দি গমাৰী, আৰু মেৰাপানীত শালি ধান চপোৱাৰ পিচতে একেডৰা পথাৰত শাক-পাচলি কৰে, দামো পায়, আনকো খুৱায় । শুনিলে আচৰিত হব, নাগা পাহাৰৰ দাঁতি কাষৰীয়া চেক্টৰ ক, খ, গ অংশৰ খেতিয়কে বিলাহী খেতি আৰম্ভ কৰে তেতিয়া, যেতিয়া অসমৰ আন ঠাইত বিলাহী খেতি সামৰে । আনৰ কাৰণে আঁৱতৰীয়া হোৱাৰ কাৰণে এইসকল খেতিয়কে প্ৰতি কিলোগ্ৰামত বাইশ টকাৰ পৰা চাব্বিশ টকা পায়। সেয়ে একোবিঘা মাটিত লাভাংশ পচপন্নৰ পৰা ষাঠি হাজাৰ। এইখিনি উ
পাদন অসম, নাগাপাহাৰ, অৰুনাচল, মেঘালয়ৰ বজাৰ পোৱাবলৈ ‘আদৰ্শ আত্ম সহায়ক’ নামৰ গোট এটাই অহোপুৰুষাৰ্থ কৰিছে। এই ঠাইৰ মাটিৰ ব্যৱহাৰ তিনিশ শতাংশ! এটাই মাত্ৰ দোষ, এইখিনি খেতিয়কে শস্যক বেমাৰৰ পৰা বচাঁবলৈ যধে-মধে ৰসায়নিক ঔষধ ব্যৱহাৰ কৰে। এনেকুৱা কৰিলেও বজাৰ হেৰায়। মানুহৰ স্বাস্হ্যক গুৰুত্ব আৰু প্ৰাধান্যতা দিবই লাগিব ।

বাধ্যবাধকতাঃ
যোৰহাটৰ নৈপৰীয়া খেতিয়কে ধানলৈ বৰকৈ আশা নকৰে । কপালক ধিঁয়াই কৰে । চাউল কেইটা লাগিবই । সদায় ভাল উ
পাদন পায়, কব নোৱাৰে । বাম শস্য কৰিলেও, নৈ পৰীয়া মাটিৰ বিশেষত্বই হল পানীখিনি নৈয়ে টানে । পানী যোগানৰ ব্যৱস্হা লাগিবই । নাই । যোৰহাট জিলাতে চৰকাৰী ব্যৱস্হাৰে কৰা খেতি মাটিত পানী যোগানৰ পৰিসংখ্যা মাত্ৰ ৩.২ শতাংশ । ব্ৰহ্মপুত্ৰৰ ৮ নং আৰু ৯ নং ৰিং বান্ধৰ এলেংমৰাৰ খেতিয়ক সম্পূৰ্ণ মাত্ৰাই কৃষিজীৱি । বাৰিষা নৈৰ বাঢ়নী পানী, খেতি মাটিৰ বুকুৰ তলৰ পানী (ৱাটাৰ টেবুল)ৰ কাৰণে বাম শস্য ভাল নহয়। একেখিনি খেতিয়কেই খৰালি নৈৰ পলস পৰা ঠাইত শাক-পাচলি খেতি কৰা দেখিলে তাতেই থাকি যাঁও যেন লাগে। বেছিদিন হোৱা নাই, যোগোযোগৰ বাট ঠেক হলেও আংশিক ভাবে পকীকৰণ হৈছে । খেতিয়কে দুপইচাৰ মুখ দেখিছে। সেইবুলি দেখাক দেখি ব্যক্তি স্বাধীনতাৰে একেটা খেতিকে সৰহখিনিয়ে লোৱাত বজাৰত অৰ্থনীতিৰ যোগান বেছি হলে, চাহিদা কমে, প্ৰমাণ হৈ গৈছে। গধূলি একেখিনি শাক-পাচলি কম দামতে এৰি কেতিয়াবা বিফল মনেৰে ঘৰলৈ ঘূৰিছে । ঘূৰাই নিয়া মানে পিচদিনালৈ আৰু অলপ বেয়া হোৱা শাক-পাচলিখিনিৰ আকৌ এবাৰ হাতখোৱাক কৰ দিব লাগিব । ৰাতি জুইশালৰ কাষত বহি ঘৰৰ মানুহক কৈছে এইবাৰ লোকচান খালো । খেতিত লগোৱা পইচা কেইটাও ঘূৰাই নাপালোঁ । কিমান দুখৰ কথা । কপালৰ ঘাম পেলাই কৰা খেতিয়কৰ এই দুৰৱস্হা দূৰৈৰ পৰা বুজা টান ।

চৰকাৰী নমুনাঃ
২০০৭ চনৰ পৰা হায়দৰাবাদৰ আত্মা (এগ্ৰিকালচাৰেল টেকনলজী মেনেজমেন্ট এজেন্সীৰ) নমুনাত অসমত আৰম্ভণীতে কৃষি উন্নতিকৰণ কৌশল ৰূপে পাঁচখন জিলাত পূৰ্ণ পৰ্য্যায়ত প্ৰয়োগ কৰি এতিয়া অসমৰ প্ৰতিখন জিলাতেই কৃষিৰ উন্নতিৰ কাৰণে চৰকাৰী প্ৰচেষ্টা অব্যাহত ৰাখিছে । আত্মাৰ আধাৰত প্ৰতিখন জিলাৰ মুঠ মাটিকালি, মাটিৰ ভাগ, ভৌগালিক পৰিবেশ, মুঠ জনসংখ্যা, খেতিত জড়িত স্ত্ৰী-পুৰুষ ভেদে খেতিৰ ওপৰত নিৰ্ভৰশীল পৰিয়াল, শিক্ষা, প্ৰতিবিধ শস্যৰ খেতিমাটি, পোঁহনীয়া জীৱ-জন্তু, মাছ, এৰী, পাট, মুগা শিল্প, পানী যোগান, বজাৰ, ব্যৱহাৰ কৰা কৃষি কৌশল, আধুনিক কৃষি কৌশল প্ৰযুক্তিৰ দ্বাৰা উত্পাদনৰ পৰা উপলব্দ্ধ উত্পাদনৰ পাৰ্থক্য, চমুতে SWOT [ শক্তি(strength), দুৰ্বলতা (weakness), সুবিধা (opportunity), ভয় (threat)] বিশ্লেষণ কৰি কি কৰিলে খেতিয়কৰ উত্পাদন বঢ়াব পৰা যাব তাৰেই প্ৰয়াস চলিছে। কিমান দূৰ সফল হৈছে সেইয়া সময়ে কব। ৰাজ সাহাৰ্য্যৰে প্ৰদৰ্শনীমূলক খেতিও ৰাজ্যিক কৃষি বিভাগে কৰি দেখুৱাইছে।

ধনৰ অভাৱ আৰু নীতিগত অসুূবিধাবোৰ

কৃষিৰ বাবে মূলধনৰ প্ৰয়োজন। উপান্ত কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক কৃষি বিভাগৰ জৰীয়তে কিষাণ বিকাশ পত্ৰ নামেৰে ঋণৰ ব্যৱস্হা ৰাখিছে। উল্লেখিত ৬০.৩ শতাংশ কৃষকৰ এনে ঋণ লোৱাৰ কাৰিকৰী অসুবিধা হল নিজৰ নামত মাটিখিনি থাকিব লাগিব। এইটো এটা জটিল সমস্যা। সৰহ সংখ্যকৰে খেতি মাটিখিনি বুজাপৰাৰেহে চলি আছে। সদ্য প্ৰকাশিত কেন্দ্ৰীয় চৰকাৰৰ কৃষি সমীক্ষা ও জাতি পিয়ল,২০১১ৰ ওপৰত চৰকাৰে সদ্যহতে কৃষি বীমা আঁচনিৰ কথাতোহে কৈছে । তাকো স্পষ্ট নহয় ।

এতিয়া কি কৰিবঃ

অকণমানো হোহুকা-পিচলা নকৰাকৈ কৈছোঁ । এতিয়া আমি খেতিয়কে একেলগে খেতি কৰিব লাগিব। আমাৰ মাজত মাটিৰ মালিকানাৰে দাৱী নচলিব । আপোনাৰ মাটি আপোনাৰ লগত। সম-মৰ্য্যদাৰে কোনো কাকো নঠগাকৈ প্ৰত্যকে প্ৰত্যেকৰ প্ৰতি বিশ্বাসভাজন হৈ পথাৰত শ্ৰম দান দিম। জৈৱিক সাৰ, পঁচন সাৰৰ ব্যৱ্স্হা সমভাগে কৰাৰ ব্যৱস্হা কৰি সংহত পদ্ধতিৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিম। উ
পাদনৰ ভাগ যাৰ যিমান প্ৰাপ্য, মাটিৰ সমাধিকাৰত ভাগ বাটোৱাৰা কৰি দিম। পানী যোগানৰ বাবে পৰমুখাপেঙ্খী নহওঁ। নৈ প্ৰধান ৰাজ্যখনত নৈ অনুযায়ী যিমান পৰিমাণৰ অৱৱাহিকা ঠাই ( ৱাটাৰ ছেদ) আছে,তাৰ সদ্ ব্যৱহাৰ কৰিম। উন্নত বীজৰ অভাৱ নাই। পাৰিবনে ৰাইজ ?

চৰকাৰী আঁচনি, গৱেষণা, প্ৰযুক্তি, বিশেষজ্ঞৰ পৰামৰ্শৰে মাৰ-বান্ধি কৃষি কৰ্মৰে আমি স্বাৱলম্বী হবই লাগিব। খাদ্যৰ বাবেও আৰু আৰ্থিক ভাৱেও। মন ঠিক কৰক, তাৰ বিকল্প নাই। আহক, খেতি কৰো আহক!

লেখক অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট ১৩ ত কৰ্মৰত

No comments:

Post a Comment