পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কালি ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিলে অন্যভাৱে সক্ষম ইৰা সিংঘালে। প্ৰথম চাৰিওটা স্থানেই দেশৰ জীয়ৰী সকলে দখল কৰাৰো সুখবৰ। অসমৰ পৰা ১৬গৰাকীয়ে সফলতা লাভ কৰি গঢ়িলে অন্য এক অভিলেখ। অসমৰ অনন্যা দাসে দেশৰ ভিতৰতে ষষ্ঠদশ স্থান দখল কৰাৰো সুখৰ খবৰ।

২. অসম আৰক্ষীৰ (সশস্ত্ৰ শাখা)ৰ কনিষ্টবল নিযুক্তিৰ ফলাফল অহা ১০জুলাইত ঘোষণা কৰা হব। যোগ্যতাৰ ভিত্তিতহে কেৱল এই নিৰ্বাচন হব বুলি অসমৰ গৃহ বিভাগে ৰাজহুৱা জাননী জাৰি কৰি কাৰোবাক ইয়াৰ বাবে ধন দিছিল যদিও ঘূৰাই লবলৈ আহ্বান জনাই জাননী জাৰি কৰিছে। এনেদৰে চাকৰিৰ প্ৰলোভন দি ধন দাবী কৰা সকলৰ সন্ধান ০৩৬১-২৪৬২২৯৫ নম্বৰত অসম পুলিচক দি ধৰাই দিবলৈকো আহ্বান জনাইছে।

৩. ভাৰতীয় ষ্টেট বেংকে যোৰহাটৰ খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰলৈ এখন এম্বুলেঞ্চ প্ৰদান কৰিচে। সামাজিক দায়বদ্ধতা পুঁজিৰ পৰা এই এম্বুলেঞ্চখন দৰিদ্ৰ আৰু পিছপৰা অঞ্চলৰ ৰাইজৰ সেৱাত উচৰ্গা কৰি আনুষ্ঠানিকভাৱে প্ৰদান কৰে বেংকটোৰ মহা প্ৰৱন্ঝক পান্নালাল দাসে।

৪. অসমতো আৰম্ভ হৈছে ডিজিটেল ইণ্ডিয়া সপ্তাহ। এই উপলক্ষত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এটি ৰাজহুৱা সহায়ক কেন্দ্ৰ কালি মুকলি কৰে উপায়ুক্ত মনালিচা গোস্বামীয়ে। এই কেন্দ্ৰৰ পৰাই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতি-জনজাতিৰ প্ৰমাণ পত্ৰ, জন্ম-মৃত্যুৰ পঞ্জীয়ন আদি কৰাৰ সুবিধা লাভ কৰিব বুলিও জানিব পৰা গৈছে।

৫. কোকৰাঝাৰত বীৰুবালা ৰাভাক কোকৰাঝাৰত কালি প্ৰদান কৰা হয় উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সেনানী সন্মান। উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাসে আগবঢ়োৱা এই বঁটা প্ৰদান কৰে ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ ইউ.জি. ব্ৰহ্মই।

৬. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় মনালিছা শইকীয়াৰ নতুন উপন্যাস “শংখনিনাদ”। কুৰি শতিকাৰ শেষৰ দুটা দশকৰ অশান্ত অসমৰ ভেটিত ৰচিত এই উপন্যাসখন প্ৰকাশ কৰিছে বনলতাই। গ্ৰন্থখনৰ উন্মোচনীত অংশ লয় চিন্তাবিদ ডঃ হীৰেন গোহাঁই, অনুৰাধা শৰ্মা পূজাৰী, হিমজ্যোতি তালুকদাৰকে ধৰি সুধীজনে।

৭. অহা ২-৩মাহৰ ভিতৰতে লেপেটকটাস্থিত গেছ ক্ৰেকাৰ প্ৰকল্প কাৰ্যক্ষম হৈ উঠিব। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য ৯৯.৮শতাংশ সম্পূৰ্ণ হোৱা বুলিও সুখবৰ প্ৰকাশ কৰিছে প্ৰকল্পটোৰ পৰিচালন সঞ্চালক প্ৰভূ নাথ প্ৰসাদে।

৮. বাঁহৰ পৰা ইথানল প্ৰস্তুতকৰণ কৰিব পৰা দেশৰ প্ৰথমটো প্ৰকল্প নুমলীগড় তেল শোধনাগাৰত স্থাপন কৰা হব। এই প্ৰকল্পৰ বাবে দহ হাজাৰ কোটি টকা ব্যয় বিনিয়োগ কৰা হব আৰু ফিনলেণ্ডৰ চেমপলিচ নামৰ কোম্পানীৰ বাবে এই বিষয়ত চুক্তি সাক্ষৰিত হোৱা বুলিও শোধনাগাৰৰ পৰিচালন সঞ্চালক পি পদ্মনাভনে প্ৰকাশ কৰিছে। শোধনাগাৰটোৰ শোধন ক্ষমতা ৯এমএমটি বৃদ্ধি কৰিবলৈকো ২০হাজাৰ কোটিৰ বিনিয়োগ কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৯. উত্তৰ-পূৱৰ অন্যতম ফটোগ্ৰাফী শিক্ষা প্ৰতিষ্ঠান “ইউ বি ফটোজ ইনষ্টিটিউট অৱ ফটোগ্ৰাফী”য়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰে এখন ফটোগ্ৰাফী কৰ্মশালা অহা ১৫জুলাইৰ পৰা আয়োজন কৰিছে। ইয়াত অংশ লোৱাৰ বাবে ৯০৮৫০৯৮৬০৩ নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে।

১০. গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ সহযোগত এটা গ’ল্ড বেংক স্থাপন কৰাৰ বাবে প্ৰস্তুতি চলা বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৈতে কলকতাৰ এম.এম.টি.চি সংস্থাই আলোচনাত বহিছে। এই আলোচনাত নিখিল অসম স্বৰ্ণ শিল্পী সমিতিৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে।

No comments:

Post a Comment