পলকতে সুখ দুখৰ বতৰাঃ ২২জুলাই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰাঃ ২২জুলাই

পলকতে সুখ দুখৰ বতৰাঃ ২২জুলাই

Share This
আজিৰ ভাল খবৰবোৰ

১. ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম আৰু “ছাই” প্ৰকল্প খেলপথাৰত কালিৰে পৰা আৰম্ভ হৈছে অনুৰ্ধ ১৭বছৰৰ দেওকণ সোঁৱৰণী আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনৰ যোগেদিয়ে ৰাজ্যিক স্তৰত অসমৰ স্কুলীয়া ছাত্ৰই নিজৰ ফুটবল প্ৰতিভা জিলিকাই তুলিবলৈ সক্ষম হয় বাবে দেওকণ ট্ৰফী ফুটবলৰ বিশেষ গুৰুত্ব আছে।

২. অসমৰ গ্ৰামাঞ্চলৰ অগ্ৰণী ক্ৰীড়ানুষ্ঠান চামতা আঞ্চলিক ক্ৰীড়া সংঘই উত্তৰ-পূৱৰ গ্ৰামাঞ্চলৰ অতি জনপ্ৰিয় আৰু ভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ স্বীকৃত নৰোৰাম বৰ্মন ফুটবলৰ ৩৮সংখ্যক প্ৰতিযোগিতাখন অহা ২৫জুলাইৰ পৰা আয়োজন কৰিছে। অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ বাবে অৰ্থ সাহাৰ্য আগবঢ়াইছে। অহা ২ আগষ্টত চূড়ান্ত খেলৰ বঁটা বিতৰণীতে শ্ৰেষ্ঠ ক্ৰীড়া সাংবাদিক বঁটাও প্ৰদান কৰা হব।

৩. এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত হ’ল শিৱ থাপা। পাটিয়ালাত হোৱা ট্ৰায়েত এল দেৱেন্দ্ৰ সিং, মনদীপ ডাংড়াৰ লগতে শিৱকো ২৪আগষ্ট-৪ছেপ্তেম্বৰলৈ বেংককত হব লগা প্ৰতিযোগিতাখনলৈ নিৰ্বাচিত কৰা হয়।

৪. দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ কন্যা সন্তানৰ বাবে প্ৰত্যেক জিলাতে পঞ্চমৰ পৰা দশম শ্ৰেণীলৈ পঢ়িব পৰাকৈ প্ৰতিখন জিলাতে ৰাজ্য চৰকাৰে স্থাপন কৰিব আৱাসিক কন্যা বিদ্যালয়। লগতে সকলো জিলা সদৰতে কৰ্মৰত মহিলাৰ বাবে আৱাসগৃহ নিৰ্মাণ কৰিবলৈকো এখন পৃথক উন্নয়ন প্ৰাধিকৰণ গঠন কৰিব বুলিও সুখবৰ ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে।

৫. বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰগতিশীল কৃষকৰ মাজত অসম ৰাজ্যিক বীজ প্ৰমাণীকৰণ এজেন্সী চমুকৈ ‘আছকা’ৰ তৰফৰ পৰা স্বৰ্ণছাব-১ জাতৰ ধানৰ বীজ বাছনিভুক্ত বীজগাঁৱৰ ‘ছাটা’ গাঁৱত বিতৰণ কৰাৰ সুখবৰ। কৃষি বিশেষজ্ঞ তথা বিষয়া সকলে বীজ গাঁৱৰ চাহিদা, বীজ উৎপাদন যে এটা লাভজনক ব্যৱসায় আৰু এক স্ব-নিয়োজনৰ উপযুক্ত আহিলা এই বিষয়টো আলোকপাত কৰে। বীজ গাঁও আঁচনিৰ সফলতাত ৰাইজক সহযোগ কৰিবলৈকো আহ্বান জনোৱা হয়।

৬. অসমতো মানৱ সৰবৰাহকাৰীৰ অবৈধ বেহাৰ ভুক্তভোগী শিশুৰ পুনৰ সংস্থাপন আৰু কল্যাণমূলক এটা পুঁজি গঠন কৰিব কৈলাস সত্যাৰ্থী চিলড্ৰেনছ ফাউণ্ডেছনে। ইয়াৰ বাবে অসম চৰকাৰে এক কোটি টকাৰ পুঁজি দিব লগতে শিশু সৰবৰাহ ৰোধৰ বাবে ৰাজ্য চৰকাৰে একশ্বন প্লেন প্ৰস্তুত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।

৭. ‘খোলৰ উৎপত্তি আৰু শংকৰী সংস্কৃতিত ইয়াৰ স্থান’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰিলে মৰিগাঁও জিলা সাহিত্য সভাই। এই সভাতে ভাষা শ্বহীদ সূৰ্য বৰাৰ নামত অসম সাহিত্য সভাই ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰৱৰ্তন কৰিব বুলি সভাৰ ৰাজ্যিক সভাপতি আৰু প্ৰধান সচিবে ঘোষণা কৰে।

৮. ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকণৰ ক্ষেত্ৰত চাহ জনগোষ্ঠী আৰু খিলঞ্জীয়াৰ লিগেচী ডাটাৰ জটিলতাৰ অৱসান কৰিবলৈ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিলে তিনি অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ সমিতি। ১৯৭১চনকেই ভিত্তিবৰ্ষৰ ঘোষণা কৰি ৰাজ্য চৰকাৰৰ ২০১৪চনৰ ভোটাৰ তালিকাক ভিত্তি কৰাৰ আবেদন খাৰিজ কৰাৰ লগতে অহা অগ্ৰগতিৰ বুজ লবলৈ অহা ৬-৭ অক্টোবৰত শুনানি লব বুলিও ন্যায়ালয়ে তাৰিখ ধাৰ্য কৰে।

৯. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয় “বাগিচা শ্ৰম আইন আৰু অসম বিধি” শীৰ্ষক গ্ৰন্থ। উন্মোচনীত মন্ত্ৰী পৃথিৱী মাঝি আৰু শীৰ্ষ বিষয়া এম.জি.কে ভানুৱে অংশ গ্ৰহণ কৰে।

১০. আজি সন্ধিয়া ৬-৩০বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ইনলি ফাউণ্ডেচনে মঞ্চস্থ কৰিব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নামতক পৰাগ শৰ্মাৰ পৰিচালনাত অতুল চন্দ্ৰ হাতৰিকাৰ কবিতাৰ নাট্যৰূপ “ওলট-পালট” আৰু নৱকান্ত বৰুৱাৰ “ভতূকাৰে ভূ”। মুখ্য ৱ্যৱস্থাপক ইন্দ্ৰজিত দাসে এক সংবাদমেলত এই কথা প্ৰকাশ কৰিছে।

No comments:

Post a Comment