পলকতে সুখ-দুখৰ বতৰাঃ ২১ জুলাই ২০১৫ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰাঃ ২১ জুলাই ২০১৫

পলকতে সুখ-দুখৰ বতৰাঃ ২১ জুলাই ২০১৫

Share This
আজিৰ ভাল খবৰবোৰ

১) নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীয়ে যু‌ৱ প্ৰজন্মক আস্থাশীল হ'বলৈ আহ্বান জনাইছে। "বিশ্বৰ নি:স্ব শিশুসকলৰ সুৰক্ষাত যু‌ৱকসকলৰ ভূমিকা" শীৰ্ষক স্মাৰক বক্তৃতা অনুষ্ঠানত ভাগ লৈ কালি মাছখো‌ৱাৰ সাংস্কৃতিক প্ৰকল্পত কালি কয় যে মান‌ৱ-সম্পদ বিনষ্টকৰণৰ বিভিন্ন উপায় ইতিমধ্যে বহু দুৰ্নীতিকাৰীয়ে বাছি উলিয়াইছে আৰু সেইবোৰৰ বিপক্ষে মাৰ বান্ধি থিয় হো‌ৱাটো বৰ্তমানে প্ৰতিজন যু‌ৱক-যু‌ৱতীৰে কৰ্তব্য।


২) অসম-সন্তান ডা: ধনীৰাম বৰু‌ৱাই যো‌ৱা ১৮ বছৰ ধৰি কৰা গ‌ৱেষণাৰ অন্তত এইডছ ৰোগৰ চিকিৎসা আ‌ৱিষ্কাৰ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । 'বৰু‌ৱা বায়লজিকেল কম্বেট জিনছ' নামৰ চিকিৎসা বিকল্পটিৰ কথা তেওঁ নিজৰ গ‌ৱেষণা-পত্ৰত উল্লেখ কৰি এক অভূতপূৰ্ব কৃতিত্বৰ দাবীদাৰ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

৩) চকুৰে নেদেখাকৈয়ে পাজল সমাধান কৰিব পৰা এখনি আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ব্ৰাজিলত । এই অনুষ্ঠানতে ৰুবিক্স কিউব খেলি সমগ্ৰ বিশ্বৰ ২৯৯ গৰাকী প্ৰতিভা‌ৱান খেলু‌ৱৈক পাছ পেলাই অসম জাতীয় বিদ্যালয় ৰ দশম শ্ৰেণীৰ ছাত্ৰ কাব্যনীল তালুকদাৰে শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি ৰাজ্যখনলৈ গৌৰ‌ৱৰ বতৰা কঢ়িয়াই আনিছে ।

৪) এতিয়াৰে পৰা নগাঁও চহৰৰ পৰা শংকৰদে‌ৱৰ জন্মস্থান বটদ্ৰ‌ৱালৈকে চলিব অসম ৰাজ্যিক পৰিবহন নিগমৰ এখন চুপাৰ বাছ । এই বাছখনৰ সে‌ৱা যো‌ৱা সোমবাৰে মুকলি কৰে নগা‌ৱঁৰ উপায়ুক্তই ।

৫) শি‌ৱসাগৰ জিলাৰ ১৪৭৬ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰী চলিত বৰ্ষতে নিয়মীয়াকৰণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী শৰৎ বৰকটকীয়ে এটা সাঁজাটি দলৰ আগত প্ৰকাশ কৰিছে ।

৬) নেদাৰলেণ্ডছত চলি থকা ২১ বছৰৰ অনুৰ্ধ আন্ত:ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতাত ভাৰতে নিউজিলেণ্ডক ৩-০ গ'লত পৰাস্ত কৰিছে ।

৭)  বিগত ৫ বছৰৰ ভিতৰতে সৰ্বনিম্ন মূল্য হৈছে সোণৰ দাম । বৰ্তমানে ১৪৭০ টকা প্ৰতি ১০ গ্ৰা. দৰত বিক্ৰি হো‌ৱা সোণৰ নতুন মূল্যই দেশত সোণ-বিনিয়োগকাৰীসকলৰ মাজত উৎসাহ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ।

৮) মৰিগা‌ৱঁৰ ঘনকান্ত বৰু‌ৱা মহাবিদ্যালয়ৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক বিলাবৰ বাবে সদৌ অসম চাত্ৰ সন্থাৰ মৰিগাওঁ শাখাই পুৰণা বা নতুন কিতাপৰ সংগ্ৰহ অভিযান আৰম্ভ কৰিছে ।

৯) অসম যু‌ৱ সন্থাই সকলো কাৰ্যালয়, মহাবিদ্যালয়, কোৰ্ট-কাছাৰি তথা ব্য‌ৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানত  অসমীয়া ভাষা ব্য‌ৱহাৰ কৰিবৰ বাবে পুণৰ বাৰ সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছে ।

১০) ডিব্ৰুগড়ত ৮ জন নাৰী-চক্ৰ ৰ লগত জড়িত থকা লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি বাতৰি প্ৰকাশ হৈছে । লগতে কো‌ৱা হৈছে থানা চাৰিআলিৰ পৰা ২০০ কিমি দূৰত থকা এটি ঘৰত আৰক্ষীয়ে অভিযান চলাই এই চক্ৰটিক উৎখাত কৰা হৈছে ।
আজিৰ ভাল খবৰ যুগুতালেঃ মৰিগাঁৱৰ পৰা অৰুণজ্যোতি দাসে।

1 comment: