পলকতে সুখ-দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ খবৰ

পলকতে সুখ-দুখৰ খবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. চীন দেশৰ উহানত ১৯জুনৰ পৰা ২ জুলাইলৈকে অনুষ্ঠিত হোৱা এছিয়ান স্কুল এথলেটিকছ প্ৰতিযোগিতাত অসমৰ প্ৰতিভাময়ী এথলীট তথা ছাই, কোকৰাঝাৰৰ প্ৰশিক্ষাৰ্থী লাইমুন নাৰ্জাৰীয়ে ছোৱালীৰ হাইজাম্পত ১.৬৬মিটাৰ উচ্চতা অতিক্ৰম কৰি সোণৰ পদক কঢ়িয়াই আনিছে। ৰাঁচীত হোৱা ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াতো সোণৰ পদক জিকা লাইমুনৰ শেহতীয়া সাফল্যত অভিনন্দন জনাইছে অসম এথলেকিটছ সংস্থাই।

২. নামনি মাজুলীত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিত হঠাত পানী বাঢ়ি যোৱাত হোৱা এক নাও দুৰ্ঘটনাত নিজৰ জীৱনকো বিপন্ন কৰি ছয় গৰাকীকৈ কিশোৰ-কিশোৰীক পানীৰ পৰা উদ্ধাৰ কৰি সংবাদ শিৰোনামত স্থান লভিছে মাজুলীৰ ওখলাচুক গাঁৱৰ অম্বীতি পেগুৱে। এগৰাকী কিশোৰী বৰ্ণালী মৰাঙৰ এতিয়াও পানীত পৰি সন্ধানহীন হৈ থকাৰ বাতৰিও লগতে প্ৰকাশ পাইছে।

৩. উত্তৰ-পূৱতো নেচনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেচনৰ অধীনত ১লাখ কোট টকা ব্যয়েৰে ১০হাজাৰ কিলমিটাৰ পথ নিৰ্মাণ কৰিব বুলি সুখবৰ প্ৰকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাদকাৰীয়ে। কালি গুৱাহাটীত এখন সন্মিলনত এই কথা প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বৃক্ষৰোপণ আৰু ফুলৰ বাগিচা স্থাপনৰ বাবে থলুৱা কৃষকক ঠিকা দিয়া হব বুলিও প্ৰকাশ কৰিছে। উত্তৰ-পূৱৰ ১৯খন নদীত নৌ-সেৱা আৰম্ভ কৰা, পাণ্ডু ঘাটৰ বাবে ৫০কোটিৰ আবণ্টন, লুইতত পঞ্চাশটা ঠাইত ভাসমান বন্দৰ আদি স্থাপন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

৪. অহা দুবছৰত দেশত নতুনকৈ এক কোটি নিয়োগ সৃষ্টিৰ বাবে কাম কৰি আছে বুলি গুৱাহাটীত প্ৰকাশ কৰিলে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী বাণ্ডাৰু দত্তাত্ৰেয়ই। উত্তৰ-পূৱৰ শ্ৰম মন্ত্ৰীসকলৰ এখন আঞ্চলিক সন্মিলনত অংশ গ্ৰহণ কৰি চাহ শ্ৰমিকৰ নুন্যতম মজুৰীৰ বিষয়টোত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যৰ পৰা অচিৰেই প্ৰতিবেদন বিচৰা হব বুলিও তেখেতে প্ৰকাশ কৰে।

৫. প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা আৰু প্ৰদূষণ নিয়ন্ত্ৰক হিচাবে মূল ভূমিকা গ্ৰহণ কৰা শগুণ পক্ষীৰ সংৰক্ষণৰ বাবে বোম্বে নেচাৰেল হিষ্ট্ৰী চ’ছাইটীয়ে অসমৰ বন বিভাগৰ লগত যৌথভাৱে নখন জিলা সামৰি শগুণ সংৰক্ষণ প্ৰকল্প এটা হাতত লব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৬. আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৬৮তম বৰ্ষত পদাপৰ্ণ কৰিছে। বিগত দশক কেইটাত বাৰ্তা আৰু বিনোদনৰ ধ্বজবাহক কেন্দ্ৰটোৱে আজি এই উপলক্ষে ৰবীন্দ্ৰ ভৱনত বিশেষ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে।

৭. বজৰংগবলী চিমেণ্ট কোম্পানী খোলাৰ নামত ভুৱা নথিৰে ঋণ লোৱা ব্যৱসায়ী সুভাষ আগৰৱালা আৰু ষ্টেট বেংকৰ বিষয়া সন্তোষ কুমাৰ দাসক গুৱাহাটীৰ চিবিআইৰ বিশেষ আদালতে ৪বছৰকৈ কাৰাদণ্ড আৰু ৫০হাজাৰকৈ টকাৰ জৰিমনা বিহাৰ খবৰ। তেওঁলোকে কোম্পানীৰ কাৰখানা স্থাপন নকৰি ফ্লেট বনাই বিক্ৰী কৰি ফান্দত পৰে।

৮. ক্ৰমাগত ভাৱে তৃতীয় বছৰৰ বাবে গুৱাহাটীত ফলৰ ৰসক জনপ্ৰিয়কৰণৰ বাবে জীৱন আলোচনা তথা ন্যাসৰ উদ্যোগত অনুষ্ঠিত হৈছে জীৱন জুচ ফেষ্টিভেল। চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ১-৫জুলাইলৈকে আয়োজিত এই আয়োজন আজি শুভাৰম্ভ কৰে প্ৰকৃতিবিদ যাদৱ পায়েঙে।

৯. গুৱাহাটী সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনৰ উদ্যোগত আজিৰে পৰা ৫জুলাই পৰ্যন্ত গুৱাহাটী চানমাৰীত অনুষ্ঠিত হৈছে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ এখনি কৰ্মশালা। ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি সমল ব্যক্তিৰূপে অংশ লৈছে শিল্পী সমৰ হাজৰিকাই।

১০. ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সঞ্চালকালয়ে ৰাজ্যৰ ৫৯টা অনুসূচিত জনজাতি আৰু জনজাতিকৰণৰ দাবী উত্থাপন কৰা ছটা জনগোষ্ঠীৰ নাম পোনে পোনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অন্তভূৰ্ক্ত কৰাৰ বাবে দেশৰ মহাপঞ্জীয়কলৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিয়াৰো বাতৰি প্ৰকাশ পাইছে।

No comments:

Post a Comment