প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ডিজিটেল ইণ্ডিয়াঃ সম্ভাৱনা আৰু প্ৰত্যাহ্বান
অভিনন্দন গোস্বামী
২০১৪ চনত দিল্লীৰ ক্ষমতা দখল কৰাৰ পাছৰে পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুখনকৈ স্বপ্নৰ আচঁনি আছিল ‘মেক ইন ইণ্ডিয়া’ আৰু ‘ডিজিটেল ইণ্ডিয়া’৷ ‘ডিজিটেল ইণ্ডিয়া’ ৰ প্ৰথম পদক্ষেপ হিচাপে চৰকাৰে www.mygov.in নামেৰে এটি পর্টেল মুকলি কৰিছে৷ কিছুদিন পূর্বে জনসাধাৰণৰ লগত সূচাৰুৰূপে যোগাযোগ কৰাৰ উদ্দেশ্য প্ৰধানমন্ত্ৰীৰ এক মোবাইল Application-য়োমুকলি কৰা হয়৷ মোদী চৰকাৰৰ যোৱা এবছৰীয়া কার্যকালত তথ্য-প্ৰযুক্তিৰ মাধ্যমেদি শিক্ষা, স্বাস্হ্য, নিয়োগ, বাণিজ্য আদি বিভিন্ন ক্ষেত্ৰত জনসাধাৰণক সজাগ আৰু শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা হৈছে৷ তথ্য- প্ৰযুক্তিক প্ৰতিজন নাগৰিকৰ কাষলৈ লৈ যোৱা তথা ভাৰতবর্ষক এক জ্ঞানৰ অর্থনীতিত ( Knowledge Economy ) পৰিণত কৰাৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে যোৱা ১ জুলাইত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাবে ‘ডিজিটেল ইন্ডিয়া’ আচঁনিখনৰ শুভাৰম্ভ কৰে৷ তাৰোপৰি আচঁনিখনৰ বিষয়ে ৰাইজক সঠিকভাৱে অৱগত আৰু সচেতন কৰিবৰ বাবে ১ জুলাইৰ পৰা ৭ জুলাইলৈ সমগ্ৰ ভাৰতবর্ষতে ‘ডিজিটেল ইণ্ডিয়া সপ্তাহ’ পালন কৰা হয়৷

ডিজিটেল ইণ্ডিয়া আচঁনিখনৰ মূল লক্ষ্য হৈছে জনসাধাৰণক সহজলভ্যকৈ তথ্যৰ যোগান ধৰা তথা প্ৰযুক্তিবিদ্যাক প্ৰধান আহিলা হিচাবে লৈ অর্থনৈতিক তথা সমাজ জীৱনলৈ এক ব্যাপক পৰিবর্তন অনা৷ এক অর্থত কবলৈ গলে সমাজ জীৱনক তথ্য-প্ৰযুক্তিৰে শক্তিশালী কৰা তথা ভাৰতবর্ষক এক জ্ঞানৰ অর্থনীতিত পৰিণত কৰাৰ ই এক অভিনৱ পদক্ষেপ৷ এই আচঁনিখন ভাৰত চৰকাৰৰ ইলেকট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি বিভাগৰ তত্বাৱধানত তথা অনান্য কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰ সমূহৰ সহযোগত ৰূপায়ন কৰা হব৷ ইতিমধ্যে প্ৰচলিত হৈ থকা বিভিন্ন ই-গভৰেন্স( e-Goverance )আচঁনিসমূহ পুনৰ নতুনকৈ ‘ডিজিটেল ইণ্ডিয়া’ বেনাৰত ৰূপায়ণ কৰিবলৈ চৰকাৰে স্হিৰ কৰিছে৷ এই আচঁনিখনত প্ৰধানকৈ তিনিটা দিশত বিশেষভাবে গুৰুত্ব দিয়া হৈছে- 

১) সকলো নাগৰিকৰ বাবে পর্য্যাপ্ত হোৱাকৈ এক ডিজিটেল আন্তঃগাথঁনি গঢ়ি তোলা৷ 
২) জনসাধাৰণৰ প্ৰয়োজন তথা দাবী অনুসৰি সেৱাৰ যোগান ধৰা৷ 
৩) সকলো নাগৰিককে প্ৰযুক্তিগত ভাবে শক্তিশালী কৰা৷ 
উপৰোক্ত দিশসমূহ সাৰোগত কৰি ভাৰতবর্ষত এক শক্তিশালী ব্ৰডবেন্ড হাইৱে ( Broadband Highway ) গঢ়ি তোলা, মোবাইল সংযোগ সহজলভ্য কৰা, ইলেকট্ৰনিক মাধ্যমেৰে বিভিন্ন সেৱা প্ৰদান, ভাৰতবর্ষত ইলেকট্ৰনিক সামগ্ৰীৰ নির্মান কৰা, সকলোকে সহজলভ্য ভাবে তথ্যৰ যোগান ধৰাকে আদি কৰি বিভিন্ন অভিলাষী পদক্ষেপ হাতত লোৱা হৈছে৷

এ্ই আচঁনিৰ অর্ন্তগত কেইটামান গুৰুত্বপূর্ণ প্ৰকল্প হৈছে—
১) ডিজিটেল লকাৰ( Digital Locker, www.digitallocker.gov.in)—ইয়াৰ যোগেদি প্ৰতিজন নাগৰিকে তেওঁলোকৰ নথি-পত্ৰ সমূহ ডিজিটেল মাধ্যমত সংগ্ৰহ কৰি লকাৰত থব পাৰিব আৰু প্ৰয়োজন সাপেক্ষে বিভিন্ন সংস্হাৰ লগত ইয়াক ‘শ্বেয়াৰ’ কৰিব পাৰিব৷ নথি-পত্ৰ সমূহৰ সত্যসত্যতা নিৰূপন কৰাত ই যথেষ্ট সহায়ক হব তথা সাধাৰন নাগৰিকেও সকলো ক্ষেত্ৰতে নিজৰ নথি-পত্ৰ সমূহ কঢ়িয়াই ফূৰাৰ জটিলতা আতৰিব৷
২) Mygov.in পর্টেলঃ- এই পর্টেলৰ জৰিয়তে জনসাধাৰণে চৰকাৰৰ কাম কাজত প্ৰত্যক্ষভাবে অংশগ্ৰহন কৰিব পাৰিব৷ চৰকাৰক বিভিন্ন ধৰণৰ পৰামর্শ বা চৰকাৰী কাম-কাজৰ বিষয়ে আলোচনা আদি কৰিবলৈ এই ৱেবছাইটত লগ-ইন কৰিলেই হল৷ Mygov.in ৰ মোবাইল Application দ্বাৰা এই সুবিধা মোবাইলতো উপলব্ধ হব৷ 

৩) স্বচ্ছ ভাৰত অভিযানৰ মোবাইল Application- এই এপ ব্যৱহাৰ কৰি জনসাধাৰন তথা বিভিন্ন চৰকাৰী সংস্হা সমূহে স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্য সমূহ সহজে পূৰণ কৰিবলৈ সক্ষম হব৷
৪) ই-স্বাক্ষৰ (e-Signature)—ই-স্বাক্ষৰৰ দ্বাৰা সকলোৱে নিজৰ আধাৰ কার্ডৰ নম্বৰ ব্যবহাৰ কৰি যিকোনো নথি-পত্ৰত ডিজিটেল ৰূপত স্বাক্ষৰ কৰিব পাৰিব৷ 

৫) ই-চিকিৎসালয়( e-Hospitals)প্ৰকল্পৰ অধীনত অনলাইন ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া (www.ors.gov.in) ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ এই প্ৰকল্পই বিভিন্ন গুৰুত্বপূর্ণ সেৱা সমূহ যেনে অনলাইন এপইনমেন্ট বুকিং আৰু মাচুল প্ৰদান, অনলাইন মেডিকেল ৰির্পট, তেজৰ উপলব্ধতাৰ বিষয়ে অনলাইন অনুসন্ধান ইত্যাদি আগবঢ়াব৷ 

৬) কোনো ছাত্ৰ-ছাত্ৰীয়ে যাতে জলপানিৰ পৰা বাদ পৰিব লগীয়া নহয় তাৰ বাবে সকলো জলপানিৰ তথ্য একে ঠাইতে উপলব্ধ হোৱাকৈ National Scholarship Portal (www.scholarship.gov.in) চৰকাৰে আৰম্ভ কৰিছে৷ এই পর্টেলত লগ-ইন কৰি ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ জলপানিৰ বাবে আবেদন কৰিব পাৰিব তথা জলপানিৰ ৰাশি ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্টত পোনপটীয়াকৈ জমা হব৷ 

৭) ভাৰত চৰকাৰে ‘ভাৰত নেট’ ( Bharat Net ) নামৰ এক অভিলাষী আচঁনি হাতত লৈছে যাৰ জৰিয়তে ভাৰতবর্ষৰ সকলো ২.৫ লাখ ‘Gaon Panchayat’ ক ব্ৰডবেন্ড হাইৱেৰ জৰিয়তে সংযোগ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ বিশ্বৰ ভিতৰত এইটোৱেই হব অপটিকেল ফাইবাৰৰ জৰিয়তে কৰা সর্ববৃহৎ গ্ৰাম্য ব্ৰডবেন্ড সংযোগ৷ 

৮) বিএছএনএলে বহুলভাবে সমগ্ৰ ভাৰতবর্ষত Wi-Fi Hotspot সংস্হাপনৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷ ইয়াৰ জৰিয়তে সকলো নাগৰিকে নিজৰ মোবাইল ফোনৰ দ্বাৰা যিকোনো ঠাইৰ পৰা ৱাইফাই সেৱা ব্যবহাৰ কৰিব পাৰিব৷ 

৯) ৩০ বছৰ পুৰণি একচেঞ্জ সমূহৰ সলনি কৰি তাৰ ঠাইত Next Generation Networkবিএছএনএলে ইতিমধ্যে আৰম্ভ কৰিছে৷ এইটো এক IP ভিত্তিক প্ৰযুক্তি যাৰ দ্বাৰা বিভিন্ন সেৱা যেনে ভইচ, ডাটা, মাল্টিমিডিয়া/ ভিডিঅ’ আৰু অনান্য ধৰণৰ পেকেট ছু্ইচড সংযোগ সেৱা সমুহ পৰিচালনা কৰিব পৰা যাব৷ 

১০) সমূহ তথ্য পাতি ডিজিটেল ৰূপত সংৰক্ষণ কৰি সঠিকভাবে জনসাধাৰণক বহুল ৰূপত যোগান ধৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে Digitize India Platform (DIP) নামৰ এক আচঁনি আৰম্ভ কৰিছে৷ চৰকাৰী কার্য্যালয়সমূহত এক পেপাৰ ফ্ৰী ( Paper Free ) পৰিৱেশ গঢ়ি তুলি ক্ষিপ্ৰতৰ ভাবে জনসাধাৰনক সেৱা আগবঢ়োৱাৰ বাবেই চৰকাৰৰ এই প্ৰয়াস৷ 

২০১৯ চনত সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা ‘ডিজিটেল ইণ্ডিয়া’ আচঁনিখনৰ প্ৰভাৱ মূলত তথ্য-প্ৰযুক্তি, টেলিকম আৰু ইলেকট্ৰনিক্স খণ্ডত ব্যাপকভাবে পৰিব৷ ইয়াৰ দ্বাৰা উক্ত খণ্ডসমূহত প্ৰায় ১৮ লাখ নতুন চাকৰি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ তদুপৰি সকলো ইলেকট্ৰনিক্স সামগ্ৰী ভাৰততে নির্মাণ কৰাৰ লক্ষ্য লোৱাৰ বাবে নির্মাণ খন্ডটো বহু লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে সংস্হাপন লাভ কৰিব৷ এই আচঁনিখনৰ সফলতাই আমাৰ দেশক ডিজিটেল ভাবে শক্তিশালী কৰাৰ লগতে শিক্ষা, স্বাস্হ্য, কৃষি, বেংকিং আদি খন্ডত তথ্য- প্ৰযুক্তিৰ মাধ্যমেৰে সেৱা আগবঢ়াই সাধাৰণ জনতাৰ জীৱন সুচল কৰিবলৈ সক্ষম হব৷ 

কিন্তু প্ৰশ্ন হয়, ভাৰতবর্ষৰ দৰে বিশাল জনসংখ্যাৰ দেশ এখনত এই আচঁনি বাস্তৱত পৰিণত কৰাটো কিমান সহজ? যি সময়ত দেশৰ মুঠ জনসংখ্যাৰ ৫০% ৰো অধিক লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে, যি সময়ত ভাৰতবর্ষৰ ৪০-৪৫% লোকেই শিক্ষিত নহয়, সেই সময়ত ‘ডিজিটেল ইণ্ডিয়া” ৰ সপোন দেখাটো কিমান যুক্তিসংগত? চৰকাৰৰ সন্মুখত প্ৰথম প্ৰত্যাহবান হৈছে সকলো লোককে এই আচঁনিৰ সুবিধা গ্ৰহণ কৰিব পৰাকৈ সৱল তথা সচেতন কৰি তোলা৷ এনে নহলে এই সুবিধাসমূহ কেৱল এক শ্রেণী লোকৰ মাজতে সীমাবদ্ধ থাকিব, কাৰন গৰিষ্ঠসংখ্যক লোকেই আজি কম্পিউটাৰ, স্মার্ট ফোন আৰু ইন্টাৰনেটৰ ব্যৱহাৰ সর্ম্পকে জ্ঞাত নহয়৷ ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে প্ৰথম পর্যায়ত ৪ কোটি লোকক সামৰি ‘ডিজিটেল সাক্ষৰতা অভিযান’ ( Digital Literacy Program ) আৰম্ভ কৰিছে৷ ইয়াৰ দ্বাৰা এইসকল লোকক ‘ডিজিটেল ইণ্ডিয়া’ৰ সুবিধা সমূহ গ্ৰহণ কৰিব পৰাকৈ সবল আৰু শিক্ষিত কৰি তোলা হব৷ তদুপৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে এই আচঁনিৰ কেনেদৰে লাভ অর্জন কৰিব পাৰে সেয়া এক লাখটকীয়া প্ৰশ্ন কাৰণ তেওঁলোকৰ কোনেও স্মার্ট ফোন বা তেনে কোনো আহিলা কিনিবলৈ আর্থিকভাবে সৱল নহয়৷ ফলত তেনে লোকসকলক সামৰি লোৱাটো চৰকাৰৰ সন্মুখত এক অন্যতম প্ৰত্যাহ্বান৷ বহু বিশেষজ্ঞই ইয়াকো মত দিছে যে চাইবাৰ সুৰক্ষা ব্যৱস্হা কটকটীয়া নকৰাকৈ ই-গভৰেন্স বা ‘ডিজিটেল ইণ্ডিয়া’ আচঁনি অর্থহীন৷ কাৰণ অতি গুৰুত্বপূর্ণ ডিজিটেল আন্তঃগাথঁনিক সুৰক্ষা দিয়াটো চৰকাৰৰ পক্ষে কঠিন হৈ পৰিব৷ হেকাৰ সকলে অতি সহজেই ইয়াক আক্ৰমন কৰিব আৰু তথ্য-পাতি সমূহ গোপন কৰি ৰখাৰ ক্ষেত্ৰত এক ভাবুকিৰ সৃষ্টি হব৷ কাৰণ ভাৰতবর্ষত চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো সুনির্দিষ্ট আইন নাই৷ইয়াৰোপৰি ই-আৱর্জনা বা E-waste management ৰ কাৰণেও কোনো নির্দিষ্ট নীতি এই আচঁনিত নাই৷


এই প্ৰত্যাহবান সমূহৰ লগত মোকাবিলা কৰাত চৰকাৰ কিমানদূৰ সফল হয় তাৰ ওপৰতে নির্ভৰ কৰিব ‘ডিজিটেল ইণ্ডিয়া’ৰ সামগ্ৰিক সাফল্য ৷ কাৰণ সকলো শ্ৰেণীৰ লোকক সামৰি নোলোৱাকৈ এই আচঁনিৰ উদ্দেশ্য অর্থহীন হৈ ৰব৷ ‘ডিজিটেল সাক্ষৰতা অভিযান’ ক বাস্তৱিকতা প্ৰদান কৰাৰ ওপৰতে ইয়াৰ সাফল্য বহু পৰিমানে লুকাই আছে৷ IIT-JEE পৰীক্ষাত দেশৰ ভিতৰতে শীর্ষস্হান দখল কৰাইন্দোৰৰ ক্ৰতি তিৱাৰীক প্ৰধানমন্ত্ৰীয়ে ‘ডিজিটেল ইন্ডিয়া’ৰ ব্ৰেন্ড এম্বেছেডৰ হিচাপে ঘোষণা কৰিছে৷ তদুপৰি গাৱেঁ গাৱেঁ Community Service Centre (CSC) স্হাপন কৰি জনসাধাৰণক এই ক্ষেত্ৰত সজাগ তথা সহায়-সহযোগ কৰাৰ বাবেও চৰকাৰে ব্যৱস্হা লৈছে৷ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত বিপ্লৱৰ সৃষ্টি কৰিব লগীয়া এই আচঁনিৰ দ্বাৰা ভাৰতবর্ষ আজি এক ডিজিটেল বিশ্বত সোমাবলৈ সাজু হৈছে৷ কিমান সোনকালে আৰু কিমান সফলভাবে আমি ইয়াত প্ৰৱেশ কৰিব পাৰো তাৰ উত্তৰৰ বাবে কিছুদিন অপেক্ষা কৰাৰ বাদে গত্যন্তৰ নাই৷ অর্থনৈতিক তথা সমাজ জীৱনলৈ স্বচ্ছলতা আনিব পৰা তথা জনসাধাৰণৰ জীৱন ধাৰণৰ মান-ব্যৱস্হা সূচল কৰিব পৰা এই আচঁনিৰ সর্বোত্তম সাফল্যই আমাৰ কাম্য৷
লেখকৰ ঠিকনাঃ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অৰুণাচল প্ৰদেশ, ফোনঃ- 08402852801 

No comments:

Post a Comment