Thursday, July 9, 2015

স্বাস্থ্য

“বেলচ্ ফেচিয়েল পালচি”:
ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ
ডা° ভূপেন শইকীয়া
মস্তিষ্কৰ ভিতৰৰ পৰা ওলাই অহা ৭ নম্বৰ নাৰ্ভডাল হ’ল ফেচিয়েল নাৰ্ভ৷ এই নাৰ্ভডাল কাণৰ পিছফালে এটি সৰু ছিদ্ৰই দি আহি মুখমণ্ডলৰ মাংসপেশী বিলাকৰ সৈতে জড়িতহৈ পৰেহি৷ আমাৰ হঁহা, মুখৰ বিভিন্ন অংগী-ভংগী কৰা,চকু টিপ মৰা, চকু খোলা-মেলা কৰা আদি সকলো ক্ৰিয়া এই নাৰ্ভৰ যোগেদিহে পৰিচালিত হয়৷ গতিকে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হলে এই সকলোবিলাক ক্ৰিয়া বাধাপ্ৰাপ্ত হয়৷


আজিৰ পৰা দুশ বছৰ আগতে স্কটলেণ্ডৰ চাৰ্লচ বেল নামৰ চিকিৎসকজনে পোন প্ৰথম বাৰৰ বাবে ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচৰ বৰ্ণনা দিছিল কাৰণে ৰোগটোৰ লগত তেওঁৰ নাম যোগ দি “বেলচ্ ফেচিয়েল পালচি” বুলি কোৱা হয়৷

 
লক্ষণসমূহ: মুখ মণ্ডলৰ এফাল হঠাতে ৰাতিটোৰ ভিতৰত বেঁকা হৈ পৰে৷ সেই ফালৰ চকুটো সম্পূৰ্ণকৈ জপাব নোৱৰা হয়৷ হাঁহিলে মুখখন এপিনে বেঁকা হৈ পৰে৷ খাওঁতে, গিলোঁতে কিছু অসুবিধা অনুভৱ হয়৷ দুদিনৰ ভিতৰত লক্ষণসমূহ স্পষ্ট হৈ ধৰা দিয়ে৷ কেতিয়াবা কাণৰ ভিতৰত কিছু বিষৰ অনুভৱ হয়৷ লেলাৱটি বব পাৰে৷ বন্ধ নোহোৱা চকু শুষ্ক বা পানীবৈ থকা পৰিলক্ষিত হয়৷ মুখৰ ৰুচি কমি যায়৷

 
পুৰুষ মহিলা সকলোৰে এই ৰোগ হব পাৰে৷ সাধাৰণতে ১৫ৰ পৰা ৬০ বছৰৰ বয়সত এই ৰোগ হোৱা দেখা যায়৷ কিন্তু যি কোনো বয়সতে এই ৰোগ হব পাৰে৷ বিশ্বৰ মুঠ জনসংখ্যাৰ ০. ০২ % লোকক এই ৰোগত ভোগা দেখা গৈছে৷ ইংলেণ্ডত প্ৰতি বছৰে প্ৰত্যেক ৫০০০জনৰ ভিতৰত এজনে এই ৰোগত ভোগে৷ আনহাতে আমেৰিকাত বছৰি ৪০০০০জনে “বেলচ্ ফেচিয়েল পালচিত আক্ৰান্ত হয়৷ ডায়েবেটিচ,গৰ্ভাৱস্থা, শ্বাসজনিত ৰোগত ভোগা লোক আৰু ৰোগ প্ৰতিৰোধৰ কম ক্ষমতা থকা লোকক সহজতে ৰোগাক্ৰান্ত হোৱা দেখা যায়৷

 
৯৯% ৰোগীৰ মুখমণ্ডলৰ দুৰ্বলতা বা পেৰালাইচিচ এফালেহে হয়৷ কাচিৎ ১% ৰোগীৰ দুয়োপিনে দুৰ্বলতা হোৱা দেখা যায়৷ ৮৫% ৰোগী তিনিসপ্তাহৰ ভিতৰত সম্পূৰ্ণ আৰোগ্য হয়৷ বাকী ১৫%ৰ ক্ষেত্ৰত ৩ৰ পৰা ৬মাহ সময় লাগে৷
সাধাৰণতে দেখা দিয়া উপসৰ্গসমূহ হ’লঃ মাংসপেশী কঠোৰ অনুভৱ হোৱা, মাংসপেশীৰ কঁপনি উঠা আৰু চকুলো সঘনাই নিগৰি থকা৷

 
ৰোগৰ কাৰণঃ
ৰোগৰ উৎপত্তিৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই৷ হাৰপিজ বংশৰ এবিধ বা কেইবাবিধো ভাইৰাচে কৰা সংক্ৰমণৰ ফলত ফেচিয়েল নাৰ্ভৰ এটা অংশ ফুলি উঠে আৰু নাৰ্ভৰ অনিষ্ট হোৱাৰ ফলত লক্ষণসমূহ ফুটি উঠে৷ কিন্তু মনত ৰাখিব লাগিব মগজুৰ টিউমাৰ, আঘাট বা সংক্ৰমন (ইনফেকচন)ৰ দ্বাৰাও ফেচিয়েল নাৰ্ভৰ পেৰালাইচিচ হব পাৰে৷

 
এই ৰোগৰ চিকিৎসাঃ
বহুক্ষেত্ৰত বিনা ঔষধেও ৰোগৰ নিৰাময় হোৱা দেখা যায়৷এন্টি ভাইৰেল দৰবে কোনো উপকাৰ সাধন কৰা প্ৰমাণিত নহ’ল৷ ষ্টেৰইড সাধাৰণতে (প্ৰেডনিচলন নামৰ) এসপ্তাহ কাল ব্যৱহাৰ কৰি উপকৃত হোৱা দেখা যায়৷ বন্ধ নোহোৱা চকুৰ জখম নহবলৈ যতন লব লাগে৷ ফিজিঅ’থিৰাপি বা মাংসপেশীৰ উপযুক্ত ব্যায়ামো লাগতিয়াল৷ কদাচিত মুখায়বৰ বিকৃতি ৰৈ গলে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হয়৷

 
ৰোগৰ চিনাক্তকৰণ আৰু যাবতীয় পৰীক্ষাসমূহ:
সাধাৰণতে ৰোগ প্ৰাথমিক পৰীক্ষাতেই চিনাক্ত হয়৷ৰোগীৰ মগজুৰ চিটি স্কেন বা এম আৰ আই কৰি তেওঁৰ যে টিউমাৰ, সংক্ৰমন বা আঘাটপ্ৰাপ্ত হৈ ফেচিয়েল পেৰালাইচিচ হোৱা নাই – সেয়া ঠিৰাং কৰা হয়৷ কেতিয়াবা নাৰ্ভৰ পৰিবহন সমক্ষতা আদিও পৰীক্ষা কৰা হয়৷

 
উপসংহাৰ: ৰোগী আতংকিত মুঠেই হ’ব নালাগে , কিয়নো “বেলচ্ ফেচিয়েল পালচি”ৰ নিৰাময় শতকৰা প্ৰায় এশ ভাগেই সম্ভৱ৷
 
(লেখাটি সাহিত্য.অৰ্গতো পূৰ্বতে প্ৰকাশ পাইছে)

No comments:

Post a Comment