প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


অসমৰ শিক্ষা জগতৰ সাম্প্ৰতিক সমস্যা
দিগন্ত কুমাৰ বড়া


শিক্ষক হৈছে এটা জাতিৰ স্ৰষ্টা ৷ মানৱ সম্পদ গঢ়োতা এই শিক্ষক সকলৰ পদমৰ্যদা, সন্মান সকলোৰে উৰ্দ্ধত বুলি পৰিগণিত হৈ আহিছে৷ পদমৰ্যদাৰ ফালৰ পৰা এওঁলোক উৰ্দ্ধত হোৱা হেতুকে দৈনন্দিন কৰণীয় যিকোনো কাম কাজৰ ক্ষেত্ৰতেই তেওঁলোক সচকিত হৈ থাকিব লগা হয়৷ এটি শিশুৰ উন্নতিত পিতৃ-মাতৃৰ পিছতেই শিক্ষকৰ স্থান৷ আপোনালোকে নিশ্চয় ভাবিছে আমি এইবোৰৰ পাতনি মেলিছো কিয়? আচলতে, বৰ্তমান পৰিস্থিতিত এই শিক্ষক সকলক উচিত মৰ্যদা দি অহা পৰিলক্ষিত হৈছে জানো৷ প্ৰত্যেক ক্ষেত্ৰতেই এই শিক্ষক সকল বঞ্চিত হৈ অহা দেখিবলৈ পোৱা গৈছে৷ সমাজৰ অন্যান্য চৰকাৰী চাকৰীয়াল সকলৰ দা-দৰমহাৰ ক্ষেত্ৰত যেনে নীতি, তেনে নীতি যেন শিক্ষক সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়৷ যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আগৰ কথাবোৰ বাদ দি, যদি বৰ্তমান পৰিস্থিতিৰ কথা চাওঁ, তেন্তে সেই কথাবোৰ স্পষ্ট ৰূপত অনুভৱ কৰিব পাৰো৷

মানৱ সম্পদ সৃষ্টিকাৰী এই লোকসকলৰ নিযুক্তিৰ ক্ষেত্ৰতো এখন ক'লা বজাৰ অসমতো বহু দিনৰ পৰাই চলি আছিল৷ যিখন বজাৰৰ মষিমূৰ হ'ল ২০১২ চনত সেই সময়ৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ যোগেদি৷ ইয়াৰ লগে লগেই শিক্ষাৰ ক্ষেত্ৰত এক ব্যাপক পৰিবৰ্তনৰ সূচনা হোৱা সৰ্বজনবিদিত৷ বহুবছৰ ধৰি নিবনুৱা সমস্যাই ককবকাই থকা অসমত যেন আশাৰ সঞ্চাৰ হ'ল৷ অসমত নিযুক্তিৰ সুবিধা নথকাৰ বাবেই বহু উচ্চ-শিক্ষিত ডেকা-গাভৰুৱে প্ৰাথমিক স্কুলৰ শিক্ষকতাকো বাছি ল'লে, যাৰ ফলত মানৱ সম্পদৰ উচিত ব্যৱহাৰো পৰিলক্ষিত নহ'ল৷ তৎসত্ত্বেও তেওঁলোক নিযুক্ত হ'ল মাথো সমাজৰ স্বাৰ্থত, নিজৰ পৰিয়ালক পোহপাল দিয়াৰ স্বাৰ্থত৷

হয়তো অসমত এয়ে প্ৰথম যে, শদিয়াৰ শিক্ষক ধুবুৰীত নিযুক্ত হ'ল, কাছাৰৰ শিক্ষক দৰংত নিযুক্ত হ'ল৷ এই ব্যৱস্থাই পৰম্পৰাগতভাৱে চলি অহা শিক্ষকৰ চিনস্বৰূপ, বেকানলীয়া ছাতি আৰু চাইকেলখনক যেন অপমানহে কৰিলে৷ মাথো কেইটামান টকাৰ বিনিময়ত এই সকল শিক্ষকে ঘৰৰ মায়া-মোহ এৰিও শিশুসকলৰ মোহত যোৱা তিনিবছৰে মোহাছন্ন হৈ আহিছে৷ যাৰ ফলত কেৱল শিক্ষকৰ অভাৱত বছৰ বছৰ ধৰি অ-আ, ক-খ নজনাকৈয়ে প্ৰাথমিক শিক্ষা পাৰ কৰা বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সদ্যঘোষিত মূখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত ১০০শতাংশ উত্তীৰ্ণ হোৱাও দেখিবলৈ পোৱা গৈছে৷ এইখিনিয়েই যে যথেষ্ট এনে নহয়, এতিয়াওঁ ৰাজ্যৰ বহু শিক্ষানুষ্ঠান এজনীয়া শিক্ষকেৰে চলি আহিছে৷

কিন্তু, ঘৰত থকাৰ সুখ ত্যাগ কৰা এই টেট শিক্ষক সকল বাৰে বাৰে বঞ্চিত হৈ আহিছে৷ ঘৰৰ পৰা বহুযোজন আঁতৰত থকা এই শিক্ষকসকলৰ সামান্য প্ৰাপ্য খিনি যদি সঠিক সময়ত আদায় দিয়া নহয় তেন্তে তেওঁলোকৰ অৱস্থা তথৈৱচ হৈ পৰে৷ তাৰোপৰি তেওঁলোকৰ চাকৰি থাকে নে নাথাকে তাক লৈয়ো তেওঁলোক ভীতিগ্ৰস্ত৷ এওঁলোকৰ দৰমহা প্ৰধানকৈ কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকে, সেইকাৰণে কেন্দ্ৰৰ পুঁজিৰ অভাৱত এওঁলোকৰ দৰমহা মাজে মাজে বন্ধ হৈ পৰে৷ আনহাতে, কেন্দ্ৰীয় চৰকাৰে এই সংক্রান্তত বাৰে বাৰে এটা কথাই কৈ আহিছে যে, ৰাজ্য চৰকাৰখনে সঠিক খৰছৰ তথ্য কেন্দ্ৰক জমা দিয়াৰ অভাৱতেই তেওঁলোকে কেন্দ্ৰৰ পুঁজি বন্ধ কৰি ৰাখিছে৷ এতিয়া কথাতো হ'ল ৰাজ্য আৰু কেন্দ্ৰৰ যুঁজত বিৰিণাৰ লেখীয়া হৈছে টেট শিক্ষকৰ লগতে হাজাৰ হাজাৰ সবৰ্বশিক্ষা কৰ্মী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ কৰ্মী৷

অন্য প্ৰসংগক বাদ দি যদি আমি কেৱল টেট শিক্ষক সকলৰ কথাই চাওঁ, তেন্তে দেখিম যে, তেওঁলোকে যদি চাকৰি হেৰুৱাবলগা হয় তেন্তে হাজাৰ হাজাৰ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ কি হ'ব? যি সময়ত চৰকাৰে ব্যক্তিগত বিদ্যালয়, ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বিৰুদ্ধে মাত মাতি আহিছে, সেই সময়ত চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ এনে অৱস্থাই ব্যক্তিগত বিদ্যালয় সমূহক অধিক সাৰ-পানী যোগান নধৰিবনে? বৰ্তমানে অসমত ৩৪,৫১০ জন ঠিকাভিত্তিক নিযুক্ত টেট শিক্ষক আছে৷ এইসকলৰ এতিয়া এটাই মত শিশুসকলৰ শিক্ষাদানৰ হেতু তেওঁলোকক মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখক৷ কাৰণ, এটা মানসিক বোজা লৈ শিক্ষাদান কৰাতো কোনোপ্ৰধ্য সম্ভৱ নহয়৷
 
শিক্ষা হৈছে এটা জাতিৰ মেৰুদণ্ড৷ আমি দেখিবলৈ পাইছো অন্য ৰাজ্য বা ৰাষ্ট্ৰবোৰত শিক্ষাক যিদৰে অগ্ৰাধিকাৰ দি আহিছে, অসমত যেন তাৰ ওলোটা ছবিহে পৰিলক্ষিত হৈছে৷ শিক্ষকৰ দৰমহাৰ ক্ষেত্ৰতো এই পাৰ্থক্য পৰিলক্ষিত হয়৷ যি ৰূপত চৰকাৰে শিক্ষকসকলক বঞ্চনা কৰি আহিছে এদিন হয়তো এনেকুৱা সিদ্ধান্ত ল'ৱলৈৱো কুন্ঠাবোধ নকৰিব যে- শিক্ষাখণ্ডত বিনিয়োগ বন্ধ কৰিব লাগে, বহু পৰিমাণে ধনৰ ৰাহি হ'ব৷বৰ্তমান সময়ত সৰ্ৱত্ৰে চৰ্চিত এক শৈক্ষিক ব্যৱসায় হৈছে ব্যক্তিগত বিদ্যালয়৷ আমি সকলোতে কাঠফুলাৰ দৰে গঢ়ি উঠা জুনিয়ৰ কলেজ বোৰ দেখি আহিছো৷ মাধ্যমিক শিক্ষা পৰ্য্যায়ত এইটো এটা লাভজনক ব্যৱসায় হিচাপে বহুতে গণ্য কৰি আহিছে৷এই জুনিয়ৰ কলেজবোৰৰ আন্তঃগাথনিলৈ মন কৰিলে দেখিম যে, মুকলি ঠাইৰ অভাৱ,মাত্ৰ দুটা কোঠাতেই চলাই আছে তেওঁলোকে শিক্ষাদান৷ তেওঁলোকৰ বেছিভাগ শিক্ষকৰেই আকৌ প্ৰয়োজনীয় অৰ্হতাৰো অভাৱ৷ ব্যৱসায়ী মালিক সদৃশ কৰ্তৃপক্ষই তেওঁলোকক মাথো ১৫০০-২০০০ মাহেকীয়া বেতনতে চলাই আছে৷যাৰ ফলত তেওঁলোকও সীমিত পইচাৰ বাবে তিনি-চাৰিখন বিদ্যালয়ত একেসময়তে কৰ্মৰত৷ ছাত্ৰ-ছাত্ৰীয়ে কোনো কাৰণতে তেনে শিক্ষকসকলক শ্ৰেণী সময়ৰ বাহিৰে অন্য সময়ত লগ ধৰিব নোৱাৰে৷ তৎসত্ত্বেও এইসমূহ জুনিয়ৰ কলেজ বুকু ফিন্দাই বৰ্তি আছে একমাত্ৰ চৰকাৰী সোপাধিলা নীতিৰ বাবেই ৷

আজি এই সকলো জুনিয়ৰ কলেজ যদি বন্ধ কৰি দিয়ে তেন্তে ছাত্ৰ-ছাত্ৰী পঢ়িব ক'ত? সেই লৈয়ো এক গভীৰ প্ৰশ্ন৷ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত আছেনে এনে সুবিধা ৷ বেছিভাগ চৰকাৰী বিদ্যালয়েই দেখা যায় বছৰ বছৰ ধৰি শিক্ষকৰ অভাৱ৷ কিছুমান বিষয়ৰ ছাত্ৰ-ছাত্ৰীহে আছে, শিক্ষক নাই৷ তেনে সময়তে সকলোলৈকে আশাৰ সঞ্চাৰ কঢ়িয়াইছিল মাধ্যমিক পৰ্য্যায়ৰ টেট অনুষ্ঠিত কৰি৷ আপোনালোকে হয়তো ভাবিছে এই প্ৰবন্ধকাৰ জন ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিজা মানুহ৷ সেই কাৰণেই তেওঁক বাৰে বাৰে প্ৰশংসা কৰি আছে৷ আচলতে কথাতো তেনে নহয়৷ যিজন নেতাই সমাজৰ কাম কৰে তেওঁ সকলোৰেই প্ৰিয়ভাজন৷ সেই কাৰণেই হয়তো বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী হোমেন বৰগোহাঞিদেৱেও তেওঁক অসমৰ একমাত্ৰ Thinking Politician উপাধি দি থৈছে৷

যা হওঁক, আমি উচ্চ মাধ্যমিক পৰ্য্যায়ৰ নিযুক্তি প্ৰক্রিয়ালৈ যদি মন কৰো, তেন্তে দেখিম যে বৃহৎ পৰিমাণৰ পদ খালী হৈ থকা সত্ত্বেও মাথো ৩০০ মান পদৰহে নিযুক্তি হৈ গ'ল৷ চৰকাৰী অৱহেলাৰ বাবেই উচ্চ মাধ্যমিক টেট উত্তীৰ্ণ হৈয়ো বহু যুৱক-যুুৱতী এতিয়াওঁ নিযুক্তি পোৱা নাই৷ যাৰ ফলত প্ৰকাৰান্তৰে চৰকাৰে ব্যক্তিগত জুনিয়ৰ কলেজকহে উৎসাহ যোগাইছে৷বৰ্তমানৰ শিক্ষামন্ত্ৰী শৰৎ বৰকটকী ডাঙৰীয়া এজন অভিজ্ঞ ব্যক্তি৷ তেওঁক লৈ আমি সকলো আশাবাদী৷ তেওঁ নিশ্চয় অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিবৰ্তন আনিব পাৰিব৷ তেওঁৰ সদ্যঘোষিত এটি বাৰ্তা হৈছে মাধ্যমিক পৰ্য্যায়ত কৰ্মৰত প্ৰায় আঠহাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া হ'ব৷ সচাঁকৈয়ে এইটো এটা উচিত পদক্ষেপ৷ যাৰ দ্বাৰা মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাত ব্ৰতী সেইসকলৰ ভৱিষৎ সুনিশ্চিত হ'ব৷ অৱশ্যে, বিগত সময়ত তেখেতৰো কথা আৰু কামৰ আকাশ-পাতাল পাৰ্থক্য পৰিলক্ষিত হৈছে ৷ সদৌশেষত, আমি এটি আহবান জনাম যে, যেতিয়ালৈ শিক্ষকৰ ভৱিষৎ সুনিশ্চিত নহ'ব, তেতিয়ালৈ শিক্ষকসকল মানসিকভাৱে প্ৰস্তুত হ'ব নোৱাৰিব শিক্ষাদানৰ বাবে৷ গতিকে সমাজৰ উন্নতিৰ স্বাৰ্থত শিক্ষকৰ ভৱিষৎ সুনিশ্চিত ক'ৰিবই লাগিব৷

 লেখক মৰিগাঁও নিবাসী আৰু ফোন- ৯৬১৩৬৯৬১৪৬

No comments:

Post a Comment