জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্মৃতি আৰু হৃদয়ত ৰবীন নেওগ 
উৎপল দত্ত
ৰবীন নেওগক প্ৰথম দেখিছিলোঁ 'শ্ৰীমতী মহিমাময়ী' ছবিত৷ ছবিখনত ৰবীন নেওগক সৰল মনৰ, খোলা আৰু স্বতঃস্ফূৰ্ত অভিনেতা যেন লাগিছিল৷ সেই ছবিৰ আলোচনা লেখি দুলাল শৰ্মাই ৰবীন নেওগৰ প্ৰশংসা কৰিছিল আৰু আৰাধনা থিয়েটাৰৰ আখৰা গৃহত লগ পাওতে ৰবীন নেওগক কথাটো কৈছিলোঁ৷ শিশুৰ দৰে সৰল হাঁহিৰে ৰবীন নেওগে সেই মন্তব্য গ্ৰহণ কৰিছিল৷ অকাল বিয়োগৰ কেইসপ্তাহমানৰ আগতে ৰবীন নেওগক লগ পাইছিলোঁ অনুৰাধা চিনেমা হলৰ ওচৰৰ এখন দোকানৰ সন্মুখত৷ সেই একেই সশব্দ হাঁহি, একেই সৰলতা৷ অকাল বিয়োগৰ খবৰ পাই সেই দোকানখনৰ স্বত্বাধিকাৰীয়ে চিঞৰি উঠিছিল - 'কি কয়হে, সিদিনা মানুহজনে ইয়াতে থিয় হৈ আপোনাৰ লগত হাঁহি হাঁহি কথা পতা নাছিল .. কি কয়হে, বিশ্বাস নহয়৷ আপুনি ঠিকে শুনিছেতো?'

একেই প্ৰশ্ন মই নিজকে কৰিছিলোঁ - মই নিজে ঠিকে শুনিছোতো? কাৰণ ৰবীন নেওগৰ যোৱাৰ বয়স হোৱা নাছিল৷ নবগ্ৰহ শ্মশানত জ্বলি থকা চিতাৰ পিনে চাই শেষ নমষ্কাৰটো জনোৱাৰ সময়ত ভাবিছিলোঁ - এই মানুহজনেই মোক এটা বিশেষ পৰিচয় দিছিল৷ নাট্যাকাৰৰ পৰিচয়৷ কেইবছৰমান আগৰ কথা৷ কামৰূপ জিলাৰ ভিতৰুৱা গাও এখনলৈ গৈছিলোঁ বন্ধু এজনৰ কামত৷ হঠাতে শুনিলোঁ- মাইকত ভাহি অহা কেইটিমান শব্দ, শব্দকেইটি শুনি এক অজান ভয় আৰু আনন্দত মোৰ সৰ্বশৰীৰ কঁপি উঠিছিল৷ 'হেঙুল থিয়েটাৰৰ আজিৰ নাটক - সফল নাট্যাকাৰ উৎপল দত্তৰ শ্বাসৰুদ্ধকাৰী নাটক - গডমাদাৰ৷' সফল-বিফল কথা বাদ দিলোঁ - কিন্তু 'নাট্যাকাৰ' বিশেষণটো ! গডমাদাৰৰ আগতে ছপা হৈ ওলাইছিল এখন একাংকিকা নাটক৷ আৰু লেখিছিলোঁ আকাশবাণী গুৱাহাটীৰ বাবে কেইখনমান অনাতাঁৰ নাটক৷ সেই নাটককেইখনেৰেতো 'নাট্যকাৰ' উপাধি পোৱা নাযায়৷ কিন্তু ভ্ৰাম্যমানত মঞ্চস্থ হোৱা প্ৰথমখন নাটকৰ পিচতেই য'লৈকে হেঙুল থিয়েটাৰ গৈছিল সেই সকলোবোৰ ঠাইতে মোৰ নামটি নাট্যাকাৰ হিচাপে প্ৰতিস্থিত হৈ পৰিছিল৷ তাৰ পিচৰ বছৰত একেই ধৰণে মাইকত ঘোষণা কৰা শুনিছিলোঁ - যোৱা বছৰৰ মঞ্চসফল নাট 'গডমাদাৰ'ৰ নাট্যাকাৰ উৎপল দত্তৰ নতুন নাটক 'কাঞ্চন'৷' 

এই নাট্যাকাৰ পৰিচয়টোৰ জন্মদান আৰু প্ৰতিপালন-প্ৰতিষ্ঠাৰ বাবে সকলো ধৰণৰ ধন্যবাদৰ পাত্ৰ আছিল ৰবীন নেওগ৷ 'গডমাদাৰ' লেখাৰ সময়ত তেওঁ মোক ভাবিবলৈ এটা পইন্ট দিছিল, মই সেই পইন্টটোকে আলম কৰি নাটকখন আগবঢ়াইছিলোঁ৷ সেই নাটখখনত এজন ৰাজনৈতিক নেতাৰ এটা জটিল চৰিত্ৰ আছিল আৰু সেইটোত অভিনয় কৰিছিল ৰবীন নেওগে নিজে৷ মই নাটকখন যিমানবাৰে চাইছিলো, প্ৰতিবাৰতেই তেওঁ চৰিত্ৰটিক বেলেগ বেলেগ ধৰণে উপস্থাপন কৰি মোক অচৰিত কৰি দিছিল৷ 

'কাঞ্চন'ৰ সময়ত মই তেওঁক এটা পইন্ট দিছিলোঁ আৰু মোৰ কথাত তেওঁ পতিয়ন গৈছিল৷ এই নাটকখনত তেওঁৰ ইচ্ছা থকা স্বত্বেও মই এটি সৰু চৰিত্ৰৰ বাবেহে তেওঁক পচন্দ কৰিছিলোঁ৷ আপত্তি আছিল যদিও শেষত মোৰ যুক্তিত তেওঁ পতিয়ন গৈছিল অথবা মোক সন্তুষ্ট কৰিবলৈকে সেই সৰু চৰিত্ৰটিত অভিনয় কৰিছিল৷ পিচত তেওঁ মোক কৈছিল যে মোৰ সিদ্ধান্তই সঠিক আছিল৷ 

আৰু এটা কথা এইখিনিতে কোৱা ভাল হ'ব যে বহুতকে কোৱা শুনো ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যাকাৰক পইচা দিয়াৰ ক্ষেত্ৰত কিছুমান প্ৰযোজক খুব ভাল নহয়৷ ৰবীন নেওগৰ বাবে মই দুবছৰত দুখন নাটক লেখিছিলোঁ আৰু দুয়োখন নাটকৰ বাবে মই ভবাতকৈও বেচি পৰিমাণৰ পাৰিশ্ৰমিক পাইছিলোঁ, তাকো নাটক মঞ্চস্থ হোৱাৰ আগতেই৷ পিচত পাইছিলোঁ - মাজে সময়ে ৰবীন নেওগে থিয়েটাৰ চলি থকা ঠাইৰ পৰা গুৱাহাটীলৈ আহোতে ৰাস্তাৰ কাষৰ বজাৰৰ পৰা কিনি অনা বিভিন্ন ধৰণৰ শাক-পাচলি আৰু মাছ৷ 

এইবোৰতো ব্যক্তিগত কথা৷ কিন্তু ব্যক্তিগত কথাবোৰৰ মাজেৰেও প্ৰকাশ পায় মানুহজনৰ ব্যক্তিত্বৰ বিভিন্ন ৰূপ৷ আমাৰ মাজৰ নাট্যাকাৰ-প্ৰযোজক সম্বন্ধটি এদিন শেষ হৈছিল, কিন্তু আন্তৰিকতাৰ বান্ধোন কোনো ধৰণে শিথিল হোৱা নাছিল৷ অভিনেতা ৰবীন নেওগে ৰবীন্দ্ৰ ভবনৰ মঞ্চ, ভ্ৰাম্যমানৰ মঞ্চ, দুই এখন ছবি, কেইখনমান টিভি চিৰিয়েল (জয়ন্ত কুমাৰ চক্রবৰ্তীৰ গল্পৰ আধাৰত মই লেখা চিত্ৰনাট্যৰে হেমচন্দ্ৰ দলেই পৰিচালনা কৰা এখন ধাৰাবাহিকত ৰবীন নেওগে এজন খেতিয়কৰ চৰিত্ৰত খুব ভাল অভিনয় কৰিছিল, কিন্তু সেইখন হয়তো তেওঁ দেখাই নাপালে) আদিত দৰ্শকৰ মন স্পৰ্শ কৰিব পৰা অভিনয় কৰি অভিনেতা হিচাপে নিজৰ চিনাকি স্থায়ী কৰি থৈছে৷ সেইবাবেই ৰবীন নেওগ বুলি ক'লেই অভিনেতাজনৰ কথাহে মনলৈ আহে (যেনেদৰে ৰতন লহকৰ বা কৃষ্ণ ৰয় বুলি ক'লে প্ৰযোজকজনৰ কথাহে মনলৈ আহে - অভিনেতা বা আলোক নিয়ন্ত্ৰক গৰাকীৰ কথা মনলৈ নাহে)৷

ৰবীন নেওগৰ অকাল প্ৰস্থান তেওঁৰ পৰিয়ালটোৰ বাবে এক অকল্পনীয় আঘাত, থিয়েটাৰ দলটোৰ বাবে অকাল মৃত্যুৰ যন্ত্ৰণা আৰু বন্ধুসকলৰ বাবে হৃদয়বান বন্ধুৰ শূণ্যতা৷
----------------------------
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment