পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিমেণ্টৰ দামৰ ভেল্কিবাজীঃ 
আচল কথানো  কি?
জ্যোতিৰূপম দত্ত
চৰকাৰৰ সময়োপযোগী তথা দৃঢ় পদক্ষেপৰ বাবে চিমেণ্টৰ হঠাত 'বৰ্ধিত দাম' পঞ্চাছ শতাংশলৈ হ্ৰাস! হয় ঠিকেই শুনিছে, জনদৰদী চৰকাৰখনৰ এয়া নতুন চমক ! চিমেণ্ট কোম্পানীবোৰেও চৰকাৰী সিদ্ধান্ত তথা আদেশমৰ্মে চিমেণ্টৰ 'বৰ্ধিত মূল্য' একেবাৰতে পঞ্চাছ শতাংশলৈ কমাই দিলে হেনো ! এতিয়া আমাৰ দৰে মুৰুখমতি জনতাই এই খবৰটো পাই আনন্দত আত্মহাৰা হোৱাটোহে যুগুত ৷ নে কি কয় বাৰু ?

পিছে কথাটো আমি ভবাৰ দৰে বা পঞ্চাশ শতাংশৰ ঢাক-ঢোল বজোৱা বিজ্ঞাপনৰ দৰে ইমান চিধা নহয় ৷ আচলতে কথাবোৰ আমি সৰ্বসাধাৰণে ভবাতকৈও বেছি পাকলগা ৷ পুৰণি কথা নহয় ৷ সকলোৱে দেখা শুনা কথা ৷ মাথো কেইমাহমান আগৰ কথা ৷ অলপতে হৈ যোৱা নিৰ্বাচনৰ বতৰৰ কথা মনত পেলাওকচোন ৷ গুৱাহাটীৰ খানাপাৰাৰ পশু-চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হেলিকপ্তাৰৰ দলদোপ হেন্দোলদোপ ৷ ঘণ্টাই ঘণ্টাই নহয়, মিনিটে মিনিটে নানা অত্যাধুনিক হেলিকপ্টাৰৰ উৰণ বা অৱতৰণ ৷ সেইকেইদিন খেলপথাৰখন একেবাৰে বাছৰ আস্থানবোৰৰ দৰে হৈ পৰিছিল ৷ উৰণীয়া যানত উৰি আহি সুসজ্জিত শীতাতপ নিয়ন্ত্ৰিত মঞ্চত বগলীয়েও লাজ পাব লগা ধকধকীয়া বগা সাজ পিন্ধা মিঠামুখীয়া ৰাজনৈতিক নেতাৰ মুখনিসৃত অমিয়া মাতৰ ভাষণ ৷ ইফালে কাহিলীপুৱাতে ঘৰৰ পৰা ওলাই আহি ৰাজনৈতিক পালিনেতাই যোগান ধৰা বিনামুলীয়া পৰিবহণ ব্যৱস্থাৰে সমাবেশস্থলীত উপস্থিত হৈ ভোকে-পিয়াহে জৰ্জৰিত অৱস্থাত নানা সপোনৰ প্ৰতিশ্ৰুতি শুনাৰ পাছত ঘৰৰ কাষৰে চিনাকি ৰাজনৈতিক দালালজনে হাতৰ মুঠিত গুজি দিয়া খমখমীয়া এশটকীয়া নোটখন খামুচি ঘৰমুৱা হোৱা সাধাৰণ ভোটাৰজনৰ মূৰতো সেইকেইটা দিনত অহৰ্নিশে পৰিবৰ্তনৰ সপোনেই বিৰাজমান ৷ 

পিছে বিশাল ভাৰতবৰ্ষৰ মুল ভূ-খণ্ডৰ লগত কুকুৰাৰ ডিঙিসদৃশ (Chicken Neck) এটুকুৰা অংশেৰে অসম তথা সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলৰ সৈতে সংযোগ ৰক্ষা কৰি উত্তৰ-পুৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদৰাজিক লুণ্ঠন মানে ভদ্ৰ ভাষাত ‘আহৰণ’ কৰিবলৈ সুযোগ দিয়াৰ সুবিধা লবৰ বাবেই সময়ে সময়ে বিভিন্ন কাৰচাজিৰ আশ্ৰয় লোৱা দেশৰ সেৱকসকলৰ ‘অভিনয়’ চাবলৈ লাখে লাখে সাধাৰণ জনতা উবুৰি খাই পৰাটোৱেই এই ভুখণ্ডৰ খিলঞ্জীয়া বাসিন্দাসকলৰ ৰাজনৈতিক চেতনাক প্ৰতিফলিত কৰে জানো ? 

সেইখিনি সময়ত এইবোৰ ভাবিবলৈ কাৰোৰে গাত তত নাই ৷ কথাৰ ভেলেকীবাজিৰে এই অসম প্ৰদেশৰ সাধাৰণ জনতাক মুহি বিধে বিধে আশ্বাসৰ ফুলজাৰি মৰা ৰাজনৈতিক দলৰ নেতাসমূহে অসমৰ আকাশত উৰুওৱা হেলিকপ্টাৰৰ ভাড়া পিছে ক’ৰ পৰা কেনেকৈ আহিছিল কোনোবাই হিচাপ ৰাখিছিল জানো ? হেলিকপ্টাৰৰ ভাড়া হেনো ঘণ্টাত লাখ লাখ টকা ! পিছে হেলিকপ্তাৰৰ ভাড়াৰ নামত দলৰ তহবিলৰ চিকাৰূপেই খৰচ কৰিছিলনে বাৰু ? ‘খাই কাৰ্শলা ডালত উঠা’ৰ দৰেই নিৰ্বাচনৰ দিন পাৰ হোৱাৰ পৰাই ‘উৰণীয়া যান’ৰ বিয়াগোম নেতাসকলৰ ছাঁটোকে দেখা নোপোৱা হলো ৷ আনহে নালাগে, প্ৰলয়ংকাৰী বানপানীৰ সময়তো তেৰাসৱৰ ছাঁটোকে নেদেখিলো ৷ 

এতিয়া আচল কথালৈ আহো ৷ দুদিন আগতে ঘপহকৈ একেকোবে দাম বঢ়োৱা বিয়াগোম চিমেন্ট কোম্পানীবোৰৰ কথাকেই ধৰা হওক৷ এই বিয়াগোম কম্পেনীবোৰে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ এই ভূখণ্ডৰ প্ৰতিখন চৰকাৰে আগবঢ়োৱা সকলো সা-সুবিধা, ৰাজসাহায্য গ্ৰহণ কৰি আন ৰাজ্যৰ তুলনাত কৰৰ নামত নামমাত্ৰ বা বহুক্ষেত্ৰতে এটকাও পৰিশোধ নকৰি এই অঞ্চলৰে প্ৰাকৃতিক বা জনসম্পদ ব্যৱহাৰ কৰি বাণিজ্যিকভাৱে লাভদায়ক সম্পদৰ অধিকাৰী হয় ৷ তাৰ পাছতেই আৰম্ভ হয় বহিৰাগত বণিয়াৰ আচল কাৰচাজি ৷ 

এমুঠি এৰেহাৰ লোভত মুষ্টিমেয় ৰাজনৈতিক দল, পদলেহনকাৰী নেতা-পালিনেতা, জাতীয়তাবাদৰ চোলা পিন্ধা এচাম অসাধু বুদ্ধিজীৱী তথা সংগঠনৰ এচাম নেতাক কুক্ষিগত কৰি এই বিয়াগোম কোম্পেনীবোৰে নিজৰ ইচ্ছামতে সাধাৰণ ৰাইজৰ কষ্টোপাৰ্জিত ধনৰ লুণ্ঠনত ব্ৰতী হয় ৷ নিৰ্বাচনৰ সময়ৰ সেই বিয়াগোম নেতাসকলক হেলিকপ্টাৰ বা আন আন ৰাজআতিথ্য যোগানৰ আঁৰত এইবোৰ বিয়াগোম কোম্পেনীয়েই নাথাকে জানো ? এনেবোৰ নিকৃষ্ট কাৰ্য্যপন্থাৰে ক্ৰমাত শক্তিশালী হৈ উঠা এইবোৰ প্ৰতিষ্ঠানক নাকী লগোৱা বৰ সহজ কথা নহয় ৷ ৰাজনৈতিক নেতাৰ আশীৰ্বাদ তথা টকাৰ বলেৰে বলীয়ান এইবোৰ প্ৰতিষ্ঠানে সাধাৰণ ৰাইজৰ ভাৱ-আবেগলৈ মুঠেই কেৰেপ নকৰে ৷ আনকি ‘অসম সাহিত্য সভা’ৰ দৰে অসমৰ ৰাইজৰ বাপতিসাহোন তথা হিয়াৰ আমঠুসদৃশ অনুষ্ঠানেও একাংশ দুৰ্নীতিগ্ৰস্ত সদস্যৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই এনে ধনলোলুপ ‘চিমেণ্ট কোম্পানী’ৰ বহতীয়া হোৱা কথাই ইয়াকেই প্ৰতীয়মান কৰে ৷ 

এনেবোৰ প্ৰতিষ্ঠানৰ প্ৰধান লক্ষ্যই হৈছে চলে বলে কৌশলে মুনাফা আদায় কৰাটো ৷ চিমেণ্টৰ মুল্যবৃদ্ধিৰ কথাটোকে চাওঁ বাৰু ৷ নিশাৰ ভিতৰতে তিনিটাকৈ বিয়াগোম চিমেণ্ট কোম্পেনীয়ে প্ৰতিবেগ চিমেন্টত চল্লিছ টকাকৈ বঢ়াই দিলে ৷ লগে লগে চাৰিওফালে হাহাকাৰ লাগি গ’ল ৷ চৰকাৰে মাতি আনি দাম কমাবলৈ হেনো ‘ধমকি’ও দিলে ৷ চৰকাৰী ধমকিত সেও মানি পিছে দুদিন পাছতেই বৰ্ধিত চল্লিছ টকাৰ পৰা বিশটকাকৈ কমোৱাৰ কথাও শুনিবলৈ পোৱা গ’ল ৷ নৱনিৰ্বাচিত চৰকাৰখনৰ প্ৰতিটো সিদ্ধান্ত বা নীতিক চকুমুদি সমৰ্থন কৰা এচামে এই কথাটোকে এতিয়া ঢাকঢোল পিটি এনেদৰেও হয়তো ক’ব খুজিব যে বৰ্ধিত দামৰ একেকোবে পঞ্চাশ শতাংশ কমাই দিলে ! কোনে পায় আৰু ? চাতুকাৰসকলৰ বাবে সুবৰ্ণ সুযোগ আহি গ’ল, আকৌ চৰকাৰ তথা মুৰব্বীসকলৰ জয়জয়কাৰ কৰাৰ ! 

ইফালে চাবলৈ গ’লে এই মুলুকত এতিয়াও প্ৰতিবেগ চিমেন্টৰ দাম সৰ্বভাৰতীয় দামতকৈ প্ৰায় এশটকা বেছি ! আনহে নালাগে, চুবুৰীয়া পশ্চিমবংগৰ লগতেই দামৰ তফাৎ ! চিমেন্টৰ কেঁচামালো এই মুলুকৰে, ফেক্টৰীও ইয়াতেই, তথাপিও দামৰ ইমান তাৰতম্য ৷ 

এইবোৰ আমি সৰ্বসাধাৰণে সহজে আওভাও নোপোৱা অথচ এক পুৰ্বপৰিকল্পিত আচনি নহয়টো ? এই সন্দেহ মুঠেও অমুলক নহয় ৷ নকলেও হ’ব যে নিৰ্বাচনৰ সময়ত দিনে নিশাই হেলিকপ্টাৰৰ ধূলি উৰুৱাই প্ৰতিশ্ৰুতিৰ বন্যা বোওৱা ৰাজনৈতিক দলসমুহৰ দলীয় পুঁজি টনকিয়াল কৰাৰ মুলতে এনেধৰণৰ কোম্পানীবিলাকেই আছিল ৷ হেলিকপ্টাৰৰ ভাড়াকে আদি কৰি পানীৰ দৰে খৰচ কৰা সেই টকাবোৰ দান নাছিল, সেই ধনবোৰ ভবিষ্যতৰ বাবে কৰা বিনিয়োগ সদৃশহে আছিল ৷ সেইবেলি এটকা খৰচ কৰি এতিয়া পাঁচটকা সৰকোৱা এটা নিকৃষ্ট বুধিহে আছিল ৷ থাওকতে কৰা মুল্যবৃদ্ধি, দুদিন পাছতেই চৰকাৰৰ ধমকিত আধা মুল্য হ্ৰাসৰ ভেলেকিবাজি, এইবোৰ আগতেই ঠিক কৰি থোৱা নাটকৰ লেখিয়া দৃশ্যহে মাথোন সেয়া এতিয়া কাৰোৰে বুজিবলৈ বাকী নাই ৷ এসময়ৰ ‘জাতীয় নায়ক’ৰ ধমকিকো কেৰেপ নকৰা এইসমূহ বণিকগোষ্ঠীৰ আগত আজি সৰ্বসাধাৰণে মুৰ দোৱাব লগা হোৱাটো কিহৰ ইংগিত বাৰু? 

এতিয়া আমাসৱৰ কৰণীয়ই বা কি হ’ব ? চৰকাৰৰ জয়জয়কাৰ কৰিম নে প্ৰতিবাদ কৰিম ? নে কথাই কথাই প্ৰতিবাদৰ নাম লোৱা সংগঠনবোৰৰ দৰে কোনোবাই দলিয়াই দিয়া এৰেহা টকাকেইটামান পালেই নিজৰ বিবেকক বিক্ৰী কৰিম ? আৰু এটা কথা আছে ৷ দুৰ্গা পুজাও পালেহিয়েই দেখোন ৷ প্ৰলয়ংকৰী বানপানীৰ ভয়াবহতা মাৰ নাযাওতেই, বন্যক্ৰান্ত দুৰ্দশাগ্ৰস্তসকলক তীব্ৰ ভ্ৰকুটি কৰি লাখটকীয়া মণ্ডপ বনোৱাৰ প্ৰতিযোগিতাত আমিয়েই নানামিম জানো ? পুজাৰ মণ্ডপসমূহৰ চকুতলগা আলোকসজ্জাৰ খৰচৰ জোৰা মাৰিবলৈ আমিবোৰে আকৌ এই বিয়াগোম প্ৰতিষ্ঠানৰ বহিৰাগত প্ৰভূসকলৰ পদলেহন কৰিব নালাগিব জানো ? পিছে এখেতসকলৰ পৰা ভিক্ষা কোনেনো নলয় বাৰু ? ৰাজনৈতিক নেতাৰ কথাই নাই বাৰু, জাতীয়তাবাদী সংগঠনৰ নেতা আনকি সাহিত্য সভাৰ দৰে বিয়াগোম অনুষ্ঠানেই যেতিয়া এনেবোৰ চিমেণ্ট কম্পেনীৰ বহতীয়া তেন্তে আমিবোৰ কোন কুটা এইবোৰ বিষয়ত মাত দিবলৈ ? যোৱাবাৰ পুজাৰ সময়ত এনে এক চিমেন্ট কোম্পেনীয়ে উলিওৱা এক জনপ্ৰিয় শ্লোগানৰ দৰেই আমাকো আচল কথাৰ ভু-ভা নিদি কেৱল আওৰাবলৈ নিৰ্দেশ দিছে নেকি, “ইমান কম ! সচাকৈ ?”

পিছে এনেকৈ থাকিলে নহব ৷ আমি প্ৰত্যেকেই সচেতন হ’বৰ হ’ল ৷ কাৰোবাক অনবৰতে দুচকুৰ মণি কৰি, চকু কাণ মুদি বিশ্বাস কৰিলে আমাৰেই লোকচান হ’ব ৷ সকলোৱে এতিয়া চকু কাণ খোলা ৰাখিবৰ হ’ল ৷ আপোন বুলি ভাবি থকাজনো পৰৰ আঙুলিৰ থাৰত নচা পুতলা নহয় বুলি বিশ্বাস কৰিলে হ’ব জানো ? ভুল বিষয়বোৰত প্ৰতিবাদ কৰিবৰ হ’ল ৷ নিজৰ বুলি ভবাজন আচলতে নিজৰ নহবও পাৰে ৷

2 comments: