আমাৰ সপ্তম মানত পঢ়া ল’ৰাটোৱে স্কুলত শিকি অহা কিছুমান শব্দই মাজে সময়ে বিপাঙত পেলায়। স্কুলৰ প্ৰস্বাৱগাৰত বা শ্ৰেণীকোঠাৰ বেঞ্চত আন কোনোবাই লিখি থৈ যোৱা, ওপৰ শ্ৰেণীৰ ল’ৰাৰ মুখত শুনা কিছুমান নতুন অথচ নিষিদ্ধ পৰ্যায়ৰ শব্দৰ অৰ্থ সি জানিবলৈ বিচাৰে। নক’লেও হ’ব যে সেই শব্দবোৰ এজন কিশোৰক যৌনতাৰ জগতখনৰ লগত পৰিচিত কৰিবলৈ যথেষ্ট। সেই শব্দবোৰৰ লগত সংযোজিত সকলো কথা খুলি পাতিবলৈ আমাৰ সংকোচ হয়। আমাৰ সামাজিক আৰু ঘৰুৱা পৰিৱেশে যৌনতা সম্পৰ্কীয় কোনো কথাই খোলোচাকৈ পাতিবলৈ বাধা দিয়ে।
আমি সৰুৰে পৰা যিখন সমাজত ডাঙৰ দীঘল হৈছিলোঁ, সেইখন সমাজত যৌনতা সভ্য সমাজত কথা পাতিব পৰা বিষয় নাছিল। ডাঙৰে কথা বতৰা পাতোতে কিবা কাৰণত যৌনতাৰ প্ৰসংগ উত্থাপিত হ’লেই অভিভাৱকে আমাক আন কোঠালৈ যাবলৈ কৈছিল। চিনেমা বা টেলিভিছনত প্ৰেম বা যৌনতাৰ লগত সংগতি থকা দৃশ্য ওলালেই মা দেউতাহঁতে অস্বস্তি বোধ কৰিছিল। কেতিয়াবা আমিও তেনে দৃশ্য চলি থকা সময়ত আন পিনে মূৰ ঘূৰাইছিলোঁ। তেতিয়াৰ সমাজ ব্যৱস্থাত যৌনতা আছিল এক নিষিদ্ধ বিষয়। শ্ৰেণীকোঠাত কোনোবা সহপাঠীয়ে লুকাই চুৰকৈ অনা প্ৰাপ্তবয়ষ্কৰ আলোচনী বা সহপাঠীৰ মুখত শুনা ৰসাল কাহিনীবোৰেই আছিল যৌন জ্ঞানৰ উত্স।
এতিয়া সময় সলনি হৈছে। আজি বজাৰ কেন্দ্ৰিক অৰ্থনীতিয়ে যৌনতাক বজাৰৰ পণ্য সামগ্ৰীত পৰিণত কৰিছে। টেলিভিছন, কম্পিউটাৰ আৰু মোবাইল ফোনৰ জৰিয়তে আমাৰ ঘৰুৱা জীৱনলৈ প্ৰচুৰভাৱে যৌনতাৰ আগমন ঘটিছে। যৌনতাৰ প্ৰতি মানুহৰ স্বাভাৱিক আকৰ্ষণৰ বাবে ব্যৱসায়িক গোষ্ঠীয়ে বাণিজ্যিক প্ৰচাৰৰ বাবেও যৌনতাৰ আশ্ৰয় লৈছে। ইণ্টাৰনেটৰ জৰিয়তে মানুহে ব্যক্তিগত ভাৱে সংযোজিত হৈছে নগ্নতা বা পৰ্নৰ জগতত। যৌনতা আৰু নগ্নতা সহজলভ্য হোৱাৰ বাবে পৰ্ন আসক্তি কিশোৰ আৰু চেমনীয়াৰ মাজত এক গুৰুতৰ মানসিক ব্যাধিত পৰিণত হ’বলৈ ওলাইছে।
প্ৰাচীন ভাৰতীয় সমাজ ব্যৱস্থাত যৌনতা সামাজিক ভাৱে অষ্পৃশ্য বিষয় নাছিল। ভাৰততে ‘কাম সূত্ৰ’ৰ দৰে যৌনকাৰ্যৰ ৬৪ বিধ কলা সম্বলিত যৌন বিজ্ঞানৰ গ্ৰন্থ ৰচিত হৈছিল। কোনাৰক আৰু খাজুৰাহোৰ মন্দিৰৰ দেৱালত খোদিত হৈছিল বিভিন্ন ভংগীমাত সংগমৰত স্ত্ৰী পুৰুষৰ মূৰ্তি। যৌনতাক ইতিবাচক ৰূপত গ্ৰহণ কৰাৰ উদাহৰণ বিভিন্ন শাস্ত্ৰৰ কাহিনী সমূহতে আছে। শ্ৰীকৃষ্ণৰ ৰাসলীলা বা গোপিনীৰ বস্ত্ৰহৰণৰ কাহিনীবোৰতো যৌনতাৰ উমান পোৱা যায়। মহাভাৰতৰ যুগতে স্বামীৰ অক্ষমতাৰ বাবে নাৰীৰ পৰ পুৰুষৰ দ্বাৰা সন্তান জন্ম দিয়াৰ অধিকাৰ আছিল। নাৰীয়ে বহুপতি বৰণ কৰাৰ প্ৰথাও সামাজিক ভাৱে গ্ৰহণীয় আছিল। সেইদৰে পুৰুষেও স্ত্ৰীৰ জ্ঞাতসাৰেই নগৰ বধু বা গনিকাৰ ওচৰলৈ যোৱাটো নীতিবিৰুদ্ধ নাছিল।
কিন্তু ভাৰতীয় সমাজ ব্যৱস্থা বিভিন্ন সময়ত পৰিৱৰ্তনৰ মাজেৰে গতি কৰি আজিৰ অৱস্থা পাইছেহি। জনসংখ্যা বৃদ্ধি, ৰক্ষণশীল শাসন ব্যৱস্থা, সমাজত অপৰাধ প্ৰৱণতাৰ ব্যাপকতা আদিৰ প্ৰভাৱত আজিৰ ভাৰতীয় সমাজ ব্যৱস্থাত যৌনতা এক নিষিদ্ধ বিষয়ত পৰিণত হৈছে। মুকলিভাৱে স্বামী স্ত্ৰীয়ে পৰষ্পৰৰ প্ৰতি আসক্তি প্ৰদৰ্শন কৰাও সামাজিক ভাৱে অশালীন হৈ পৰিছে। সেইদৰে এহাল যুৱক যুৱতীয়ে গঢ়ি লোৱা যিকোনো সম্পৰ্ককে যৌন সম্পৰ্ক বুলি সন্দেহ কৰা হয়। একান্ত মনে কোনোবা পাৰ্ক বা ৰেষ্টোৰাঁত সময় কটোৱা যুৱক যুৱতীক অতৰ্কিতে আক্ৰমণ কৰি অপদস্থ কৰা হয়। যৌনতাৰ স্বত:ষ্ফূৰ্ততাক জোৰকৈ দমন কৰি ৰখাৰ প্ৰৱণতাৰ বাবে ভাৰতীয় সমাজত এচাম যৌনতাৰ দিশত হতাশগ্ৰস্থ লোকৰ সৃষ্টি হৈছে। এনে লোক সকলে সুবিধা পালেই তেওঁলোকৰ সুপ্ত যৌনতাৰ বিষ্ফোৰণ ঘটাই বলাত্কাৰ, যৌন উত্পীড়ন, শিশু নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত কৰে।
আজিৰ সময়ত ভাৰতীয় সমাজ ব্যৱস্থাত নতুন চিন্তাৰ প্ৰয়োজন হৈছে। এই কথা ঠিক যে বৰ্হিজগতৰ আগ্ৰাসনৰ সন্মুখত আমাৰ পুৰণিকলীয়া ধ্যান ধাৰণা সমূহৰ দ্ৰুতগতিত সলনি হ’বলৈ ধৰিছে। নিচেই কম বয়সৰ পৰা ল’ৰা ছোৱালীবোৰৰ পৰিচয় হৈছে প্ৰাপ্তবয়ষ্কৰ নিষিদ্ধ জগতৰ লগত। তেওঁলোকৰ চকুৰ আগলৈ অৱধাৰিত ভাৱে আহিছে যৌনতা সম্বলিত নিত্য নতুন তথ্য। এই তথ্য সমূহে যাতে তেওঁলোকক বিভ্ৰান্ত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। সন্তানৰ বাবে যৌনতাৰ বিষয়ে সঠিক জ্ঞান লাভৰ প্ৰয়োজনীয়তাৰ প্ৰতি এতিয়া পিতৃ মাতৃয়ে আওকণীয়া মনোভাৱ পোষণ কৰি থাকিব নোৱাৰে।
আজিৰ নৱ প্ৰজন্মৰ মনোভাৱ আগৰ প্ৰজন্মতকৈ কিছু সুকীয়া। তেওঁলোকে কেৱল নৈতিকতাৰ নামত সকলো বস্তু মানি ল’ব নিবিচাৰে। আনকি যৌনতাক লৈ নিজৰ জীৱনত পৰীক্ষা নিৰীক্ষা চলাবলৈকো তেওঁলোক আগ্ৰহী। জন্ম নিৰোধক ব্যৱস্থা সহজলভ্য হোৱাৰ ফলত যৌনতা বা শাৰীৰিক সম্পৰ্কৰ প্ৰতি থকা স্বাভাৱিক দ্বিধাগ্ৰস্থতাৰ পৰাও নৱ প্ৰজন্ম প্ৰায় মুক্ত হৈ পৰিছে। সেয়েহে যৌনতা হৈ পৰিছে জীৱন উপভোগৰ এক আকৰ্ষণীয় উপাদান। মুক্ত আৰু অবাৰিত যৌন সম্পৰ্কই বৰ্তমান সমাজৰ গাঁথনিত প্ৰবল কঁপনিৰ সৃষ্টি কৰিছে। বিবাহৰ দৰে সামাজিক অনুষ্ঠানৰ প্ৰতি নৱ প্ৰজন্মৰ অনীহা আৰু সঘন বিবাহ বিচ্ছেদ যৌনতাৰ পয়োভৰৰ পৰোক্ষ প্ৰভাৱ বুলিব পাৰি।
আজিৰ সময়ত বৰ্হিজগতৰ আগ্ৰাসনৰ পৰা নিজৰ সন্তানক সুৰক্ষিত কৰি ৰখাটো আমাৰ দৰে সকলো পিতৃ মাতৃৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। তথ্য আৰু প্ৰযুক্তিয়ে আমাৰ জীৱন সমৃদ্ধ কৰিছে সঁচা, পিছে সকলো ভাল বস্তুৰ বেয়া ফল থকাৰ দৰে ইণ্টাৰনেটে সহজলভ্য কৰা তথ্যৰ ধুমুহাই নানান অবাঞ্চিত তথ্যৰে উঠি অহা ল’ৰা ছোৱালীক বিপথে পৰিচালিত কৰাৰ সম্ভাৱনাই দেখা দিছে। যৌনতাক লৈ ব্যৱসায় কৰা ব্যৱসায়িক গোষ্ঠী সমূহে নৰ নাৰীৰ নগ্নতা আৰু যৌনতাক বিভিন্ন প্ৰকাৰে মা মছলা সানি মনোগ্ৰাহীকৈ সজাই পৰাই বিকৃত ভাৱে মানুহৰ আগত তুলি ধৰাত সিদ্ধহস্ত। উঠি অহা ল’ৰা ছোৱালীয়ে এনে ব্যৱসায়িক চাল চাতুৰিৰ প্ৰভাৱত বাস্তৱৰ পৰা আঁতৰি এখন কল্পনাৰ জগতত বিচৰণ কৰাৰ সম্ভাৱনা থাকে। তেনে কল্পনাৰ জগতত বিচৰণ কৰা ল’ৰা ছোৱালীয়ে বাস্তৱ জীৱনক সহজভাৱে ল’ব নোৱৰা হয়। সেয়েহে আজিৰ সময়ত পিতৃ মাতৃয়ে সন্তানক যৌনতাৰ বিষয়ে সুস্থ আৰু সঠিক জ্ঞান প্ৰদান কৰাটো আৱশ্যকীয় হৈ পৰিছে।
অৱশ্যে আমাৰ ৰক্ষণশীল সমাজ ব্যৱস্থাত পিতৃ মাতৃয়ে ল’ৰা ছোৱালীক যৌনতাৰ জ্ঞান দিয়াটো এতিয়াও এক নোহোৱা নোপজা কথা বুলি গন্য কৰা হয়। ল’ৰা ছোৱালীৰ লগত মুকলিকৈ সকলো কথা পাতিবলৈ আমি এতিয়াও সংকোচ কৰোঁ। কিন্তু সময়ৰ প্ৰত্যাহ্বান নেওচিবলৈ হ’লে এই মানসিক প্ৰাচীৰ অতিক্ৰম কৰিবই লাগিব। ল’ৰা ছোৱালীৰ মনোজগতত প্ৰৱেশ কৰিবলৈ প্ৰতিজন পিতৃ মাতৃয়ে চেষ্টাশীল হ’বই লাগিব। বয়: সন্ধিৰ বাবে হোৱা শাৰীৰিক পৰিবৰ্তনবোৰ সহজভাবে গ্ৰহণ কৰিবলৈ পিতৃ মাতৃয়ে ল’ৰা ছোৱালীক সজাগ কৰা উচিত। তেনে বয়সত ল’ব লগা সাৱধানতা সমূহৰ বিষয়েও মুকলিকৈ আলোচনা কৰিলে সন্তানে প্ৰতিকূল পৰিস্থিতিত নিজকে চম্ভালিবলৈ মনত সাহস পায়। সাধাৰণতে দেখা যায় যে ল’ৰা ছোৱালীয়ে দেউতাকতকৈ মাকৰ লগত অধিক মুকলিকৈ কথা পাতিব পাৰে। সেয়েহে সন্তানক যৌনতাৰ বিষয়ে শিক্ষা দান কৰাত মাকৰ ভূমিকা আটাইতকৈ বেছি। দেউতাকেও এই ক্ষেত্ৰত মাকৰ সহযোগিতা কৰিব লাগে। সন্তানে যৌনতা সম্পৰ্কীয় যিকোনো কথাৰ অৱতাৰণা কৰিলে কথাখিনি মন দি শুনি চালে বেৰে নোকোবাই শুদ্ধ উত্তৰ দিবলৈ যত্ন কৰিব লাগে। যৌন মিলন, যৌনকাৰ্যত ল’বলগীয়া সাৱধানতা, ঋতুচক্ৰ, হস্তমৈথুন আদিৰ দৰে কঠিন বিষয় সমূহো উপেক্ষা নকৰি যিমান সম্ভৱ সহজ ভাৱে সঠিককৈ বুজাই দিয়া উচিত।
বহুতো অভিভাৱকে বিশ্বাস কৰে যে ল’ৰা ছোৱালীক যৌন শিক্ষা দান কৰাৰ দায়িত্ব বিদ্যালয়ৰ শিক্ষকৰ। যৌনতাৰ বিষয়ে ঘৰত মুকলিকৈ কথা পতাটো আজিও বহুতে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আজিৰ সময়ত উঠন বয়সৰ ল’ৰা ছোৱালীয়ে স্কুলত শিক্ষকৰ পৰা যিমান কথা শিকে তাতকৈ বহুত বেছি কথা লগৰীয়াৰ পৰা বা আন সহজলভ্য বৰ্হি উত্সৰ পৰা শিকে। যৌনতাৰ দৰে আকৰ্ষণীয় বিষয় এটাত তেওঁলোকে হাততে পোৱা বিভিন্ন উত্সৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰাটো তেনেই স্বাভাৱিক। কিন্তু আশংকাৰ কাৰণ হ’ল, বিভিন্ন উত্সৰ পৰা সংগ্ৰহ কৰা তথ্য বিকৃত আৰু বিভ্ৰান্তিকৰ হ’ব পাৰে। তেনে বিভ্ৰান্তিকৰ তথ্যই তেওঁলোকক বিপথে পৰিচালিত কৰিব পাৰে। সেয়েহে উপযুক্ত বয়সত সন্তানক যৌনতাৰ বিষয়ে সঠিক তথ্য আৰু জ্ঞানেৰে সমৃদ্ধ কৰাৰ গুৰু দায়িত্ব পিতৃ মাতৃ আৰু অভিভাৱকৰ ওপৰতেই আহি পৰিছে। এই দায়িত্ব সুকলমে পালন কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় কথা হ’ল সন্তান আৰু পিতৃ মাতৃৰ মাজত মধুৰ বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন। আমিও আমাৰ সন্তানৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। আজিৰ সময়ত যৌনতাৰ বিষয়ে সন্তানৰ লগত বন্ধুৰ দৰে আলাপ কৰি সঠিক শিক্ষা দিয়াটো নিশ্চয়কৈ এক ডাঙৰ প্ৰত্যাহ্বান।

No comments:
Post a Comment