লোকেল গুজৱ.কম
১. কাজিৰঙাৰ ভাওনাত এজন গগৈয়ে উচতাই জোল খাবলৈ অহাতেই সকলো ৰঙা-ৰাঙলী হোৱা বুলি গোপন সূত্ৰই প্ৰকাশ কৰিছে। আনফালে আন এজন গগৈয়ে কইনাধৰাৰ পাহাৰত বহুদিনৰ পাছত আৱিৰ্ভাৱ হৈ ৰসাল কথাৰে দুপৰীয়া তেজ দেখি মন গোমোঠা কৰি থকা সংবাদসেৱী সকলক মনোৰঞ্জনৰ ব্যৱস্থা কৰে। দুয়োজনকে এতিয়া ৰাইজে আজৱ গগৈ আৰু গজৱ গগৈ নামেৰে নামাকৰণ কৰিবলৈ লোৱা বুলিও গোপন সূত্ৰত প্ৰকাশ।২. পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত আহি সেনা চাউনিত আক্ৰমণ কৰি শ্বহীদ কৰাৰ ঘটনাৰ পাছতে ভাৰতৰ টিআৰপি প্ৰেমী টেলিভিচন সংঘই ভাৰতীয় সেনাক ৰূপালী পৰ্দাত অনলাইন পৰামৰ্শৱলী আগবঢ়াই সামাজিক দায়িত্ব পালন কৰে। চাৰ্জিকেল অপাৰেচন, কম্বেট এটেক, প্ৰক্সি ৱাৰ ষ্ট্ৰেটেজি আদি ভিন্ন কলা-কৌশল ভাৰতীয় টিভিৰ পৰ্দাত দেখিয়েই পাকিস্তানত থকা আতংকী দুই ডজনে হাৰ্ট ফেইল কৰাৰো খবৰ! টিভি এংকৰে দেশ সুৰক্ষাৰ দায়িত্ব ললেই ভাল হব বুলিও খেনোৱে মত প্ৰকাশ কৰিছে।
৩. 'তেজ ৰঙা কাজিৰঙা' নামৰ এখনি সামাজিক-উত্তেজনামূলক নাট কালি দুপৰীয়াই ফটাফট লিখি উলিয়াইছে অসমৰ দ্ৰুততম নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই! ভ্ৰাম্যমাণৰ মঞ্চত এইবাৰ খলকনি তুলিব লগা মূল নাটখনৰ ঠিক আগে আগে 'অঅখিলৰ উচতনি'মূলক এখনি গীতি-নৃত্য-নাটিকাও মঞ্চস্থ কৰা হব বুলি প্ৰযোজক ৰাজতিলক দাসে প্ৰকাশ কৰিছে।
৪. সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত ভূপেন্দ্ৰ জ্যোতি নুমাই যোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমাধিৰ মাটিতে মবাইল টাৱাৰ এটাও স্থাপন কৰি দিয়া হলেই মোবাইল কোম্পানীৰ খৰছতে চকীদাৰ আৰু তেলৰ যোগান পোৱা গলহেতেন বুলিও লোকেল সমাজে মত প্ৰকাশ কৰিছে। টাৱাৰ এটা বঢ়ালে লগতে জেনছেটৰ পোহৰে আলোকিত কৰি ৰখাও সম্ভৱ হ'লহেতেন, অকমৰ্ন্য চৰকাৰী বিভাগে এইদৰে জইণ্ট ভেঞ্চাৰকে কৰি হলেও সমাধিক্ষেত্ৰ আলোকিত কৰি ৰাখিব লাগে বুলিও লোকেল সমাজে পৰামৰ্শ আগবঢ়াইছে!
৫. বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত প্ৰতিষেধক ব্যৱস্থা আৱিস্কাৰ কৰিছে শ্ৰদ্ধাৰ আচাৰ্যদেৱে। এই প্ৰতিষেধক মতে বিশ্বকৰ্মা পূজাৰ প্ৰসাদৰ বুট মগু এবছৰ আগতে কিনি আনি ঘৰত সিঁচি লৈ খেতি কৰি খাবলৈ দিহা দিছে মিষ্টাৰ আচাৰ্যই। প্ৰতি সোমবাৰে কল খাই বাকলি গছৰ গুৰিত দিলে তেনে বুটমাহৰ গছত বিষৰ পৰিমাণ সমানুপাতিক ভাৱে কমে বুলিও তেখেতে স্পষ্ট মত প্ৰকাশ কৰিছে।
৬. গৰুৰ গাখীৰৰ দাম মাত্ৰ লিটাৰত পঞ্চাশ টকা হোৱাৰ বিপৰীতে বটলিং কৰা মহৌষধ গোমূত্ৰৰ বটল লিটাৰত তিনিশ টকাকৈ বিক্ৰী হোৱাৰ বাতৰিয়ে গো-পালক সমাজলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। জানিব পৰা মতে, ডায়েবেটিছ থকা গো-মাতৃৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু সঘনে মূত্ৰদান কৰা গো-মাতৃৰ দাম কেইবালাখলৈ বৃদ্ধি পোৱা বুলিও গো-বজাৰ সমীক্ষা সমিতিয়ে তথ্য প্ৰকাশ কৰিছে।
৭. সদৌ অসম জুৱা খেল সমবায় সমিতিয়ে অহা শাৰদীয় দূৰ্গাপূজা আৰু দিপাৱলী উপলক্ষে অসমৰ চহৰে নগৰে আঞ্চলিক, ব্লক আৰু জিলা পৰ্যায়ত জুৱা খেল সমূহ অনুষ্ঠিত কৰিবলৈ কঁকালত টঙালি বান্ধিছে। সেই উপলক্ষত বাৰ, ৰেষ্টুৰা, ধাবা, গুমটি, বৰগছৰ তল আদি বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত নিজৰ নিজৰ লেভেল চাই খেলুৱৈ সকলক উপস্থিত হবলৈ আহ্বান জনাইছে। পুলিচৰ বাবে আগতীয়াকৈ শাৰদীয় উপহাৰৰ টোপোলাদি ধৃতৰাষ্ট্ৰৰ অভিনয় কৰিবলৈ সাজু কৰি থোৱাৰ কথাও সমবায় সমিতিখনে প্ৰকাশ কৰিছে।
৮. চৰকাৰী ধন খৰছ কৰি বিদেশলৈ যোৱাৰ বাবে দিল্লীৰ উপমুখ্যমন্ত্ৰীলৈ চিঞাহী নিক্ষেপ কৰা ৰাষ্ট্ৰবাদী মহাপুৰুষ জনাক অচিৰেই ৰাষ্ট্ৰীয় মঞ্চত ফুলৰ মালা পিন্ধোৱা হব বুলি জানিব পৰা গৈছে। দেশৰ প্ৰধান মেডেলে দেশ বিদেশ কোম্পানীৰ বিজ্ঞাপনত মডেলিঙ কৰাৰ বাবে লাভ কৰা ধনেৰেহে ভ্ৰমি ফুৰিছে বুলিও চিঞাহী দলিওৱা ভক্তপ্ৰাণে স্পষ্ট মত প্ৰকাশ কৰিছে।
৯. সদৌ অসম ভোমোৰা সন্থাই অনাগত দিনত শেৱালী ফুলৰ ৰসহে আহৰণ কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ খবৰ। আচাৰ্যৰ দিহামতে বেছি চেনি থকা ফুল খোৱাৰ ফলত বহুমূত্ৰৰ হাতোৰাত পৰাৰ শংকাতে এতিয়া এই সংকল্প লোৱাৰ কথা জানিব পৰা গৈছে। অনাগত দিনত ৰাতিপুৱা গধূলি জাতিলাও ফুটা কৰি স্বাস্থ্যকৰ ৰসপান কাৰ্যসূচীও পালন কৰিব বুলিও সন্থাই বিবৃত্তিযোগে প্ৰকাশ কৰিছে।
১০. জনপ্ৰিয়তালৈ চাই এইবাৰ ৰাজমালিক থিয়েটাৰৰ মঞ্চত 'ছুপাৰহিট হিমুকন' নামৰ এখনি ৰাজনৈতিক নাটো মঞ্চস্থ কৰিবলৈ লোৱা হৈছে। শৰাইঘাটৰ শেষ যুদ্ধৰ সেনাপতিৰ দিনৰ ৰাজহৱা মেলৰ পৰা শেহনিশাৰ খেললৈকে সকলো কলা কৌশলক মঞ্চত তুলি ধৰা হব বুলিও থিয়েটাৰৰ প্ৰযোজকে প্ৰকাশ কৰিছে। টেট শিক্ষকৰ পৰিয়ালৰ বাবে নাটকখনৰ দৰ্শনীত উপস্থিতি বাধ্যতামূলক কৰাৰ বাবেও প্ৰচেষ্টা চলি থকা বুলিও গোপন সূত্ৰত প্ৰকাশ।

No comments:
Post a Comment