সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ মডেলিটি সংশোধন বিষয়ক কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব অহা ১৫ অক্টোবৰত। মহেশ কুমাৰ ছিংলা কমিটিৰ প্ৰতিবেদনৰ পাছতহে কেন্দ্ৰীয় গৃহ বিভাগে বিষয়টোত এক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কালি ছয় জনগোষ্ঠীৰ নেতা সকলৰ সৈতে দিল্লীত অনুষ্ঠিত বৈঠকত প্ৰকাশ কৰিছে।

২. এইবাৰ পূৰ্বৰ বছৰ সমূহতকৈ এমাহ পূ্ৰ্বেই কাজিৰঙাৰ দুৱাৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হব। অহা ১অক্টোবৰৰ পৰাই পৰ্যটকে এইবাৰ কাজিৰঙাৰ ভিতৰচৰাত বিচৰণ কৰিবলৈ সুবিধা লাভ কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. ফোন কৰিলেই ঘৰত উপস্থিত হৈ চিকিতসা সেৱা আগবঢ়াব চিকিতসকে। অসমতো এই সেৱা আৰম্ভ কৰিছে হোমেলথ নামৰ প্ৰতিষ্ঠানে। বেংগেলুৰুৰ সেৱা প্ৰতিষ্ঠান নমগুৰু ইনভেচনচনৰ উদ্যোগত অসমতো ডাঃ সীমান্ত শৰ্মাৰ নেতৃত্বত এই সেৱা আঠ গৰাকী বিশেষজ্ঞ চিকিতসক, ৩৬গৰাকীকৈ নাৰ্ছেৰে শুভাৰম্ভ কৰা হৈছে। যোগাযোগৰ বাবে ফোন নম্বৰ +৯১-৩৬১-২১৩৪১৪৪ আৰু +৯১-৩৬১-২১৩৪১৫৫, হোৱাটচএপত +৯১-৯০৮৫৯৯০০১১, ফেচবুকত facebook.com/hometh আৰু টুইটাৰত @homelth বুলিও প্ৰকাশ পাইছে।

৪. গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি থকা বৰদলৈ ট্ৰফী ফুটবলৰ মেচ সমূহ ছাত্ৰ-ছাত্ৰী সকলে বিনামূলীয়াকৈ উপভোগ কৰিব পৰাৰ ব্যৱস্থা কৰিছে আয়োজক গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী ফুটবল ক্লাৱে। পৰিচয় পত্ৰ দেখুৱাই শিক্ষাৰ্থ সকলে ১,২,১১ আৰু ১২ নম্বৰ গেলেৰীৰ পৰা ফ্ৰীকৈ খেল চাব পাৰিব। প্ৰতিদিনে খেলৰ লগতে ষ্টেডিয়ামত সাংস্কৃতিক অনুষ্ঠানৰো অনুষ্ঠিত কৰা বুলিও জানিব পৰা গৈছে।

৫. নগাঁও জিলা প্ৰশাসনে কালি ঐতিহাসিক বটদ্ৰৱা থান বেদখলমুক্ত কৰে। বেদখল কৰি বসবাস কৰা পাঁচটাকৈ পৰিয়ালে প্ৰশাসনৰ নিৰ্দেশত নিজেই মাটি এৰি দিয়ে আৰু সেই মাটি থান পৰিচালনা সমিতিক প্ৰশাসনে চমজাই দিয়ে। অসমৰ সকলো সত্ৰৰে বেদখল হোৱা মাটি বেদখলমুক্ত কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে কালি দিল্লীত সৱলতাৰে দোহাৰে আৰু প্ৰশাসনৰ এই পদক্ষেপক সত্ৰ মহাসভায়ো প্ৰশংসা কৰিছে বুলিও জানিব পৰা গৈছে।

৬. যোৱা ২৬-২৮ আগষ্টত তামিলনাডুত অনুষ্ঠিত ৰুৰেল গেমছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ কুংফু শাখাত অসমৰ দলটোৱে ১৭টা সোণসহ ৩২টা পদক জয় কৰি আনিবলৈ সক্ষম হয়। এই সফলতাৰ বাবে অসম কুংফু সন্থাই সাত গৰাকী খেলুৱৈলৈ জলপানি দিয়াৰ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে।

৭. অসম নগালেণ্ড সীমান্তৰ নাগৰিকৰ মাজত সদভাৱ অক্ষুন্ন ৰখাৰ বাবে তিতাবৰত প্ৰতিবছৰে আয়োজিত হয় বন্ধুত্বসুলভ পাহাৰ ভৈয়াম ভলীবল প্ৰতিযোগিতা। এই বছৰো প্ৰতিযোগিতাখন ১৮-২০ ডিচেম্বৰত ১৪তম বাৰলৈ অনুষ্ঠিত হব।

৮. ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত যোৱা ২১ ছেপ্তেম্বৰত বিশ্বৰ আন প্ৰান্তৰ সৈতে পালন কৰা হয় বিশ্ব জৈৱস্তৰ দিৱস। কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই।

৯. পৰিবেশ প্ৰদূষণলৈ দৃষ্টি ৰাখি পাতল প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধকৰণৰ বাবে উদ্যোগ লৈছে ডিব্ৰুগড় জিলা প্ৰশাসনে। এই উদেশ্যে পৌৰসভা, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, আবকাৰী বিভাগ, চেম্বাৰ্ছ অৱ কমাৰ্চকে ধৰি ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিৰ সৈতে এখন সভা অনুষ্ঠিত কৰি বিষয়টোত গুৰুত্ব আৰোপ কৰে উপায়ুক্তই।

১০. অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ পাঠ্যক্ৰমত অচিৰেই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ নিৰ্বাচিত কালজয়ী গীত সমূহক অন্তৰ্ভুক্ত কৰিবলৈ ওলোৱাৰ সুখবৰ। মেট্ৰিকত অনুতীৰ্ণ প্ৰাৰ্থীয়ে মুক্ত বিদ্যালয়ৰ যোগেদি পুনৰ পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব বুলিও পৰিষদে প্ৰকাশ কৰিছে।

No comments:

Post a Comment