সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. নৰ্থ-ইষ্টাৰ্ণ ফটোগ্ৰাফিক একাডেমীয়ে আয়োজন কৰা চতুৰ্দশ ফটোগ্ৰাফী প্ৰতিযোগিতাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য প্ৰণৱ বড়োৰ আত্মজাহৰ দৃশ্যাৱলীৰ ফটোৰ বাবে প্ৰতিদিন গ্ৰুপত কৰ্মৰত বিশিষ্ট ফটো-সাংবাদিক চিন্ময় ৰয়লৈ টি কাশীনাথ বঁটা আগবঢ়োৱা হৈছে।

২. কালি গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ ৬৪তম বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ হয়। বৰ্ণিল উদ্বোধনী অনুষ্ঠানত অংশ লয় বলিউডৰ শিল্পী অৰিজিত সিং আৰু  অভিনেতা সুনীল চেট্টীয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধনী ভাষণত এই ঐতিহাসিক প্ৰতিযোগিতা নতুন প্ৰতিভাৰ বাবে মঞ্চ হৈ উঠক বুলি মত প্ৰকাশ কৰে। উদ্বোধনী খেলত ড্ৰ খেলিলে লাজং আৰু অইল ইণ্ডিয়া দলে।

৩. শিৱসাগৰ চহৰত অনুষ্ঠিত হব লগা অসম সাহিত্য সভাৰ শতবৰ্ষীয় অনুষ্ঠানৰ বাবে জিলাখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে জিলা প্ৰশাসনে দ্ৰুত গতিত কাম আৰম্ভ কৰিবলৈ লোৱাৰ সুখবৰ। ফেব্ৰুৱাৰীৰ ১-৫তাৰিখলৈ জেৰেঙা পথাৰত হব লগা অধিবেশনৰ উপলক্ষত কাম-কাজলৈ গতি আনে মুখ্যমন্ত্ৰীৰ শেহতীয়া শিৱসাগৰ ভ্ৰমণেই বুলিও জানিব পৰা গৈছে।

৪. কেৱল মাত্ৰ ১৫০০ নাহৰ গুটিৰ পৰাই আঢ়ৈ লিটাৰ তেল নিষ্কাশন কৰি চতিয়াৰ পাঁচ গৰাকী শিক্ষাৰ্থীয়ে দেখুৱালে নমুনা। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্পৰ বাবে কাম হাতত লৈয়ে এই নিদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা বুলিও বাতৰিত প্ৰকাশ।


৫. গুৱাহাটীত অনুষ্ঠিত হয় কাব্যঋষি নলিনীধৰ ভট্টাচাৰ্ৰ জীৱন আৰু সাহিত্য কৃতিৰ মূল্যায়নৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানৰ আয়োজন কৰে নতুন সাহিত্য পৰিষদ, ভাৰতীয় গণনাট্য সংঘ, সমাহাৰ নাট্য গোষ্ঠী, অসম কবি সন্মিলনকে ধৰি বিভিন্ন সংগঠনে।

৬. অসমৰ সাংবাদিক সকলৰ সংস্থা আজুৰ ৰূপালী জয়ন্তীৰ বিশেষ অনুষ্ঠান আজাৰাত অনুষ্ঠিত হয়। এই অনুষ্ঠানতে সংবাদসূৰ্য সন্মান প্ৰদান কৰা হয় প্ৰাগ নিউজৰ মুখ্য সম্পাদক সাংবাদিক অজিত কুমাৰ ভূঞাক।

৭. অসমত পেঞ্চন ব্যৱস্থাটোৰ ডিজিটাইজেচনৰ কাম তৰান্বিত কৰিবলৈ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। বিষয়টোক গতি দিবলৈ তেখেতে বিভাগীয় বিষয়-ববীয়া সকলৰ সৈতে এখন সভাতো মিলিত হোৱা বুলিও বাতৰি প্ৰকাশ পাইছে।


৮. জনমভূমি জনকল্যাণ, ফকাছ ডায়েগ্নষ্টকি আৰু হেলথ কেয়াৰ চেণ্টাৰৰ সৌজন্যত কাজিৰঙাৰ আয়ৰা ৰিজৰ্টত সমীপবৰ্তী ৰাইজৰ বাবে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। প্ৰায় পাঁচশ লোকে এই শিবিৰৰ সুবিধা গ্ৰহণ কৰে।


৯. সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ দ্ৰুত ৰূপায়ণৰ বাবে চেণ্ট্ৰেল জিএছটি আৰু ইণ্টিগ্ৰেটেড জিএছটি বিধেয়ক দুখন সংসদত গৃহীতকৰণৰ বাবে সংসদৰ শীতকালীন অধিবেশন আগুৱাই নৱেম্বৰৰ পহিলা সপ্তাহতে অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ কথাও প্ৰকাশ পাইছে।

১০. অসমৰ খেতি পথাৰত শুঁৰ পোকৰ আক্ৰমণৰ সৈতে যুঁজিবলৈ কৃষি বিভাগৰ পৰা এনআৰচিৰ কামত নিয়োজিত হৈ থকা বিষয়া কৰ্মচাৰী সকলক আজৰাই দিয়াৰ সুখবৰো প্ৰকাশ পাইছে।

No comments:

Post a Comment