সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা হিন্দু লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ সম্পৰ্কত দেশৰ ব্যক্তি, দল, সংগঠনে নিজৰ মত প্ৰদান কৰিব পাৰিব। তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে ৱেব ছাইটত নাগৰিক সংশোধনী বিধেয়ক উপলদ্ধ কৰা হৈছে আৰু এই মতামতক সম্পূৰ্ণৰূপে গোপনে ৰখা হব বুলিও কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিবৃতি যোগে প্ৰকাশ কৰিছে।

২. হাঁহিৰ সৈতে সংযুক্ত কৰা শৰীৰ চৰ্চাই বয়োজেষ্ঠ সকলৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যলৈ উদ্যম আনে বুলি এক স্বাস্থ্য সমীক্ষাত প্ৰকাশ পাইছে। লাফিং ক্লাৱ সমূহৰ উপযোগীতাৰ কথাও এই সমীক্ষাই প্ৰতীয়মান কৰিছে। 

৩. ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডে অহা ২০১৮চনৰ পৰা আই.পি.এল খেল সমূহৰ সম্প্ৰচাৰৰ বাবে টিভিৰ স্বত্ব বিক্ৰীৰ বাবে নতুনকৈ মুকলি টেণ্ডাৰৰ ব্যৱস্থা কৰিছে বুলিও জানিব পৰা গৈছে। 

৪. পাৰা অলিম্পিক খেলত ভাৰতলৈ পদক কঢ়িয়াই অনা দেৱাংগ খেলুৱৈ সকলৰ বাবেও অহাটো বৰ্ষৰ পৰা দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ পুৰস্কাৰ খেলৰত্ন আগবঢ়োৱাৰ ব্যৱস্থা কৰা হব বুলি কেন্দ্ৰীয় খেলমন্ত্ৰীয়ে সুখবৰ প্ৰকাশ কৰিছে। 

৫. জিঅ’ ৪জি সেৱাই নিজৰ সেৱা প্ৰদান ক্ষমতা বৃদ্ধি কৰিব বুলি প্ৰকাশ পাইছে। দেশৰ ২৫০নিযুত গ্ৰাহকক নিজৰ সেৱাভুক্তি কৰাৰ সক্ষমতা আহৰণ কৰাৰ বাবে কোম্পানীটোৱে গ্ৰহণ কৰিছে। অপ্প’ ৪জি ফোনটো বছৰটোৰ শেষ দিন পৰ্যন্ত বিনামূলীয়া সেৱাৰ অফাৰ উপলদ্ধ হব বুলিও বাতৰি প্ৰকাশ পাইছে। বিনামূলীয়া ভইচ কল আন সেৱা প্ৰদানকাৰী সকলৰ উপভোক্তা পৰ্যন্ত পহোচোৱাৰ বাবে থকা টাৰ্মিনেচন চাৰ্জৰ বিষয়টোতো সেৱা প্ৰদানকাৰী কোম্পানী আৰু টেলিকম নিয়ামক আয়োগৰ সৈতে জোৰদাৰ আলোচনা অব্যাহত ৰখাৰ কথাও প্ৰকাশ পাইছে।

৬. ৯০০টাকৈ আই-ফোন চোৰ কৰি ২.২৫ কোটি টকাৰ লোকচান কৰা এটা চুৰি চক্ৰক সফলতাৰে দিল্লীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দিল্লী পুলিচ। তেওঁলোকে গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা গোটেই নশটা আই-ফোনেই উদ্ধাৰ কৰা বুলিও জানিব পৰা গৈছে। 

৭. অনাগত শাৰদীয় পূজা উপলক্ষে ‘প্ৰতিদিন টাইম’য়ে আয়োজন কৰিছে এছএমএছ প্ৰতিযোগিতা। অহা ১৯ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ চলিবল লগা প্ৰতিযোগিতাখনত প্ৰতিদিনে তিনিটাকৈ পুৰস্কাৰ দিয়া হব। শ্ৰেষ্ঠ ১৪ প্ৰতিযোগীলৈ আকৰ্ষণীয় পুৰস্কাৰৰ লগতে প্ৰথম গৰাকীলৈ এল্ট৮০০ গাড়ীও আগবঢ়োৱা হব বুলি বাতৰি প্ৰকাশ পাইছে।

৮. উচ্চতম ন্যায়ালৰ নিৰ্দেশমৰ্মে ন্যায়মুৰ্তি লোধা কমিটিৰ পৰামৰ্শৱলী অসম ক্ৰিকেট সন্থায়ো কাৰ্যকৰী কৰিব বুলি জানিব পৰা গৈছে। সেই উদ্দেশ্যে সন্থাৰ আইনী কোষৰ এখনি সভা তন্ময়জ্যোতি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। 

৯. অসমৰ চাহ উদ্যোগৰ ফেক্টৰি সমূহলৈ প্ৰাকৃতিক গেছৰ যোগান প্ৰয়োজনতকৈ কম অথবা ব্যাহত হোৱাৰ বিষয়টোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দৃষ্টিগোচৰ হোৱাত এই চাহিদা পূৰাব পৰাকৈ যোগান নিয়মীয়া কৰাৰ নিশ্চিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ কথাও প্ৰকাশ পাইছে। 

১০. অসমীয়া চিনেমালৈ সুখবৰ কঢ়িয়াই অনা ‘দূৰদৰ্শন এটি যন্ত্ৰ’ আৰু ‘কথানদী’ চাবলৈ ছবিঘৰত ৰাইজৰ ভিৰ হোৱাৰ সুখবৰ পোৱা গৈছে। পৃথক সোৱাদেৰে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা কথাছবিকেইখনৰ পাছতে এতিয়া প্ৰীমিয়াৰ শ্ব অনুষ্ঠিত হৈছে সঞ্জীৱ সভাপণ্ডিতৰ নতুন ছবি ‘দিকচৌ বনত পলাশ’ৰো। ছবিখনে অহা ৩০ছেপ্তেম্বৰত মুক্তি লাভ কৰিব। ছবিখনৰ ট্ৰেইলাৰ ইউ-টিউবৰ এই লিংকত উপলদ্ধ হৈছে https://youtu.be/Qjul-wNCB3g

No comments:

Post a Comment