ৰাষ্ট্ৰীয় গুজৱ.কম
১. টিভিৰ পৰ্দাৰ পৰা প্ৰতিনিশা নিশাই গোলাবৰ্ষণ কৰা অতিদেশভক্ত গোস্বামী নামৰ মিচাইলটোৰ
আক্ৰমণত পাকিস্তানত থকা আতংকী আতংকিত হৈ কঁপি থকা বুলি জানিব পৰা গৈছে। এই গোলাবৰ্ষণত পিঅকেত
ট্ৰেইনিঙত থকা শতাধিক যুৱকৰ পেণ্ট তিতি যোৱাৰ লগতে মুৰ্ছা যোৱা বুলিও গোপন সূত্ৰত প্ৰকাশ।

২. দিল্লীত ডাঙৰকৈ হাঁচি
মাৰিলেও আম আদমী পাৰ্টিৰ বিধায়কক চিঘাই ৰঙাঘৰত ৰঙা চাহ খাবলৈ ধৰি লৈ যাবলৈ অহা গোপন
নিৰ্দেশক কেন্দ্ৰ কৰি এতিয়া দিল্লী লালটুপি সন্থাত তীব্ৰ প্ৰতিক্ৰিয়া। কোন ধাৰাত
পেলাব তাকে লৈ প্ৰশ্ন উঠাত এতিয়া পদুম পাৰ্টিৰ অফিচত নতুন ধাৰাপাত বিচাৰিও অচি সকলে
ভিৰ কৰা বুলিও জানিব পৰা গৈছে।
৩. ৰাহুল বাবাৰ খাটিয়া
অধিবেশনক লৈ এতিয়া উত্তৰ প্ৰদেশৰ পৰা দেশৰ দক্ষিণ অঞ্চললৈকে হাঁহিৰ সোঁত বোৱা বুলি
জানিব পৰা গৈছে। ৰাহুল বাবাৰ ভাষাৰ ভাষণ ইমানেই ঘাটিয়া আছিল বাবেই তাৰ প্ৰতিবাদ
কল্পে ৰাইজে বহিবলৈ দিয়া খাটিয়াকে তুলি ঘৰাঘৰি হোৱা বুলিও খবৰ প্ৰকাশ পাইছে।
৪. সদৌ ভাৰত হাফপেণ্ট বু্ধিজীৱি সংঘই ‘হিন্দু ৰাষ্ট্ৰ গঠনত হিন্দু
বাংলাদেশীৰ ভূমিকা’ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰিছে।
বেলেগ ধৰ্মালম্বীৰ প্ৰতি ঘৃণাৰ ভাৱ জোৰদাৰ কৰাৰ দ্বাৰাই নিজা ধৰ্মৰ মানুহৰ মাজত
ৰাজনৈতিক একতা আনিবলৈ সক্ষম হোৱা কৌশলটোৰ সন্দৰ্ভতো বিচাৰ-বিমৰ্ষ হব বুলিও
বিবৃত্তিত প্ৰকাশ।
৫. অহাবাৰ শ্বৰীফৰ জন্মদিনত লাহোৰত বিৰিয়ানি
খাবলৈ দেশৰ প্ৰধান মডেল ছাৰে ৰাফেল ফাইটাৰ লৈ যাব বুলি জানিব পৰা গৈছে। গান্ধীৰ
দেশৰ পৰা যুদ্ধ বিমান লৈগৈও শান্তিৰে বিৰিয়ানি খাই অহাৰ চলৰে লাহোৰ নৰেশক ভয় খুৱাই
থৈ অহাৰ লগতে গান্ধীগিৰিৰ পাঠো পঢ়াই থৈ আহিব বুলিও টুইটাৰ বিশেষজ্ঞ সকলে মত
প্ৰকাশ কৰিছে।
৬. কাবেৰী নদী বিবাদৰ পাছত
এতিয়া তামিলনাডুলৈ কৰ্ণাটকে পানী এৰি দিছে যদিও সেয়া পানী নহয়, বাংগালুৰৰ নলাৰ
গেলা পানীহে বুলিও বাতৰি প্ৰকাশ পাইছে। এতিয়া গঙ্গা চাফা কৰিবলৈ ৩০০০কোটিতকৈ অধিক টকা
চাফা কৰাৰ পাছত এতিয়া কাবেৰী চাফাৰ নামচো কেইহাজাৰ কোটিমান টকা চাফা কৰিবলৈ দিবলৈকো স্বচ্ছ ভাৰত
মন্ত্ৰীক তামিল ৰাজ্যবাসীয়ে আহ্বান জনাইছে।
৭. ‘সন্ত্ৰাবাদী পাকিস্তানক
শাস্তি বিহাৰ এশটা উপায়’ শীৰ্ষক অমূল্য যুদ্ধ গ্ৰন্থখন লিখি উলিয়াইছে টিভি পৰ্দাৰ
বিশিষ্ট মুখোপাধ্যায় সমাজে! গ্ৰন্থখনৰ এডিটৰ ইন চিফ নট আদাৰ দেন আমাৰ গোস্বামীকাই
বুলিও সংবাদ সূত্ৰই প্ৰকাশ কৰিছে।
৮. পমিলা বাইদেৱে টিভিৰ
পৰ্দাত দেখুওৱা ফুটেজৰ পৰাই অখিল গগৈয়ে কাজিৰঙাত দিয়া ফুচ ফুচ উচতনি স্পষ্টকৈ শুনা
বুলি দাবী কৰিছে। এতিয়া কি পদ্ধতিৰে প্ৰচাৰ নোহোৱা শব্দাৱলীও কানেৰে শুনিব পাৰি
সেই টেকনলজি ৰাহুৱা কৰিবলৈকো পমিলা বাইদেউক সদৌ অসম কানকলা সন্থাই দাবী কৰিছে।
৯. মেডিয়া কভাৰেজত
পাৰ্টিটোক জীয়াই ৰাখিবৰ বাবেই সাধাৰণ মানুহৰ পাৰ্টিয়ে অতি সাধাৰণ সাধাৰণ ৰং ৰহইছ
কৰাৰ আদিম ভিডিঅ’ও মুকলি কৰি বিৰ্তকৰ সৃষ্টি কৰে বুলি সন্দেহ কৰা হৈছে। কালি আনকি
ফুচকা খাই থকা সহকাৰী মুখ্যমন্ত্ৰীয়েও টিভি-নাওক লাইভ টেলিকাষ্টৰ বাবে আহ্বান
কৰাটোৱেই পাৰ্টিটোৰ পৰ্দালোভী চৰিত্ৰ পোহৰলৈ আনিছে বুলিও সংবাদ বিশেষজ্ঞই মত
প্ৰকাশ কৰিছে।
১০. ‘কাজিৰঙাত কিৰিলি’ নামৰ বিশেষ হিন্দুত্ববাদী নাটক লিখি উলিয়াইছে অসমৰ ভ্ৰাম্যমাণৰ দ্ৰুততম নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই! কাজিৰঙাৰ সুৰক্ষা গুলী মাৰা, সাধাৰণ গঞাৰ ঘৰ ভঙাৰ ঘটনাই কাৰোবাৰ কাৰোবাৰ জাতীয় ইগ চেটিচফাই কৰাৰ দিশবোৰকে হাস্য ব্যংগৰে সামৰি লৈছে বুলিও নাট্যকাৰে জনাইছে। চিৰিয়াছধৰ্মী নাটক কৰিলে গণ প্ৰহাৰ খোৱাৰ সম্ভাৱনা থকা বুলি হিৰো ইয়ঙে ইংগিত দিয়াৰ পাছতে ভট্টাচাৰ্যই ব্যংগতাৰ সহায় লোৱা বুলিও জানিব পৰা গৈছে।
১০. ‘কাজিৰঙাত কিৰিলি’ নামৰ বিশেষ হিন্দুত্ববাদী নাটক লিখি উলিয়াইছে অসমৰ ভ্ৰাম্যমাণৰ দ্ৰুততম নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই! কাজিৰঙাৰ সুৰক্ষা গুলী মাৰা, সাধাৰণ গঞাৰ ঘৰ ভঙাৰ ঘটনাই কাৰোবাৰ কাৰোবাৰ জাতীয় ইগ চেটিচফাই কৰাৰ দিশবোৰকে হাস্য ব্যংগৰে সামৰি লৈছে বুলিও নাট্যকাৰে জনাইছে। চিৰিয়াছধৰ্মী নাটক কৰিলে গণ প্ৰহাৰ খোৱাৰ সম্ভাৱনা থকা বুলি হিৰো ইয়ঙে ইংগিত দিয়াৰ পাছতে ভট্টাচাৰ্যই ব্যংগতাৰ সহায় লোৱা বুলিও জানিব পৰা গৈছে।
No comments:
Post a Comment