সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. জটিল ৰোগত আক্ৰান্ত ৰোগীক সাহাৰ্য প্ৰদান কৰাৰ বাবে অটল অমৃত অভিযান অসমতো ৰূপায়ণ কৰা হব। অহা ২ অক্টোবৰৰ দিনা গুৱাহাটী মেডিকেল কলেজত দুহেজাৰ কৰ্কট ৰোগীক ৫০হাজাৰৰ পৰা ১লাখ টকালৈকে সাহাৰ্য প্ৰদান কৰা হব। এই কথা কালি এক সংবাদ মেলত অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে সদৰী কৰিছে।

২. যোৰহাটত কালিৰে পৰা আৰম্ভ হৈছে সত্ৰীয়া সংগীত সমাৰোহৰ। শুভাৰম্ভ অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ডঃ নগেন শইকীয়া সত্ৰীয়া নৃত্য শংকৰদেৱে দি যোৱা ভক্তি আন্দোলনৰ মূল বীজ বুলিও অভিহিত কৰে।

৩. অসমৰ প্ৰসিদ্ধ বাঁহীবাদক প্ৰভাত শৰ্মালৈ আগবঢ়োৱা হৈছে কমল নাৰায়ণ চৌধুৰী বঁটা। ডেৰ দশকৰ বিৰতিৰ পাছত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সত্যনাৰায়ণ চৌধুৰী স্মৃতি ন্যাসৰ যুটীয়া উদ্যোগত এই বঁটা আজি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হব।

৪. অসমীয়া চিনেমা জগতলৈ সুদিন অনাৰ উদ্দেশ্যে শিক্ষাৰ্থীক অসমীয়া চিনেমা দেখুৱাবলৈ শৈক্ষিক প্ৰতিষ্ঠানে কৰি তিনিদিনৰ বাবে চিনেমা হল বুকিঙ। এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীয়ে ‘কথানদী’ চিনেমাখন ছাত্ৰ-ছাত্ৰীক দেখুওৱাৰ ব্যৱস্থা কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

৫. উত্তৰ-পূৱৰ সাংসদ সকলৰ সৈতে গুৱহাটীৰ তাজ ভিভাণ্টাত আলোচনাত বহিল দেশৰ গ্ৰামোন্নন মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ। গ্ৰামোন্নয়নৰ পৰ্যালোচনা সভাত উপস্থিত সাংসদ সকলে উত্তৰ-পূৱৰ বাবে পৰ্যাপ্ত পুঁজিৰ যোগান ধৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।

৬. ছেপ্তেম্বৰ মাহটো আৰু ২১ছেপ্তেম্বৰ দিনটো পালিত হৈছে বিশ্ব এলঝেইমাৰ্ছ মাহ আৰু দিৱস হিচাবে। গুৱাহাটীতো এলঝেইমাৰ্ছ এণ্ড ৰিলেটেড ডিছঅৰ্ডাছ চ’ছাইটি অৱ ইণ্ডিয়াই সজাগতামূলক অনুষ্ঠানৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়িত কৰিছে।

৭. দেশৰ ২৭খন চহৰত নতুনকৈ স্মাৰ্টচিটি ৰূপে গঢ় দিব মোদী চৰকাৰে। উত্তৰ-পূৱৰ মাত্ৰ দুখন চহৰ কোহিমা আৰু ছিকিমৰ নামছিয়ে এই তালিকাত স্থান পাইছে। মন কৰিব লগীয়া যে অসমৰ কোনো চহৰেই এই তালিকাত স্থান নাপালে।

৮. অসম চৰকাৰৰ বাজেট ভাষণ ২০১৬ৰ ৪৭নং পেৰেগ্ৰাফ অনুসৰি আবকাৰী বিষয়ৰ বিভিন্ন সাসলনি যেনে কৰ, মাচুল, সুৰাৰ দোকানৰ দিন আৰু সময়সূচী, অবৈধ সুৰাৰ ব্যৱসায়, ৰাজহ ফাঁকিৰ সুৰুঙা আদিৰ বিষয়ত নীতি তৈয়াৰ কৰিবলৈ এখন সমিতি গঠন কৰিছে অসমৰ আবকাৰী আয়ুক্তই। এই সমিতিত আমোলাৰ লগতে দুগৰাকী শিক্ষাবিদকো স্থান দিয়া হৈছে।

৯. ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নলবাৰী বাণিজ্য মহাবিদ্যালয়ে নিজৰ শৈক্ষিক পৰিবেশ, আন্তঃগাঁথনি আদিৰ বাবে নাকৰ এ-গ্ৰেড পাবলৈ সক্ষম হোৱাৰ সুখবৰ।

১০. চৰাইদেউৰ জীয়ৰা শিৱসাগৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰী নন্দিতা ফুকনে মধ্য প্ৰদেশত অনুষ্ঠিত সৰ্বভাৰতীয় নৱোদ বিদ্যালয় আন্তঃৰাজ্যিক প্ৰতিযোগিতাত শ্বিলং মণ্ডলক প্ৰতিনিধত্ব কৰি ১০০মিটাৰ আৰু ২০০মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনিছে।

১১. মিচিং জনগোষ্ঠীৰ পানীয় ছাইমদৰ জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন অথবা জিআই পঞ্জীয়নৰ বাবে আগবাঢ়ি আহিছে বোকাখাতৰ স্বেচ্ছাসেৱী সংগঠন গণ সেৱা সমিতি। এই প্ৰক্ৰিয়াত সহায় কৰিছে বৌদ্ধিক অধিকাৰ বিশেষজ্ঞ গাৰ্গী শৰ্মাই।

১২. অৰুণোদয় সাহিত্য সভা তথা ডঃ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিয়ে আগবঢ়োৱা ডঃ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা এইবাৰ প্ৰদান কৰা হব সাহিত্যিক ইছমাইল হুছেইনক। অহা ২২ছেপ্তেম্বৰত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হব।

No comments:

Post a Comment