প্ৰাক্-নিৰ্বাচনী চিন্তাঃ (দ্বিতীয় অধ্যায়)
আজিৰ ৰাইজে নিজৰ ভোটটো নিৰ্ণায়ক হোৱাকৈ ভোট দিব বিচাৰে। সেয়ে জিকিব বুলি ভবা সকলৰ পক্ষে বা মূল প্ৰতিদ্বন্দীকহে ভোট দিবলৈ বিচৰাটো মানুহৰ এটা হাবিয়াস। দল বিহীন প্ৰাৰ্থী বা নিশকটীয়া প্ৰাৰ্থীলৈ দিনক দিনে এই কাৰণতে চাগৈ দৰদ কমি আহিছে। আৰু সেয়ে ধাৰাই সৰু-সৰু দল সমূহক নিশ্চিহ্ন কৰাৰ পথলৈ ঠেলিও দিছে।
বিজেপিক বিগত লোকসভা নিৰ্বাচনত সাতজনকৈ সাংসদ উপহাৰ দিয়াৰ পাছত অসমে কি পালে? এইবাৰ আকৌ ভোট দিলে নতুনকৈ কি কি পাব? বৰ্তমানৰ ৰাজ্য চৰকাৰখনে চলোৱা শাসন ব্যৱস্থাৰ পৰা নতুনকৈ বিজেপিক ৰাজ্য চৰকাৰ সঁপি দিলে কি কি পাৰ্থক্য আহিব, এই সমূহ হৈছে বিচাৰযোগ্য কথা!
বিগত বৰ্ষত যেতিয়া বিজেপি চৰকাৰে অসমৰ বিষয় বোৰত নিৰ্বাচন পূৰ্বৰ প্ৰতিশ্ৰুতি সমূহৰ পৰা মোৰপোলোকা মাৰিছিল, ইউ-টাৰ্ণ মাৰিছিল, অসমতো ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তেতিয়াই এক প্ৰৱন্ধ লিখিছিলো, 'অসম আৰু অসমীয়াৰ প্ৰতি বিজেপিৰ আন্তৰিকতা কিমান?' বাংলাদেশক মাটি, হিন্দু বাংলাদেশীক বেলেগকৈ মৰ্যদাসহ দেশত সংস্থাপন, বিশাল নদী বান্ধ এই তিনিওটাত কাঠগড়াত উঠিব লগা হৈছিল দলটো। এতিয়া পিছে নিৰ্বাচনৰ পূৰ্বৰ আলোচনা বা প্ৰচাৰৰ পৰা এই ইউ-টাৰ্ণ মৰা উদাহৰণবোৰৰ পৰা দলটোৱে কৌশলগত ভাৱে দূৰত্ব বজাই ৰাখিছে। কেৱল পৰিবৰ্তন লাগে বাবেই পৰিবৰ্তন কৰক, আহ্বানেৰেহে প্ৰচাৰ কৰিছে।
বিজেপিক এইবাৰ অসমত চৰকাৰ গঠন কৰিবলৈ দিলে কেইটামান লাভ হব পাৰে। সেয়া হৈছে উত্তৰ-পূৱত খোপনি পিটিবৰ বাবে থাওনি পোৱাৰ বাবে দলটোৱে কিছু কাম কৰিবলৈ বাধ্য হব। কেন্দ্ৰীয় চৰকাৰেও অতিৰিক্ত ধন দি উন্নয়ন কৰিবলৈ বাধ্য হব। কাৰণ কাম নকৰিলে যে টিকি থাকিব নোৱাৰিব, সেই কথা আজিৰ দিনত সত্য! কোনেও হজম নকৰে। প্ৰতিটো কাম তৰুণ গগৈৰ চৰকাৰৰ বিকাশৰ লগত তুলনা হব। কিন্তু এইখিনি কথাত থকা 'বাধ্য' শব্দটোৱো অসমৰ স্থানীয় নেতৃত্বৰ সৱলতাক লৈ প্ৰশ্ন তোলে, সঁচাই দিল্লীৰ পৰা অতিৰিক্তি আঁচনি আনিবলৈ আমাৰ থলুৱা নেতাই হিন্দী লবীক মান্তি কৰাব পৰাকৈ শক্তিমন্তনে? বিগত দুবছৰত সেই তাৰ নমুনা কিন্তু দিল্লীত প্ৰদৰ্শন কৰিব নোৱাৰিলে এই দলীয় সাংসদ সকলে।
যদি বিগত দুবছৰত ৰাজ্য চৰকাৰ বিৰোধীৰ হোৱাৰ বাবেই পুঁজি কৰ্তন, বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন আদি দৃষ্টিকটু কাম কেন্দ্ৰীয় চৰকাৰখনে নকৰা হলে ভাল আছিল। সৰ্বানন্দ সোনোৱাল আৰু সাংসদ সকলে কৃৰ্তিত্ব জাহিৰ কৰিব পৰাকৈ বাস্তৱত বাজেটত ধন দি ইতিমধ্যেই ফাউণ্ডেচন কমপ্লিট কৰাকৈ কিছুমান আন্তঃগাঁঠনিমূলক কামকাজ পোনপটীয়া কেন্দ্ৰীয় প্ৰকল্পৰে আৰম্ভ কৰা হ'লে বিজেপিৰ প্ৰতি মানুহৰ মন আৰু কুমলিলেহেতেন। কিন্তু বাজেটত কোনো প্ৰস্তাৱ নোহোৱাকৈ কাল্পনিক দলঙৰ আধাৰশিলাই মানুহক কিমান আস্বস্ত কৰিব পাৰিব, সেয়া চিন্তনীয়!
মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবলৈ বিজেপিৰ বিধায়ক বা ৰাজ্য চৰকাৰ লাগিব জাতীয় কথাও হাস্যকৰ অপযুক্তিয়েই নহয়নে! খেল মন্ত্ৰী হিচাবেও পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত নেচনেল গেমচৰ আন্তঃগাঁঠনিতহে চাফ গেমছ পাতিলে! প্ৰফেচনেল ইভেণ্ট মেনেজাৰ সকলৰ সহায়ত তথা দুখনকৈ ৰাজ্য চৰকাৰৰ সহযোগত ভালকৈ অনুষ্ঠিত কৰিলে, সেয়া তেওঁৰ কৃৰ্তিত্ব। কিন্তু ভৱিষ্যতৰ বাবে খেল মন্ত্ৰী থকাৰ দিনতে পক্কা কাম কিছুমান কৰি দেখুওৱা হ'লে মানুহে আৰু বেছি বিশ্বাস কৰিলেহেতেন! যেনেকৈ ৰাষ্ট্ৰীয় প্ৰকল্প বগীবিল দলঙ চাবলৈ কৰ্মদক্ষ ৰেলমন্ত্ৰী সুৰেশ প্ৰভূক অনা হ'লে, হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানীক কাম তৰান্বিত কৰিবলৈ ৰাজহুৱা মঞ্চতে হেঁচা দি প্ৰতিশ্ৰুতি আদায় কৰা হ'লে চাগৈ মানুহৰ মনত বিশ্বাসযোগ্যকা বৃদ্ধি পালেহেতেন! ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক অধিক সহানুভূতিশীলভাৱে বাস্তৱত ৰূপায়িত কৰা হ'লে আশী শতাংশমান চীটত 'খিলঞ্জীয়া তথা জনজাতীয়' প্ৰতিনিধিত্ব সুনিশ্চিত কৰা হ'লে তথা সম্পত্তিৰ অধিকাৰ চিৰদিনলৈ খিলঞ্জীয়াৰ হাতত আন ট্ৰাইবেল ৰাজ্যৰ দৰে সুৰক্ষিত কৰা হ'লে ভাল আছিল। ইয়াৰ বাবে দিল্লীলৈ পূৰ্বতে দিয়া সাংসদয়েই যথেষ্ট আছিল, ইয়াৰ বাবে ৰাজ্যতো ভোটদিলেহে চাম, যুক্তি আচলতে টুলুঙা আৰু দলটোৰ বাবেই 'অলাভজনক' হ'ল।
একেদৰেই যদিও হিন্দুত্ব উগ্ৰতাৰ গোন্ধ শাসক দলটোৰ কৰ্মী সকলৰ মাজত আছে, তথাপি কেন্দ্ৰীয় চৰকাৰে বাকী ধৰ্মৰ লোক সকলৰ কল্যাণৰ কথাটো এৰাই চলিব নোৱাৰে। সেইবাৰে নাজমা হেপতুল্লাকে কেৱল এদিনৰ বাবে নানি, সঘন চৰ তথা ভিন্ন অঞ্চল ঘূৰোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পোনপটীয়া আঁচনিৰ হিতৰ অধিকাৰী কৰি সংখ্যালঘু জনগণৰ প্ৰতি বিজেপি দলৰ দায়বদ্ধতাৰ পৰিচয় দিয়াতো উচিত আছিল। সংখ্যালঘু উন্নয়নৰ নামত সংঘটিত বিশাল দুৰ্নীতিৰ বাবেও তৃণমূলীয় বিজেপি কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত বহুতক জেললৈ প্ৰেৰণ কৰাৰ দৃষ্টান্ত দাঙি ধৰিব পাৰিব লাগিছিল। কিন্তু, তাৰ বিপৰীতে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু প্ৰধান অঞ্চলত দলটোক ভোট নিদিবই, মুছলমান ধৰ্মৰ লোককো থলুৱা আৰু বহিৰাগত আদিৰে ভাগ কৰি তাৰে এভাগ ভোট পাবলৈহে উত্তেজক ভাষণ (যিটো কৰি আছে) দিয়াৰ যুক্তি নাছিল। তাতোকৈ এন.আৰ.চিৰ যোগেদি বহিৰাগত সমস্যাটোৰ ন্যায় আৰু যুক্তিসংগত সমাধান কৰি চিৰদিনলৈ অসম আৰু অসমীয়াৰ লগতে দীৰ্ঘদিন পৰিচয়ৰ সংকটত ভোগা ন-অসমীয়া সকলকো আশ্বস্ত কৰাৰ প্ৰয়োজন আছিল বুলি অনুভৱ কৰো। কিন্তু তাৰ বিপৰীতে, গোটেই দেশতে খোৱা মাংসৰ প্ৰকাৰ, ৰাষ্ট্ৰবাদীৰ প্ৰদৰ্শনমূলক দেশপ্ৰেমৰ প্ৰচাৰ, সাম্প্ৰদায়িক ঘৃণাৰ খেতি ৰোধতহে দলটোৰ একাংশই উজান দিলে। সকলোৰে সংগ, সকলোৰে বিকাশৰ এই শ্লোগানৰ প্ৰতি দায়বদ্ধতা প্ৰমাণ কৰিব নোৱাৰিলে। যিটো দলটোৰ বাবে আৰু দেশৰ সামুহিক স্বাৰ্থৰ বাবে হিতকৰ মুঠেই নহয়। এতিয়াও হিন্দু ৰাষ্ট্ৰৰ ধাৰণা, হিন্দু সংখ্যাগৰিষ্ঠ বাবেই বাকী সকলে অৱনত ৰূপত থাকিবই লাগিব, নহ'লে পাকিস্তানলৈ নাযায় কিয় ধৰণৰ প্ৰপাগাণ্ডাই দলটোৰ নিজৰে ক্ষতি কৰিছে আৰু তাক বাধা নিদি মৌন অনুমোদনে বিষয়টোত শীৰ্ষ নেতৃত্বৰ প্ৰতিও প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে। সৰ্বানন্দ সোনোৱালেও এতিয়া এন.আৰ.চিৰ প্ৰক্ৰিয়া চলি থকাৰ কথাটোকো হেয় কৰি 'অবৈধ বাংলাদেশী, অবৈধ বাংলাদেশী' বুলি ভাষণ দি আছে। প্ৰশ্ন হয়, তেখেতে ইয়াৰ দ্বাৰা কি একস্ট্ৰা জুদিচিয়েল পদ্ধতিৰেহে অবৈধ বাংলাদেশী বুলি নিজে দিয়া সংজ্ঞাৰ লোক সকলৰ ওপৰত বিহিত ব্যৱস্থাৰ বাবে প্ৰৰোচিত কৰি আছে নেকি? কিন্তু এনে উত্তেজনাৰ ৰাজনীতিৰ আজি প্ৰয়োজন নাই, অসমৰ মানুহে ভালকৈ বুজিছে যে, যি হব সেয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতহে সম্ভৱ হব!
এতিয়া আহিছো দুৰ্নীতিৰ কথালৈ। দুৰ্নীতিয়ে দেশ এৰি পলাব লাগিব বুলি কোৱা মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে দেশৰ অফিচ, কাছাৰী, পুলিচ-প্ৰশাসন আদিত দুৰ্নীতি শেষ কৰি দিলেনে? কিমানজন দুৰ্নীতিকাৰী লোক এতিয়া জেল হাজোতত! ঘোঁচ ঘাঁচ দিয়াৰ পৰিবেশ কিবা সলনি হৈছে নে? এই সমূহ ব্যক্তিগত পৰ্যায়ৰ প্ৰশ্নৰ উত্তৰ ৰাইজে নিজেই দিব। কিন্তু পূৰ্বৰ বিশাল কেলেংকাৰীত জড়িত ব্যক্তিকে চৰকাৰ কৰাত 'অৰিহণা' যোগাব পৰা সক্ষমতাৰ ভিত্তিতে শান্তিয়নি পাতি চটিয়াই শুদ্ধিকৰণ কৰি লোৱাৰ দৰে কোলাত বহোৱাই লোৱা নাইনে? বিজেপি শাসিত পৌৰ সভা, নিকায় আদিত কংগ্ৰেছৰ দৰেই একেই সৰ্বস্তৰীয় দুৰ্নীতিয়েই বিৰাজ কৰিছে নে কিবা বিকল্প ৰূপান্তৰৰ উদাহৰণ দাঙি ধৰিছে, সেয়াও বিচাৰ যোগ্য! ৰাজ্য সভাৰ নিৰ্বাচনত ধন লোৱা অভিযোগ, হৰ্ছ ট্ৰেডিং কৰা বুলি নিজে অভিযোগ তোলা প্ৰাক্তন মন্ত্ৰীকে নিজে আদৰা, সমষ্টি উন্নয়ন পুঁজিৰ সদ-ব্যৱহাৰ নকৰাক লৈ কোনো বিধায়কেই আন সকলৰ প্ৰতি প্ৰশ্ন নোতোলা আদিও দুৰ্নীৰেই নামান্তৰ নহয়নে?
এই এক সময় যিটো সময়ত বিজেপিৰ সমৰ্থকে ৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ শিক্ষাক ৰাজ সাহাৰ্যৰে চলোৱাক লৈ ব্যংগ কৰিছে, কলেজ পাছ নকৰা এগৰাকীক শিক্ষামন্ত্ৰী পাতিছে, তেওঁৰ মিচ-হেণ্ডলিংৰ বাবে জেএনইউ, হায়দৰাবাদ বিশ্ববিদ্যাসয়ৰ দৰে দৃষ্টিকটু ঘটনা সংঘটিত হৈছে, শিক্ষা ব্যৱস্থাটোকে ব্যক্তিগত ব্যৱসায়লৈ গতাই দিয়াৰ নীতি, বিজ্ঞান সন্মত বিচাৰধাৰাক গতি দিয়াৰ প্ৰয়োজনীয়তাৰ বিপৰীতে সাধু, লোকগাঁথাক পৌৰাণিক বিজ্ঞানৰ আৰু 'হিন্দু সভ্যতাৰ বৈজ্ঞানিক অৱদান'ৰ ৰূপত প্ৰচাৰৰ যি ঢৌ অব্যাহত আছে, তাৰ বিপৰীতে কিন্তু অসমৰ বিজেপি সকলে প্ৰতিবাদ কৰিব পৰা নাই! তাৰ বিকল্প হিচাবে আকৌ ভিজন ডকুমেণ্টত প্ৰস্তাৱ কৰিছে, ছাত্ৰীলৈ স্কুটি প্ৰদানৰ প্ৰস্তাৱ! ৰাজসাহাৰ্যৰে কম্পিউটাৰ বিতৰণক হাঁহি, স্কলাৰশ্বিপ প্ৰদানক হাঁহি স্কুটি প্ৰদানৰ সপোন বিকাৰ যুক্তি যোগ্যতা কিমান ৰাইজেই বিচাৰ কৰক! দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰয়ো যাতে উচ্চ শিক্ষাও লবগৈ পাৰে,মধ্যবিত্তীয় লোকৰ দৰে বিশাল এডুকেচনেল লোনৰ গৰাহত পৰিব লগা নহয়, তাৰ কোনো প্ৰতিবিকল্প ভিজন ডকুমেণ্টে দাঙি ধৰা নাই। একদৰেই বিজ্ঞাপনত ১৫বছৰে দৰমহা নাপাই আত্মহত্যা কৰা বুলি যিটো শিক্ষা বিভাগক হঁহা হৈছে, সেই শিক্ষামন্ত্ৰীকে নিৰ্বাচনী প্ৰচাৰত 'নিলৰ্জ' ভাৱে সেনাপতি পাতিছে, তেওঁ আকৌ নিজা বিজ্ঞাপনৰ বিপৰীতে, তেওঁৰ দিনৰ কৃৰ্তিত্বৰ বাহঃ বাহঃ লৈছে!
অৰ্থনৈতিক নীতি, বজাৰত খাদ্য বস্তুৰ মূল্য নিয়ন্ত্ৰণ, নিয়োগৰ সম্ভাৱনা সৃষ্টিৰে ন-ন উদ্যম চৰকাৰী খণ্ডত সৃষ্টি আদিৰ ক্ষেত্ৰত কংগ্ৰেছৰ সৈতে বিজেপিৰ একো পাৰ্থক্য নাই। মানুহে কু-কৰ্মৰ বা সিদ্ধান্তৰ সমালোচনা কৰিলেই ব্যক্তিগত আক্ৰমণৰ পৰ্যায়লৈ নামি অহা, ভোটৰ খেলক ধন-জন-বাহুবল-ধৰ্মীয় খেল-আবেগ আদিৰে প্ৰভাৱিত কৰাটো দুয়ো দলৰ একো পাৰ্থক্য নাই। আনকি দৃষ্টিকটু ভাৱে কালিলৈকে গালি পাৰি থকা কংগ্ৰেছীক মালা পিন্ধাই আদৰি নি আকৌ মুখত কংগ্ৰেছ মুক্তৰ শ্লোগান আওৰোৱাৰ বিড়ম্বনাও দেখুৱাইছে বিজেপিয়েই!
বহুতো পুৰণি দলীয় কৰ্মীক টিকেট নিদিলে, কাৰণ কংগ্ৰেছ ত্যাগী নিৰ্বাচন জিকিবৰ বাবে ধন-জন-টেকনিকেৰে প্ৰতিভাবান সকলক ঠাই দিব লাগে! তাতোকৈ কেন্দ্ৰীয় বিজেপিয়ে পুঁজি যোগান ধৰি নিষ্ঠাবান পুৰণি দল গঢ়া সকলকে টিকেট দি জিকাবলৈ চেষ্টা কৰা হ'লে ইমেজটো বেছি ভাল হৈ থাকিলহেতেন। যিটো সময়ত কামাখ্যা প্ৰসাদ তাছাৰ দৰে ভাল ভাৱমূৰ্তিৰ সাংসদ এজনক উজনিৰ চাহবাগিচা প্ৰধান অঞ্চলত, বিশেষকৈ তেখেতে ডিব্ৰুগড়তো লোকসভা খেলাৰ অভিজ্ঞতা থকাৰ হিচাবতো ব্যাপক ভাৱে নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰি লাগিছিল। তাৰ বিপৰীতে তেওঁক তিতাবৰত টিকেট দি ক্ষুদ্ৰ গণ্ডীত সীমাবদ্ধ কাৰ স্বাৰ্থত কৰা হৈছে, সেয়াও বুজিব পৰা নাই! এজন সাংসদক ইতিমধ্যে বিপুল ভোটত জিকাই থোৱাৰ পাছত, এগৰাকী জ্যেষ্ঠ তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় বাৰু ৰাইজে ভোট দিব বাৰু? অসমৰ থলুৱা সাংসদ কেইজনক সৱল ভাৱে ব্যৱহাৰ কৰাতকৈ কেৱল মোদী-শাহৰ ৰেলীয়ে কিমান প্ৰভাৱ পেলাব সেয়া সময়েহে কব!
বিজেপিয়ে অসমত এইবাৰ পূৰা শক্তি লগাইছে, ধন-জন-কৌশল সকলো, এতিয়া বিহাৰৰ পাছত মুখলজ্জা বচোৱাৰ সময় টাইপ! মানুহো আহিছে, ঢৌ দেখি উজানত। কিন্তু প্ৰশ্ন হয়, যদি কেনেবাকৈ দলটোৱে এইবাৰ জিকিব নোৱাৰে, তেন্তে এইসকলৰ কিমান মানুহ দলটোতে থাকি যাব? এয়া দলটোৰ বাবেই নহয়, সুবিধাবাদী সকলৰো অস্তিত্বৰ প্ৰশ্নও! অনাঅসমীয়া বেপাৰী সকলেও নিজা দপদপনি ৰাজনৈতিক ভাৱে নিশ্চিত কৰাৰ বাবে পুঁজি দিছে। এইবোৰো একোটাহঁত দিশ। মোদী জোৱাৰত সকলো এতিয়া ভাৰত মাতাৰ সন্তান হবলৈ ঢাপলি মেলিছে, জয় ভাৰত বিজ্ঞাপনত বাজিছে! সকলো কেৱল ভাৰতীয় হৈ মিলি গ'লে অসমীয়া অথবা অসমৰ স্বাধীনতাৰ কথা গোল্লাই যাব বুলিয়েই আলফায়ো স্পৰ্শকাতৰ হৈছে, হোৱাৰ কথাই! সৰ্বানন্দ সোনোৱালেও জয় আই অসম কবলৈ এৰা বুলি সমালোচনা হোৱাৰ পাছত এতিয়া সিদিনা নাওবৈচাত ভাৰত মাতা কি জয় বুলি কোৱাৰ লগতে জয় আই অসমো কবলৈ ধৰিছে! নিৰ্বাচনী বৈতৰণী যে ইমান সুখকৰ নহব সেই কথাও চাগৈ অনুভৱ কৰিছে।
হয়, হিন্দুত্ববাদী শক্তিৰ আগ্ৰাসন নিশ্চিতকৰণৰ বাবে, পূৰ্বৰ গুপ্তহত্যাৰ কালাচাঁয়া যোগাৱা সকলক শাসক পতাৰ বাবে, অসমীয়া ধাৰণাক আঞ্চলিকতাবাদী শক্তিক ৰাষ্ট্ৰবাদীৰ দৰে মাৰ নিওৱাৰ নিশ্চিতকৰাৰ বাবে ৰাইজে চকু মুদি বিজেপিক ভোট দিবই পাৰে। অসমৰ মুছলমানক চাপত ৰাখি মানসিক বিকৃত আনন্দ নিশ্চিত কৰিবলৈ বিজেপিক ভোট নিশ্চিন্তে দিবই পাৰে। অসমলৈ পুঁজি অহাত হকা বাধা কৰা, কেতিয়া আন দলৰ চৰকাৰ ভাঙি দিয়াৰ চেষ্টা কৰা আদিক নিশ্চিতকৰণৰ বাবে বিজেপিক ভোট দিবই পাৰে। সাম্প্ৰদায়িক শক্তি সমূহক উচতনি দিয়া, নিজেও শান্তি নাথাকি আনকো শান্তিত থাকিবলৈ নিদিয়াৰ যি সংখ্যাগুৰু মনোভাৱ তাকো সাৰপানী দিবলৈ এই সমৰ্থন অনযীস্বীকাৰ্য! দলবাগৰাক আদৰণি, দুৰ্নীতিকাৰীক নিকাকৰণ আদি দলীয় স্বাৰ্থত নীতি আদৰ্শক ভৰিৰে মোহৰা ৰাজনীতিলৈ সহমতো এই সমৰ্থনে নিশ্চিত কৰিব।
লগতে বিকাশ বিকাশ আৰু বিকাশো বিজেপি চৰকাৰে অসমত কৰিব লাগিবই, অলপ দ্ৰুত বিকাশ আশা কৰিও অৱশ্যে বিজেপিক ভোট দিব পাৰে। এই বিকাশ হয়তো উদ্যোগিক বিকাশ হব ডাঙৰ পুঁজিপতিৰ, অসমৰ সম্পদৰ ব্যৱসায়িক সদ-ব্যৱহাৰ হব, এই সমূহ ভাল দিশ নিশ্চয়কৈ আছেই!
আৰু মূল কথা, গগৈ চৰকাৰৰ নমুনা মন্ত্ৰী সকলক বিদায় দিয়াৰ স্বাৰ্থতে আৰু চাৰ্কাচবোৰৰ সামৰণি মৰাৰ স্বাৰ্থতে বিজেপিক ভোট দিব পাৰে। জল সম্পদ থাকিও তাৰ সদ ব্যৱহাৰ নকৰি ফ্লৰচিচত নৱ-প্ৰজন্মক আক্ৰান্ত কৰা সামাজিক অপৰাধীবোৰক শাস্তি বিহাৰ স্বাৰ্থে দিব পাৰে ভোটটো বিজেপিক!
কিন্তু এই শাসক পৰিবৰ্তনে যে অসমৰ মৌলিক সমস্যাবোৰৰ আশু সমাধান অতি সোনকালে আনি দিব পাৰিব বুলি অনুভৱ কৰিব পৰা নাই। এওঁলোকেও তেওঁলোকে বহুত খালে, এইবাৰ আমাকো দিয়ক, আমিওতো ৰাইজৰ অংশ ধৰণৰ প্ৰচাৰ-প্ৰপাগাণ্ডাত ব্ৰতী হোৱা যেনহে লাগে। দুৰ্নীতিমুক্ত নিৰ্মল অসম, সকলো স্তৰৰ মানুহৰ জীৱনৰ মানৰ উন্নতি আদিৰ নিশ্চিতি, মাটি-ভেটি-বাক স্বাধীনতা, সম-অধিকাৰ, আধুনিক ভূমিনীতিৰ ওপৰতো আন্তৰিক আগ্ৰহ দেখা পোৱা নাই! ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি সমূহতো আন্তৰিকতা ফুটি উঠা নাই, মোদী চাৰৰ ভাষণত অসম ধ্বংস কৰিলে গগৈয়ে ধৰণৰ গোকাট মিচাহে প্ৰকাশ পাইছে, (হয়তো বিকাশৰ গতি কম হৈছে, বিজেপিয়ে যিমান কৰিলে হেতেন, অসম অন্তত অগপৰ দিনতকৈ ভালহে হৈছে), ক'তো বাস্তৱিক ভাৱে পেকেজ দিয়াৰ প্ৰতিশ্ৰুতি নিদিয়াটোও ৰাইজে লক্ষ্য কৰক! আৰু কাৰো ওপৰত যাতে কোনেও অন্যায় কৰিব নোৱাৰে, সকলো ধৰ্মৰ দুস্কৃতিকাৰীকে নিয়ন্ত্ৰণ কৰাৰ ৰাজধৰ্ম পালন কৰাৰ বাবে মোদী চাহাবে কথা দিলে বিজেপিক ভোট নিশ্চয়কৈ দিব পাৰি। অনাহক ধৰ্মীয় বা বিতৰ্কিত প্ৰসংগ, দেশপ্ৰেমৰ অতিভক্তিৰ নাটক আদিত দেশৰ মন-মগজু এয়াৰ টাইম খৰছ কৰাৰ সমৰ্থক সকলৰ প্ৰবৃত্তিও নিয়ন্ত্ৰণ কৰাৰ দৃঢ়তা মোদী চাহাবে দেখুৱালে, ৰাইজেও নিশ্চয়কৈ সমৰ্থন দিব! মৌনতাৰে দুস্কৃতিকাৰীক খোলা বজাৰ কৰি দিয়াৰ উদাহৰণে যে মানুহক এতিয়া ভীতিগ্ৰস্ত কৰি ৰাখিছে সেয়াও কিন্তু অনযীস্বীকাৰ্য!
শাসক পৰিবৰ্তনৰ জৰিয়তে এচামৰ পৰা আন এচামলৈ জৰী সলোৱাৰ প্ৰক্ৰিয়া যদি নিৰ্বাচন হয়, আৰু ওপৰত আলোচনা কৰা ভাল-বেয়া দিশবোৰ বিবেচনা কৰি ৰাইজে নিজেই নিজৰ সিদ্ধান্ত গ্ৰহণ কৰক। উচিত বিকল্প নহালৈ এনে ভালেই হওক বা বেয়াই, এনে সাময়িক পৰিবৰ্তনতে সন্তোষ লভাৰ বাহিৰে কি উপায় বাকী আছে, সেয়াও বিচাৰ্য!
ভোট দিব কাকঃ বিজেপিৰ সপক্ষে-বিপক্ষে
অসমত শাসকীয় দল সলোৱাক যদি 'পৰিবৰ্তন' বুলি সংজ্ঞা দিও, তেন্তে এইবাৰ বিজেপি দলক ৰাইজে ভোট দি জয়যুক্ত কৰাৰ বাহিৰে উপায় নাই! কিন্তু কথাবোৰ ইমান সৰল নহয়, ভোটদানৰ সিদ্ধান্ত লোৱাৰ পূৰ্বতে সপক্ষে-বিপক্ষে থকা যুক্তিবোৰ ফঁহিয়াই চোৱাৰো দৰকাৰ নিশ্চয়কৈ আছে।আজিৰ ৰাইজে নিজৰ ভোটটো নিৰ্ণায়ক হোৱাকৈ ভোট দিব বিচাৰে। সেয়ে জিকিব বুলি ভবা সকলৰ পক্ষে বা মূল প্ৰতিদ্বন্দীকহে ভোট দিবলৈ বিচৰাটো মানুহৰ এটা হাবিয়াস। দল বিহীন প্ৰাৰ্থী বা নিশকটীয়া প্ৰাৰ্থীলৈ দিনক দিনে এই কাৰণতে চাগৈ দৰদ কমি আহিছে। আৰু সেয়ে ধাৰাই সৰু-সৰু দল সমূহক নিশ্চিহ্ন কৰাৰ পথলৈ ঠেলিও দিছে।

সচাঁকৈয়ে কথাবোৰ যদি এনেদৰে আমাৰ নাগৰিকসকলে বিচাৰ কৰি চাব পৰা হ’লহেতেন৷
ReplyDeleteসচাঁকৈয়ে কথাবোৰ যদি এনেদৰে আমাৰ নাগৰিকসকলে বিচাৰ কৰি চাব পৰা হ’লহেতেন৷
ReplyDeleteFind Latest govt jobs at Naukari bazar
ReplyDeleteNaukari Bazar
UPPCL Latest Recruitment 2016
Sarkari Recruitment is one of the biggest Indian Job Site so here you will getGujarath government jobs 2017so+
ReplyDeletevery informative post. thank u so much for sharing with us.
ReplyDeleteJKBOSE 12th Class Date Sheet biannual Jammu Division
Amazing post. Thank u so much for sharing with us.
ReplyDeletepaneer tikka masala